Showing posts with label #জীৱনৰ অনুভৱ. Show all posts
Showing posts with label #জীৱনৰ অনুভৱ. Show all posts

সপোনত তাইৰ ঠিকনা বিচাৰি

                        
         প্ৰেম সকলোৰে জীৱনলৈ আহে... কিন্তু এই প্ৰেমৰ সংজ্ঞা বিচৰি উলিওৱাটো বৰ জটিল... প্ৰেমৰ কোনো ঠিটনা নাই, কেতিয়া ক'ত কাৰ লগত এই প্ৰেম হৈ যায় কোনেও ক'ব নোৱাৰে । ঠিক সেইদৰে হয়তো মইও প্ৰেমত পৰিছো, কাৰোবাৰ পৰশত মোৰো প্ৰেমবোৰে পাখি মেলিব ধৰিছে,নিশাৰ সপোনবোৰৰ মাজৰ সেই টুকুৰা টুকুৰ আশাবোৰে যেন তাইৰ পৰশ পাইয়ে  প্ৰেমৰ মালা গাঠিব ধৰিছে । তাইক লৈ দেখা নানানটা সপোনে যেন দুচকু জুৰায় তোলে আজি, সপোনবোৰৰ মাজতো যেন এতিয়া তাইৰ সৈতে প্ৰেমৰ আলাপ, আজিও সপোনত তাইৰ বাবেই কেৱল অপেক্ষা....তাই সঘনাই অহা-যোৱা কৰা বাটটোতেই যেন ৰৈ ৰ'ম তাইৰ বাবে...,জানোছা এবাৰ তাইৰ চকুলৈ চালে সপোনত দেখা পাওঁ । ভালপোৱাৰ সপোনবোৰেই চাগেই এনেকুৱা...😊নিলিখা কবিতাও যেন লেখি পেলাম তাইৰ চকুজুৰিলৈ চাই.... কেইটামান চিম্পল ভাষা আৰু শব্দৰেই যেন বিয়পাই তুলিম এবুকু অনুভৱ । প্ৰেমবোৰ বাৰু এনেকুৱাই নেকি....? ৰঙীন সপোনবোৰ যেতিয়াই দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব , সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ.....মোক ইমান বিশাল আকাশখন নালাগে জানা,
সৌ যে দেখিছা আকাশৰ তৰাবোৰ , তাকো নালাগে......৷
মোৰ বাবে যেন এতিয়া তোমাৰ অলপ সহাৰিয়ে যথেষ্ট...।...শুকুলা ডাৱৰ চপৰাই কি মনোৰম হৈ জোনটিৰ লগত লুকাভাকু খেলিছে , পাৰিলে তোমাৰ নামত এচপৰা কিনি ৰাখিম ৷ তুমি মই তাত লুকাই লুকাই মনৰ কথাবোৰ পাতিম.... ৷ যেতিয়া কলীয়া ডাৱবোৰে আবৰি ধৰিব আকাশখন... তোমাক যেন মোৰ বুকুৰ মাজত সোমোৱাই ৰাখিম ৷ বৰষুন পৰিব টোপ টোপ কৰি....আৰু টোপাল টোপালবোৰত তুমি মই উমলিম......৷কবিতা কবিতা যেন হৈ পৰিব সময়বোৰ । নিশাবোৰ যেন এনেদৰেই পাৰ কৰিম তোমাৰ লগত..... এনেদৰেই যেন নিশাবোৰ  বাগৰি যাব আৰু পুৱাৰ বেলিৰ পোহৰত যেন আকৌ হেৰাই যাব সপোনবোৰ ।


দিপাংকৰ ভাগৱতী

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...