Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

চাইকেল চোৰৰ সাক্ষাৎকাৰ

🥭নন্দেচৰ(ৰেডিঅ' সংবাদদাতা): নমস্কাৰ মই ১৩.৫ FM ৰ পৰা নন্দই ক'লো,
আজি আমাৰ লগত আছে বিশেষ প্ৰতিভা থকা বুদ্ধিজীৱী এজন চাইকেল চোৰ,আহক আপোনালোকৰ আগত তেওঁক চিনাকি কৰাই দিওঁ ।
🍐দম্বৰু(চাইকেল চোৰ): ধন্যবাদ ধন্যবাদ নন্দ।
🥭ৰেডিঅ'সংবাদদাতা: বাৰু কওঁকচোন দম্বৰুকাই, আপোনাৰ চাইকেলক লৈ থকা অভিজ্ঞতাৰ কথা, কেনেদৰে চোৰ কৰিবলৈ প্ৰেৰণা পাইছিল ।
🍐দম্বৰু: এ মিতা নকবা আৰু বুজিছা,,আমাৰ ককাইদেউ মহিয়ামৰ পৰাই প্ৰেৰণাবিধ লাভ কৰিছিলোঁ,, চাইকেল বুলি ক'লে আমাৰ এটা বেলেগেই দুৰ্বলতা মিতা ।
🥭ৰেডিঅ'সংবাদদাতা:বাৰু দম্বৰু কাই, জনাওকচোন,,আপুনি চাইকেলবোৰ কেনেদৰে সৰকাইছিল ,ৰাইজে জানিব বিচাৰিব ।
🍐 দম্বৰু:এহহ মিতা তুমিয়ো যে আউ,আগতে মানে কোনোবাই চাইকেল এখন নতুনকৈ আনিলেই, মই লাগিয়েই যাওঁ আৰু বুজিছা মিতা,,,একদম পেডেল,হেণ্ডেল, কেৰিয়াৰ,টিলিঙা এইবোৰ দেখিয়েই একদম গমেই পাই যাওঁ এইখন চাইকেল কিমান দিন টিকিব,, লাহেকৈ আৰু বুজিছা মিতাই,,সুযোগকন দেখি.....চাইকেলখনৰ পৰা মালিকজন আতৰি গ'লেই ,,,জাপ মাৰি উঠো আৰু মিতাই,,,মুঠতে পেডেল নেৰো বুজিছা,,,,,একেবাৰতে আহি আমাৰ কটিয়া শগুণ, মানে আমাৰ গাওঁৰ বোধেশ্বৰৰ দোকানত সোমাও আৰু পকেটৰ পৰা প্লাছ পাট উলিয়াই লৈ,,,,পেডেল,হেণ্ডেল খুলি চাইকেলখনক অলপ সলাইয়েই পেলাও বুজিছা মিতাই,,, এনেকৈয়ে আজি মই সফল চাইকেল চোৰ হ'ব পাৰিলো আজি ।
🥭 ৰেডিঅ' সংবাদদাতা : বাহ বাহ দম্বৰু কাই,,মানি গৈছো দেই,,,বোলো কৃষ্ণ 😂

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...