সেইদিনা ১৫ মাৰ্চ দেওবাৰ,আনদিনাৰ দৰে সেইদিনাও সেই মৰমলগা ছোৱালীজনী কৃষ্ণচূড়া জোপাৰ তলতেই ৰৈ আছিল,তাইক প্ৰায়েই সন্ধিয়া পৰত দেখা পাওঁ, নাজানো তাইৰ বুকুৰ ভিতৰৰ বিশাল পৃথিৱীখনে কাৰ অপেক্ষা কৰি সদায় সেই দীঘল পথটিৰ কাষত সন্ধিয়া টোৰ কিছুসময় পাৰ কৰে।তাইৰ গহীন মুখখনিৰ আঁৰত যেন এক ব্যাকুলতা ,মনতো যেন তাইৰ অস্থিৰ কিছুদিনৰ পৰা , যোৱা দুই মাহৰ পৰাই তাইক সদায়েই সন্ধিয়া কৃষ্ণচূড়াজোপা তলতেই দেখা পাই আহিছোঁ,কাৰ বাবে জানো ?.... অপেক্ষা কৰি থাকে , ঘণ্টাৰ পিছত ঘণ্টা,তাইৰ বাৰু ভাগৰ,আমনি একেবাৰেই নালাগে নেকি(নিজকে প্ৰশ্ন কৰো বাৰে বাৰে) ....!
প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই সাক্ষী যে, যেতিয়া জীৱনত এটা বস্তুক বাৰে বাৰে দেখি থকা হয়,তাৰ গভীৰতাৰ উমান ল'বলৈ গৈ সেই বস্তুটোৰ অথবা কাৰকটোক কিছু ক্ষেত্ৰত ভাললগা হৈ পৰে ।...ঠিক মোৰো হয়তো তাইৰ বাবে যেন আকৰ্ষণ আহি পৰিব ধৰিছে....তাইৰ মুখখনৰ কোমলতা আৰু তাইৰ সেই উদাসীন মনটোৰ ভিতৰৰ কথাবোৰক এটি এটিকৈ বিচাৰি পঢ়ি পেলাবলৈ মন যায়.....,...ৰ'দ, বৰষুণ তাইৰ বাবে যেন এইবোৰ কেতিয়াও বাধা হ'ব নোৱাৰে,,হয়তো কোনোবা আপোনজনৰ অপেক্ষাত তাই পাৰ কৰে তাইৰ সময়বোৰ,, তাইৰ সন্ধিয়াতো মৰহি থকা হাঁহিটোৰেই যেন সমাপ্তি ঘটে........
এতিয়া যে মই নিজেও নজনা হৈ পৰিছো তাইৰ ছবিখনে বাৰু বাৰে বাৰে কিয় মোক আমনি কৰা হৈছে,তাইৰ বিষাদখিনিক ভগাই ল'বৰ বাবে যেন আজি মই তাইৰ ৰহস্যবোৰক বিচাৰিম,তাইক গৈ কোনো ভয় নকৰাকৈয়ে সুধি পেলাম,
শুনাচোন,
তুমি বাৰু সদায়েই ইয়াত কাৰ বাবে অপেক্ষা কৰি ৰোৱা আৰু কিয় তোমাৰ মৰমলগা মুখখনিক সেমেকা ডালৰ দৰে মৰহি যাবলৈ দিয়া,কোৱাচোন ?
