তুমি আৰু মই স্মৃতিৰ এক আধৰুৱা অধ্যায়ৰ পাতনি... তুমি কোৱাৰ দৰে সময়বোৰ তেনেকুৱা নহয় আৰু তুমি বুজোৱাৰ দৰে জীৱনটোও ইমান সৰল নহয়,তুমি কৈছিলা আকৌ আমি লগ হ'ম সেউজীয়া আৰু জীপাল কবিতাবোৰৰ মাজত...নিশাৰ তৰাবোৰৰ পৰা লুকাই আন্ধাৰৰ মাজত প্ৰেমৰ কথা পাতিম....তাৰে এশাৰী তুমি আৰু দুটাশাৰী মই ক'ম । আজি প্ৰায় বহুদিনেই পাৰ হৈ গ'ল... তুমি ক'ত আছা.?..কুশলে আছানে... ?.... প্ৰতিশ্ৰুতি বোৰ এতিয়া যেন প্ৰতাৰণাৰ ৰূপ ল'ব ধৰিছে।... এতিয়াতো সময়বোৰো মাথো বোজা হে হৈ ৰ'ল । আগৰ দৰে কবিতাবোৰো ৰসাল নহয় এতিয়া জানা ?...., তুমি যে কৈছিলা মোৰ কবিতাবোৰৰ মাজত প্ৰেমৰ ঠিকনা বিচাৰি উলিয়াবলৈ বৰ সহজ.....হয়তো এতিয়া তোমাৰ অনুপস্থিতিৰ বাবে সেই ঠিকনা বোৰো হেৰাই গ'ল..... বৰষুণৰ টোপালৰ গুণ গুণনিবোৰ শুনিলে সদায় বাৰাণ্ডাৰ কাষত বহি তোমালৈ বাট চাই ৰওঁ ...,জানোছা আগৰ দৰে আজিও তুমি দৌৰ মাৰি আহা আৰু মোৰ দুহাতত ধৰি টোপালবোৰৰ মাজত উমলা....🥺🥺🥺🥺কিন্তু এতিয়া যে তুমি নাই..!....
এতিয়া যেন আৱতৰীয়া বৰষুণজাকো বৰ বিৰক্তিদায়ক জানা..?....
.......আজি ঘৰৰ পৰা হোষ্টেলৰ অভিমুখে বাট লৈ থাকোতে জালুকবাৰী পাৰ হৈ শৰাইঘাট দলং খনৰ ওপৰ পাওঁতে তোমাৰ এটা কথা বৰকৈ মনলৈ আহিছে জানা .....? তুমি যে এদিন মোৰ পৰা পাচ টকা এটা লৈ সেৱা কৰি ব্ৰহ্মপুত্ৰৰ বুকুলৈ দলিয়াই দিছিলা আৰু যে মই সোধাত কৈছিলা 😊"এইটো মোৰ অভ্যাস অ' "...সচাকৈ বৰ মনত পৰে অ' কথাবোৰ....তোমাৰ যে ভাষাবোৰ আজিও এটা এটা কৰি মনলৈ আহে.....! কিন্তু......😔সময়বোৰ যে নিষ্ঠুৰ এতিয়া... এতিয়া মইও সেই অভ্যাসবোৰকে আপোন কৰি লবলৈ শিকিলো জানা.....? ধেৎৎ... মইও যে , তুমিনো কেনেকৈ জানিবা.. তোমাক লৈ কি অনুভৱ কৰি পাৰ কৰিছো দিনবোৰ.... তথাপিও স্মৃতিৰ সেউজীয়া পথাৰখনিত থিয় হৈ বাট চাই ৰ'ম তোমাৰ বাবে...!... সপোনবোৰৰ মাজত কল্পনা কৰি আকৌ তোমাৰ প্ৰেমতে বাৰে বাৰে পৰিম....।....
দিপাংকৰ ভাগৱতী