নীলা খামৰ চিঠি

মৰমৰ
   ভাৱনা,

প্ৰেমবোৰৰ আৰম্ভণি কেনেদৰে হয় নাজানোঁ, তোমাৰ বাবে থকা প্ৰণয়ৰ চঞ্চলতাবোৰকো কেতিয়াও নুবুজু, তথাপিও জীৱনৰ বাকি থকা প্ৰতিটো ঋতু তোমাৰ দুচকুত উযাপন কৰিব বিচাৰোঁ।বহুদিনেই হ'ল তোমাক লগ নোপোৱাৰ,কুশলে আছানে বাৰু তুমি ? 
তোমাক লগ নোপোৱাৰ আজি তিনিবছৰেই পাৰ হ'ল, নিশাৰ সপোনত আজিও কেৱল তোমাৰ ছবিখনেই ভাঁহি উঠে বাৰে বাৰে.? এই তিনিটা বছৰ তোমাৰ পৰা আতঁৰত আছো যদিও তোমাৰ কথা নভৱাকৈ কিন্তু পাৰ কৰিব পৰা নাই মোৰ গতানুগতিক সময়বোৰ,, এতিয়াও তুমি মোৰ বাবে যেন এক সিহৰণকাৰী অনুভৱ,যাৰ কথা ভাবিলেই বুকুখনৰ উশাহবোৰ খৰ হৈ পৰে.... তোমাৰ কথাবোৰ, তোমাৰ হাঁহি আৰু তোমাৰ খোজবোৰ যেন মোৰ চৌপাশে সিঁচৰিত আজি....! সময়বোৰ জটিল আৰু নিশাবোৰ উজাগৰি ।.......ভাৱনা তুমিতো এতিয়া বহুত দূৰৈত.....লগ পাওঁ বুলিও পাব নোৱাৰো,চাওঁ বুলিও চাব নোৱাৰো তোমাৰ চকুজুৰিক,..... তুমি হয়তো এতিয়া ব্যস্ত হৈ পৰিছা নিজ পৃথিৱীৰ মাজত..... নিজৰ বুলি ক'বলৈ যে এতিয়া মোৰ একোৱেই নাই,হেৰোৱাই পেলোৱা অতীতৰ সেই মধুৰ স্মৃতিবোৰৰ বাদে মোৰ জীৱনটো যেন এতিয়া একোটা শূণ্য মাথোন......আজিকালি ৰাতিৰ আন্ধাৰবোৰ বৰ প্ৰিয় হৈ পৰিছে মোৰ আৰু নিশাবোৰ যে উজাগৰি, অৱশ্যে আজিকালি মই তোমাক লৈ সপোন নেদেখো, তোমাক লৈ দেখা মিঠা সপোনবোৰ চোন পাখি মেলিব খোজোতেই শেষ হৈ ৰ'ল.........জীৱনত এতিয়া নিসংগতাই মোৰ একমাত্ৰ সংগী,তৰাভৰা আকাশখনৰ তলত বহি প্ৰায়েই আজিকালি নিদ্ৰাবিহীন নিশাবোৰ পাৰ কৰো আৰু জিকমিকাই থকা জোন তৰাবোৰৰ মাজত তোমাৰ ধুনীয়া মুখখন আঁকিবলৈ চেষ্টা কৰোঁ...... তুমি জানানে....? 
তোমাৰ সৈতে কটোৱা সোণোৱালী সময়বোৰৰ এটি এটি পল মোৰ মনত আজিও সজীৱ হৈ আছে,কিদৰে পাহৰো মই..... ইচ্ছা কৰিও চোন হৃদয়ৰ পৰা তোমাৰ আমাৰ অতীতবোৰ মচি দিব নোৱাৰো.....জানানে...? ভাৱনা , তুমিয়েই যে মোৰ প্ৰথম প্ৰেম আছিলা, জীৱনৰ শেষ উশাহ থকালৈকে হয়তো কোনেও এই হৃদয়ত তোমাৰ স্থান ল'ব নোৱাৰে,
মনত পৰেনে তোমাৰ আমাৰ গাঁৱৰ চাৰিআলিটোৰ ওচৰত থকা বগৰী জোপালৈ,প্ৰথমবাৰ যে তোমাক দেখি বুকুখন ধপধপাই উঠিছিল সেইদিনা,কি এক মাদকতা ভৰা অনুভৱ আছিল........উশাহবোৰ যেন চুটি হ'ব ধৰিছিল।
জানা ? এতিয়া আৰু সেই বগৰীজোপাও নাই ....সময়ৰ লগত যেন সকলো সলনি .... পুৰণি দিনবোৰেই যে ভাললগা আছিল, স্কুলৰ বেন্সত D+B আৰু যে মোৰ লগৰকেইটাই ব্লেকবোৰ্ডত আমাৰ দুটাৰ নাম লিখি জোকাইছিল.........মনত আছেনে বাৰু তোমাৰ....? এতিয়ালৈ হয়তো তুমি এইবোৰ পাহৰি পেলাইছা।
এটা কথা জানানে...?
মই এতিয়াও আগৰ দৰেই আছো, তোমাৰ প্ৰতি থকা মৰম ভালপোৱাবোৰ মোৰ হৃদয়ত শেষ উশাহলৈকে থাকি ৰ'ব,হয়তো দিনক দিনে বাঢ়ি যাব এই অকৃত্ৰিম মৰমবোৰ কিন্তু আমাৰ মাজৰ দূৰত্বৰ দেৱালখন হয়তো কোনোদিনেই নাভাঙিব ।
ভাৱনা, বহু কথাই আছিল তোমাক ক'বলৈ, কিন্তু লিখিবলৈ কলম তুলিলেই চোন শব্দবোৰ নাইকিয়া হয়....আৰু তুমিও হয়তো এতিয়া নুবুজিবা মোৰ হৃদয়ৰ যন্ত্ৰণা .....আজিলৈ আৰু নিলিখো..... তুমি যাতে সদাই সুখী থাকা তাৰে কামনাৰে ।

                                                               ইতি
                                                        তোমাৰ চিনাকি
                                                        প্ৰেমিক চৰাই 

✍️দিপাংকৰ ভাগৱতী
      গুৱাহাটী,অসম

আন্ধাৰ ! (সচাঁ ঘটনাৰ ওপৰত আধাৰিত এটি কাহিনী )

কোনোবা এজনে কৈছিল,মাজৰ শ্ৰেণীৰ কষ্টবোৰ অকনমান বেছিয়ে, মই কোৱা মাজৰ শ্ৰেণীটো হৈছে মধ্যবিত্ত শ্ৰেণী, য'ত চেণ্ডেলৰ ফিটা পাট চিঙি যোৱাৰ পিছতো তাক কটাৰীৰে কাটি বিছনাৰ খুড়াৰ তলত টাপলি মাৰিবলৈ ব্যৱহাৰ কৰা হয়,হাজাৰটা সপোনক জেপত ভৰাই দিনটোৰ বাবে প্ৰতিজনে ওলাই যায়, এটাই মাথোঁ আশা সন্ধিয়া ঘৰলৈ ওভতি আহোঁতে সপোনবোৰ সাৰ্থক কৰিব পৰাকৈ সামান্য পুঁজি যাতে ৰৈ যায় কিন্তু জীৱনৰ বাধাবোৰতো ইমান সহজ নহয় ।

অভিনাশ এজন মেধাৱী ছাত্ৰ,২০১৭ বৰ্ষত হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত ৯০% নম্বৰসহ পাছ কৰিছিল,তাৰ পিছতেই সি উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ আহিছিল,হাজাৰটা সপোন বুকুত লৈ ।
দেউতাকৰ দোৰাৰোগ্য বেমাৰত মৃত্যু হোৱাৰ পিছৰে পৰা ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে সকলোবোৰ ভৱিষ্যতৰ চিন্তা, তাৰ ভায়েক আৰু মাকৰ চিন্তা সকলোবোৰ তাৰ ওপৰতেই  আহি পৰিছিল, তথাপিও অভিনাশে জীৱন যুঁজত যুঁজি গৈছিল দৃঢ়তাৰে,তাৰ বিশ্বাস আছিল এদিন সি ভাগিপৰা ঘৰখন আকৌ সজাই তুলি ধৰিব পৰিব কিন্তু নিয়তিৰ বিধান কোনেও খন্দাব নোৱাৰে ।

আজি ২০২০ চনৰ,২৮ জুন !
এতিয়া অভিনাশ ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ,কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে সি বৰ্তমান ঘৰতে আছেহি,ভায়েক বৰ্তমান চতুৰ্থ ষান্মাসিকৰ ৰাজনীতি বিভাগৰ এজন ছাত্ৰ,ঘৰখন চলাবলৈ মাক জনীয়ে আনৰ ঘৰে ঘৰে গালি খপনি শুনি বাচন বৰ্তন, কাপোৰ কানি ধুই দিয়ে দুই এপইচা পোৱাৰ আশাতেই ,কিবা কৈ দুবেলা দুমুঠি খাই জীয়াই আছে তিনিটা প্ৰাণী ।অভিনাশৰ মাজে মাজে দুখ লাগে , ঘৰৰ ডাঙৰ ল'ৰাটো হৈয়ো একো এটা সি কৰিব পৰা নাই তথাপিও সি ভাবিছে " ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা শেষ কৰি গুৱাহাটীতে চাকৰি এটাৰ সন্ধান কৰিম ".... কিন্তু এটা ফোনকলে সিহঁতৰ জীৱনত এজাক ধূমূহা নামাই আনিলে ।

হঠাৎ অভিনাশৰ ঘৰত থকা পুৰনি ফোনটোত এটা ফোনকল আহিল !
*অভিনাশে দৌৰি গৈ ফোনটো উঠালে ।
▪️অভিনাশ: হেল্লো', কোন ?
▪️বিকাশ   : অৰে ভাই মই কৈছোঁ বিকাশ,ভালে আছনে,খবৰে নাই যে তোৰ ।
(বিকাশ হৈছে অভিনাশৰ কলেজ বন্ধু)
▪️অভিনাশ: মোৰ ভালেই ঐ,তোৰ খবৰ ক'চোন ।
▪️বিকাশ   : আছোঁ আৰু দে, পিছে পৰীক্ষাৰ বাবে তৈয়াৰী কেনেকুৱা চলিছে,পালেহিয়েই নহয় ।
▪️অভিনাশ: পৰীক্ষা ? ,কেতিয়া পৰা মই চোন গ'মেই নাপাওঁ ।
( অলপ আচৰিত হৈ সি সুধিলে )
▪️বিকাশ   : অৰে ভাই,হোৱাটচআপত চোন জাননীখন পঠিয়াইছিল,তই গ'ম পোৱা নাই নেকি ,সেইবাবে কওঁ মোবাইল এটা লৈ ল সোনকালে,অহা ২৭ জুলাই পৰা আমাৰ Final semester exam..best of luck .
▪️অভিনাশ: কি ?
                    কিন্তু পৰীক্ষা হ'ব ক'ত কেনেকৈ ?
▪️বিকাশ   : অৰে ভাই ভালেই হ'ল দে,এইবাৰ বোলে Online Open book Exam হ'ব,ঘৰতে বহি চাই চাই লিখিব পাৰিম, মোবাইলতে সকলো পৰীক্ষা ল'ব।
ভাই তইয়ো এটা মোবাইল সোনকালেই ল, মই সেইবাবেই খবৰটো দিবলৈ তোক ফোন লগালো , পৰীক্ষা পালেহিয়েই ।
▪️অভিনাশ: ঠিক আছে হ'ব দে (এইবুলি ফোনটো ৰাখি সি কাষৰ বিছনা খনতে বহি পৰিল আৰু চিন্তা কৰিবলৈ ধৰিলে,... এতিয়া কি হ'ব ?, মোবাইল এটা কেনেকৈ যোগাৰ কৰিম ?,মায়ে কেনেকৈ কিনিব এতিয়া ?)
হাজাৰটা প্ৰশ্ন !

এনেতে অভিৰ ভায়েক কোঠাটোলৈ সোমাই আহিল,
▪️অভিৰ ভায়েক: দাদা কি হ'ল,মন বেয়া নেকি ?,
নে তোৰ গা ভাল নহয় ।
▪️অভি  : নহয় অ', পৰীক্ষাৰ তাৰিখ পৰ্যন্ত দিলে ভাইটি,এইবাৰ বোলে পৰীক্ষা অনলাইন পাতিব, মোবাইল এটা নহ'লে মই পৰীক্ষাত কেনেকৈ বহিম অ'। ভাইটি ,মায়ে ক'ৰ পৰা মোবাইল এটা যোগাৰ কৰি আনি দিব ক'চোন ভাইটি ।
(এনেকৈ কৈ অভিৰ চকু চলচলীয়া হৈ পৰিল)
▪️অভিৰ ভায়েক: হ'ব দাদা চিন্তা নকৰিবি চোন, ভগৱান আছে নহয়, তেওঁ আমাকো চকু মেলি চাব ।

*এইখিনি কৈ অভিৰ ভায়েক কোঠাটোৰ পৰা ওলাই গ'ল আৰু অভিয়ে অকলে অকলে কথাবোৰ ভাবি ভাবুকৰ দৰে বহি থাকিল ।

এনেদৰেই ৪,৫ দিন পাৰ হৈ গ'ল,অভিৰ পৰীক্ষাও ওচৰ চাপিছেহি , সি খাবলে শুবলে মন নকৰা হৈছে ,কাৰণ সি এজন মেধাৱী ছাত্ৰ, পৰীক্ষাটো দিব নোৱাৰিম বুলি ভাবিয়েই সি ভাঙি পৰিছে ভিতৰি ।
▪️অভিৰ মাক : বোপাই তোৰ কি হৈছে ?
(খোৱাৰ পাতত বহি মাকে সুধিলে )
▪️অভি : নাই মা,একো হোৱা নাই,,এনেই অলপ পঢ়াৰ কথা ভাবি আছোঁ ।

এনেতে ভায়েকে হঠাৎ কৈ পেলালে,,নহয় মা ,দাদাৰ পৰীক্ষা পালেহি কিন্তু তাৰ Smartphone নথকা বাবে অনলাইন পৰীক্ষা কেনেকৈ দিব তাকে সি ভাবি আছে এইকেইদিন ।
▪️অভি : ঐ তই যাচোন, মনে মনে থাক ।
( ভায়েকক খঙ কৰি অভি ভাতৰ পাতৰ পৰা উঠি গ'ল)

▪️অভিৰ মাকে কথাখিনি শুনি ভাবিবলৈ ধৰিলে 
" ল'ৰাদুটাৰ পঢ়া শুনাৰ বাবে দেউতাক নহ'ওতেও মই যিমান পাৰোঁ চেষ্টা, ত্যাগ কৰি আহিছোঁ । তাক মোবাইল এটা আনি দিব লাগিব কিবা কৰি ,এই কম বয়সতে ল'ৰাটো বহুত চিন্তাত পৰিছে "

পিছদিনা দুপৰীয়া ঠিক ২ মান বজাত,
সেইখিনি সময়ত  মাক ঘৰত নাই,কামলৈ ওলাই গৈছে ।ভায়েকো বন্ধু কেইজনমানৰ লগত ৰাতিপুৱাৰে পৰা বাহিৰতে খেলি আছিল,সি ঘৰলৈ আহিয়েই বাহিৰৰ পৰা চিঞৰি আছে,

▪️অভিৰ ভায়েক : দাদা,অ' দাদা...ওলাই আহঁচোন,
মোৰ বন্ধুকেইজনমান আহিছে,পানী জক টো লৈ আনচোন ।

বহুসময় অভিয়ে মাত নিদিয়া দেখি ভায়েক সোমাই আহিল কোঠাটোৰ ভিতৰলৈ, কোঠাটোৰ ভিতৰত সোমাইয়ে সি এটা বিকট চিঞৰ মাৰি বাহিৰলৈ ওলাই আহিল আৰু মাটিত ঠাচ কৈ পৰি....." দাদা অ' " বুলি হুলস্থুল কৰি কান্দিবলৈ ধৰিলে ।

এনেতে মাক ঘৰলৈ আহি পাইছিল হে মাত্ৰ, ঘৰখনৰ বাহিৰত কন্দা কটা দেখি মাক ধপলিয়াই ভিতৰলৈ সোমাই আহিল, আহিয়েই মাক ধলি পৰিল,চিলিঙফেনখনৰ ওপৰত অভিৰ দেহটো ওলমি আছিল,,অভিৰ মাকে অভিৰ বাবে আজি এটা মোবাইল কিনিবলৈ কেপইচামান টকা ধাৰ কৰি আনিছিল,সেই পইচাৰ টোপোলাও মাকৰ হাতৰ পৰা সৰি পৰিল, পৰীক্ষা দিবলৈ নাপাম বুলি,অসহায় মাকক কেনেদৰে এটা মোবাইল কিনিবলৈ ক'ম বুলি, ভৱিষ্যতে কি কৰিম এনেকুৱা হাজাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় আজি সি সকলোকে এৰি থৈ গুচি গ'ল ।

.............. ্্্্্্্্্্্্্্্্্্্্্্.................
#Dipankar Bhagabati



আকৃত্ৰিম ভালপোৱা

মানুহ জীৱ শ্ৰেষ্ঠ !
কিন্তু আজি মই ক'ব বিচাৰিম মানুহতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ হয়তো আজিৰ তাৰিখত মোৰ বাবে এই পশু,চৰাই-চিৰিকটি আৰু বনৰীয়া জন্তুবোৰ ।
যেতিয়াৰে পৰা কথা ক'বলৈ, পৃথিৱীখনৰ সৰু সৰু বস্তুবোৰক বিশ্লেষণ কৰিবলৈ শিকিছিলো অৰ্থাৎ আজিৰ পৰা ১৮ বছৰ আগৰ পৰাই হয়তো,মোৰ বাবে ঘৰৰ ওচৰ চুবুৰীয়া মানুহতকৈ চৰাই-চিৰিকটি, কুকুৰ, মেকুৰী বোৰৰ প্ৰতি বেছি দুৰ্বলতা আছিল,মৰম আছিল,আবেগ জড়িত হৈ উঠিছিল ।
ৰাতিপুৱা শুই উঠিয়েই দেখা পোৱা শালিকী জনীৰ পৰা লৈ গধূলি আকাশৰ বুকুৰে উৰি যোৱা বগলী জাকলৈকে সকলোবোৰ মোৰ ভাললগাৰ এটা এটা কাৰক আছিল ।