এহহ মইয়ো যে,হয়তো তাই ভাল নাপাবও পাৰে,যদি তাইৰ বিষাদবোৰক উপলুঙা কৰা বুলি ভাবি লয়...তেতিয়া,, এনেদৰেই,এইবোৰ কল্পনাৰ মাজত নিজকে ব্যস্ত কৰি ৰাখোতেই দেওবাৰৰ সন্ধিয়াটোও স্মৃতি হৈ হেৰাই গ'ল ।
আজি বুধবাৰ, তিনিদিনৰ বিৰতিৰ পাছত আজি সন্ধিয়া সেই কৃষ্ণচূড়াৰ তলৰ অচিন পৃথিৱীত উমলি থকা চিনাকি মনটোৰ কোমলতাবোৰে মোক যেন মনত পেলাইছে,ঘৰৰ পৰা ওলাই তাইৰ মুখখনি চাবলৈ ধপলিয়াই পালোগৈ,
ঠিকেই আনদিনাৰ দৰে আজিও তাইৰ মুখখনি দুখেৰে সেমেকি পৰিছে,তাইক দেখিলে আজিকালি হৃদয়ৰ মাজত এটি চিনাকি সুৰে আমনি কৰা হৈছে,
হয়তো গিটাৰৰ অথবা সুৰীয়া বাঁহীৰ ধ্বন্নি.... আকাশৰ মেঘবোৰে যেন মোৰ অৱস্থাতো দেখি মিচিকিয়াই হাঁহি উঠিছে,এজাক যেন কিনকিনীয়া বৰষুণ আহিব খুজিও থমকি ৰৈছে,,,,বাৰে বাৰে........
ইমান বছৰে মোৰ সন্ধিয়াটোৰ সময়খিনি এডাল গল্ডফ্লেগৰ ধোৱাৰ মাজেৰেই পাৰ হৈ আহিছিল, কিন্তু আজি মোৰ ভয় লাগিব ধৰিছে, জীৱনটোৰ প্ৰকৃত মূল্য তেতিয়াহে অনুভৱ কৰা যায়, যেতিয়া জীৱনৰ সুখবোৰক আৰু সুখৰ সংজ্ঞাবোৰক বিচাৰি পোৱা যায় । মই বাৰু ইমানদিনে সময়বোৰ এটি জীৱন্ত স্তম্ভ হৈয়ে পাৰ কৰিছিলোঁ নেকি,আজি তাইৰ বিষাদখিনিক বিচাৰি উলিওৱাৰ সন্ধানত হয়তো নিজকে বুজিবলৈ, শিকিবলৈ ধৰিছো,,
তাইৰ বিষাদভৰা মনটোৰ আৰু তাইৰ ষেতাপৰা মুখখনিৰ হেৰাই যোৱা সুখবোৰৰ তুলনাত মোৰ চিগাৰেটৰ প্ৰতি থকা আসক্তিবোৰৰ একেবাৰেই মূল্য নাই, মই বুজি উঠিছো.....,তাইৰ নামটো জানিবলৈ আজি বৰকৈ মন গৈছে ,তাইৰ বাৰু.......নামটো কি হ'ব পাৰে....?
২//
আজি তাইক এবাৰ মাত লগাবলৈ বৰকৈ মন গৈছে,,ছেহঃ কি কৰা যায়☺️☺️,
চিগাৰেটৰ গোন্ধবোৰৰ সৈতে তাইক বাৰু কেনেকৈ শুধিম🥺,মাত লগাবলৈও মোৰ আজি ভয় লাগিছে,তাই আৰু মোৰ মাজৰ অনুভৱ,ভাললগাবোৰৰ মাজত যেন আজি এই অদৰকাৰী চিগাৰেট ডালে কিয় ইমানকৈ বাধা হৈ পৰিল,ছেহঃ অহাকালি তাইক শুধিমহি
আজিলৈ থাকক আৰু😔😔😔,
আজি বৃহস্পতিবাৰ তাইৰ নামতো আজি শুধিব লাগিব🥰,শূণ্যতাই ধুকি নোপোৱা তাইৰ বিশাল মনটোৰ আঁৰৰ বিষাদেই নে অপেক্ষাৰ কাৰনটো জানিবলৈ চেষ্টা কৰিম, ৰাতিপুৱাৰে পৰা মনটো এক বুজাব নোৱাৰা চঞ্চলতাৰ মাজেৰে পাৰ হৈ আছে,যোৱাকালি ওৰে ৰাতি অন্ধকাৰ কোঠাটোৰ ভিতৰত সোমাই নিজেই নিজৰ লগতে কথাপাতি পাৰ কৰিলোঁ,তাইৰ নামটো বাৰু কি হ'ব পাৰে🤔,,,,, শেৱালি🌼 ,, নাই নহয় নীলনয়না🌸,,,,হেই মইয়ো যে !
