Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Ghost In Love

মৃত্যুৰ সিটোপাৰে
(GHOST IN LOVE)

আজি অমাৱস্যা
সময় নিশা ১২ বাজিছে,
অন্ধকাৰবোৰকে লগত লৈ
মই অকলশৰে বহি আছোঁ ,
আজি বৰকৈ মন গৈছে 
জানা ?
বিষাদৰ সমাধি বগাই,
তোমাৰ সুখৰ চহৰখনিত দুখৰ প্ৰেমিক চৰাইটো হৈ বিনাই ফুৰিবলৈ,
তোমাৰ দুচকুৰ সাগৰনীলা
অনুভৱবোৰক লৈ আকৌ কবিতা এটা ৰচিব বিচাৰোঁ,
এবাৰ তোমাৰ নামত কান্দিব বিচাৰোঁ,
কিন্তু নোৱাৰো জানা.....
মৃত্যুৰ পিছত যে চকুলোবোৰ হেৰাই পৰিল,
ইচ্ছা কৰিও যে একো কৰিব নোৱাৰোঁ,
মাথো আমাৰ অতীতবোৰ হে স্মৃতি হৈ,
আত্মাৰ একোনত ৰৈ গ'ল,
আচ্ছা বাদ দিয়া,
শুনা তুমি কুশলে আছানে ?
এটা কথা কওঁ
তুমি চাগৈ একদমেই বুঢ়ী হৈ গ'লা ন,
মই কিন্তু আগৰ দৰেই সেই ডেকাটো হৈ আছোঁ,
জানা ....?
অৱশ্যে এতিয়া মই যে 
ইচ্ছা কৰিও,
আগৰ দৰে 
তোমাৰ লগত প্ৰেমৰ আলাপ কৰিব নোৱাৰোঁ,
সকলো হেৰাই গ'ল অ'......,
আমাৰ সপোন,আমাৰ অভিমান,আমাৰ ভাললগাবোৰ.....
এহহ বাদ দিয়া
আচ্ছা,শুনা.....
আজিটো তোমাৰ জন্মদিন, 
তুমি কিন্তু গংঙ্গাটোপ টো হৈ ,
মুখ ফুলাই বহি নাথাকিবা,
এটি মৰমলগা হাঁহিৰে পুৱাটো জীপাল কৰিবা,
আৰু চোৱানা.....
আমাৰ প্ৰেমবোৰ এতিয়াও অমৰ হৈয়ে আছে,
মৃত্যুৰ পিছতো মই তোমাৰ জন্মদিনৰ দিনা সাৰে উঠিছো,
ঐ এটা কথা কি জানা.....?
তোমাক যে মই আগতে ভূতৰ কাহিনীবোৰ ক'লে,
ভয়তে মোক সাবতি ধৰিছিলা আৰু যে কৈছিলা ভূত বহুতেই বেয়া,
"মোৰ ভয় লাগে"
শুনা মই আকৌ তেনেকুৱা একদমেই নহয় দেই,
এতিয়াও সমাধিৰ পৃথিৱীত তোমাৰ নূপূৰৰ শব্দটোক মনত পেলায়েই বাট চাই ৰওঁ,
আজিৰ দিনটোৰ বাবে.....
ঐ শুনা ৰাতি পুৱাবৰে হ'ল মই যাবগৈ লাগিব,
কুশলে থাকিবা আৰু যে এই প্ৰেমিক চৰাইৰ অসম্পূৰ্ণ সপোনবোৰক হৃদয়ৰ পৰা মচি নিজকে সুখৰ সমান সুখী কৰি তুলিবা,
আচ্ছা আচ্ছা শেষত শুনাচোন ,
আমাৰ এই প্ৰেম আৰু ভালপোৱাক বুকুত লৈ,
মৃত্যুৰ সিপাৰে মই বাট চাই ৰ'ম,
মাথো তোমাৰ বাবে ।

উল্কাপিন্ড




মাজনিশা !
তুমি আৰু মই
দুটি উল্কাপিন্ড হৈ
পৃথিৱীৰ বুকুত উজ্বলি উঠিম !
তুমি আহিবা দক্ষিণ মেৰুৰে
আৰু 
মই আহিম পশ্চিম মেৰুৰে
লগ হ'ম দুয়ো পৃথিৱীৰ বুকুতে ।
আমাৰ চাৰিচকুৱে আলিংগন কৰিব ।
এই মিলনৰ  সন্ধিক্ষণতেই,
উজ্বলাই তুলিম আমাৰ দিগন্তচুম্বী
হেঁপাহৰ সপোনবোৰক 
একেলগে ।



আৱতৰীয়া বৰষুণজাক

আৱতৰীয়া বৰষুণজাকৰ কথা

ভাবিলেই

তোমাৰ কথা মনলৈ আহে

সেই যে ছাতিৰ আৰঁত তোমাৰ মুখখন,

এমুঠি অভিমান লৈ স্কুলৰ বাছখনৰ পৰা নামা,

আৰু বৰষুণ জাকত তিতিব মন কৰিও থমকি ৰোৱা,

লুকুৱাব বিচৰা যদিও  ,

তোমাৰ দুচকুৰে কৈ যোৱা স্পষ্ট কথাবোৰ   ,

আৰু কেৰাহিকৈ মোলৈ চাই নেদেখা চকুজুৰি,

এতিয়া সোৱৰণী হৈ আছে ,

মেঘ ছন্ন আকাশৰ কোনোবা কোণত।

লগ পোৱাৰ ত্ৰাৰণাত…

দুপৰীয়া

তিনি বাজি এক মিনিটত,

প্ৰায় তুমি অহালৈ বাট চাই ৰওঁ,

চাৰিআলিটোৰ ওচৰত ।

জানোচা এজাক আৱতৰীয়া বৰষুণক লৈ,

আকৌ তুমি দীঘলীয়া পথতোৰে মোৰ সন্মুখলৈ আহা,

আৰু দুচকুৰে এবাৰ লাজ লাজকৈ চাই হাহিঁ মাৰি যোৱা।

সচাকৈ দেই

উজাগৰিত প্ৰায় ভাবি পৰো মই।

কি যে বেইমান অনুভৱ এইবোৰ,

হৃদয়ৰ প্ৰতিটো ষ্টেচনতে কম্পন হয়

মাথো প্ৰেমৰ……

সপোনবোৰৰ খোপনি হেৰাই,

বাৰে বাৰে মাথো তুমি লৈ অহা বৰষুণ জাকত

বিচাৰি ফুৰে চিনাকি ৰং সপোনৰ।

যদিহে আকৌ লগ পাওঁ তোমাক,

সেন্দুৰ ৰঙেৰে জিলিকাম তোমাৰ কপাল,

যদি সময়েও সলাই ৰং,

সংশয় নাৰাখি সেই ৰঙেৰেই

জিলিকাই তুলিব তোমাৰ দুগাল,

যদি সি সপোনো হয় কোনো জোনাকী নিশাৰ,

সাৰ পাব নিবিচাৰোঁ কাহানিও,

তুমিও নক’বা মোক

সপোনত আহি।

দিঠকৰ কঠিন শিলত প্ৰেমৰ ছবি আকিবলৈ।

দিঠকৰ তুমি অনা,

সেই আৱলিৰ আৱতৰীয়া বৰষুণ জাকেই,

নিশা মোৰ সপোনত প্ৰেমক দিব আজীবন।

আৰু সৃষ্টি কৰি তুলিব…

এক নিবিৰ স্বপ্নৰ।

✍দিপাংকৰ ভাগৱতী

dipankarbhagabati8Gmail.com

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...