যেতিয়াই ক'ৰবাত কুকুৰ পোৱালি, মেকুৰী পোৱালি এটা দেখিছিলোঁ তাক ঘৰলৈ আনি মৰম কৰিছিলোঁ, সিহঁতৰ লগত দিনটো পাৰ কৰিছিলোঁ,আনকি মোৰ আজিও মনত আছে যেতিয়া মই ষষ্ঠমান শ্ৰেণীত পঢ়ি আছিলোঁ সেইবছৰত মোৰ ১৮ টা কুকুৰ,১ টা মেকুৰী পোৱালি,তিনিযোৰ কপৌ,এটা শালিকা,দুটা বুলবুলি চৰাই,দুটা ডাউক চৰাইৰ পোৱালি আছিল,সেই সময়ছোৱাত অৱশ্যে মোৰ ঘৰৰ কাষৰ মানুহ কিছুমানে বহুত বেয়াকৈ কথাও শুনাইছিল ঠাট্টা সুৰত কেতিয়াবা কিছুমান কথাও কৈ গৈছিল, কিন্তু মোৰ মা দেউতাই আনৰ কথা শুনি মোক কেতিয়াও একো কথাই কোৱা নাছিল, ঘৰৰ সকলোৱে জীৱ জন্তু বহুত ভাল পাইছিল সেইবাবে দেউতা আৰু মই লগ হৈ গোটেইকেইটা কুকুৰক প্ৰশিক্ষণ ও দিছিলোঁ,, তেতিয়া বাতৰি কাকত লোৱা হৈছিল আমাৰ ঘৰত ,কাকত দিবলৈ অহা ল'ৰাজনে কুকুৰ কেইটাক দেখি আমাৰ ঘৰলৈ সোমাব ভয় কৰিছিল সেইবাবে গেটখনৰ পৰা দলিয়াই দি যায় আৰু আমাৰ সকলোতকৈ ডাঙৰ কুকুৰজনীয়ে বাতৰিখন কামুৰি আনি বাৰাণ্ডাত থৈ দিয়েহি,, ক'বলৈ গ'লে কি এক মাদকতা ভৰা দিন আছিল সেইবোৰ । কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাছিল, সিহঁতৰ লগতেই মই ব্যস্ত আছিলোঁ ।
তাৰ পিছত লাহে লাহে সময়বোৰ আগবাঢ়ি  গ'ল,সময়ৰ সোঁতত সকলোবোৰ হেৰাই গ'ল,চৰাইবোৰ উৰা মাৰি গ'ল তথাপিও দুখ নাই, মই সুখী ।
নিজৰ আত্মীয় জনেও বিশ্বাসঘাটকতা কৰে,আপোনজনো অচিনাকি হৈ পৰে কিন্তু এই বনৰীয়া পক্ষী আৰু জীৱবোৰ সদায় মৰমৰ আছিল, কেতিয়াও সিহঁতৰ মৰমবোৰত কৃত্ৰিমতা নাছিল,এটা বিস্কুট,কেইটামান চয়াবিন,দালবুট দিলেই সন্তুষ্ট হৈ উঠিছিল ।
এষাৰ মাততেই ধপলিয়াই আহিছিল, আচলতে সিহঁতে মৰমৰ ভাষা বেছিকৈ বুজিব পাৰে ।

 অচিনাকি এঘৰত গ'লে সাধাৰণতে কুকুৰ থাকিলে খেদা মাৰি আহে , কিন্তু মই সদায় গৌৰৱ অনুভৱ কৰিছিলোঁ কাৰণ একেলগে আমি দুই তিনিজন বন্ধু যোৱাৰ স্বত্তেও যি সময়ত আন দুজন বন্ধুক কুকুৰ বোৰে খেদা মাৰি আহিছিল মোক দেখিলেই গাত জপিয়াই উঠিছিলহি,
সিহঁতৰ সেই ভয়ানক যেন দেখা দাতঁবোৰ মেলি জিভাৰে চেলেকিব ধৰিছিল,হয়তো সিহঁতে মোৰ চকুত আকৃত্ৰিমতাৰে ভৰপূৰ মৰমবোৰক বুজিব পাৰিছিল,, বহুত ভাল লগা কিছুমান মূহুৰ্ত ।

আজি তেনেকৈয়ে বহু বছৰ পাৰ হৈ গ'ল, কুকুৰ, মেকুৰী, কেৰ্কেটুৱা আৰু আন আন চৰাই-চিৰিকটিৰ লগত বহুত সময় পাৰ কৰিলোঁ, যেতিয়াই কাৰোবাৰ প্ৰয়োজন অনভৱ কৰোঁ, যেতিয়াই অকলশৰীয়া অনুভৱ কৰোঁ ৰাষ্টালৈ ওলাই যাওঁ একপেকেট ১০ টকীয়া বিস্কুট লৈ আৰু অচিনাকি কুকুৰ কেইটাক খাবলৈ দিওঁ সিহঁতো হঠাতেই আপোন হৈ পৰে ,যি সময়ত প্ৰিয়জনৰ নামত হাজাৰ হাজাৰ টকাৰ খৰচ কৰাৰ পিছতো কেইদিনমান পিছত অচিনাকি হৈ পৰে, আনফালে সামান্য কেইটামান বিস্কুট আৰু বুট খাবলৈ দিয়াৰ বাবেই সেই অচিনাকি বনৰীয়া পক্ষী,চৰাইবোৰো নিজৰ যেন হৈ পৰে,এতিয়া মোৰ বাবে সেই প্ৰকৃতিৰ সেউজীয়া, বনৰীয়া জন্তুবোৰ বেছিকৈ আপোন,খুচুৰা পইচাবোৰ গোটাই সিহঁতৰ বাবে কিবা কিনো আৰু খাবলৈ দিওঁ,,
কেতিয়াবা কোনোবাই প্ৰশ্ন কৰে তোমাৰ অকলশৰীয়া অনুভৱ নহয় নে কেতিয়াবা,,মোৰ এটাই উত্তৰ থাকে সদায় " নহয়,কাৰণ মোৰ বাবে সুখৰ সংজ্ঞা বেলেগ, মানুহৰ লগত ভাৱ বিনিময় কৰি আজিও মই বেছি সময় পাৰ কৰিব নোৱাৰোঁ, যেতিয়াই মোৰ নিৰ্জনতাত অকলশৰীয়া অনুভৱ হয় বাহিৰলৈ ওলাই যাওঁ আৰু বনৰীয়া হ'লেও জীৱ-জন্তু বোৰৰ লগত সময় পাৰ কৰোঁ " ,,,
সুখী হ'বলৈ আমাৰ বেছি কষ্ট কৰিবলগীয়া নহয়, আমাৰ চাৰিওফালেই সুখবোৰ আছে আমি তাক অনুভৱ কৰিবলৈ শিকি গ'লেই সকলো দুখ আতৰি যাব ।  প্ৰিয়জনৰ পৰা পোৱা অৱহেলাবোৰ , বন্ধুৰ লগত হোৱা কাজিয়াবোৰৰ কথা পাহৰি এবাৰ প্ৰকৃতিৰ আন আন বস্তুবোৰক মৰম দিয়ক চোন নিশ্চয়কৈ আপুনিও সুখী হৈ উঠিব,দুখবোৰ পাহৰি পেলাব ,,, বিশ্বাসঘাটকতা মানুহে কৰে,মৰমবোৰ কম বেছি মানুহৰ ক্ষেত্ৰত হয়, স্বাৰ্থ শেষ হ'লে মানুহে আপোনাক পাহৰি পেলাই কিন্তু এবাৰ জীৱনৰ দুখৰ অধ্যায়বোৰক এৰি সামান্য সময় উলিয়াই এইবোৰৰ লগত সময় পাৰ কৰকচোন চাব আপুনিও সুখী হ'বলৈ শিকি উঠিছে ।
শেষত এটাই অনুৰোধ কেতিয়াও জীৱ-জন্তুক,চৰাই-চিৰিকটিক অকনমান খাদ্য দিয়াৰ হৈ কৃপণালী নকৰিব,,আপুনি দিয়া ১০/২০ টকাৰ বাবদ আপুনি সেই বনৰীয়া পক্ষী চৰাইবোৰ, জন্তুবোৰৰ চকুতো আপোনাৰ বাবে আকৃত্ৰিম প্ৰেম আৰু ভালপোৱা দেখা পাব, ইহঁতবোৰৰ লগত সময় পাৰ কৰিয়েই হয়তো আজি মই এটা কথাই প্ৰায়ে অনুভৱ কৰোঁ যে মানুহ যদিও জীৱ শ্ৰেষ্ঠ কিন্তু বনৰীয়া জন্তু, চৰাইবোৰৰ মৰমবোৰ বেছি নিৰ্মূল আৰু আকৃত্ৰিমতাৰে ভৰা ।

@Dipankar Bhagabati
Assam
#LoveAnimals
#LoveBirds

শৰৎ এটি প্ৰেমৰ কবিতা !

তোমাৰ বাবেই এদিন
শৰতৰ প্ৰেমত পৰিছিলোঁ,
পুৱাৰ চেঁচা বতাহজাকৰ বাবেই টো
অপেক্ষাত ৰৈছিলোঁ,
ঠিকেই ...
সময়বোৰ আমি ভবাৰ দৰে পৰিচালনা কৰিব নোৱাৰোঁ ।
তথাপিও !
তুমি চকুৰ সমুখত থকালৈকে,
এই শৰতৰ দিনবোৰো মোৰ বাবে অনুভৱৰ এমুঠি জোনাক হৈ পৰিছিল,
অন্ধকাৰ যেন অনুভৱ হোৱা হৃদয়খনেও
পোহৰৰ সন্ধান পাইছিল ।

অচিনাকি পথটোৰে
চিনাকি ঠিকনাটি পকেটত লৈ,
খোজ লৈ থাকোঁতেই,
শেৱালীৰ সুৱাসে মন প্ৰাণ চুই যোৱা এক অনুভৱ হৈছিল,
তেতিয়াই মোৰ চকুত,
তোমাক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ ।

পায়ল পিন্ধি হয়তো ভালপোৱা তুমিজনীৰ,
কণমানি মৰমলগা ভৰি কেইটাই,
দূৱৰিত ৰৈ যোৱা সেই
কুঁৱলীৰ টোপালবোৰত খালী ভৰিৰে শেৱালীৰ ফুল বুটলাত ব্যস্ত আছিলা,
তোমাৰ লিহিৰি আঙুলিৰ পৰশত,
হয়তো শেৱালীৰ সুৱাসবোৰো,
নজনাকৈয়ে বাঢ়িব ধৰিছিল ।
ক্ষন্তেক সময়ৰ বাবে
এনেকুৱা আনুভৱ হৈছিল,
কিজানিবা শেৱালী ফুলৰ পাঁহিবোৰ হ'লেই তোমাৰ ভাললগাৰ কাৰণবোৰো
 মই হ'ব পাৰিলো হেতেন ।

তুমিজনীৰ বাবেই টো থমকি ৰৈছিল মোৰ দুভৰি,
শৰতৰ এটি প্ৰভাতি পুৱাত ।

অৱশ্যে অচিনাকি পথটোও কিন্তু
এতিয়া অচিনাকি হৈ থকা নাই,
এতিয়া তোমাৰ উপস্থিতি অনুভৱ কৰোঁ,
পথটোৰে খোজ লৈ থাকোঁতে,,

আজিও সেই শেৱালীজোপাৰ তললৈ চাওঁ আৰু প্ৰথম দেখা তুমিজনীলৈ কল্পনা কৰি থমকি ৰওঁ,
হয়তো এনেদৰেই
কেতিয়াবা চকুয়ে চকুৰ গভীৰতাৰ বুকুত সোমায় পৰে,
আৰু অচিনাকি জনো হৈ পৰে আমাৰ বাবে আপোন,
প্ৰথম চিনাকি অচিনাকিবোৰৰ 
মাজতেই যে কেনেদৰে,
হৃদয়ৰ ভাললগাবোৰে পোখা মেলে,
সচাঁকৈ ভাবিলে আচৰিত লাগে,,
এই শৰৎ বোৰ এতিয়া মোৰ বৰকৈ প্ৰিয়,
কাৰণ তোমাৰ উপস্থিতিৰ উমান আনুভৱ কৰোঁ আজিও,
কাৰণ ,
তোমাৰ বাবেইটো এদিন
শৰতৰ প্ৰেমত পৰিছিলোঁ,
নজনাকৈয়ে নুবুজাকৈয়ে ।


@দিপাংকৰ ভাগৱতী
    গুৱাহাটী,অসম

অচিনাকি হৈ ৰোৱা চিনাকি ছবিখন !

আজি শনিবাৰ,
তোমাৰ অপেক্ষাত বিষাদৰ মাজেৰে পাৰ ১ বছৰ ৭ মাহ !
২০১৮ বৰ্ষৰ আজিৰ দিনটোতেই তোমাক প্ৰথমবাৰৰ বাবে ভাইটিৰ হোৱাটচআপৰ ষ্টেচাচত দেখা পাইছিলো,তাৰ পিছতেই তাক জোৰ কৰি তোমাৰ নম্বৰটো লৈছিলোঁ, তুমি বহুতেই অভিমানী আছিলা🙂
মনত পৰে আজিও, বহুতো চেষ্টা, প্ৰচেষ্টা আৰু অপেক্ষাৰ অন্তত তোমালৈ প্ৰথমতো মেচেজ লিখি পঠিয়াইছিলো Hi.....!
উত্তৰৰ অপেক্ষাত সেইদিনা ৰাতি টোপনি অহা নাছিল,
আজিও মোৰ মনত পৰে,ওৰে ৰাতি এটাই কথা ভাবি আছিলোঁ, তুমি বা কি বুলি ৰিপ্লাই কৰা , Hi ৰ উত্তৰত Hello ৰ সলনি ব্লক কৰি দিয়াৰ ভয়টোৱে কিন্তু গোটেই ৰাতি শুবলৈ দিয়া নাছিল , মনটোক বাৰে বাৰে আমনি কৰিছিল ।

বহু অপেক্ষাৰ অন্তত ৰাতিপুৱা ৮ বজাত তোমাৰ প্ৰথমটো ৰিপ্লাই আহিছিল, তেনেদৰেই আৰম্ভ হৈছিল তোমাৰ আৰু মোৰ কাহিনী.......
হোৱাটচআপৰ বুকুতেই মৰমবোৰক সীমিত ৰাখিছিলো,
ভয়খিনিক প্ৰকাশ নকৰি নিজৰ লগতেই সামৰি থৈছিলোঁ😌
আমাৰ চিনাকী, বন্ধুত্ব আৰু তাৰ পিছতেই প্ৰেমৰ আৰম্ভণি ,মোৰ আজিও মনত পৰে তোমাক ভালপোৱাৰ প্ৰস্তাৱ হিচাপে দিয়া প্ৰথম মেচেজ টোলৈ, বহুত ভয়ে ভয়ে লিখিছিলোঁ 🙂,, সেইদিনা আছিল ৬ জুলাই,২০১৮, ভৱিষ্যতে এদিন আমাৰ প্ৰেমবোৰ সফল হ'লে দেখুৱাবলৈ বুলিয়েই Screenshot কৰি ৰাখিছিলোঁ প্ৰথম ভালপোৱাৰ প্ৰস্তাৱৰ সেই প্ৰথমটো মেচেজ, কিন্তু.....
এতিয়াটো সম্পূৰ্ণ ২ বছৰেই পাৰ হৈ গ'ল সেই মেচেজটোৱে এতিয়া হৃদয়ৰ কোনোবাখিনিত আমনিহে কৰে । হৃদয়ৰ মাজৰ সেই প্ৰত্যেকটা কথাই তোমাক বুজাবলৈ যাওঁতে সম্পূৰ্ণ এমাহেই লাগিছিল, অৱশেষত ১৮ আগষ্টত তুমি পোন প্ৰথমবাৰৰ বাবে মোক উত্তৰত কৈছিলা, "মই ও ভাল পাওঁ তোমাক"🥰
তুমি সচাঁকৈ বৰ অভিমান আছিলা, তুমি জানা ?
তোমাৰ সেই মিঠা মিঠা কথাৰে যেতিয়া  তুমি হঠাতে মোৰ প্ৰস্তাৱটিৰ উত্তৰ দিয়াত, কেনেদৰে সুখী হৈ পৰিছিলোঁ । কথাবোৰ ভাবিলে আজিও মনত পৰে,সেই গুলপীয়া হাঁহিটিয়ে আজিও মোক আমনি কৰে।

দিনটোৰ আৰম্ভণি তোমাৰ সেই "Good Morning" মেচেজ টোৰেই হৈছিল , আনতকৈ তুমি অলপ চাপৰ আছিলা,মৰমতে তোমাক কেতিয়াবা হাতীৰ পোৱালি বুলিও জোকাইছিলো আৰু তুমি অভিমান কৰি মুখখন গংগাটোপটোৰ দৰেই ফুলাই থাকিছিলা,,আকৌ তোমাৰ অভিমান ভাঙিবলৈ  মোৰ প্ৰণয়ৰ উশাহবোৰ,বৰ মৰম লাগিছিল তোমাক ।
5.3 inc ৰ তুমিজনী আৰু 5.9 inch ৰ মইটো,
একেবাৰেই South Indian Movie ৰ দুটা চৰিত্ৰৰ দৰেই লগা হৈছিলোঁ । 
"চকুৰ আতৰ হ'লে মনৰো আতৰ হয়",এই কথাষাৰ মই তেতিয়া বিশ্বাস কৰিবই পাহৰি পেলাইছিলোঁ, তোমাৰ সানিধ্য আৰু প্ৰেমৰ অনুভৱৰ ধৌ বোৰৰ মাজত😔
"Long Distance Relationship".. তোমাৰ আৰু মোৰ,
তোমাৰ হৃদয়খনিকে বিশাল আকাশৰ দৰে ভাবিছিলোঁ,
তোমাৰ মৰমবোৰকো সেই গভীৰতাৰেই জুখিছিলোঁ,১৭০ কিলোমিটাৰ দূৰত তোমাৰ পৰা আতৰত থাকিও বাৰে বাৰে তোমাকেই মনত পেলাই নিৰ্জনতাৰ সময়বোৰ পাৰ কৰিছিলোঁ, কেতিয়াবা টো অস্থিৰ হ'লে তোমাৰ ওচৰলৈ যাবলৈও বৰকৈ মন কৰিছিল কিন্তু সময়ৰ ব্যৱধান , এই প্ৰেমিক পখীৰ তুমিয়েই টো এটি প্ৰেমৰ কবিতা আৰু জোনাকৰ বৰষুণজাক হৈ আছিলা ,প্ৰতিটো অনুভৱ, প্ৰত্যেকটা স্তৱক তোমাৰ নামেৰেই সৃষ্টি হৈছিল ।

কিন্তু আজিলৈ এটা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালোঁ জানা, আমাৰ প্ৰেম ভালপোৱাখিনিৰ মাজত কেনেদৰে ইমান ব্যৱধান আহি পৰিল আৰু কিয়  ?
হৃদয় উজাৰি ভালপাইছিলো‌ঁ তোমাক, তোমাৰ হাঁহিৰ প্ৰতিটো সংজ্ঞা বিচাৰিছিলো,হয় মোৰ অলপ খং টো বেছি আছিল ! কিন্তু তুমিওটো জানিছিলা ন'....খং তেওঁকে হে কৰা যায় যাক সকলোতকৈ ভালপোৱা যায়,মোৰ বাবে তুমি এপাঁহ গোলাপৰ দৰেই আছিলা,যাৰ পৰষত পোৱা সুখবোৰক মই কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ, তুমি যেতিয়া আনৰ কথা কৈ কৈ আমাৰ মৰমবোৰৰ কথা পাহৰি পেলাইছিলা আৰু বিশালতাৰ দৰে ভবা তোমাৰ হৃদয়খনিৰ আৰঁত বহু কেইটা কথাই মোৰ পৰা লুকুৱাই ৰাখিছিলা,মোৰ খং উঠিছিল,, নাজানো,,
প্ৰেমৰ সংজ্ঞা কি.....নাজানো কেনেদৰে মৰম দিলে কাৰোবাক সুখী কৰিব পাৰি কিন্তু সুখী কৰি ৰাখিবলৈ আপ্ৰান চেষ্টা কৰিছিলোঁ ।
খং,অভিমান আৰু আত্মকেন্দ্ৰীক চিন্তাবোৰৰ সোতঁত পৰি আমি দুয়োৱে আজি ইজনে আনজনৰ বাবে অচিনাকি হৈ ৰ'লো.....এটা কথা কি জানা,,সম্পৰ্কটো ৰক্ষা কৰিবলৈ আমি দুয়োৱে কিছুমান এৰা ধৰা কৰিবলৈ চেষ্টা কৰিব লাগিছিল,ভাল পাইছিলো সেইবাবেই টো তোমাক আনৰ চকুত সহ্য কৰিব পৰা নাছিলোঁ !
আজি ১ বছৰ ৭মাহ পাৰ হৈ গ'ল,সদায়েই অপেক্ষা কৰোঁ তোমাৰ ফোনকল এটাৰ....শেষ ভুল যদিও তোমাৰ আছিল তথাপিও তোমাক মনত পেলাওঁ,উজাগৰে চকুলো তুকি তোমাৰ ফোনকল এটাৰ অপেক্ষা কৰোঁ , তোমাৰ বাহিৰে মোৰ জীৱনত টো আন কোনোৱেই নাছিল,তুমিয়েই মোৰ নিশাৰ জোনাক, আবেলিৰ হেঙুল কিৰণ সকলো আছিলা ,এটা সামান্য ফোনকলৰ অপেক্ষাত আজিও উশাহবোৰ থমকি ৰয়,
আশাকৰোঁ কুশলে আছা... ফেচবুকত এতিয়াও তোমাৰ নামতো সদায়েই চাৰ্চ লিষ্টৰ একেবাৰেই ওপৰতে থাকে,মন যায় জানা !
পুৰনি স্মৃতিবোৰৰ সৈতে আকৌ এবাৰ তোমাৰ ফটোখনিত এটা মৰম লগা কমেণ্ট কৰিবলৈ,
এপাঁহি গোলাপৰ এটা Stiker পঠিয়াই হোৱাটচআপৰ মেচেজত আকৌ ভাল পাওঁ বুলি ক'বলৈ কিন্তু সকলো শূণ্য ।

