মৃত্যুৰ সিটোপাৰে
(GHOST IN LOVE)
আজি অমাৱস্যা
সময় নিশা ১২ বাজিছে,
অন্ধকাৰবোৰকে লগত লৈ
মই অকলশৰে বহি আছোঁ ,
আজি বৰকৈ মন গৈছে
জানা ?
বিষাদৰ সমাধি বগাই,
তোমাৰ সুখৰ চহৰখনিত দুখৰ প্ৰেমিক চৰাইটো হৈ বিনাই ফুৰিবলৈ,
তোমাৰ দুচকুৰ সাগৰনীলা
অনুভৱবোৰক লৈ আকৌ কবিতা এটা ৰচিব বিচাৰোঁ,
এবাৰ তোমাৰ নামত কান্দিব বিচাৰোঁ,
কিন্তু নোৱাৰো জানা.....
মৃত্যুৰ পিছত যে চকুলোবোৰ হেৰাই পৰিল,
ইচ্ছা কৰিও যে একো কৰিব নোৱাৰোঁ,
মাথো আমাৰ অতীতবোৰ হে স্মৃতি হৈ,
আত্মাৰ একোনত ৰৈ গ'ল,
আচ্ছা বাদ দিয়া,
শুনা তুমি কুশলে আছানে ?
এটা কথা কওঁ
তুমি চাগৈ একদমেই বুঢ়ী হৈ গ'লা ন,
মই কিন্তু আগৰ দৰেই সেই ডেকাটো হৈ আছোঁ,
জানা ....?
অৱশ্যে এতিয়া মই যে
ইচ্ছা কৰিও,
আগৰ দৰে
তোমাৰ লগত প্ৰেমৰ আলাপ কৰিব নোৱাৰোঁ,
সকলো হেৰাই গ'ল অ'......,
আমাৰ সপোন,আমাৰ অভিমান,আমাৰ ভাললগাবোৰ.....
এহহ বাদ দিয়া
আচ্ছা,শুনা.....
আজিটো তোমাৰ জন্মদিন,
তুমি কিন্তু গংঙ্গাটোপ টো হৈ ,
মুখ ফুলাই বহি নাথাকিবা,
এটি মৰমলগা হাঁহিৰে পুৱাটো জীপাল কৰিবা,
আৰু চোৱানা.....
আমাৰ প্ৰেমবোৰ এতিয়াও অমৰ হৈয়ে আছে,
মৃত্যুৰ পিছতো মই তোমাৰ জন্মদিনৰ দিনা সাৰে উঠিছো,
ঐ এটা কথা কি জানা.....?
তোমাক যে মই আগতে ভূতৰ কাহিনীবোৰ ক'লে,
ভয়তে মোক সাবতি ধৰিছিলা আৰু যে কৈছিলা ভূত বহুতেই বেয়া,
"মোৰ ভয় লাগে"
শুনা মই আকৌ তেনেকুৱা একদমেই নহয় দেই,
এতিয়াও সমাধিৰ পৃথিৱীত তোমাৰ নূপূৰৰ শব্দটোক মনত পেলায়েই বাট চাই ৰওঁ,
আজিৰ দিনটোৰ বাবে.....
ঐ শুনা ৰাতি পুৱাবৰে হ'ল মই যাবগৈ লাগিব,
কুশলে থাকিবা আৰু যে এই প্ৰেমিক চৰাইৰ অসম্পূৰ্ণ সপোনবোৰক হৃদয়ৰ পৰা মচি নিজকে সুখৰ সমান সুখী কৰি তুলিবা,
আচ্ছা আচ্ছা শেষত শুনাচোন ,
আমাৰ এই প্ৰেম আৰু ভালপোৱাক বুকুত লৈ,
মৃত্যুৰ সিপাৰে মই বাট চাই ৰ'ম,
মাথো তোমাৰ বাবে ।