তাইৰ নামটো হয়তো সুন্দৰ এটি কবিতাৰ শিৰোনামাৰ দৰেই হ'ব🌹,হয়তো তপন দাই আবৃত্তি কৰি যোৱা সন্দিকৈ কলেজৰ সাগৰিকাৰ দৰে অথবা জুবিনদাৰ কণ্ঠত মায়া অথবা ৰুণজুনৰ দৰে কাল্পনিক সৌন্দৰ্য্যতাৰে ভৰা হ'ব,তাইৰ মুখৰ বিষাদখিনিক যদি আতৰাই কল্পনা কৰা যায়,হয়তো তাইৰ হাঁহিটোও বৰ মৰমলগাই হ'ব ♥️♥️,হয়তো চোতালৰ কাষৰ বাগিছাখনিত সদাই নাচি থকা পখিলাজনীৰ দৰে অথবা ফুলৰ ৰস চুহি ঘৰলৈ ওভতা মৌ-মাখিজনীৰ দৰে,তাইক কিন্তু মোৰ বৰ ভাল লাগে,,তাইক এবাৰ হাঁহি থকা সময়ত চাবলৈ বৰকৈ মন যায়, তুমি বিচাৰিলে হয়তো এইয়া মোৰ স্বাৰ্থপৰী মনোভাৱ বুলিও ক'ব পাৰা, তথাপিও কিন্তু তাইৰ মুখৰ হাঁহিটোক পুনৰ ঘূৰাই অনাৰ ইচ্ছাবোৰে সচাকৈয়ে মোক আমনি কৰি থকা হৈছে......
আজি আকাশখনৰো হয়তো ঠেঁহ লাগি মনটো একেবাৰেই বেয়া........
আবেলিৰে পৰা ডাৱৰবোৰৰ আৰঁত যেন নীলাবোৰ লাহেকৈ হেৰাই পৰিছে,ঠিক হয়তো তোমাৰ বিষাদখিনিৰে হাঁহিবোৰক ঢাকি ৰখাৰ দৰেই,,,,
এজাক বৰষুণ হয়তো আজি আহিব যেন লাগিছে,
ছেহঃ আজিহে বাৰু বৰষুণজাকে আমনি কৰিবলৈ পালেনে,তাইক আজি মাত লগোৱাৰ কথাওঁ আছিল,,,,
ছেহঃ.... কেতিয়াবা বিধিয়ে সহাৰি দিলেও যেন বিধাতাই দিব নিবিচাৰে ।😔😔
বৰষুণজাকো আহিলেইড়,,,,,,,,কিন কিনাই সিহঁতি বৰ ৰং চাইছে,......এটা গুলপীয়া ৰঙৰ ছাটিৰ আৰঁত মৰমলগা ছোৱালীজনী আজিও থিয় দি মন মাৰি আছে,সচাঁকৈ,......