তুমি হয়তো এতিয়া আনৰ লগত সুখী, আৰু মইয়ো এটা মিচা হাঁহি পিন্ধি নিজৰ পৃথিৱীত ব্যস্ত ।
সময় উলিয়াই তোমাৰ ফেচবুক প্ৰফাইল তো এবাৰলৈ হ'লেও দিনটোত চোৱাৰ অভ্যাসটো কিন্তু আজিও নগ'ল,হিয়াখন আজিও কিবা উদং উদং যেন লাগে,, তথাপিও এই হৃদয়খন তোমাৰ বাবেই অপেক্ষাত ৰয় ।
THB কলেজৰ অভিমানী বৰষুণ জাকে আমনি কৰোঁতেই,তোমাৰ নামত ৰচা এটি এটি  প্ৰেমৰ কবিতাও হৈ পৰে মোৰ বাবে নতুন গানৰ সৃষ্টি ,,এই হৃদয় এতিয়াও তোমাৰ নামত !
খং,অভিমানবোৰকো বাদ দিয়াৰ বহুদিনেই পাৰ হ'ল,
এতিয়া কিন্তু এনেকৈয়ে ভাল লাগে ,
"কাৰোবাক মনে প্ৰাণে ভাল পোৱাৰ পিছতো,
তেওঁৰ সুখৰ বাবে কৰা 
নিস্বাৰ্থ মনৰ ত্যাগ বোৰো জানো প্ৰেম নহয় "
এতিয়া মই ও তোমাৰ সুখতেই সুখী হ'বলৈ অনুশীলন কৰি আছোঁ.....আকৌ যদি সপোনে পাখি মেলে লগ হ'ম এটি প্ৰভাতি পুৱাত , তোমাৰ মিচিকীয়া হাঁহিৰ পৰষত এৰি দিম সমস্ত বিষাদৰ এবুকু যন্ত্ৰণা আৰু মৰমেৰে উপচাই তুলিম তোমাৰ হিয়া ।


#Dipankar_Bhagabati

Nosto Lora // নষ্ট ল'ৰা

এই যে ভদ্ৰতাৰ মুখাখন
সেইখন আমাৰ বাবে নহয়,
কিয়নো আমি যে বিন্দাচ পৃথিৱীৰ একোজন নষ্ট ল'ৰা,
যি কৰোঁ বিন্দাচ কৰোঁ,যি অলপ পাওঁ তাতেই সুখী হ'বলৈ চেষ্টা কৰোঁ,
সৰু সৰু কাৰণবোৰেই আমাৰ বাবে সুখৰ সংজ্ঞা,
আমাৰ বাবে মৰম,ভালপোৱা,বন্ধুত্বৰ বেলেগকৈ সংজ্ঞা নাই,
শব্দেৰে আমি বুজাব নোৱাৰিব পাৰোঁ,
মেচেজত আমি প্ৰেয়সীলৈ লিখিব নোৱাৰিব পাৰোঁ প্ৰেমৰ কবিতা,
আমি নিবিচাৰোঁ বিলাসী আৰু স্বাৰ্থপৰী জীৱন,
বন্ধুৰ লগত সন্ধিয়া হ'লে আদ্দা,
চিগাৰেটৰ ধোঁৱাত সমষ্ট সুখৰ ঠিকনা,
 Rs,Votkaৰ দুইপেকত বিচাৰি ল'ব পাৰোঁ জীৱনৰ সংজ্ঞা,
কিয়নো আমি যে বিন্দাচ পৃথিৱীৰ একোজন নষ্ট ল'ৰা ।
আমি নাজানো প্ৰেমৰ খেলা কৰিব,
আমি নাজানো কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব,
তথাপিও এমুঠি সপোন আৰু মৰম সদায় পকেটত লৈ কাৰোবাৰ বাবে অপেক্ষা কৰোঁ,,
কোনোবাই ভাল পায় বা নাপায় আমি নিস্বাৰ্থ মনে প্ৰেম কৰিব জানো,
কাৰণ আমি যে একোজন নষ্ট ল'ৰা,
তাই পচন্দ নকৰে বুলিও জানো
তথাপিও নিজস্বতাক ত্যাগ নকৰোঁ,
সন্ধিয়া হ'লে আকৌ বিচাৰোঁ,
সপোনৰ পৃথিৱীত তাইৰ ঠিকনা,
অশ্লীলতাৰ নিচাবোৰে আমাৰ  দুচকুত স্পৰ্শ কৰিব নোৱাৰে,
১০০ টকীয়া কোৱাটাৰ আৰু ১০ টকীয়া গল্ড ফ্লেগতে উৰুৱাই দিওঁ সকলো হুমুনিয়াহ, জীৱনৰ তৃপ্ততা ।
মাৰ মুখত অলপমান হাঁহি বিৰিঙুৱা,
আৰু
দেউতাৰ কষ্টখিনিক ভগাই লোৱাই আমাৰ বাবে সুখৰ মূল কাৰণ আৰু উৎস ।
আমাৰ বাবে প্ৰেম মানে প্ৰাপ্তি নহয়,
কাৰোবাক হৃদয় উজাৰি ভালপোৱাই আমাৰ বাবে প্ৰেমৰ সংজ্ঞা ,
আমাৰ বাবে না ৫ ষ্টাৰ হোটেল না বকুলৰ তলৰ আদ্দা ,
এইবোৰ কাৰণ নহয়
মুঠতে আপোন বন্ধুকেইজনৰ সৈতে কটোৱা প্ৰতিটো আবেলিয়েই আমাৰ বাবে নিষেধাত্মক এটি এটি কবিতা ,
কিয়নো আমি যে একোজন বিন্দাচ পৃথিৱীৰ নষ্ট ল'ৰা,
মদৰ নিছাতেই হওঁক বা আন ধৰণেৰেই আমি কিন্তু 
সচাঁটোৱেই কওঁ,
ভদ্ৰতাৰ মুখাখন পৰিধান কৰি আমি আজিও কাকো ভালৰি লগাব নাজানো,
অশ্লীলতাৰ নিচাবোৰেও আমাক স্পৰ্শ কৰিব নোৱাৰে কিয়নো
আমি একোজন নষ্ট ল'ৰা ।


#DipankarBhagabati

মোৰ দেশ মহান !


মোৰ তেজে তেজে,
মোৰ শিৰে শিৰে,
মাতৃৰ প্ৰতি অনুভৱৰ খলকনি ।
মোৰ দেশ মহান,
মোৰ দেশ মহান আদৰ্শৰে ভৰপূৰ,
এই দেশৰ পুৱা, সন্ধিয়া বোৰ মাদকতাৰে ভৰা,
অকৃত্ৰিমভাৱে প্ৰেম আৰু শ্ৰদ্ধাৰ
এইখনেই মোৰ দেশ,
তথাপিও কেতিয়াবা হতাশ হওঁ,
সময়ৰ সোঁতত,
স্বাধীনতাৰ পিছতো যেন আমি স্বাধীন নহয়,
ঘৰৰ মা-ভন্তিৰ বাবে এতিয়াও,
নিশাৰ অন্ধকাৰবোৰ অশ্লীল হৈ পৰে,
সচাঁকৈ স্বাধীন আমি কেতিয়াও নাছিলোঁ ,
এই দেশৰ পুৱা, সন্ধিয়াৰ হেঙুলীয়া   মাদকতাখিনি,
নিশাৰ অকলশৰীয়া পথটোৰ মাজত
যি দিনাই দেখা পাম,
তেতিয়াই আমি ক'ম আমি স্বাধীন,
আমি মুক্ত,আমি সুৰক্ষিত,
মোৰ দেশ মহান, মোৰ দেশ মহান আদৰ্শৰে ভৰা ,
ইয়াৰ প্ৰতিটো সন্ধিয়া,প্ৰতিটো নিশা
মাদকতাৰে ভৰা,
মোৰ দেশ মোৰ বাবে এটি সুন্দৰ কবিতা ।

দিপাংকৰ ভাগৱতী

MIDNIGHT POEM //SHORT QUOTE

#01


আহোঁ নাহোকৈ অহা
চিলিমিলি টোপনিবোৰে ৰচা,
সপোনৰ চহৰখনিত,
অপেক্ষাবোৰে  ঠিকনা হেৰুৱায় ।

শীতল ফিৰফিৰিয়া বতাহজাক আহি,
খিৰিকীৰ কাষত আমনি কৰিলেই,
শৰতৰ কুঁৱলীয়েও হৃদয় জুৰায়,
শেৱালীৰ সুবাসত মন মোৰ বাৰে বাৰে পিচলে,
টোপালবোৰে তোমাৰ নামত প্ৰেমৰ কবিতা ৰচে 🥀🥀

✍️ Dipankar Bhagabati

https://www.facebook.com/DipankarBhagabati93/


#02

এবাৰ মোৰ চকুত চকু থৈ তো চোৱা,
প্ৰেমৰ শিহৰণ জাকে তোমাক আমনি নকৰিলে ক'বা,
এবাৰ এই কথোৰ কথোৰ যেন লগা মোৰ অধ্যায়বোৰকে সামৰি,মনৰ কিতাপখনিক টো মেলি চোৱা ,
তেতিয়া দেখিবা .........
তুমি শুকান মৰুভূমি বুলি ভাবি লোৱা মোৰ মনটোৱেও তোমাৰ গুলপীয়া হাঁহিৰ মিঠা পৰষত সেউজীয়া হৈ হাজাৰটা সপোনৰ দিঠকৰ ঠিকনা ৰচে ।
#DipankarBhagabati

#03

প্ৰিয়জনৰ চকুত ভাঁহি উঠা তোমাৰ নামৰ অভিমান,মৰম,ঠেহখিনিক চোৱাৰ বাবেই জানো তুমি অপেক্ষা কৰি নোৰোৱা,
দিনৰ পিছত দিন প্ৰতিদিন ,
প্ৰেমবোৰ এনেকুৱাই ,
বুকু কপাই যোৱা চাৱনীবোৰতেই ,
সপোনত ঠিকনা হেৰুৱায় ।

@Dipankar Bhagabati

#04

"পুৱাৰ শীতল বতাহজাকো কিন্তু বৰ চঞ্চল,
কেতিয়া মোৰ  উশাহবোৰত প্ৰণয়ৰ শিহৰণ তুলি শেৱালীৰ সুবাসত তোমাক বিচাৰি পায় গ'মকেই নাপাওঁ "
@Dipankar Bhagabati

#05

নিসংগতাৰ লগৰী তুমিজনীও এতিয়া হেৰাই গ'লা,
অকলশৰে উচুপি উঠিলে তুমিয়েই টো জোনাক হৈ মোৰ হৃদয়ত সুখবোৰ সিঁচি দিছিলা,
ডাৱৰৰ দৰে আৱৰি ৰখা মোৰ বিষাদবোৰক আতৰাই পেলাইছিলা,
কিন্তু এতিয়া তুমি নাই 
আৰু 
নিসংগতাৰ মাজত 
জোনাকবোৰো যেন,
মোৰ বাবে এতিয়া অন্ধকাৰ সদৃশ ।
@ Dipankar Bhagabati

#06

যাৰ পৰশত সপোন দেখিবলৈ শিকোঁ,
যাৰ পৰশত জীপাল হৈ উঠে এটা নতুন জীৱন,
সপোন,দিঠক, আকাশৰ নীলাবোৰ কেৱল তেওঁৰ বাবেই সম্ভৱ,
তেওঁ আন কোনো নহয়, তেওঁ এগৰাকী নাৰী,
কাৰোবাৰ পত্নী, কাৰোবাৰ মা অথবা কাৰোবাৰ ভন্তি ।

#DipankarBhagabati

ইঞ্জিনিয়াৰিং জীৱনৰ অধ্যায় !

এটি অধ্যায়ৰ সামৰণি,,
যিদিনা প্ৰথমবাৰৰ বাবে কামৰূপ পলিটেকনিকত ভৰি দিছিলোঁ ভবা নাছিলোঁ ইমান আপোন হৈ পৰিব পিছলৈ সকলো,,এষাৰ কথা আছিল যে কলেজীয়া জীৱনৰ যিমানেই স্মৃতি নাথাকক কিয় ... প্ৰকৃত মনপৰষা স্মৃতিবোৰ আমি স্কুলীয়া জীৱনতে এৰি থৈ আহোঁ
,হয়তো আজি মোৰ ক্ষেত্ৰত তাৰ ওলোটা হৈ পৰিল,,,ঘৰৰ পৰা দূৰৈত আন এখন ঘৰ,, কেইজনমান বন্ধুৰ লগত একেলগে থাকি সন্ধিয়া আড্ডা, Assignment আৰু মাজে মাজে কিছুমান বিষয়ক লৈ চৰ্চা, আৰম্ভণিৰ দিনটোত কলেজত গৈয়ে সিধান্ত লৈছিলোঁ শেষৰ বেঞ্চখনতেই বহিম...কাৰণ শেষৰ বেঞ্চখনৰ পৰা গোটেই ক্লাছৰুমটোৰ সৌন্দৰ্য সময়বোৰ দেখিব পাৰি,,,শেষৰ বেঞ্চত বহাৰ অনুভৱখিনিয়ে সুকীয়া ।
প্ৰথম অৱস্থাত সকলো অচিনাকি হৈ আছিলোঁ,, কিন্তু লাহে লাহে আত্মীয়তাবোৰ নিজৰ ভাববোৰ বাঢ়িল,,,তিনিটা বছৰ আজি কেনেকৈ পাৰ হ'ল গ'মকেই নাপালোঁ....আজিৰ এই দিনটোত কিছুমান স্মৃতি লগত লৈ যাম,, ভৱিষ্যতে সুৱৰি হয়তো কেতিয়াবা নষ্টালজিক হৈ আকৌ এটি কবিতাৰে অনুভৱবোৰক ব্যক্ত কৰিম,,,,
Dhritima Ma'am,Sabiha Ma'am,Debahuti Ma'am  ৰ কেইটামান গালি Miss কৰিম,,ক্লাছত দেৰিকৈ সোমোৱাৰ বাবে....😊😊
অৱশ্যে গালিবোৰৰ মাজতো মৰমেই আছিল ,,Pronami Ma'am,Pallabi Ma'am,Kangkana Ma'am,Latika Ma'am,Durlov Sir,Nilakshi Ma'am,Sanskrita ma'am সকলোৰে কথাবোৰ কিন্তু মনত পৰি থাকিব ,,, ইয়াৰ উপৰিও কেইটামান স্মৃতি আৰু আছিল😌
Sabiha ma'am ৰ বাবে এদিন শেষৰ বেঞ্চৰ পৰা আগৰ বেঞ্চত বহিছিলোঁ,,Ujjal,Moi,Rahul,Parag.....For The First Time❤️

Debahuti Ma'am য়ে টো এদিন মোক অকলেই বহিব দিছিল প্ৰথম বেঞ্চখনত🤭🤭

এইবোৰ সৰু সৰু স্মৃতিৰ মাজেৰেই তিনিটা বছৰ পাৰ হ'ল,,,,চলিত তিনিবছৰত যদি লগৰ সমনীয়া,জুনিয়ৰ ভাইটি কেইটাৰ লগতে মৰমৰ আৰু শ্ৰদ্ধাৰ ছাৰ বাইদেউ সকলক যদি Last Bench ত বহি উৎপাত কৰি অশান্তি দিছিলোঁ সকলো ক্ষমা কৰি দিব 😊 আৰু আগলৈও যাতে আপোনালোকৰ আৰ্শীবাদ আৰু লগৰ কেইটাৰ মৰমবোৰ এনেদৰেই থাকে তাৰে কামনা কৰিলোঁ ❤️

তিনিবছৰৰ এটা এটা দিনৰ স্মৃতি মনত ৰাখি যাম,,, কেতিয়াও পাহৰি নাযাব Sir/Ma'am🥺🥺

লগৰ কেইটা সদায় Contact ত থাকিবি,,,
Last Benchers Brothers❤️🤘
সদায় জুই হৈ সাহসত থাকিবা,,



From
Roll No -004
Dipankar Bhagabati😊
Electrical Branch

Assamese Quotes || Dipankar Bhagabati

ONE SIDED LOVE/Dipankar Bhagabati

দীৰ্ঘদিনীয়া এক পৰিক্ৰমাৰ মাজেৰে এটি অপেক্ষাৰ সমাপ্তি ঘটিল আৰু তুমি মই আজি নতুন অধ্যায়ৰ দিশে খোজ ল'লো......আজিৰ দিনটো ডায়েৰীৰ পাতত  সদায়ৰ কাৰণে ৰৈ যাব তোমাৰ আৰু মোৰ ভালপোৱাবোৰৰ সম্পূৰ্ণতাৰ সাক্ষী হৈ.....
আচলতে অনুষ্টুপিয়াকৈ আমাৰ চিনাকী হৈছিল ফেচবুকৰ বুকুত,প্ৰথম চিনাকিতেই তোমাৰ প্ৰেমত পৰিছিলো কিন্তু তোমাক মেচেজত কি ক'ম কি নকম আৰু হাজাৰটা প্ৰশ্নই আবুৰি ধৰাত থমকি ৰৈছিল মোৰ ভাষাবোৰো, তেতিয়া মোৰ প্ৰেমবোৰক বুজি উঠা নাছিলোঁ,,লাহে লাহে তোমাৰ সুখত সুখ বিচাৰিবলৈ শিকিলোঁ, তোমাৰ হাঁহিত নিজৰ সপোনবোৰক কল্পনা কৰি চাইছিলো,,, অৱশ্যে মোৰ প্ৰেমৰ ধাৰণাবোৰ অকনমান সুকীয়া আছিল... প্ৰাপ্তিয়েই টো আৰু প্ৰেম নহয় সেইকাৰণে তোমাক নোকোৱাকৈয়ে ভাল পাই গৈছিলো নিস্বাৰ্থভাৱে, ত্যাগ আৰু মৰমৰ মাজেৰেই বুকুত কথাবোৰ ধৰি ৰাখিছিলো,দুইবছৰৰ আগৰ সেই প্ৰথম মেচেজ কেইটা চাই চাইয়েই পাৰ কৰিছিলোঁ সময়বোৰ,, কেতিয়াবা নষ্টালজিক হৈ পৰিছিলো যদিওঁ আকৌ তোমাৰ ছবিখনকে উলিয়াই চাইছিলো মোবাইলৰ স্কীণত,,মৰম লাগে তোমাৰ ভাললগাখিনি,মৰম লাগে তোমাৰ কাজলসনা চকুজুৰি, তোমাৰ অপেক্ষাত পাৰ কৰা প্ৰতিটো দিনেই এটি এটি কবিতা হৈ উৰি ফুৰিছিল মোৰ চাৰিওফালে, আকাশৰ জোন,তৰা, খিৰিকীৰ কাষৰ বতাহজাক সকলোতে কেৱল তুমি আছিলা মোৰ বাবে এক আধৰুৱা অনুভূতি হৈ,,আজি সেই জোন,তৰাবোৰো হয়তো সাৰে আছে সূদীৰ্ঘ কেইবাবছৰৰ মূৰত,,আজি হয়তো মোৰ ফাগুনৰ বতাহজাকো শীতল হৈ পৰিছে,,জোনাকবোৰেও পোহৰ বিলাইছে.... কিয় জানা ?
আজি যে তুমি মোৰ কাষতে আছা,,মোৰ ভালপোৱাৰ , অপেক্ষাৰ দিনবোৰো আজি নতুন ৰুপ ল'লে মাথো তোমাৰ সান্নিধ্যত,, আচলতে প্ৰেম এনেকুৱাই,,প্ৰকৃত অন্তৰেৰে হয়তো কাৰোবাৰ হৃদয়খনিৰ অপেক্ষা কৰিলে এদিন সেই মধূৰ ক্ষণবোৰো বৰষুণ এজাকৰ দৰে আকৌ উভতি আহে ,,,ঠিক তুমিও মোৰ বাবে আজি এজাক প্ৰেমৰ বৰষুণ হৈ ধৰা দিলা,, জোনাকৰ জোনাকীক সাক্ষী কৰি প্ৰতিশ্ৰুতি মাথো এটাই দিব বিছাৰিম ,....ভাল পাই যাম তোমাক আজীৱন এনেদৰেই,, নিস্বাৰ্থ মনে,পাগল প্ৰেমিকৰ দৰে ।

