তোমাৰ বাবেই এদিন
শৰতৰ প্ৰেমত পৰিছিলোঁ,
পুৱাৰ চেঁচা বতাহজাকৰ বাবেই টো
অপেক্ষাত ৰৈছিলোঁ,
ঠিকেই ...
সময়বোৰ আমি ভবাৰ দৰে পৰিচালনা কৰিব নোৱাৰোঁ ।
তথাপিও !
তুমি চকুৰ সমুখত থকালৈকে,
এই শৰতৰ দিনবোৰো মোৰ বাবে অনুভৱৰ এমুঠি জোনাক হৈ পৰিছিল,
অন্ধকাৰ যেন অনুভৱ হোৱা হৃদয়খনেও
পোহৰৰ সন্ধান পাইছিল ।
অচিনাকি পথটোৰে
চিনাকি ঠিকনাটি পকেটত লৈ,
খোজ লৈ থাকোঁতেই,
শেৱালীৰ সুৱাসে মন প্ৰাণ চুই যোৱা এক অনুভৱ হৈছিল,
তেতিয়াই মোৰ চকুত,
তোমাক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ ।
পায়ল পিন্ধি হয়তো ভালপোৱা তুমিজনীৰ,
কণমানি মৰমলগা ভৰি কেইটাই,
দূৱৰিত ৰৈ যোৱা সেই
কুঁৱলীৰ টোপালবোৰত খালী ভৰিৰে শেৱালীৰ ফুল বুটলাত ব্যস্ত আছিলা,
তোমাৰ লিহিৰি আঙুলিৰ পৰশত,
হয়তো শেৱালীৰ সুৱাসবোৰো,
নজনাকৈয়ে বাঢ়িব ধৰিছিল ।
ক্ষন্তেক সময়ৰ বাবে
এনেকুৱা আনুভৱ হৈছিল,
কিজানিবা শেৱালী ফুলৰ পাঁহিবোৰ হ'লেই তোমাৰ ভাললগাৰ কাৰণবোৰো
মই হ'ব পাৰিলো হেতেন ।
তুমিজনীৰ বাবেই টো থমকি ৰৈছিল মোৰ দুভৰি,
শৰতৰ এটি প্ৰভাতি পুৱাত ।
অৱশ্যে অচিনাকি পথটোও কিন্তু
এতিয়া অচিনাকি হৈ থকা নাই,
এতিয়া তোমাৰ উপস্থিতি অনুভৱ কৰোঁ,
পথটোৰে খোজ লৈ থাকোঁতে,,
আজিও সেই শেৱালীজোপাৰ তললৈ চাওঁ আৰু প্ৰথম দেখা তুমিজনীলৈ কল্পনা কৰি থমকি ৰওঁ,
হয়তো এনেদৰেই
কেতিয়াবা চকুয়ে চকুৰ গভীৰতাৰ বুকুত সোমায় পৰে,
আৰু অচিনাকি জনো হৈ পৰে আমাৰ বাবে আপোন,
প্ৰথম চিনাকি অচিনাকিবোৰৰ
মাজতেই যে কেনেদৰে,
হৃদয়ৰ ভাললগাবোৰে পোখা মেলে,
সচাঁকৈ ভাবিলে আচৰিত লাগে,,
এই শৰৎ বোৰ এতিয়া মোৰ বৰকৈ প্ৰিয়,
কাৰণ তোমাৰ উপস্থিতিৰ উমান আনুভৱ কৰোঁ আজিও,
কাৰণ ,
তোমাৰ বাবেইটো এদিন
শৰতৰ প্ৰেমত পৰিছিলোঁ,
নজনাকৈয়ে নুবুজাকৈয়ে ।
@দিপাংকৰ ভাগৱতী