উল্কাপিন্ড




মাজনিশা !
তুমি আৰু মই
দুটি উল্কাপিন্ড হৈ
পৃথিৱীৰ বুকুত উজ্বলি উঠিম !
তুমি আহিবা দক্ষিণ মেৰুৰে
আৰু 
মই আহিম পশ্চিম মেৰুৰে
লগ হ'ম দুয়ো পৃথিৱীৰ বুকুতে ।
আমাৰ চাৰিচকুৱে আলিংগন কৰিব ।
এই মিলনৰ  সন্ধিক্ষণতেই,
উজ্বলাই তুলিম আমাৰ দিগন্তচুম্বী
হেঁপাহৰ সপোনবোৰক 
একেলগে ।



#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...