#Dipankar Bhagabati
@Don't copy/Copyright claim

*Funny Lines* BY Dipankar Bhagabati

Arrange Marriege ত বহা শান্ত শিষ্ট ল'ৰাকেইটা 😂

যেতিয়া ল'ৰা ঘৰৰ পৰা ছোৱালীজনীৰ ঘৰলৈ তাইক চাবলৈ যায়🤭 

▪️ল'ৰাৰ মাক : আমাৰ ল'ৰাতো ইমান অজলা,,জানেনে বিয়নী ইয়াক যে কিমান ক'লো বোলো লগৰ ছোৱালীবোৰক মাতিবি চোন,নাই অজলা তো ক'ৰবাৰ,,স্কুলীয়া দিনৰ পৰা লৈ কলেজীয়া দিনলৈকে এজনী ছোৱালীকো মাতি নেপালে ঘূৰা ফূৰাতো দূৰৰে কথা , একেবাৰে শান্ত শিষ্ট এইটো অকৰাতো ।

▪️মাকৰ কথা শুনি ল'ৰাই মনতে ভাবিছে😂
চাল্লা মই হে জানিছো ,,এদিনত ১০০ জনীক মাত লগোৱাৰ পিছতো কোনেও পাট্টা নিদিলে, কোনোবাই যদি প্ৰথমবাৰতে ব্লক , কোনোবাই আকৌ মেচেজত Hello বুলি এবাৰ লিখি ৰিপ্লাই য়ে নকৰিলে কাহানিও🤭🤭

বোলো কৃষ্ণ 😂😂😂
#Dipankar

.............................................   .............................

ধৈৰ্য কি ?
ভাইটি এটাৰ মাকে কৈছে বোপাই আমাৰ ল'ৰাতো দেখোন পঢ়াত একেবাৰে মন নবহে কিবা অলপ শিকাই দিবাচোন ধৈৰ্য তো আহিলে পঢ়িব পাৰিলে হেতেন ,

▪️মই বোলো ভাইটি এইফালে আহা , তোমাৰ অসুবিধা তো কোৱা ?
#ভাইটি : দাদা মোৰ মানে পঢ়িবলে মন যায় কিন্তু  পঢ়িবলৈ ধৈৰ্য তো নাহে,
▪️আচ্চা এটা কাম কৰা তুমি কেইদিনমান ৰজনীগন্ধা খোৱা কৰা ,, ধৈৰ্য কি বস্তু শিকি যাবা 😌
#ভাইটি : দাদা সেইটো কেনেকৈ ?
▪️২৫ টকা পেকেটৰ ৰজনীগন্ধা মুখত ভৰোৱা পিছত যেতিয়া কোনোবাই তোমাক মাত লগাব তেতিয়া ,,মুখৰ পৰা পেলাবলৈও মন যাব কিন্তু ২৫ টকাৰ কথা মনলৈ আহিলে তুমি পেলাবও নোৱাৰিবা,,
জৰদা,চাধাই মুখ #দাকি  শেষ কৰাৰ পিছতো যেতিয়া তুমি মুখত ভৰাই ৰাখি কথা পাতিবা,,সেইয়াই হৈছে ধৈৰ্য,, Good luck😌

Moral of the story : ডাক্তৰক যদি টেবুল ফেন ভাল কৰিবলৈ লগোৱা হয় কাহিনী এনেকুৱাই হ'ব 😝😝

বোলো কৃষ্ণ 😂😂

#Dipankar


...........................................................................
▪️ জমনি কবিতা

১// এক আছিল কৰুণা কান্ত
আহিছিল ফুৰি সকলো প্ৰান্ত,
নাকে মুখে সোমাই যদিও সি আকৌ বৰ শান্ত,
কেইটামান প্ৰাণীয়ে আকৌ 
তথাপিও ভাবি লয় 
আমাৰহে হেনো ধাৰণা ভ্ৰান্ত ।।

২// ৰ'দজাক এতিয়া কঠোৰ,
একেবাৰে মোৰ কলেজীয়া দিনৰ,
প্ৰেয়সীজনীৰ দৰেই, 
মাঘ বিহুত অভিমান কৰি সেকে,
আৰু বহাগত বুকুতে কপৌপাঁহি গুজি
যেতিয়াই পকেট খালী আনলৈ উৰা মাৰে,
আৰু শেসত হৃদয়খনিক একেবাৰেই
গলাই গলাই জ্বলাই জ্বলাই মাৰে ।
এতিয়া ৰ'দজাকৰ উত্তাপতো 
প্ৰেয়সীলৈকে হে মনত পৰে ।।

৩// পদ্য.কম

তুমি যদি কৰুণা হোৱা মইও হ'ম কঠাল,
তুমি যদি মৰমলগা মইও হ'ম খঙাল ।

তুমি যদি গৰম চাহ মইও কিন্তু পেপচি,
ঘৰতে বহি বহি নাখাবা,
হৈ যাবা কিন্তু থেপেচি ।

তুমি যদি গোলাপ হোৱা মইও পাঁহি ধতুৰাৰ ।
তুমি যদি ৰাণু মণ্ডল মইও হিমেচ ৰেচিয়াৰ ।।

তুমি যদি ডেৰি মিল্ক  মইও ৰজনী গন্ধাৰ,
তুমি যদি হেলিকপ্তাৰ মইও তম তম গাৱলীয়াৰ ।।

তুমি যদি OREO বিস্কুত মই হ'ব পিঠা
তুমি যদি চকলেট খোৱা মইও খাম চাধা ।।
তুমি যদি আলোচনী মই কবিতা 
তুমি যদি উপন্যাস মইয়ে কিন্তু লিখোতা ,🌛

@Dipankar Bhagabati

........................................x.................................

▪️পৰীক্ষাৰ বাবে সাজু ফালি দিম এইবোৰ

বহুবছৰ আড্ডা দিলোঁ, বহুত বদমাচি কৰিলোঁ আৰু নাই, এতিয়াৰ পৰা পঢ়িম..ফালি দিম এইবাৰ পৰীক্ষা,কিতাপখন হে পঢ়িব লাগে,,ধুই মই যদি পঢ়িলো হয় ইমানদিনে চাগৈ বিদেশত হে চাকৰি কৰি থাকিলো হেঁতেন ।

এইবাৰ দেখাই দিম বাপ্পেকে ,, 
▪️কিন্তু আজিচোন শনিবাৰ 😛
আজি পঢ়িলে আকৌ বেয়াই হ'ব নেকি কথাতো🤔
অহাকালিৰ পৰা পঢ়িম দে,,মোক এনেও বেছি সময় নালাগেই,সোনকালে বুজি পাওঁ,মায়ে টো কৈয়েই থাকে মোৰ মাথা আছে..কালি পঢ়িম ঠিক আছে আজি চিনেমা চাওঁ,,
▪️আজি দেওবাৰ ৰাতিপুৱা ৫ টাত সাৰ পাই উঠি পঢ়িব লৈছোঁ...আৰে আজি চোন বহুত সোনকালে উঠিলো মাত্ৰ ৫ টা বাজিছে,,মায়ে কৈছে পঢ়াতকৈ স্বাস্থ্য বেছি জৰুৰী... আৰু অকন শুইয়ে লওঁ..পঢ়ানো কি আৰু বহুত কম সময়ত মই বুজি পাই যাওঁ,১১ বজাত যেনে তেনে সাৰ পাই উঠি,আহহহ  মাংস ভাত খাব লাগিব... দেওবাৰে ঘৰত সোমাই আমনি লাগে ফুৰি আহো অলপ তাৰ পিছত পঢ়িম.....ৰাতি ভাগৰত পৰি🤣ধেই ইমান ভাগৰত পঢ়িও লাভ নাই স্বাস্থ্য বেছি জৰুৰী আৰু মনতো নাথাকিব ,,শুইয়ে থাকোঁ বাদ দে ঘণ্টা,, কালি পৰা পঢ়িম আৰু ,,এনেও সোমবাৰ টো শুভদিন ।
▪️আজি সোমবাৰ,,অ' আজি চোন মোৰ কলেজ আছে,,বাদ দে নাজাও । এদিন নগ'লে নো কি দাল হ'ব,,ঘৰতে পঢ়ি থাকিম আজি 😁বাপেক্কে,,,এইবাৰ এনেও পৰীক্ষা ফালি দিম ।
অলপ সময় পিছত......দিনত পঢ়িলে মনত নাথাকে মানে আচলতে মোৰ😛ৰাতিয়ে পঢ়িম নেকি, মনত থাকিব ,,,আচ্ছা নহ'লে এটা কাম কৰিম আজি দিনটো শুই লও ,,,উঠি গোটেই ৰাতি পঢ়িম .....ৰাতি ৪ টা Lesson খটম মুঠতে...ফালি দিম এইবাৰ ।
▪️ ৰাতি উঠি...আওও ইমান মজা লাগিল আজি বঢ়িয়া টোপনি গ'ল,,আজি‌ নহ'লে এটা কাম কৰোঁ ইউটিউবত South indian চিনেমা এখনকে চাওঁ...সময়খিনিও পাৰ হ'ব...কালি এটা কাম কৰিম,,কলেজৰ পৰা আহি গোটেইখিনি একেলগে পঢ়িম...আধা আধা পঢ়ি ভাল নালাগে ধেই😀😀 একেবাৰে গোটেইখিনি শেষ কৰি দিব পাৰিলে ভাল লাগে আৰু 😛............
এনেদৰে ভাবি ভাবিয়েই সময় গ'ল,,,পৰীক্ষা ৰুটিন দিলে,,
অহা আমুক তাৰিখৰ পৰা পৰীক্ষা ......
"অ বে মোৰ চোন একোৱেই পঢ়া নহ'ল"....
এহহহ টেনচন নট🤟🤟
মই সাংঘাটিক বস্তু,,এদিনত ৭ টা Lesson finish কৰি যাম পৰীক্ষাৰ আগত শেষ হৈ যাব,,,,,ঐ ধেৎ তেৰি মোৰ চোন একো Notes য়েই নাই ,,,,,একো নাই I HV A SOLUTION 😂😂😂
"হেল্ল দেউতা পান বজাৰৰ পৰা অমুক তমুক কিতাপ কেইখন লৈ আহিবাচোন,,নহয় মানে পৰীক্ষা বাবে অলপ বেছিকৈ পঢ়িব লাগিব"...

কিতাপ আহি পালে,,, পৃষ্ঠা ৫৬০ টা,,,😞😞😞
কলেজৰ ২০০ পৃষ্ঠাৰ কিতাপখনৰ ৫৬০ পৃষ্ঠা সমাধান যে,,ক'ৰ পৰা আৰম্ভ কৰোঁ এতিয়া,,,,ধেই চাল্লা মই আগতেই কৈছিলো পঢ় পঢ় নপহিলি,,,, বাৰু টেনচন নাই মেনেজ কৰি দিম....Total chapter 16 ...Total কেইদিন আছে 4 দিন,,,🕺🕺আবে এতিয়াও বহুত সময় আছে চোন ধেই মিছা মিছি টেনচন ল'লো..এদিনত 4 টাকৈ chapter শেষ কৰি যাম,,,মুঠতে এইবাৰ পৰীক্ষা জুই হ'ব জুই,,,,,, এনেদৰেই দিনবোৰ আজি পৰ্যন্ত...... কিন্তু সেই জুই পৰীক্ষা ভাগ আজিলৈকে নহ'ল গৈ,,, আৰু সেই কিতাপ কিনি পঢ়া দিনটোও আজি লৈ নাহিল,,, কিন্তু Time Management এতিয়াও অব্যাহত,,,চলিয়েই আছে ।

আশাকৰোঁ প্ৰত্যেকগৰাকী এলেহুৱা,নিথল্লা কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে আজিও এই দিনটোৰ অপেক্ষা কৰি আছে,, পৰীক্ষা ফালি দিম দিম কৈ কিন্তু তেনেদৰেই Degree শেষ হ'বই হ'ল....এইবাৰ Last Sem ফালি দিম কিন্তু ন 😂😂😂😂


কেনেদৰে এটি কবিতাৰ সৃষ্টি হয়_Dipankar Bhagabati

১/ অব্যক্ত কথাবোৰক কাল্পনিক উপলব্ধিৰ মাজেৰে কাগজ কলমৰ দ্বাৰা সজাই তোলা এক শিল্পভাবনাই হ'ল কবিতা , হৃদয়স্পৰ্শী সৰু সৰু ভাললগাবোৰক লৈ আৰু কাল্পনিক চৰিত্ৰৰ মাজত নিজকে সন্ধান কৰিবলৈ গৈ অনুভৱৰ বুকুত ছন্দৰ সমাহাৰে কাগজৰ বুকুত কলমেৰে লিখি ৰখা সেই সৰল শব্দবোৰৰ মাজেৰেই এটি কবিতাৰ সৃষ্টি হয় ।

~Dipankar Bhagabati

২/ সৃষ্টিৰ প্ৰহৰে প্ৰহৰে
নদীৰ লহৰে লহৰে
হৃদয় স্পন্দিত
অনুভৱ,অনুভুতি,অনুৰাগৰে
সৃষ্টি হয় শব্দৰ বুলনি,
শব্দৰ মালা গাঁথি কল্পনাৰ পৃথিবীত
দিওঁ ছতিয়াই-------
হৃদয় অনুৰাগীয়ে লয় আঁকোৱালি
এইয়াই  কবিতাৰ সৃষ্টি।।

~Niva Borah Boruah

৩/ কল্পনা ৰহন সানি
সুখ দুখবোৰ, আবেগ অনুভৱ 
কিছুমান জীয়া ছবি শব্দ অনুপমা
সংগযোগ কৰি কবিতা ৰচনা হয়।
পৃথিৱীৰ সৌন্দৰ্য্য অপৰিসীম। শব্দ বিন্যাসেৰে সজাই সকলো জড় অজড় ওপৰত কবিতা এটা সৃষ্টি। প্ৰেম ভালপোৱা আৰু সকলো ইতিহাসৰ তত্ত্বগধুৰ চিন্তাশীল লেখাৰ মাজেৰে প্ৰকাশ কৰিব বিচৰাটোৱ সপোন ৰঙীন কবিতা ৰচনা। পাঠকৰ মনৰ ভালপোৱা কথাবোৰ ব্যক্ত কৰি মনোগ্ৰাহী কৰি তুলিব পাৰিলে কবিতাই প্ৰাণ পাই।

~Barnali Patgari Gohain

৪/ কবিতা নাজানো কেতিয়া আৰু কেনেকৈ আহিছিল  শীতৰ বুকুৰ পৰানে নদীৰ পৰা।
নে একুৰা জুইৰ পৰা
নাজানো মই।
কিন্তু মোক মাতি নিছিল বাটৰ পৰা যিদিনা তোমালৈ মনত পেলাই গৈ আছিলোঁ হেৰুৱা অতীত বিচাৰি।
য'ত মোৰ নাছিল কোনো সুখ । এতিয়া মোক স্পৰ্শ কৰিছে কবিতাই য'ত ভৰি পৰিছে মোৰ সুখ কেৱল সুখ।।

~Pronoti Gohain

৫/ নিৰলাত  সোৱঁৰা হিয়াৰ আবেগ-অনুভূতি আপোনা আপোনি পাৰ ভাঙি বাগৰি অহা  ঢলেই হ'ল কবিতা ,  কবি হৃদয়ৰ কল্পনা প্ৰতিভাৰ  অভিব্যক্তি আৰু সেই কল্পনাৰ ৰহণেৰে হেঙুল হাইতাল বোলাই চিন্তা আৰু অভিজ্ঞতাৰ শব্দৰ মালাৰে  স্বতন্ত্ৰ ৰূপেৰে ৰূপ লয় এটি কবিতাই ।

~Hiruma Saikia 

৬/ বৰষুণৰ সৰা টোপাল হৈ
মোৰ এই উদং চোতালখনিত
মাথো এবাৰ আহি চুমি
      যাবানে?
তুমি অহাত প্রান পায় উঠিব মোৰ এই শুকান চোতালখনি
        আৰু 
সোৱাৰাই দিব মোক
এই বৰুষুনৰ সৰু সৰু টোপালবোৰে  মাথো 
 প্রেমৰ কবিতা ৰচিবলে।।

~Rim Rajbongshi

৭/ নিসংগতা যেতিয়া সংগী হয় ভাৱনাৰ কোৱাল ঢৌবোৰে মনত বৰকৈ খুন্দিয়াই
অনুভৱৰ শব্দৰ মালিতা বোৰে লানিনিচিঙা হয় ৷হৃদয়ৰ কোহেঁকোহেঁ শব্দবোৰে যেন চিৎকাৰ কৰে কবিতাৰ সৃষ্টি হবলৈ
 এখন বিশাল সৰগ ৰচিবলৈ
অগনন তৰা জিলিকাবলৈ ৷

~padmini Rajbongshi

৮/ কবিৰ হৃদয়ত অনুভূতিৰ পৰিসৰে সীমা অতিক্ৰম কৰি কবিৰ কল্পনা আৰু আবেগৰ ঢলে ভাৱ সম্বলিত হৈ ছন্দোৱদ্ধ ৰীতিত আপোনা আপুনি পাৰ বাগৰি প্ৰকাশ কৰাৰ পৰাই কবিতা সৃষ্টি হয় ৷কবিৰ হৃদয়ত তোলপাৰ লগোৱা অনুভৱে  ভাৱ প্ৰকাশক  শিল্পীত ছন্দৰীতিৰে লয় যতি , ছেদ , ধ্বনি সুষমা সম্বলিত শব্দপুুঞ্জই অৰ্থ  প্ৰকাশ কৰি  পাঠকৰ অন্তৰ জয়  কৰিব পাৰে ৷এয়াই কবিতা ৷

~Ranu Bordoloi

৯/ জীৱনৰ হাঁহি,  কান্দোন,  ভাললগা , বেয়া  লগাবোৰ থুপ খুৱাই  হৃদয়ৰ  সচাঁ  অনুভূতি  বোৰ  কলমৰ আগেৰে নিগৰি আহি সৃষ্টি  হোৱা  শব্দৰ  মালাধাৰিয়েই  হ'ল ---কবিতা  
য'ত কল্পনাৰ  ৰহণবোৰ  লগ  হৈ সোণত সুৱগা চৰায় । এয়াই হ'ল  কবিতা ।
~Rubi Devi

সুখৰ সংজ্ঞা কি ?