তাইৰ মুখখনি ছাটিৰ আৰঁতো বেছিকৈয়ে মৰমলাগে,যেন কোনোবা সৰগৰ উৰণীয়া অপ্সৰাহে তাই......এজনী যেন চঞ্চল উৰণীয়া পখিলা ,তাইৰ বিষাদখিনিৰ আঁৰত লুকাই ফুৰিছে,
মোৰ কিন্তু আজি বৰকৈ খঙ উঠিছে,সেই গুলপীয়া ৰঙৰ ছাটিটোৱে আজি তোমাক ঢাকি ৰাখিছে আৰু মোক লৈ যেন বাৰে বাৰে মিচিকিয়াই উঠিছে,সচাকৈ তুমি মোৰ বাবে যেন এক আবেগভৰা ভাললগা এটি অধ্যায়,আনদিনা এনেদৰে বৰষুণজাক আহিলে চিগাৰেটৰ ধোৱাবোৰতে নিজক ব্যস্ত কৰি ৰাখো আৰু আজি তোমাৰ মুখখনৰ ভাললগাবোৰৰ তুলনাত চিগাৰেটৰ কথাও মনলৈ নহা হ'ল 🤗,,,,,,বৰষুণজাকো ডাঙৰকৈয়ে আহিল ! তুমি ছাটিৰ আৰঁত মুখখন ঢাকি হঠাতেই নোহোৱা হৈ গ'লা,🥺🥺🥺
পাছফালৰ পৰা তোমাক মাত লগাম বুলিও থমকি ৰ'লো ,ভাবিছিলোঁ কালৈ টো আকৌ লগ পামেই , কালি কথা পাতিম ।
কিন্তু আজি ১ বছৰেই পাৰ হৈ গ'ল
৩//
আজিও তোমাক দেখা শেষ দিনটোৰ কথা মনত পেলাওঁ,হঠাতে তুমি আতৰি গ'লা, চিনাকি হ'বলৈ সুবিধাখিনিও দি নগ'লা,ক'ৰ পৰা আহিছিলা আৰু হঠাতেই ক'লৈ গুচি গ'লা জানিবলৈও নিদিলা, তোমাক মাতএষাৰ লগোৱাৰ কথা ভাবি পাৰ কৰা নিশাবোৰ আৰু কৃষ্ণচূড়া তলৰ সময়বোৰে এতিয়াওঁ মোক আমনি কৰে, ঠিকেই মই ভবাৰ দৰেই তুমি এজনী উৰণীয়া চঞ্চল পখীলা, হঠাৎ উৰি আহি মোৰ হৃদয়ৰ বাগিছাখনিক শুনি কৰি হঠাতেই নোহোৱা হৈ গ'লা,
এটা কথা জানা ?
মই কিন্তু তোমাৰ স্মৃতিবোৰকে লগত লৈ পাৰ কৰি আছোঁ দিন-মাহ, ঋতুবোৰে , চিগাৰেট ডালকো খাবলৈ এৰা বছৰেই পাৰ হ'ল,এইবোৰৰ প্ৰতি এতিয়া মোৰ প্ৰেম নাই, কাৰণ মোৰ প্ৰেম কেৱল তোমাক আৰু তোমাৰ স্মৃতিবোৰক লৈ , প্ৰাপ্তিয়ে প্ৰেম নহয়, কাৰোবাৰ অপেক্ষাত পাৰ কৰা ঋতু, বসন্ত,শৰৎবোৰো হৈছে এটি এটি প্ৰেমৰ ঠিকনা,
তথাপিও হৃদয়খনে মানিব নিবিচাৰে,সদায় আবেলি নতুন আশা এটি লৈ পুনৰ সেই কৃষ্ণচূড়াৰ তলত তোমাৰ স্মৃতিবোৰক সোৱৰাওঁ আৰু অপেক্ষা কৰি ৰওঁ এখন সেউজীয়া হৃদয়ৰ, বৰষুণজাক আহিলেও এতিয়া দুবাহু মেলি আকাশখনলৈ চাওঁ আৰু হৃদয়ৰ স্পদনবোৰক স্পৰ্শ কৰিবলৈ মেলি দিওঁ, তোমাৰ স্মৃতিবোৰক বৰষুণৰ টোপালবোৰতে অনুভৱ কৰোঁ টিটি ৰওঁ ঘণ্টাৰ পাছত ঘণ্টা , তুমি ক'ত আছা নাজানো, কিন্তু এটা কথা জানো এই বৰষুণজাকেই হয়তো এদিন,আমাক চিনাকি কৰাব,
একেখন আকাশৰ তলৰে আমি দুটি পখী তুমি এঠাইত আৰু মই এঠাইত হয়তো এই আৱতৰীয়া বৰষুণজাকেই এদিন মোৰ বতৰাবোৰক নি তোমাৰ চোতালত টোপাল হৈ সৰাব , এইবাৰ কিন্তু ছাটিটোৰ আৰঁত মুখখন ধাকি নিদিবা,টোপাল সদৃশ মোৰ হৃদয়ৰ বতৰাখিনিয়ে বৰকৈ কষ্ট পাব ।