Showing posts with label ভূত. Show all posts
Showing posts with label ভূত. Show all posts

তেতেলী তলৰ কাঞ্চন

মাজ নিশা....অন্ধকাৰ চাৰিওদিশ,,,, হঠাৎ কলিন বেলটো বাজি উঠিল,,, কাঞ্চনে গৈ দুৱাৰখন খুলি দিলে,আনদিনাৰ দৰে সেইদিনাও ভাস্কৰে দেৰিলৈকে  অফিচৰ লগৰ কেইজনৰ লগত পাৰ্টি কৰি ঘৰ সোমাইছিলহি,,, 
             কাঞ্চনে কিমান সহ্য কৰিব ,সেইকাৰণে খঙ কৰি তাই কৈ পেলালে
"তুমি সদায় সদায় যদি এনেদৰে মদ খাই ঘৰ সোমোৱা মই কিন্তু তোমাৰ লগত থাকিব নোৱাৰিম,আমাৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা ভাবানে এবাৰমান"(কাঞ্চন আৰু ভাস্কৰৰ বন্তি নামৰ এটা ৪ বছৰীয়া ল'ৰা আছে)
ভাস্কৰে সেইদিনা অভাৰ পাৰ্টি কৰি বহুত খাই আহিছিল,,সি একেবাৰে গোটেইটো কাক কথা ক'বলৈ আহিছ' বুলি খঙত জক খাই উঠিল ,,,, আৰু কাঞ্চন ক ঠেলা মাৰি ক'লে " যা ওলাই যা ঘৰৰ পৰা".... আৰু এইবুলি আলমাৰিটোৰ ওপৰতে থকা হেলমেটটোৰে খঙতে তাইৰ মূৰত প্ৰচণ্ড জোৰে মাৰি পঠিয়ালে.......কাঞ্চনৰ মুখৰ পৰা এটা বিভৎস চিঞৰ "আহহহহহ"... আৰু তাই পকাত ঢলি পৰিল ।
নিছাৰ ৰোষত পৰি ভাস্কৰে ভালদৰে মনিব পৰা নাছিল কি হ'ল,,,চকুদুটা মোহাৰি সি দেখিলে,,,,, কাঞ্চন ঢলি পকাত পৰি আছে,, আৰু তাইৰ মূৰেৰে তেজৰ যেন নৈ বৈ পৰিছে,,,,,,,"তোৰ এনেকুৱাই হ'ব লাগে,,মৰ চাল্লা".. ভাস্কৰে খঙ কৰি ক'লে,,, বহু সময় পৰি থাকি কাঞ্চনৰ তেজবোৰো গোট মাৰি ৰৈ গ'ল,,,তাইৰ মৃতদেহটো ১ঘণ্টা ধৰি পৰি থাকিল,, হঠাৎ ভাস্কৰৰ নিছা ফাটিব ধৰাত সি দেখি...... হাৰে....কি কৰিলোঁ মই এইয়া,,,,,(ভয়ত তাৰ মুখৰ শব্দ নোহোৱা হ'ল).......সি মনে মনে চিৰিৰে ওপৰলৈ উঠি গ'ল আৰু বন্তিক চালে,,,,,,সি শুই আছে,,, লাহেকৈ তাৰ ৰুমৰ দুৱাৰখনক বাহিৰৰ পৰা লক কৰি  আহি ভাস্কৰে লৰালৰিকৈ পকাত পৰি ৰোৱা তেজবোৰ মচিবলৈ লাগিলে আৰু বন্তিয়ে গ'ম নোপোৱাকৈ  লাহেকৈ তাইৰ মৃতদেহটো কান্ধত উঠাই পাছফালৰ তেতেলী জোপাৰ তললৈ নি পুতি থৈ আহিল ।
 পাচদিনা বন্তিয়ে আনদিনাৰ দৰেই শুৱাৰ পৰা উঠি অকলে অকলে কথা পাতি আছে নিজৰ লগতে,,,,তাক ভাস্কৰে বেৰ্কফ্ৰাস্ত কৰিবলৈ মাতিল আৰু সি খাই উঠি বাহিৰত খেলিবলৈ গ'ল,,, ভাস্কৰে আচৰিত হৈ পৰিল
"আজি ই ৰাতিপুৱাৰে পৰা মাকৰ কথা এবাৰো শুধা নাই যে".......
এনেদৰেই দুই সপ্তাহ পাৰ হৈ গ'ল,,,,,বন্তিয়ে খুব হাঁহি ফূৰ্তি কৰি দিনবোৰ পাৰ কৰিছে,,,"আগতে যিটো ল'ৰাই মাক নহ'লে হুলস্থূল কৰি উঠিছিল, এতিয়া এবাৰো মনত পেলোৱা নাই যে কিয় ..?"....আচৰিত হৈ ভাস্কৰে নিজকে প্ৰশ্ন কৰিছে,,,,,,, সেইদিনা ১৫ দিন পাৰ হ'ল,, কাঞ্চনৰ মৃত্যুৰ,,,,,,নিশা ১২ বজাত বন্তিয়ে ৰুমত ভিডিঅ'গেম খেলিছে আৰু চিঞৰি মাতিছে ভাস্কৰক...,"PAPA PAPA..শুনাচোন...এইফালে আহা"...,,,, ভাস্কৰৰ ৰুমতো বন্তিৰ ৰুমটোৰ কাষতে,,, উঠি আহি সি সুধিলে "ইমান দেৰিলৈ এইবোৰ খেলি আছ' যে.......শুই থাক...
"মাৰৰ লগত টোকো পঠাই দিব লাগিছিল"..... কিয় মাতিছিলি ?..."ভাস্কৰে শুধিলে".....
"নহয় মানে PaPa এটা কথা সুধিব আছিল মাক তুমি কিয় ইমান ভালপোৱা ?","বন্তিয়ে সুধিলে",,,,,, প্ৰশ্নটো শুনি ভাস্কৰ ঘামি পৰিল যদিও, সি গহীণত সুধিলে..."এই ৰাতিখন অদৰকাৰী প্ৰশ্ন কিয় সুধি ফুৰিছহ,,,শুই থাক"...এইবুলি কৈ  ভাস্কৰ কোঠাটোৰ পৰা ওলাই যাব ধৰোতেই,,,বন্তিয়ে কৈ উঠিল "Goodnight MAA".... ভাস্কৰে ঘূৰি ক'লে ক'ত দেখিলি মাৰক.....বন্তিয়ে এটা মিচিকিয়া হাঁহিৰে কৈ উঠিল,...."PAPA তুমিও যে সৰুল'ৰাৰ নিচিনা কথাবোৰ কিয় কোৱা,,,,,ইমান দিন ধৰি চোন মাক তুমিয়েই কান্ধত উঠাই লৈ ফুৰিছিলা,,,তুমি চাগে মাক বহুত ভাল পোৱা ন,,,...এইবুলি কোৱাৰ পাছতেই ভাস্কৰে লাহেকৈ............।

✍️দিপাংকৰ ভাগৱতী

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...