📌 সুখ হ'ল নিজৰ অন্তৰৰ এখন ফুলনি। প্ৰতিখন অন্তৰে বিচৰা অনুভৱ,অনুভুতি আৰু অনুৰাগবোৰ হ'ল একো একোজোপা ফুলৰ গছ। এজোপা ফুলগছক যেনেদৰে আমি আপদাল কৰি সজিৱ কৰি ৰাখো ঠিক আমাৰ মনৰ অনুভৱ অনুভুতিআৰু অনুৰাগক যদি আমি নিজেই মৰ্যাদা দিওঁ সুখ আহি  আপোনাৰ অন্তৰত নিজে থিতাপি ল'ব। সেয়ে সুখ বিচাৰি ফুৰা বস্তু নহয়। সুখ হ'ল মনৰ অনুভৱ,অনুভুতি। 

#Niva_Borah_Boruah

📌 পাখি মেলি উৰিব বিচাৰোঁ আমি  মুকলি মনে,আকাশৰ বুকুত নিশা তৰা গণো, শৈশৱ, কৈশোৰত বিভিন্ন উৎস সন্ধান কৰোঁ কিয় কাৰণ আমি সুখী হ'ব বিচাৰোঁ,,সময় সাপেক্ষে আমাৰ বাবে সুখৰ সংজ্ঞাবোৰো বেলেগ বেলেগ,কল্পনাৰ সাগৰত সপোন ৰচোঁ, প্ৰত্যেকদিনাই নতুন সপোন নতুন আশা ,, কেতিয়াবা যদি নিৰাশা আৰু কেতিয়াবা আশাৰ ৰেঙনী, আচলতে আমি সকলো কাম কৰাৰ আৰঁত এটাই লক্ষ্য নিহিত হৈ থাকে,, আমি সুখী হ'বলৈ বিচাৰোঁ.. ইয়াৰ কোনো সংজ্ঞা নাই এক জীৱন্ত অনুভৱ,,যি আছে যি পাইছোঁ তাতেই যদি আমি সন্তুষ্ট হ'ব পাৰিছোঁ তেতিয়াই আমি সুখী,,আচলতে সুখী হ'বলৈ আমাক বিভিন্ন উপাদানৰ,কাৰণৰ প্ৰয়োজন নাই লাগে মাথোঁ উপলব্ধি, অনুভৱী মন এটা,, মনটোক যদি আমি বুজাব পাৰোঁ ,আমি সৰু সৰু বস্তুতেই সুখী হ'ব পাৰিম ,,,ই এক হৃদয়ৰ অনুভৱ কিম্বা অনুভূতি যাক সংজ্ঞাৰে বুজোৱাটো কঠিন ।

#দিপাংকৰ_ভাগৱতী








📌 সুখ--সুখ বিচাৰিব জানিলে নিজৰ মাজতেই পায় ,আৰু বিচাৰিব নেজানিলে গোটেই পৃথিৱী চলাথ কৰিলেও বিচাৰি নেপায় ৷মানুহৰ জীৱনত দুখৰ মাজতেই লুকাই থাকে সুখৰ অনুভূতি ৷ সুখ/ দুখৰ  ওজন যদি জোখা হয় তেনেহলে দুখৰ ওজন সদায় বেছি ৷
সুখ মানে হল জীৱনৰ সন্তুষ্টি৷ যিজনে নিজৰ দৈনন্দিন জীৱনক লৈ আত্মসন্তুষ্টি তেওঁ সচাকৈয়ে সুখী ৷যিজন ইয়াৰ বৈপৰীত্য প্ৰকাশ কৰে সেইজন অসুখী ৷সুখৰ সংজ্ঞা বিভিন্ন জনৰ বাবে বিভিন্ন ধৰনে  প্ৰকাশ হয় ৷এজন  ধনীমানুহে বিলাসিতাৰ জীৱনত সুখ বিচাৰি পায় আনহাতে এজন ভিক্ষাৰীৰ বাবে এসাজ ভাত খোৱাতোৱেই সুখৰ কাৰণ হব পাৰে ৷সেয়ে সুখ বিচৰাতো মৰুভুমিত মৰিচীকা বিচৰাৰ দৰে ৷

#Ranu_Bordoloi

📌 সুখৰ সংজ্ঞা বিচাৰি দিহিঙে দিপাঙে
ঘূৰিলো ,কেতিয়াও সাগৰৰ পাৰত ,কেতিয়াবা অস্তমিত সুৰুজৰ বুকুত ,কেতিয়াবা জনসমুদ্ৰৰ মাজত .....অৱশেষত বুজিলো সুখ আমাৰ জীৱনৰ প্ৰতিটো খোজতই, ৰঙ পৰিলেই হয় ৰঙচুৱা।সুখ আমাৰ মনৰ উপলব্ধি যিয়েই মনৰ সন্তুষ্টি আনিব পাৰে ,সুখ আমাৰ হাতৰ মুঠিত।আনৰ লগত নিজকে তুলনা নকৰি নিজৰ কৰ্ম কৰি যোৱা,তাৰ ফল আশা নকৰিবা- যিয়ে দিব পাৰে অনাবিল সুখৰ বতাহ জাক ।।
         
#Hiruma_Saikia


📌  সুখ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ ৷সুখ জীৱনৰ এক গতিশীল অৱস্থা৷যি সময়ৰ প্ৰয়োজন আৰু দাবী,মানুহৰ জীৱনৰ বিভিন্ন অৱস্থা আৰু সমস্যা অনুসৰি পৰিৱৰ্তিত হ’ব পাৰে ৷সুখ ব্যক্তিৰ কল্পনা প্ৰসূত চিন্তাৰ পৰা উদ্ভুত ৷সুখে মানুহৰ জীৱনত আনন্দৰ খোৰাক জন্মায় ৷সুখৰ অবিহনে দুখ, দুখৰ অৱিহনে সুখ উপলব্ধি কৰাটো সম্ভৱ নহয়। সুখে দুখৰ দুখে সুখৰ উপলব্ধি কৰায় আৰু উমান দিয়ে ৷সুখ মানুহৰ জীয়াই থকাৰ প্ৰেৰণা ৷ই মানুহক আনন্দদায়ক কৰি তোলে ৷সুখৰ অভাৱত মানুহ হতাশ হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাই ৷জীৱনটো সুখ দুখৰ সংমিশ্ৰণ। আমাৰ মৃত্যুৰ সময়ত সুখ দুখৰ সৈতে জীৱন প্ৰক্ৰিয়াৰ গতিও স্তব্ধ হৈ পৰে ৷

#Ranjuma_Rahman

📌 জীবনত সুখৰ সংজ্ঞা হিচাপ কৰি আজিলৈকে থমকি হে ৰলো কেবল! 
পাখি ভঙা চৰাইৰ নিচিনা মোৰ সুখৰ জীবন, 
আজিলৈ ২৮ বছৰ পাৰ কৰিলো জীবনৰ  সুখৰ বাট বিচাৰি, 
কত আ বিচাৰি এ নাপাও, ক্ৰমশঃ মই আজি ভাগৰি পৰিছো, 
চৌপাশ মাথো কেৱল অন্ধকাৰ
 আছে নে কি বাৰু কাৰোবাৰ 
  ওচৰত 
জীৱনৰ সুখৰ সংজ্ঞাৰ প্রকৃত হিচাপ ।
                  
#Rim_Rajbongshi

📌 সুখ প্ৰত্যেক মানুহৰ হাতৰ মুঠিতে থাকে। যিখিনি পোৱা যায় তাতেই সন্তুষ্টি লাভ কৰিব পাৰিলে সুখী হব পাৰি। সীমাহীন আশা আকাঙ্ক্ষা ৰ পিছত দৌৰি থাকিলে সুখ উপলব্ধি কৰিব পৰা নেযায়। অৱশ্যে প্ৰত্যেক ৰে কাৰণে সুখৰ সংজ্ঞা বেলেগ বেলেগ। অধ্যয়ণশীল মানুহে অধ্যয়ন কৰি সুখ অনুভব কৰে। অতি ধনী ব্যক্তি সকলে ধন-দৌলত টকা পইচাৰ পিছত ঘুৰিয়ে সুখ অনুভব কৰে। দুখীয়া দৰিদ্ৰ সকলে ভালকৈ এসাজ খাব পালেসুখ অনুভব কৰে। সুখ দুঃখ তুলনামূলক দুখ নাথাকিলে সুখৰ অনুভুতি নহয়। প্ৰকৃত মানৱ ধৰ্ম পালন কৰি মানৱীয় গুণৰ অধিকাৰী হৈ সমাজত বা দেশৰ কাৰণে কিছু ত্যাগ স্বীকাৰ কৰিব পাৰিলে সুখী হব পাৰি।

#Kalyani_Devi

📌  সুখবোৰ হৈছে স্বৰ্গীয়! কোৱা শুনিছোঁ বিচাৰিব জানিলে বোলে সকলোতে সুখ, নাজানিলে বোলে সকলোতে দুখ। যি কি নহওঁক, পৃথিৱীৰ সকলো মায়াৰে উৰ্দ্ধত সুখ। ধৰি ৰাখিব নোৱাৰি, হাঁহি হৈ নিগৰি যায়... আৰু যেতিয়া এই স্বৰ্গীয় অনুভূতিবোৰ অধিক হৈ যায়, তেতিয়া মানুহৰ লোভ-মোহ-ক্ৰোধ-মায়াৰ পাশেৰে বন্দী সীমিত শৰীৰটোৰ বাবে ই হৈ পৰে অপ্রকাশ্য,অসহনীয়। আৰু হয়তো তেতিয়াই ই চকুলোৰ সহায় লয়। চকুলোৰ লগত চকুৰ পৰা পৰা তৰাটো হৈ বৈ আহে! যাক কেৱল দেখিলেহে অনুভৱ কৰিব পাৰি, ভাষাৰে বৰ্ণাব নোৱাৰি! হয়তো এইয়াই হয়তো সুখ, স্বৰ্গীয় সুখ!

#Sukanya_Bora

📌 এক কথাত কবলৈ গ'লে ,আত্ম সন্তুষ্টিতেই সুখ অনুভৱ কৰিব পাৰি । কাৰোবাক উপকাৰ কৰিবৰ সামৰ্থ্য নাথাকিলেও অপকাৰ নকৰাকৈ থাকিলে মন ফৰকাল হয় , তেনেকৈ সুখানুভৱ হয় । আনৰ দোষ বাদ দি গুণ বোৰ চাব জানিলে ও সুখ নিজে নিজে ওচৰ চাপে । পাৰ্থিৱ সুখতকৈ আত্মিক সুখহে প্ৰকৃত সুখ ,ধনে জনে উভৈনদী লোক এজনৰ তুলনাত ফটা ছিটা  কাপোৰ পিন্ধা দুখীয়া লোকজনো সুখী হ'ব পাৰে , যদিহে তেওঁৰ অন্তৰত কলুষতা নাথাকে । 
       নিজে ভাল পোৱা কাম কৰি, লগতে সমাজৰ  উন্নতিৰ হকে কাম কৰিব পাৰিলে সুখে এৰা নিদিয়ে ।
        আনক হহুৱাই নিজেও হাঁহি থাকিব পৰা জনৰ সুখ উপচি পৰে ।

#Pramila_chakravarty

📌 প্ৰকৃত সুখী মানুহ যিজন
নিজৰ সুখৰ মহিমাৰে
সমাজৰ উপকাৰ কৰে সাধন।
হ'ব পাৰে সুখৰ সংজ্ঞা
যশ খ্যাতি ঐশ্বয্য বিভুতি
কাম্যবস্ত বিচৰামতে পোৱা।
তথাপিও ভাবো মই
সুন্দৰৰ মহত্বতাৰ বিচিত্ৰতাই
আকৰ্ষনীয় কৰি তুলিব পাৰে
জীৱনক নতুনকৈ সজাই পৰাই।
নিজেই নিজক যেতিয়া পাব ভাল
তেতিয়াও সুখী হ'য়,
উৎসাহ উদ্দীপনাৰে মন।
নানা সমস্যাই জীৱনক
ধৰে যদি আগভেটি
সন্মান সুচকতাৰে কৰিব পাৰে যিয়ে
হাঁহিমুখে আনৰ দোষ গুণ মোচন
সেইবোৰে হ'য় সুখৰ সংজ্ঞাৰ উপদান।

#Binta_Bordoloi

📌 সুখৰ সংজ্ঞা  সকলোৰে বাবে বেলেগ বেলেগ। তিনিকুৰি বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰা শিকিছো সময় ভেদে বয়স  ভেদে পৰিস্থিতি ভেদে মানুহৰ সুখৰ সংজ্ঞা সলনি হয়।মাক-দেউতাকে নিজৰ সন্তানৰ  সুখেই নিজৰ সুখ বুলি ভাবে এটা সময়ত।  এটা কথা ঠিক যে সন্তুষ্টিয়ে সুখ। সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য কৰি যাব লাগিব। ভগৱানে যিখিনি দিছে তাকে লৈ আৰু তাৰ মাজৰ পৰাই সুখৰ উৎস বিচাৰি আত্ম সন্তুষ্টি লাভ কৰিব পাৰিলেই সুখত থাকিব পাৰি।সকলোতকৈ সুখৰ উৎস হ'ল পৰোপকাৰ। আনৰ বাবে কিবা অলপ কৰিব পাৰিলে এক বিমল আনন্দ পোৱা যায়।

#Lily_Goswami_Devi

অনুভৱৰ এজাক বৰষুণত আধৰুৱা হৈ ৰোৱা এটি অধ্যায়

১//
সেইদিনা ১৫ মাৰ্চ দেওবাৰ,আনদিনাৰ দৰে সেইদিনাও সেই মৰমলগা ছোৱালীজনী কৃষ্ণচূড়া জোপাৰ তলতেই ৰৈ আছিল,তাইক প্ৰায়েই সন্ধিয়া পৰত দেখা পাওঁ, নাজানো তাইৰ বুকুৰ ভিতৰৰ বিশাল পৃথিৱীখনে কাৰ অপেক্ষা কৰি সদায় সেই দীঘল পথটিৰ কাষত সন্ধিয়া টোৰ কিছুসময় পাৰ কৰে।তাইৰ গহীন মুখখনিৰ ‍আঁৰত যেন এক ব্যাকুলতা ,মনতো যেন তাইৰ অস্থিৰ কিছুদিনৰ পৰা , যোৱা দুই মাহৰ পৰাই তাইক সদায়েই সন্ধিয়া কৃষ্ণচূড়াজোপা তলতেই দেখা পাই আহিছোঁ,কাৰ বাবে জানো ?.... অপেক্ষা কৰি থাকে , ঘণ্টাৰ পিছত ঘণ্টা,তাইৰ বাৰু ভাগৰ,আমনি একেবাৰেই নালাগে নেকি(নিজকে প্ৰশ্ন কৰো বাৰে বাৰে) ....!
প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই সাক্ষী যে, যেতিয়া জীৱনত এটা বস্তুক বাৰে বাৰে দেখি থকা হয়,তাৰ গভীৰতাৰ উমান ল'বলৈ গৈ সেই বস্তুটোৰ অথবা কাৰকটোক কিছু ক্ষেত্ৰত ভাললগা হৈ পৰে ।...ঠিক মোৰো হয়তো তাইৰ বাবে যেন আকৰ্ষণ আহি পৰিব ধৰিছে....তাইৰ মুখখনৰ কোমলতা আৰু তাইৰ সেই উদাসীন মনটোৰ ভিতৰৰ কথাবোৰক এটি এটিকৈ বিচাৰি পঢ়ি পেলাবলৈ মন যায়.....,...ৰ'দ, বৰষুণ তাইৰ বাবে যেন এইবোৰ কেতিয়াও বাধা হ'ব নোৱাৰে,,হয়তো কোনোবা আপোনজনৰ অপেক্ষাত তাই পাৰ কৰে তাইৰ সময়বোৰ,, তাইৰ সন্ধিয়াতো মৰহি থকা হাঁহিটোৰেই যেন সমাপ্তি ঘটে........

এতিয়া যে মই নিজেও নজনা হৈ পৰিছো তাইৰ ছবিখনে বাৰু বাৰে বাৰে কিয় মোক আমনি কৰা হৈছে,তাইৰ বিষাদখিনিক ভগাই ল'বৰ বাবে যেন আজি মই তাইৰ ৰহস্যবোৰক বিচাৰিম,তাইক গৈ কোনো ভয় নকৰাকৈয়ে সুধি পেলাম,
শুনাচোন,
তুমি বাৰু সদায়েই ইয়াত কাৰ বাবে অপেক্ষা কৰি ৰোৱা আৰু কিয় তোমাৰ মৰমলগা মুখখনিক সেমেকা ডালৰ দৰে মৰহি যাবলৈ দিয়া,কোৱাচোন ?
এহহ মইয়ো যে,হয়তো তাই ভাল নাপাবও পাৰে,যদি তাইৰ বিষাদবোৰক উপলুঙা কৰা বুলি ভাবি লয়...তেতিয়া,, এনেদৰেই,এইবোৰ কল্পনাৰ মাজত নিজকে ব্যস্ত কৰি ৰাখোতেই দেওবাৰৰ সন্ধিয়াটোও স্মৃতি হৈ হেৰাই গ'ল ।
  আজি বুধবাৰ, তিনিদিনৰ বিৰতিৰ পাছত আজি সন্ধিয়া সেই কৃষ্ণচূড়াৰ তলৰ অচিন পৃথিৱীত উমলি থকা চিনাকি মনটোৰ কোমলতাবোৰে মোক যেন মনত পেলাইছে,ঘৰৰ পৰা ওলাই তাইৰ মুখখনি চাবলৈ ধপলিয়াই পালোগৈ,
ঠিকেই আনদিনাৰ দৰে আজিও তাইৰ মুখখনি দুখেৰে সেমেকি পৰিছে,তাইক দেখিলে আজিকালি হৃদয়ৰ মাজত এটি চিনাকি সুৰে আমনি কৰা হৈছে,
হয়তো গিটাৰৰ অথবা সুৰীয়া বাঁহীৰ ধ্বন্নি.... আকাশৰ মেঘবোৰে যেন মোৰ অৱস্থাতো দেখি মিচিকিয়াই হাঁহি উঠিছে,এজাক যেন কিনকিনীয়া বৰষুণ আহিব খুজিও থমকি ৰৈছে,,,,বাৰে বাৰে........
ইমান বছৰে মোৰ সন্ধিয়াটোৰ সময়খিনি এডাল গল্ডফ্লেগৰ ধোৱাৰ মাজেৰেই পাৰ হৈ আহিছিল, কিন্তু আজি মোৰ ভয় লাগিব ধৰিছে, জীৱনটোৰ প্ৰকৃত মূল্য তেতিয়াহে অনুভৱ কৰা যায়, যেতিয়া জীৱনৰ সুখবোৰক আৰু সুখৰ সংজ্ঞাবোৰক বিচাৰি পোৱা যায় । মই বাৰু ইমানদিনে সময়বোৰ এটি জীৱন্ত স্তম্ভ হৈয়ে পাৰ কৰিছিলোঁ নেকি,আজি তাইৰ বিষাদখিনিক বিচাৰি উলিওৱাৰ সন্ধানত হয়তো নিজকে বুজিবলৈ, শিকিবলৈ  ধৰিছো,,
তাইৰ বিষাদভৰা মনটোৰ আৰু তাইৰ ষেতাপৰা মুখখনিৰ হেৰাই যোৱা সুখবোৰৰ তুলনাত মোৰ চিগাৰেটৰ প্ৰতি থকা আসক্তিবোৰৰ একেবাৰেই মূল্য নাই, মই বুজি উঠিছো.....,তাইৰ নামটো জানিবলৈ আজি বৰকৈ মন গৈছে ,তাইৰ বাৰু.......নামটো কি হ'ব পাৰে....?

২//
আজি তাইক এবাৰ মাত লগাবলৈ বৰকৈ মন গৈছে,,ছেহঃ কি কৰা যায়☺️☺️,
চিগাৰেটৰ গোন্ধবোৰৰ সৈতে তাইক বাৰু কেনেকৈ শুধিম🥺,মাত লগাবলৈও মোৰ আজি ভয় লাগিছে,তাই আৰু মোৰ মাজৰ অনুভৱ,ভাললগাবোৰৰ মাজত যেন আজি এই অদৰকাৰী চিগাৰেট ডালে কিয় ইমানকৈ বাধা হৈ পৰিল,ছেহঃ অহাকালি তাইক শুধিমহি 
আজিলৈ থাকক আৰু😔😔😔,
   আজি বৃহস্পতিবাৰ তাইৰ নামতো আজি শুধিব লাগিব🥰,শূণ্যতাই ধুকি নোপোৱা তাইৰ বিশাল মনটোৰ আঁৰৰ বিষাদেই নে অপেক্ষাৰ কাৰনটো জানিবলৈ চেষ্টা কৰিম, ৰাতিপুৱাৰে পৰা মনটো এক বুজাব নোৱাৰা চঞ্চলতাৰ মাজেৰে পাৰ হৈ আছে,যোৱাকালি ওৰে ৰাতি অন্ধকাৰ কোঠাটোৰ ভিতৰত সোমাই নিজেই নিজৰ লগতে কথাপাতি পাৰ কৰিলোঁ,তাইৰ নামটো বাৰু কি হ'ব পাৰে🤔,,,,, শেৱালি🌼 ,, নাই নহয় নীলনয়না🌸,,,,হেই মইয়ো যে !
তাইৰ নামটো হয়তো সুন্দৰ এটি কবিতাৰ শিৰোনামাৰ দৰেই হ'ব🌹,হয়তো তপন দাই আবৃত্তি কৰি যোৱা সন্দিকৈ কলেজৰ সাগৰিকাৰ দৰে অথবা জুবিনদাৰ কণ্ঠত মায়া অথবা ৰুণজুনৰ দৰে কাল্পনিক সৌন্দৰ্য্যতাৰে ভৰা হ'ব,তাইৰ মুখৰ বিষাদখিনিক যদি আতৰাই কল্পনা কৰা যায়,হয়তো তাইৰ হাঁহিটোও বৰ মৰমলগাই হ'ব ♥️♥️,হয়তো চোতালৰ কাষৰ বাগিছাখনিত সদাই নাচি থকা পখিলাজনীৰ দৰে অথবা ফুলৰ ৰস চুহি ঘৰলৈ ওভতা মৌ-মাখিজনীৰ দৰে,তাইক কিন্তু মোৰ বৰ ভাল লাগে,,তাইক এবাৰ হাঁহি থকা সময়ত চাবলৈ বৰকৈ মন যায়, তুমি বিচাৰিলে হয়তো এইয়া মোৰ স্বাৰ্থপৰী মনোভাৱ বুলিও ক'ব পাৰা, তথাপিও কিন্তু তাইৰ মুখৰ হাঁহিটোক পুনৰ ঘূৰাই অনাৰ ইচ্ছাবোৰে সচাকৈয়ে মোক আমনি কৰি থকা হৈছে......
আজি আকাশখনৰো হয়তো ঠেঁহ লাগি মনটো একেবাৰেই বেয়া........

আবেলিৰে পৰা ডাৱৰবোৰৰ আৰঁত যেন নীলাবোৰ লাহেকৈ হেৰাই পৰিছে,ঠিক হয়তো তোমাৰ বিষাদখিনিৰে হাঁহিবোৰক ঢাকি ৰখাৰ দৰেই,,,,
এজাক বৰষুণ হয়তো আজি আহিব যেন লাগিছে,
ছেহঃ আজিহে বাৰু বৰষুণজাকে আমনি কৰিবলৈ পালেনে,তাইক আজি মাত লগোৱাৰ কথাওঁ আছিল,,,,
ছেহঃ.... কেতিয়াবা বিধিয়ে সহাৰি দিলেও যেন বিধাতাই দিব নিবিচাৰে ।😔😔

বৰষুণজাকো আহিলেইড়,,,,,,,,কিন কিনাই সিহঁতি বৰ ৰং চাইছে,......এটা গুলপীয়া ৰঙৰ ছাটিৰ আৰঁত মৰমলগা ছোৱালীজনী আজিও থিয় দি মন মাৰি আছে,সচাঁকৈ,......
তাইৰ মুখখনি ছাটিৰ আৰঁতো বেছিকৈয়ে মৰমলাগে,যেন কোনোবা সৰগৰ উৰণীয়া অপ্সৰাহে তাই......এজনী যেন চঞ্চল উৰণীয়া পখিলা ,তাইৰ বিষাদখিনিৰ আঁৰত লুকাই ফুৰিছে,
মোৰ কিন্তু আজি বৰকৈ খঙ উঠিছে,সেই গুলপীয়া ৰঙৰ ছাটিটোৱে আজি তোমাক ঢাকি ৰাখিছে আৰু মোক লৈ যেন বাৰে বাৰে মিচিকিয়াই উঠিছে,সচাকৈ তুমি মোৰ বাবে যেন এক আবেগভৰা ভাললগা এটি অধ্যায়,আনদিনা এনেদৰে বৰষুণজাক আহিলে চিগাৰেটৰ ধোৱাবোৰতে নিজক ব্যস্ত কৰি ৰাখো আৰু আজি তোমাৰ মুখখনৰ ভাললগাবোৰৰ তুলনাত চিগাৰেটৰ কথাও মনলৈ নহা হ'ল 🤗,,,,,,বৰষুণজাকো ডাঙৰকৈয়ে আহিল ! তুমি ছাটিৰ আৰঁত মুখখন ঢাকি হঠাতেই নোহোৱা হৈ গ'লা,🥺🥺🥺
পাছফালৰ পৰা তোমাক মাত লগাম বুলিও থমকি ৰ'লো ,ভাবিছিলোঁ কালৈ টো আকৌ লগ পামেই , কালি কথা পাতিম ।
কিন্তু আজি ১ বছৰেই পাৰ হৈ গ'ল

৩//
আজিও তোমাক দেখা শেষ দিনটোৰ কথা মনত পেলাও‌ঁ,হঠাতে তুমি আতৰি গ'লা, চিনাকি হ'বলৈ সুবিধাখিনিও দি নগ'লা,ক'ৰ পৰা আহিছিলা আৰু হঠাতেই ক'লৈ গুচি গ'লা জানিবলৈও নিদিলা, তোমাক মাতএষাৰ লগোৱাৰ কথা ভাবি পাৰ কৰা নিশাবোৰ আৰু কৃষ্ণচূড়া তলৰ সময়বোৰে এতিয়াওঁ মোক আমনি কৰে, ঠিকেই মই ভবাৰ দৰেই তুমি এজনী উৰণীয়া চঞ্চল পখীলা, হঠাৎ উৰি আহি মোৰ হৃদয়ৰ বাগিছাখনিক শুনি কৰি হঠাতেই নোহোৱা হৈ গ'লা,
এটা কথা জানা ?
মই কিন্তু তোমাৰ স্মৃতিবোৰকে লগত লৈ পাৰ কৰি আছোঁ দিন-মাহ, ঋতুবোৰে , চিগাৰেট ডালকো খাবলৈ এৰা বছৰেই পাৰ হ'ল,এইবোৰৰ প্ৰতি এতিয়া মোৰ প্ৰেম নাই, কাৰণ মোৰ প্ৰেম কেৱল তোমাক আৰু তোমাৰ স্মৃতিবোৰক লৈ , প্ৰাপ্তিয়ে প্ৰেম নহয়, কাৰোবাৰ অপেক্ষাত পাৰ কৰা ঋতু, বসন্ত,শৰৎবোৰো হৈছে এটি এটি প্ৰেমৰ ঠিকনা,
তথাপিও হৃদয়খনে মানিব নিবিচাৰে,সদায় আবেলি নতুন আশা এটি লৈ পুনৰ সেই কৃষ্ণচূড়াৰ তলত তোমাৰ স্মৃতিবোৰক সোৱৰাওঁ আৰু অপেক্ষা কৰি ৰওঁ এখন সেউজীয়া হৃদয়ৰ, বৰষুণজাক আহিলেও এতিয়া দুবাহু মেলি আকাশখনলৈ চাওঁ আৰু হৃদয়ৰ স্পদনবোৰক স্পৰ্শ কৰিবলৈ মেলি দিওঁ, তোমাৰ স্মৃতিবোৰক বৰষুণৰ টোপালবোৰতে অনুভৱ কৰোঁ টিটি ৰওঁ ঘণ্টাৰ পাছত ঘণ্টা , তুমি ক'ত আছা নাজানো, কিন্তু এটা কথা জানো এই বৰষুণজাকেই হয়তো এদিন,আমাক চিনাকি কৰাব,

একেখন আকাশৰ তলৰে আমি দুটি পখী তুমি এঠাইত আৰু মই এঠাইত হয়তো এই আৱতৰীয়া বৰষুণজাকেই এদিন মোৰ বতৰাবোৰক নি তোমাৰ চোতালত টোপাল হৈ সৰাব , এইবাৰ কিন্তু ছাটিটোৰ আৰঁত মুখখন ধাকি নিদিবা,টোপাল সদৃশ মোৰ হৃদয়ৰ বতৰাখিনিয়ে বৰকৈ কষ্ট পাব ।



INDIAN CASTE SYSTEM

উত্তৰ বিহীন প্ৰশ্ন
।  কিয় ?
.....For how long can love be dominated in the name of caste and religion? ... When will society take a step to finish off these evils? ... you read? Recommend or share it ahead.😔😔😒😒😒

সকলো ল’ৰা ছোৱালীয়ে নিজৰ জন্মদ্ৰাএী মাক আৰু পিতৃক সচাঁ অন্তৰেৰে ভাল পায় কিন্তু বিয়াৰ বয়স হোৱাৰ লগে লগে কিয় মাক-দেউতাকে ভাৱি লয় যে বিয়াৰ পিছত আমাৰ নিজৰ লৰা ছোৱালীবোৰ আমাৰ পৰা আতৰি যাব আমাৰ মৰমবোৰ পাহৰি পেলাব।

৬,৭ বছৰ ভালপোৱা  প্ৰেমিকাজনীয়ে নিজৰ প্ৰেমিকজনক আৰু প্ৰতিজন প্ৰেমিকে নিজৰ সকলোতকৈ ভাল পোৱা, মৰম কৰা প্ৰেমিকাজনীক,নিজৰ হৃদয়ৰ আপোন লগৰীজনীক কেৱল মাক দেউতাকহতঁৰ অলপমান  জেদ আৰু ইচ্ছাৰ বাবে এৰিবলৈ বাধ্য হৈ পৰে, নিজৰ প্ৰেমৰ চিটা নিজেই দহন কৰে আৰু বহুতে আত্মহত্যাৰ পথো বাচি ল’বলৈ বাধ্য হয়,মাক দেউতাক অলপ সুখত ৰাখিবলৈ যথোপযুক্ত ভাৱে প্ৰয়াস কৰাৰ পিছতো কিয় পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ সুখ-খিনিৰ বাবে সামান্য cast আৰু religion ৰ জেদ খিনি এৰি নিদিয়ে;কিয় দুজন Hindu প্ৰেমিক-প্ৰেমিকাই cast ৰ বাবে একলগ হ’ব নোৱাৰে,

কিয়. ?

🖋দিপাংকৰ ভাগৱতী

পদ্য.Com

😛😛😛😛😛😛

১// এক আছিল কৰুণা কান্ত
আহিছিল ফুৰি সকলো প্ৰান্ত,
নাকে মুখে সোমাই যদিও সি আকৌ বৰ শান্ত,
কেইটামান প্ৰাণীয়ে আকৌ
তথাপিও ভাবি লয়
আমাৰহে হেনো ধাৰণা ভ্ৰান্ত ।।

২// ৰ'দজাক এতিয়া কঠোৰ,
একেবাৰে মোৰ কলেজীয়া দিনৰ,
প্ৰেয়সীজনীৰ দৰেই,
মাঘ বিহুত অভিমান কৰি সেকে,
আৰু বহাগত বুকুতে কপৌপাঁহি গুজি
যেতিয়াই পকেট খালী আনলৈ উৰা মাৰে,
আৰু শেসত হৃদয়খনিক একেবাৰেই
গলাই গলাই জ্বলাই জ্বলাই মাৰে ।
এতিয়া ৰ'দজাকৰ উত্তাপতো
প্ৰেয়সীলৈকে হে মনত পৰে ।।

৩// পদ্য.কম

তুমি যদি কৰুণা হোৱা মইও হ'ম কঠাল,
তুমি যদি মৰমলগা মইও হ'ম খঙাল ।

তুমি যদি গৰম চাহ মইও কিন্তু পেপচি,
ঘৰতে বহি বহি নাখাবা,
হৈ যাবা কিন্তু থেপেচি ।

তুমি যদি গোলাপ হোৱা মইও পাঁহি ধতুৰাৰ ।
তুমি যদি ৰাণু মণ্ডল মইও হিমেচ ৰেচিয়াৰ ।।

তুমি যদি ডেৰি মিল্ক  মইও ৰজনী গন্ধাৰ,
তুমি যদি হেলিকপ্তাৰ মইও তম তম গাৱলীয়াৰ ।।

তুমি যদি OREO বিস্কুত মই হ'ব পিঠা
তুমি যদি চকলেট খোৱা মইও খাম চাধা ।।
তুমি যদি আলোচনী মই কবিতা
তুমি যদি উপন্যাস মইয়ে কিন্তু লিখোতা ,🌛


আকৌ এদিন তোমাৰ প্ৰেমত পৰিম (দ্বিতীয়)

                                  (১)

                      অনুভৱী কৰি তোলা,
               জোনাকৰ এজাক বৰষুণত,
        এজনী চঞ্চল পখিলাৰ প্ৰেমত পৰিম,
     সপোনৰ বুকুত তাইৰ ঠিকনাটিক বিচাৰিম,
                                 আৰু
                        শেৱালীৰ দৰেই
        তাইৰ নীলা দুচকুত সুবাস হৈ ফুলিম ।
                                           
~দিপাংকৰ ভাগৱতী
  

                                  (২)
           অনুভৱী জোনাকৰ বৰষুণজাকে,
             তোমাৰ কথাকে কলে পখিলী,
            দিবানে তোমাৰ বুকুৰ ঠিকনাটি,
          অলেখ ৰঙীন সপোন দেখি প্ৰানত 
     নিগৰিছে প্ৰেমৰ নিজৰা,তোমাৰ দুচকুৰ 
 নীলাত বিচাৰি সাগৰৰ গভীৰতা,প্ৰানৰ আকুলতা,
              মোৰ হৃদয় কাননত শেৱালীৰ
                      সুবাস অফুৰন্ত ।

  ~ বিনীতা বৰদলৈ
      
                               (৩)
               উৰি  গৈ  পৰিব  তোমাৰ 
         খিৰিকিৰ  ওচৰৰ বকুলজোপাত 
           কিচিৰ -মিচিৰ  শব্দত সাৰ পাই
                    জুমি  চাবা  তুমি---
                সাবটি  ল'বা  মৰমবোৰ 
              তোমাৰ  হিয়াৰ  এচুকত----।।

~  ৰুবী  দেৱী
                               (৪)

নিয়ৰৰ কণিকা হৈ ৰন্ধে ৰন্ধে সিচিম প্ৰিয়া প্ৰেমৰ কল্পনা
সপোনৰ দাপোনত ’তোমাৰ প্ৰতিছবি  অংকন কৰি হিয়াত
 অজীৱন প্ৰেমিকা মই ক্ষুধাতুৰ প্ৰেমৰ 
ভগ্ন হৃদয়ৰ  আহ্বান আদৰিবা তোমাৰ  শীতল আশাত,
প্ৰেমৰ পুজাৰীণি মই ওৰেটো জীৱন যৌৱনৰ ৷

~পদ্মিণী ৰাজবংশী
                                (৫)
             যৌৱনৰ অতৃপ্ত পৰিকল্পনা তুমি
                 হিয়াৰ এবুকু সপোন তুমি
  তুমি তুমি লগা সপোন বোৰ দিঠক হ'ব দিবানে ?
                  হৃদয়ৰ দুৱাৰদলিত মই 
           তোমাৰ অপেক্ষাতে ৰৈ আছো 
                  কৈ দিয়া তোমাৰ প্ৰেমৰ ঠিকনা 
           কৈ দিয়া তোমাৰ বাবে মই কোন ?

~গিৰিজা শৰ্মা





                               (৬)
উকা কাগজ খিলাত কিছু ৰং ঢালিম,
তিয়াই লৈ সাৱটি লম প্ৰতিটো জনমৰ
উশাহবোৰৰ লগত। প্ৰাণ দি সাজিম এখন টোলোঙা নাওঁ।
আকুলতাই ধৰা দিব দুখনি হৃদয়ত ,
আৰু তোমাৰ বেপেৰোৱা বিহীন পৰশত উতলি মই হম স্বপ্ন নদীৰ জলকুঁৱৰী।
চোৱা চোন... কেনেকৈ আকৌ এবাৰ তোমাৰ প্ৰেমত ...

~গীতাঞ্জলি শইকীয়া

                                (৭)
            অনুভৱবোৰ বুকুত সাৱটি
       দুহাত মেলি আকাশলৈ চাই কওঁ --
             আমাৰ প্ৰেমৰ সাক্ষী হব
       সৌ দূৰণিৰ  জোনাকৰ জোনবাই,
                           আৰু 
     শুকুলা মেঘৰ হিল্লোলিত মেঘমল্লা !

~হিৰুমা শইকীয়া।

আকৌ এদিন তোমাৰ প্ৰেমত পৰিম (প্ৰথম)

                         (১)

              অনুভৱী কৰি তোলা,
      জোনাকৰ এজাক বৰষুণত,
                তুমি তুমি লগা
এজনী চঞ্চল পখিলাৰ প্ৰেমত পৰিম,
সপোনৰ বুকুত তোমাৰ ঠিকনাটিক বিচাৰিম,
                       আৰু
               শেৱালীৰ দৰেই
তোমাৰ নীলা দুচকুত সুবাস হৈ ফুলিম ।

~দিপাংকৰ ভাগৱতী

                           (২)
কণমাণি সপোনটোৱে হাত বাউলি দি মাতিব, 
হৃদয়ৰ কোণত হেঁপাহবোৰে পাহি মেলিব,
 দুচকুত ভাঁহি উঠিব,
মিঠা সপোনৰ খেলা ধূলা,
নিলাজ পক্ষী হৈ মনটো উৰি যাব তোমাৰ কাষলৈ ।

-শিল্পী নেওগ
                            (৩)
মনত পৰিছে জানা;
মোৰ নীলচূড়াৰ স্বপ্ন কুঠৰীত বহি,
তোমাৰ বাবে নিগৰোৱা প্ৰতিটো নীল কবিতা,
মই গাইছিলোঁ,
নীল সপোন ৰচি তুমি যে শুনিছিলা !!

~নয়নজ্যোতি_শইকীয়া

                           (৪)
বৰষুণজাক দিলেই তোমালৈ
   বৰকৈ মনত পৰে, 
      ক'ত যে সপোন দেখিছিলো
         তুমি মই মিলি এক হোৱাৰ!! 
চোৱাচোন!!নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!! 
কলিতেই মৰহি গ'ল আমাৰ সপোনৰ ফুলপাহ।। 
                      
~ প্ৰিয়াংকী দত্ত

                            (৫)
এৰা আশাবোৰো ঠিক বৰষুণৰ টোপালৰ দৰে ।
যাক পোৱাৰ ইচ্ছাৰে দুহাত পাতি ধৰিলেও টোপালৰ আকাৰে পাব নোৱাৰি  .... !
দুহাত তিতি যাব, কিন্তু হেঁপাহ নপলাব..... !!

~ললিতা ব্ৰহ্ম
         
                            (৬)
 এই আশাৰ  বৰষুনৰ টোপালবোৰ
      ধৰি ৰাখিবলৈ দুহাত মেলি   
       সুবিশাল আকাশলৈ উৰি গৈ
         সাৱটি ধৰিব মন যায়,
         নোৱাৰো যে যাব মোৰ দুখনি
           সৰু পাখি,এধানমানি দেহাৰে।। 

~নিভা বৰা বৰুৱা

                             (৭)
 শাওনৰ কিন কিনিয়া 
বৰষুণ জাক আহিলে তোমালৈ
মনত পৰে,কলেজৰ পৰা 
আহোতে দুয়ো যে এটা ছাতিৰ
তলত সোমাই কথা পাতি আহিছিলো।

~ববিতা বৰ্মণ

                              (৮)
হৃদয়খনিকো এতিয়া আমনি কৰে 
অনুভৱৰ অনুভূতিবোৰে,
জোনাকৰ বৰষুণত তোমাৰেই প্ৰেমত পৰিম,
সপোনৰ বুকুত....
তোমাৰ ঠিকনাটিক বিচাৰিম
আৰু
শেৱালীৰ দৰে তোমাৰ দুচকুত 
সুৱাস হৈ ফুলিম ।

~দিপাংকৰ ভাগৱতী

                          

তোমাৰ উপাসৃতা মই !

মনত পৰেনে তোমাৰ ?
সেই ভৰলী নদীৰ কন্যাকা ঘাটৰ,
সেউজীয়া আৱেলিৰ স্মৃতিবোৰৰ কথা,
প্ৰথম চিনাকিতেই যে
ইজনে আনজনৰ চকুত
হেৰুৱাই পেলাইছিলো,
হৃদয় নামৰ মিঠা অনুভৱখিনিক ।
আজি দুইবছৰেই হ'ল ন.....?

সময়বোৰ যে তোমাৰ লগত
কেনেদৰে পাৰ হ'ল নহয় !
গমকেই নাপালোঁ জানা ।
তুমি হয়তো পাহৰিয়েই গ'লা ছাগে,
হেঙুল বৰণীয়া সেই স্মৃতিবোৰৰ কথা,
কিয়নো তুমি যে এতিয়া ব্যস্ত ।

তুমি জানা..?
প্ৰথমবাৰ যেতিয়া দাদাই মোক
তোমাৰ ছবিখন দেখুৱাইছিল,
প্ৰেমবোৰে তেতিয়াই পোখা মেলি
পাঁহি হৈ মেলিছিল ।
আৰু লাহে লাহে যে মোবাইলত কথা আৰু মেচেজ....
কিমান যে ভাল লাগিছিল,
আজিও সেই সোৱৰনীৰ স্মৃতিবোৰক
সুৱৰি পাৰ কৰোঁ প্ৰতি পল প্ৰতিটো অনুপল ।

জানা...?
তুমি আতৰ হৈ গ'লেই,
তোমাৰ বাবে বাট চাই ৰওঁ ,
এনেদৰেই যে পাৰ হয় সময়বোৰ,
কিছু মিঠা দিঠকৰ মাজে মাজে ।

মিঠা মিঠা লগনৰ তোমাৰ সেই প্ৰতিশ্ৰুতিবোৰো,
জোনাকৰ জোনাকী হৈ,
ভাহি ফুৰে
এখন তৰাভৰা বিশাল আকাশৰ বুকুত ।

সেউজীয়া বোৰৰ মাজতো,
এটুকুৰা শুকান ডাল হৈ 
দিনটো অকলে পাৰ কৰোঁ ।
আৰু
গুলপীয়াখিনিক সানি দিয়াৰ অপেক্ষাৰে
তোমালৈ বাট চাই থাকোঁ ।

তুমি মোৰ হৃদয়ৰ
এটি মিঠা স্পন্দন,
দুহাত মেলি সদায়েই ৰৈ থাকোঁ তোমালৈ,
তুমি অহাৰ অপেক্ষাৰে,
এজনী চিন্তিত পখিলা হৈ ।

আজিকালি প্ৰায়ে জানা ?
মন যায় !
তোমাৰ বাবে এটি প্ৰেমৰ কবিতা,
হ'বলৈ ।
তোমাৰ হাতত হাত থৈ
এবুকু মৰমেৰে আকৌ 
ভৰলী নদীৰ পাৰ জীপাল কৰিবলৈ,
আৰু
সন্ধিয়াবোৰক ৰঙীন কৰি,
তোমাৰ হৃদয়ৰ প্ৰতিটো উশাহত,
এছাটি জোনাক হৈ ফুলি ৰ'বলৈ,
মোৰ মন যায় ।

তুমি জানা ?
তোমাৰ নামত সেন্দুৰ পিন্ধাৰ
দিনৰে পৰা,
তুমি তুমি লগা এটি যেন বাঁহীৰ
সুৰ হৈ পৰিলোঁ,
মাথো তোমাৰ বাবেই অপেক্ষা,
তোমাৰ নামতেই 
প্ৰতিটো উশাহ উচৰ্গা ।

তোমাৰ পাৰিজাতৰ বাগিছাখনিত
একাজলী প্ৰেম হৈ বিয়পি পৰিব বিচাৰোঁ,
তোমাৰ হৃদয়ৰ প্ৰতিটো দুখ 
সমানে ভগাই ল'ব বিচাৰোঁ,
এচুলু জলধাৰা হৈ,
তোমাৰ প্ৰেমৰ সাগৰখনিত বৈ যাব বিচাৰোঁ ।

তোমাৰ অন্তৰৰ কৃষ্ণচূড়াৰ পাঁহিবোৰ হৈ
সদায়েই আত্মাৰ 
সাৰথি হৈ ৰ'ম মই,
জনম পাৰ হৈ জনম জনমলৈ
তোমাৰ নামেৰেই সেন্দুৰ পিন্ধিম,
আৰু
তোমাৰ ৰাধাজনী হৈ ,
তোমাৰ প্ৰেমতেই বাৰে বাৰে পৰিম ।





তোমাৰ মনে বিচৰা প্ৰেমিকজন



শিৰোনাম: তোমাৰ মনে বিচৰা প্ৰেমিকজন


মই, তোমাৰ মনে বিচৰা
           প্ৰেমিকজন হ'ব নোৱাৰিম,
তুমি বিচৰাৰা দৰে ,
            প্ৰতিশ্ৰুতিবোৰ ৰাখিবলৈওঁ যেন
মই যোগ্য নহয়,

তুমি কৈছিলা..!
           আনৰ প্ৰেমত ভূল নাযাবা,
জীৱনটো চঞ্চল,মনটো ঘোৰাঁৰ দৰে,
           আজি এঠাইত কালি আনঠাইত ।
সেইবাবেই হয়তো মই কওঁ,
            তোমাৰ মনে বিচৰা
প্ৰেমিকজন,
             মই হ'ব নোৱাৰিম।
কিয়নো মই যে এজন কবি,
            প্ৰতিটো পুৱা,প্ৰতিটো পল-অনুপল, ঋতু
আজি মোৰ প্ৰেমৰ বিষয়,
            কল্পনাৰ প্ৰতিজনী ৰাজকুমাৰীয়েই ,
মোৰ আজি প্ৰেয়সী।
            কবিতাবোৰকেই প্ৰেম কৰিবলৈ ল'লো,
প্ৰকৃতিৰ বুকুতেই হেৰুৱালো 
             ওভতনি নাওঁখনিৰ বঠা,
বাৰে বাৰে প্ৰেমত পৰো...
              পলাস,মদাৰৰ সুবাসতেই কবিতা ৰচো ।
নাহঁৰৰ পাতৰ বুকুত শব্দবোৰ সাচোঁ,
               বাৰে বাৰে প্ৰকৃতিৰ প্ৰেমতেই যে মই পৰো,

সেইবাবেই মই কওঁ,
কেৱল তোমাৰেই হৈ ৰোৱা প্ৰেমিকজন 
                মই হ'ব নোৱাৰো।
ৰামধেনুৰ সাতোৰঙেই যে মোৰ প্ৰিয়,
                প্ৰকৃতিৰ উশাহতেই যে মোৰ প্ৰাণ
এৰি দিওঁ উশাহৰ প্ৰতিটো ঘ্ৰাণ।
                প্ৰকৃতিৰ সকলোবোৰতেই বিচাৰি ৰওঁ 
                নিৰ্মূল  প্ৰাণ।

সেইবাবেই কওঁ
                 কেৱল তোমাৰেই হৈ ৰোৱা
প্ৰেমিকজন মই হ'ব নোৱাৰো,
                 কাৰণ মই যে এজন কবি ।


জীৱনৰ সংজ্ঞা

কাৰোবাৰ টকাৰ অভাৱ নাই কিন্তু আত্মীয়ৰ অভাৱ.. প্ৰেমৰ অভাৱ,
কাৰোবাৰ আকৌ টকা পইচা নাই কিন্তু আত্মী দহজন আছে দুখত কান্দিবলৈ আৰু সুখত সুখী হৈ হাঁহিবলৈ..
তেন্তে তোমাৰ দুখ কিয়...... ?
ভগৱানে সকলোকে সমান যদি কৰিলে হয় সকলো দেখোন অফিচাৰ, ডাক্তৰ, বৈজ্ঞানিক হ'ল হেতেন....
সিহঁতৰ তলত চকীদাৰ ,ড্ৰাইভাৰ, লগুৱা কোন হ'ল হেতেন ?
সকলো যদি ভদ্ৰ হ'ল হেতেন..সকলো যদি গান্ধীবাদী হ'ল হেতেন..পুলিচৰ দেখোন প্ৰয়োজনে নহ'লেই হয় ।
সকলো যদি সমান হ'ল হেতেন কাজিয়া,অভিমান,খং কাক লৈ কৰিলা হেতেন ?
জীৱনটো ক'ব গ'লে ইমানো জটিল নহয় যিমান আমি ভাবোঁ...ধন ঘটা,চাকৰি এটা পোৱা,কলেজত প্ৰথম স্থান দখল কৰা এইবোৰ এটা এটা জীৱনৰ অধ্যায় হে মাথোন...আমি ভৱিষ্যতক লৈ বেছি চিন্তা কৰোঁ,

কালি কি কৰিম ?
কালি কি খাম ?
কালি যদি তেওঁ এৰি যায় মোৰ কি হ'ব ?
কালি ঘৰখন কেনেকৈ চলাম ?

কিন্তু অহাকালিৰ চয়াবিন আৰু আলুৰ হিচাপ কৰিবলৈ গৈ আজিৰ মাংস সাজটোও শান্তিত খাবলৈ পাহৰো,,দুদিন পিছত সম্পৰ্ক এটা কি হ'ব বুলি গণনা কৰিবলৈ গৈ আজি সম্পৰ্কটোক সময় দিবলৈ পাহৰো...৫ বছৰ পিছত চাকৰি এটা নহ'লে কেনেকৈ চলিম,,টকা কেইটামান ঘটিব নোৱাৰিলে কি হ'ব জীৱনটো এইবোৰ গণনা কৰিবলৈ গৈ আজিৰ দিনটোৰ মজা লবলৈ পাহৰি থাকোঁ.....হঠাৎ যদি কালি মৰি যাওঁ তেন্তে জীৱনৰ সুখ খিনি আধৰুৱা হৈ নাযাব জানো ?
এবাৰ ভাবি চোৱানে..?
সেইকাৰণে জীৱনৰ আজিটোক লৈ ব্যস্ত থাকিবলৈ শিকিব লাগে .....কালি কোনেও দেখা নাই,, চিন্তা কিহৰ বাবে ?

মহৎ লোকৰ বাণী,, ডাঙৰ কোটিপতি এজনৰ আদৰ্শ লৈ তেওঁৰ দৰে সপোন দেখি তেওঁ হ'বলৈ গ'লে...দুদিন পিছত সপোন ভাঙিলে দুখটো হ'বই...আনৰ পৰা শিকাটো দৰকাৰ প্ৰেৰণা লোৱাটো প্ৰয়োজন কিন্তু আনৰ দৰে হ'বলৈ বিচাৰাটো ভুল... তুমি কি ?...তোমাৰ নিজস্বতা কি সেইটো মনত ৰখাতো প্ৰয়োজন.... বেলেগ এজনৰ এমাহৰ ২ লাখ টকাৰ টেঙা মিঠা দৰমহাৰ সোৱাদ বুজিব গৈ থাকোঁতে নিজৰ ৩০ হাজাৰ টকাৰ দৰমহা টোকো লৈ সুখী হ'ব নোৱৰা... তাৰ পিছত যদি কোৱা "ভগৱান মোৰ হে এনেকুৱা অৱস্থা কৰিলা কিয়" ?
সেইটো ভুল... জীৱনৰ প্ৰকৃত সুখ নিজৰ মাজতে আছে...চৰাই এটা যেতিয়া নিজৰ পজাটিৰ পৰা ওলাই যায় দিনটোৰ বাবে,তাৰ হয়তো লক্ষ্য এমাহৰ পিছত কি কৰিম সেইটো নাথাকে...আজি ঘৰলৈ কেনেকৈ উভতি আহিব পাৰিম সেইটো চিন্তা হে কৰে ...মোৰ ধাৰণা মতে...যি পাইছা,,যি দেখিছা,,,সেইখিনি সৰু সৰু বস্তুকে সন্তুষ্টি মনে উপভোগ কৰিবলৈ শিকা...কালিৰ কথা বাদ দি আজিটো নিৰীক্ষণ কৰা হয়তো কম বেছি পৰিমাণে আগৰ তুলনাত সুখী হ'ব পৰা যাব ।
এইখিনি মোৰ নিজা মনোভাৱ,, আনৰ ক্ষেত্ৰত জীৱনৰ সংজ্ঞা কেনেকুৱা মই নাজানো কিন্তু মোৰ বাবে দেউতাই শান্তিমনে অনা ৩৫০০ টকীয়া দামি কেৰিয়াৰ থকা চাইকেল এখনো  আনৰ দেউতাকে কিনি দিয়া ৩ লাখ টকীয়া বাইক এখনৰ তুলনাত বহুতেই মূল্যবান....যি পাইছোঁ তাতেই সুখী,.....আনৰ কথা ভাবিবলৈ,আনকে দেখি কিবা কৰিবলৈ,আনৰ দামী বস্তু এটাক দেখি নিজৰ কমদামী বস্তুবোৰক অনাদৰ কৰিবলৈ মোৰ মন নাযায়...কাৰণ মই এনেকুৱাই...সৰু সৰু কমদামী বস্তুবোৰকো বহুত ধনী কৰিব জানো মই সন্তুষ্টি আৰু সুখৰ মাজেৰে আঁকোৱালি ।

~দিপাংকৰ

এ পি জে আব্দুল কালাম

#অনুভৱ:
           আপোনাক সুৱঁৰি !

(কবিতা ঠিক নহয় অকনমান অনুভৱ তেখেতৰ বাবে)

আপোনাৰ প্ৰেৰণাতেই...
হাজাৰটা মৰহা কলিও প্ৰাণ পাই উঠিলে,
সেউজীয়া হৈ হাঁহিবলৈ শিকিলে,
সপোনৰ পৃথিৱীত বাস্তৱ ৰচিলে,
ঠিকেই এইয়া মাথো আপোনাৰ বাবেই ।

মিসাইল ম্যান,
সৰুৰে পৰা জীৱনী,লেখা,কবিতা...
আপোনাৰ নাম,ঠিকনা আৰু জন্ম তিথি জনাৰ ইচ্ছা,
আপোনাৰ আদৰ্শ লৈয়ে আমি,
আৰু আমাৰ মৰমবোৰ লৈয়ে আপুনি,
দূৰত্ব আছে বহুখিনি,
আপোনাৰ আৰু আমাৰ মাজত ।

তথাপিও আপোনাৰ ছবিখনে এতিয়াও,
এক যোগাত্মক শক্তিৰ অনুভৱেৰে
উপচায় তোলে আমাৰ বিবেক আত্মা,
হতাশাৰ পৰাও যেন উভতি আহি, জীৱনটোত কিবা কৰাৰ আকাংক্ষাই,
সেউজীয়া হৈ সপোন ৰচে
সেইকাৰণেই
মই কৈছিলো নহয়,
যে......
আপোনাৰ প্ৰেৰণাতেই ,
হাজাৰটা মৰহা কলিও প্ৰাণ পাই উঠিলে,
সেউজীয়া হৈ হাঁহিবলৈ শিকিলে ,
সপোনৰ পৃথিৱীত বাস্তৱ ৰচিলে,
ঠিকেই এইয়া মাথো আপোনাৰ বাবেই ।

Dipankar Bhagabati


কলেজীয়া জীৱনৰ প্ৰেম ২

কলেজীয়া জীৱনত বৰকৈ আমনি কৰিছিল,
Organic, Inorganic ৰ সেই প্ৰশ্নবোৰে,
কেতিয়াবা যদি এলকিন, এলকাইনৰ বাবে,
কেতিয়াবা আকৌ
Positively ions (H+) ৰ বাবে আৰু
কেতিয়াবা
Negatively  ions (OH-) ৰ বাবে,

সমাধানবোৰৰ সন্ধানত কেতিয়াবা টোপনিও হেৰাইছিল,
কিন্তু এতিিয়়াহে বুজিছোঁ আচলতে 
Integration, Trigonometry আৰু প্ৰশ্নবোৰৰ
উত্তৰবোৰতো সামান্য আছিল,
প্ৰত্যেকৰে সমাধান উলিয়াবলৈ সূত্ৰবোৰ দিয়াই আছিল,
কিন্তু
তোমাৰ অভিমানবোৰক কম কৰিবলৈ,
আজিলৈ সেই সূত্ৰখিনি বিচাৰি নাপালোঁ,
সুখৰ বাবে মৰিচিকা খেদি
উজাগৰে কটাব পাৰোঁ,
কিন্তু অভিমানৰ সংজ্ঞা আজিলৈ নুবুজিলোঁ ।

~Dipankar Bhagabati

ছবিয়ে কথা কয়/দিপাংকৰ ভাগৱতী

মহ

গোটেই ৰাতি তাই বৰ বেয়াকৈ খালে,, একেবাৰে ৩ লিটাৰ মান তেজ কমি গ'ল 😣,,মহ জনীৰ পেটতো শকত হৈ গ'ল,লৰ চৰ কৰিব পৰা নাই তাই,,আঠুৱাৰ এচুকত নিজকে PARKING কৰি ৰাখিছে,,দিলো বাপেক্কে😝🙈🙈একেটা কোবতে কাম শেষ 😎

গড়ৰ চিঙিল খড়্গ

কাষৰ খুৰীজনীয়ে হাঁহি হাঁহি চেণ্ডেল পাতো ওলোটাকৈ পিন্ধি আহিছে,, মই বোলো এওৰা আকৌ কিহে পালে,গৈ শুধি চাওগে বুলি আগবাঢ়িলো..
মই-অ' খুৰী ইমান হাঁহি যে কিহৰ ,,আমাকো কওঁক ।
খুৰী-এ নকবা আৰু ৰাতিপুৱাই ৰাতিপুৱাই ইমান হাঁহি উঠিছে,,,গড়ৰ বোলে খড়্গ চিঙি পৰিল ।
মই-এইজনী কিবা এটা হ'ল,,গড়ৰ খড়্গ চিঙাত হাঁহিছে যে,,,কিহে পালে এওৰাক।
তাৰ পিছতহে কথাতো শুধি মেলি চোৱাত গ'ম পালোগৈ,, আহঁকচোন আপোনালোকেও গড়ৰ খড়্গ চিঙাত হাহিবলৈ চেষ্টা কৰক........

আমাৰ কাষৰে এজন পুলিচ বিষয়া নাম তেওঁৰ হোমেন গড়, খুব সৰল আৰু ধাৰ্মিক বিষয়া,,বতাহে স্পৰ্শ কৰি যাব বুলি পইছা কিটাও টেবুলৰ তলেৰে নলয়... লাহেকৈ বাহিৰলৈ মাতি নি হাতখন পাটি মুঠি মাৰি থয়,,তাৰ পিছত চোৰ ডকাইট বোৰক স-সন্মানেৰে গাখীৰ চাহ খুৱাই বিদায় দিয়ে ।
পইচা-পাতিৰ ক্ষেত্ৰত বৰ টান,,,তামোলখনো ঘৰৰ পৰাই লৈ যায় দোকানত ৩টকা দিব লাগিব বুলি,,আৰু চাধাখিনিও ট্ৰাকৰ ড্ৰাইভাৰৰ পৰাহে লয় ।
যোৱাকালি মানে ৰাতি অলপ বেছিকৈ গাৱলীয়া পানী বিধ ধৰিলে,,নিজৰ পুৰনা যামানাৰ গাড়ীখন লৈ ঘৰলৈ বুলি ওভতি আহোতেই ৰাষ্টা এৰি গাড়ী পথাৰত পৰিল গৈ,,, যদিও মদাহী ছাৰ যমৰ দুৱাৰ দলিৰ পৰা উভতি আহিল,, তেওঁৰ কিন্তু নাকতো তাতে থাকি আহিল,,গাড়ীখন পাল্টি খাই যোৱাত Glass ৰ টুকুৰাই তেওঁৰ নাকতো চিঙি পেলালে,,,এতিয়া GNRC ত তেওঁৰ খবৰ ল'বলৈ গৈ সকলোৰে চকুত চকুপানী দেখি,,,বোলো কান্দিচে কিয়,,,মোক উত্তৰত তেওঁৰ ওচৰ চুবুৰীয়াসকলে কি ক'লে জানেনে ?

😛বোপাই কান্দা নাই অ',,গড়ৰ খড়্গটো চিঙি পৰাত আধাঘণ্টা ধৰি হাঁহি উঠি আছিল,,এতিয়া হাঁহি হাঁহি চকুপানী ওলাই গৈছে ।
♦️গড় দা Rock , মই Shocked
বোলো কৃষ্ণ

মেঘালীলৈ চিঠি/গ্ৰুপলৈ চিঠি

মেঘালী,এইখন তোমালৈ মোৰ প্ৰথমখন চিঠি.. তোমাৰ নামটোও কিন্তু বৰ আচৰিত,,নামটো শুনিলেই বিশাল আকাশৰ বুকুত উলমি ৰোৱা সেই তৰাবোৰে নিজৰ উজ্জ্বলতাবোৰক পাহৰি ঠিকনা হেৰুৱায়,,সচাঁকৈ অনুভৱ,কবিতাৰ দৰে তোমাৰ নামটোও গভীৰতাৰে ভৰা... হয়তো সেই বিশাল সাগৰৰ গভীৰতাৰ দৰেই,,,,হাজাৰটা সন্তানক বুকুত লৈ শুদ্ধ দিশ প্ৰদৰ্শন কৰা তুমিয়েই জানো সেই গভীৰতাৰ সাগৰখনি নহয়.. তোমাৰ নামটো আজিও মোৰ বাবে কবিতা,,এক অনুভৱেৰে ভৰা ,
শেষত আশা ৰাখিলোঁ আগলৈও তুমি এনেদৰেই সৃষ্টিশীল হৈ ৰোৱা ... কাৰোবাৰ বাবে যদি এটি কবিতা আৰু আন কাৰোবাৰ বাবে এমুঠি জোনাক হৈ আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ,, কুশলে থাকিবা ।

দিপাংকৰ ভাগৱতী
৯৫০৮২১৬৬৯৬

12 টা ইটাৰ দলং আৰু মোৰ Crush

১২ টা ইটাৰে নিৰ্মিত এখন দলং,,মানে সেইয়াই আৰু কথাতে কয় নহয়... "এটুপ এটুপ কৰি বৰষুণৰ পানী পৰি ভৰি যায় বিশাল সাগৰ" নহয় জানো ... তেনেকুৱা নহয় বাৰু ইয়াত সাগৰৰ কথা নকওঁ কিন্তু এটুপ এটুপ কৈ তিনিটোপাল মান পানী পৰিলেই কিন্তু আমাৰ মহানগৰীৰ কিছু কিছু অংশত ৰাষ্টাবোৰ দেখা নোপোৱা হৈ যায়,,,ৰাষ্টাতো পানীৰ তলত হে থাকে.,,,থাকে মাথো কেৱল বোকা আৰু ঘোলা পানীখিনি, ইচ্ছা কৰিলে বৰশী টোপাব পাৰি দুই এটা কিজানি খলিহনা মাছ পোৱাও যাব😛,, বাৰু যি কি নহওঁক....ৰাষ্টাটোৰ মাজেৰে অহা যোৱা কৰিবৰ বাবে ১২ টা ইটা পাৰি দিয়া হৈছে,হাতত ৩ লিটাৰ ৰিফাইন আৰু ৬ পেকেট ৰজনী গন্ধা আৰু ২০ টকাৰ টেঙা মৰ্টন লৈ দোকানৰ পৰা মই প্ৰথম ইটাটোত ভৰি দি উভতিবলৈ লৈছোঁ ঘৰলৈ বুলি...
৮ টা ইটা পাৰ কৰিলোঁ... পানী আৰু বোকাৰ বাবে ইটাকেইটাৰ অলপ ধলং পলং বাঢ়িছে ,লগতে মোৰো ভৰিদুখনৰ অলপ অলপ বেনেন্ছ হেৰাই যোৱা যেন লাগিছে.... তেনেতে আকৌ সন্মুখত মৰমলগা সেই নীলা চৰাই জনী দেখিলোঁ,, মানে মোৰ #একপক্ষীয়...এহহ মানে "ক্ৰাছ"...তাই মোক দেখি দূৰৰ পৰাই  Hi🙃  বুলি দিলে,,,কি হ'ল নাজানো আৰু মুঠতে Moral Of the story এইটোৱেই যে বেলেগে একপক্ষীয় ভাবে প্ৰেমত পৰে আৰু মই ডট ডট হৈ পৰিলোঁ...... বাকীখিনি ইতিহাস 😁

😛😛😛D.Bhagabati

কলেজীয়া জীৱনৰ অনুভৱ প্ৰেয়সী

কলেজীয়া জীৱনৰ
হালধীয়া পখিলী
তোমাৰ এটাই প্ৰশ্ন :
শেষৰ বেঞ্চত বহি সদায় কি কৰি থাকানো..?
তুমি ক্লাচত সোমালেই এই উতপাত কৰি থকা ল'ৰাজন শান্ত শিষ্ট হৈ পৰে,
কিয় বাৰু তুমি জানো জানা ?
তোমাৰ হাঁহিটোৰ বাবে ঘণ্টাত হাজাৰটা প্ৰচেষ্টা,
শেষৰ বেঞ্চত বহি লগৰ কেইটাক দম দিওঁ মনে মনে থাকিবলৈ,
যাতে তুমি কষ্ট নোপোৱা,
অৱশ্যে কাজিয়া কিন্তু মই বেয়া পাওঁ
কিন্তু তোমাৰ বাবে কেতিয়াবা চলি যায় আৰু,
তোমাৰ অনুপস্থিতিত ক্লাচ কৰিব নোখোজা এই হৃদয়খনিক সপোনৰ পৃথিৱীত এৰি দিওঁ,
গুলপীয়া তোমাৰ হাঁহিটোকে লৈ,
হাজাৰ মাইল দূৰত
কল্পনা কৰোঁ,
চেষ্টা,প্ৰচেষ্টা,নিজৰ লগতে আইনাৰ আগত বাৰে বাৰে আলাপ,
কিয় জানা....?
ভাল পাওঁ তোমাক

#মানুহ,#জীৱজন্তু,#চৰাই

#মানুহ,#জীৱজন্তু,#চৰাই
#সকলোকে_মই_ভালপাওঁ🙂
#মৰম_দিবা_মৰম_পাবা
সৰুৰ পৰা ডাঙৰ হ'লো মনলৈ যি আহে তাকেই কৰি আহিছোঁ, কেতিয়াবা যদি অকনমান অনুভৱ লিখোঁ আন কেতিয়াবা গেম খেলি দিনটো পাৰ কৰোঁ । কেতিয়াবা যদি অকাই পকা ছবি আঁকো কেতিয়াবা মোৰ চৰাই, জীৱ-জন্তুখিনিৰ লগত সময়বোৰ পাৰ কৰোঁ.... প্ৰতিযোগিতা বেয়া পাওঁ যাৰ কাৰণে Participate য়ো খুব কম কৰো...মুঠতে মই নিজৰ লগতে ব্যস্ত থাকি ভাল পাওঁ.... এতিয়া কথা হ'ল মোৰ Haters... মই এটা কথা ক'ব পাৰো ১০০ শতাংশ Gurantee দি, মোক বেয়া পোৱা কোনো নাই..যি দুই এজন আছে তাৰ কাৰণবোৰো ঠেক প্ৰকৃতিৰ... মই স্বাৰ্থত কাম নকৰো সেইকাৰণে কোনোবাই সমৰ্থন নকৰিলে কেতিয়াবা অলপ বেয়া পাব পাৰে অথবা কেতিয়াবা সামাজিক সমস্যাত মাত দিলে কিছুমানে অলপ বেয়া পাই কিন্তু তেওঁলোকৰ Feedbackটো মোৰ বাবে প্ৰয়োজনীয় নহয়,,,,মোক ভাল নাপাব পাৰে সকলোৱে কিন্তু কোনো কাৰণত বেয়াও নাপায়,,,, তাৰ মূলতঃ কাৰণ এটাই যে মই একেবাৰেই সৰল আৰু খোলা মনৰ এজন ল'ৰা..না মই কাৰোবাক লৈ ঈৰ্ষা কৰো না হিংসা..নিজক লৈ আইনাৰ আগত গালি দিওঁ নিজৰ লগত জমনি কৰো,, কোনেও বেয়া পাবলৈ সুযোগকণ নিদিওঁ.. কাৰণ মই নিজক লৈ ব্যস্ত....কিন্তু হয়,পঢ়াৰ ক্ষেত্ৰত Challenge আছিল স্কুলীয়া জীৱনত,, এতিয়াও আছে কিন্তু জীৱনত ভাল কাম কৰাৰ দিশত,,কোনো মানুহৰ লগত নহয়,, জীৱনৰ লগত...#অকলে_আহিছোঁ_অকলেই_যাম...যিকেইদিন পৃথিৱীত আছোঁ বেলেগৰ লগত লাগি কাজিয়া কৰি কি হ'ব, এনেদৰে মই ভাবোঁ আৰু এটা কথা ভুল দেখিলে মই মাত মাতো...কাৰণ মোৰ ঘৰত মই কেইটামান কথা শিকিছো...১/সত্যৰ পক্ষে মাত দি মৰিবলৈ ভয় নকৰা,২/কাৰোবাৰ ভুল হ'লে ভুলটো আঙুলিয়াই ক্ষমা কৰি দিয়া আৰু ৩/প্ৰতিজন মানুহকে ভগৱানৰ এক ৰুপ হিচাপে ধৰি লৈ সন্মান কৰা.......যেতিয়া লৈ তুমি এজন মানুহৰ দৰে আচৰণ কৰিবা... #ডাঙৰক শ্ৰদ্ধা,সৰুক মৰম...হিংসা, ঈৰ্ষা ত্যাগ কৰিবা তেতিয়া কোনেও বেয়া পোৱাৰ প্ৰশ্নই নুঠে,,,
অৱশ্যে কেতিয়াবা আমি দুই এজন মানুহ লগ পাওঁ যিয়ে কিছুমান কথাত নিজেই লাগিব আহে যুক্তিতৰ্ক কৰিব নোৱাৰা কিছুমান অদৰকাৰী বিষয়ক লৈ,, আৰু কেতিয়াবা কাৰোবাৰ ভুলৰ বাবে অলপ বুজালেও ওলোটাই ধৰে,ভূলটোক মানি ল'ব নিবিচাৰে.. তেওঁলোকৰ পৰা আচলতে মই আজিকালি আতৰি চলো ।
শেষত এটাই কথা কবলৈ বিচাৰিম,,,, ঈৰ্ষা,জেদভাৱ,হিংসা, বেলেগৰ ভাল দেখিব নোৱাৰা এইবোৰ স্বভাৱ বেয়া কথা....মোৰ লগতে দেখিছোঁ দুজন মানে আগতে ভাল বন্ধুয়েই আছিল কিন্তু এতিয়া হিংসা কৰে কিয় ?
মই কবিতা,ছবি, ভিডিঅ' এইবোৰ লিখি মেলি থকাৰ বাবে,,,,এইটো মোৰ হবি.. পাৰ্থক্য এটাই যে আগতে যেনিবা বহীত লিখিছিলোঁ এতিয়া Fb দিওঁ আৰু মোক লৈ ঈৰ্ষা কৰিবলৈ মোৰ কি আছেনো,, একোৱেই টো নাই..... বেলেগৰ ভাল দেখিব নোৱাৰা এজন কেতিয়াও মানুহৰ শাৰীত নাহে ।
পাৰিলে #ৰামায়ণ,#মাহাভাৰত,#কৃষ্ণ,#আগৰ_দিনৰ_ভক্তিমূলক ধাৰাবাহিক সমূহ চাবা মৰম শ্ৰদ্ধা কৰা নকৰাৰ লগতে জীৱনটো সুকলমে চলাই নিয়াত সুবিধা হ'ব ।
মই সৰুৰে পৰা ভক্তিমূলক ধাৰাবাহিক চাই ডাঙৰ হোৱা ল'ৰা সেইকাৰণে কোনো এজন মানুহেও মোৰ কথা এনেকৈ ক'ব নোৱাৰে যে মোৰ অহংকাৰ আছে, মই কাৰোবাক বেয়াকৈ কৈছোঁ...তাৰ মূলতে কাৰণ এটাই যে যেনেদৰে জন্ম লৈ আহিছোঁ মৃত্যুৰ দিনাও খালী হাতেই যাম মাথোঁ মানুহৰ মনত এটা স্মৃতি হৈ আমাৰ ছবিখন ৰৈ যাব.. #Degrees, #certificate,#Talent,#Money এইবোৰ meaningless..আনৰ বাবে বেলেগ কৰিব নোৱাৰিলেও থকা কেইদিন মৰম দি,আনৰ সুখত সুখী হ'ব পাৰিলে মৃত্যুৰ পিছত এদিনৰ বাবে হ'লেও তোমাক মনত পেলাব,,এইটো মোৰ চিন্তাধাৰা 🌿🌿
আত্মাৰ মূল্য সমান...লাগিলে সি মানুহ হওঁক নাইবা আন জীৱ-জন্তু,চৰাই-চিৰিকটি....সকলোকে মৰম দিবা মৰম পাবা 🙂❤️
(সেইকাৰণে কেতিয়াও কোনো স্বাৰ্থ জড়িত কাৰণত মোক মেচেজ নকৰিবা যি কাৰণে আন দহজনৰ মনত আঘাত দিব পাৰে)

As Lovely as Flowers !

As Lovely As Flowers !

You are the destination,
You are the music of life,
Lovely as flowers
Sometimes I remember when I first saw you,
Your sweet little smile,
your long hair,
I want to tell you one thing,
When you passed by me,
I wanted to say the same,

I love You......

OK listen
Once inside your heart, 
ask once!
May your heart speak my name in coincidence,
Ask your beloved O Princess who lives inside you for once.
Maybe your heart also calls my name.

ENGLISH POETRY

Link

https://allpoetry.com/Dipankar_Bhagabati

Ghost In Love

মৃত্যুৰ সিটোপাৰে
(GHOST IN LOVE)

আজি অমাৱস্যা
সময় নিশা ১২ বাজিছে,
অন্ধকাৰবোৰকে লগত লৈ
মই অকলশৰে বহি আছোঁ ,
আজি বৰকৈ মন গৈছে 
জানা ?
বিষাদৰ সমাধি বগাই,
তোমাৰ সুখৰ চহৰখনিত দুখৰ প্ৰেমিক চৰাইটো হৈ বিনাই ফুৰিবলৈ,
তোমাৰ দুচকুৰ সাগৰনীলা
অনুভৱবোৰক লৈ আকৌ কবিতা এটা ৰচিব বিচাৰোঁ,
এবাৰ তোমাৰ নামত কান্দিব বিচাৰোঁ,
কিন্তু নোৱাৰো জানা.....
মৃত্যুৰ পিছত যে চকুলোবোৰ হেৰাই পৰিল,
ইচ্ছা কৰিও যে একো কৰিব নোৱাৰোঁ,
মাথো আমাৰ অতীতবোৰ হে স্মৃতি হৈ,
আত্মাৰ একোনত ৰৈ গ'ল,
আচ্ছা বাদ দিয়া,
শুনা তুমি কুশলে আছানে ?
এটা কথা কওঁ
তুমি চাগৈ একদমেই বুঢ়ী হৈ গ'লা ন,
মই কিন্তু আগৰ দৰেই সেই ডেকাটো হৈ আছোঁ,
জানা ....?
অৱশ্যে এতিয়া মই যে 
ইচ্ছা কৰিও,
আগৰ দৰে 
তোমাৰ লগত প্ৰেমৰ আলাপ কৰিব নোৱাৰোঁ,
সকলো হেৰাই গ'ল অ'......,
আমাৰ সপোন,আমাৰ অভিমান,আমাৰ ভাললগাবোৰ.....
এহহ বাদ দিয়া
আচ্ছা,শুনা.....
আজিটো তোমাৰ জন্মদিন, 
তুমি কিন্তু গংঙ্গাটোপ টো হৈ ,
মুখ ফুলাই বহি নাথাকিবা,
এটি মৰমলগা হাঁহিৰে পুৱাটো জীপাল কৰিবা,
আৰু চোৱানা.....
আমাৰ প্ৰেমবোৰ এতিয়াও অমৰ হৈয়ে আছে,
মৃত্যুৰ পিছতো মই তোমাৰ জন্মদিনৰ দিনা সাৰে উঠিছো,
ঐ এটা কথা কি জানা.....?
তোমাক যে মই আগতে ভূতৰ কাহিনীবোৰ ক'লে,
ভয়তে মোক সাবতি ধৰিছিলা আৰু যে কৈছিলা ভূত বহুতেই বেয়া,
"মোৰ ভয় লাগে"
শুনা মই আকৌ তেনেকুৱা একদমেই নহয় দেই,
এতিয়াও সমাধিৰ পৃথিৱীত তোমাৰ নূপূৰৰ শব্দটোক মনত পেলায়েই বাট চাই ৰওঁ,
আজিৰ দিনটোৰ বাবে.....
ঐ শুনা ৰাতি পুৱাবৰে হ'ল মই যাবগৈ লাগিব,
কুশলে থাকিবা আৰু যে এই প্ৰেমিক চৰাইৰ অসম্পূৰ্ণ সপোনবোৰক হৃদয়ৰ পৰা মচি নিজকে সুখৰ সমান সুখী কৰি তুলিবা,
আচ্ছা আচ্ছা শেষত শুনাচোন ,
আমাৰ এই প্ৰেম আৰু ভালপোৱাক বুকুত লৈ,
মৃত্যুৰ সিপাৰে মই বাট চাই ৰ'ম,
মাথো তোমাৰ বাবে ।

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...