কেনেদৰে এটি কবিতাৰ সৃষ্টি হয়_Dipankar Bhagabati

১/ অব্যক্ত কথাবোৰক কাল্পনিক উপলব্ধিৰ মাজেৰে কাগজ কলমৰ দ্বাৰা সজাই তোলা এক শিল্পভাবনাই হ'ল কবিতা , হৃদয়স্পৰ্শী সৰু সৰু ভাললগাবোৰক লৈ আৰু কাল্পনিক চৰিত্ৰৰ মাজত নিজকে সন্ধান কৰিবলৈ গৈ অনুভৱৰ বুকুত ছন্দৰ সমাহাৰে কাগজৰ বুকুত কলমেৰে লিখি ৰখা সেই সৰল শব্দবোৰৰ মাজেৰেই এটি কবিতাৰ সৃষ্টি হয় ।

~Dipankar Bhagabati

২/ সৃষ্টিৰ প্ৰহৰে প্ৰহৰে
নদীৰ লহৰে লহৰে
হৃদয় স্পন্দিত
অনুভৱ,অনুভুতি,অনুৰাগৰে
সৃষ্টি হয় শব্দৰ বুলনি,
শব্দৰ মালা গাঁথি কল্পনাৰ পৃথিবীত
দিওঁ ছতিয়াই-------
হৃদয় অনুৰাগীয়ে লয় আঁকোৱালি
এইয়াই  কবিতাৰ সৃষ্টি।।

~Niva Borah Boruah

৩/ কল্পনা ৰহন সানি
সুখ দুখবোৰ, আবেগ অনুভৱ 
কিছুমান জীয়া ছবি শব্দ অনুপমা
সংগযোগ কৰি কবিতা ৰচনা হয়।
পৃথিৱীৰ সৌন্দৰ্য্য অপৰিসীম। শব্দ বিন্যাসেৰে সজাই সকলো জড় অজড় ওপৰত কবিতা এটা সৃষ্টি। প্ৰেম ভালপোৱা আৰু সকলো ইতিহাসৰ তত্ত্বগধুৰ চিন্তাশীল লেখাৰ মাজেৰে প্ৰকাশ কৰিব বিচৰাটোৱ সপোন ৰঙীন কবিতা ৰচনা। পাঠকৰ মনৰ ভালপোৱা কথাবোৰ ব্যক্ত কৰি মনোগ্ৰাহী কৰি তুলিব পাৰিলে কবিতাই প্ৰাণ পাই।

~Barnali Patgari Gohain

৪/ কবিতা নাজানো কেতিয়া আৰু কেনেকৈ আহিছিল  শীতৰ বুকুৰ পৰানে নদীৰ পৰা।
নে একুৰা জুইৰ পৰা
নাজানো মই।
কিন্তু মোক মাতি নিছিল বাটৰ পৰা যিদিনা তোমালৈ মনত পেলাই গৈ আছিলোঁ হেৰুৱা অতীত বিচাৰি।
য'ত মোৰ নাছিল কোনো সুখ । এতিয়া মোক স্পৰ্শ কৰিছে কবিতাই য'ত ভৰি পৰিছে মোৰ সুখ কেৱল সুখ।।

~Pronoti Gohain

৫/ নিৰলাত  সোৱঁৰা হিয়াৰ আবেগ-অনুভূতি আপোনা আপোনি পাৰ ভাঙি বাগৰি অহা  ঢলেই হ'ল কবিতা ,  কবি হৃদয়ৰ কল্পনা প্ৰতিভাৰ  অভিব্যক্তি আৰু সেই কল্পনাৰ ৰহণেৰে হেঙুল হাইতাল বোলাই চিন্তা আৰু অভিজ্ঞতাৰ শব্দৰ মালাৰে  স্বতন্ত্ৰ ৰূপেৰে ৰূপ লয় এটি কবিতাই ।

~Hiruma Saikia 

৬/ বৰষুণৰ সৰা টোপাল হৈ
মোৰ এই উদং চোতালখনিত
মাথো এবাৰ আহি চুমি
      যাবানে?
তুমি অহাত প্রান পায় উঠিব মোৰ এই শুকান চোতালখনি
        আৰু 
সোৱাৰাই দিব মোক
এই বৰুষুনৰ সৰু সৰু টোপালবোৰে  মাথো 
 প্রেমৰ কবিতা ৰচিবলে।।

~Rim Rajbongshi

৭/ নিসংগতা যেতিয়া সংগী হয় ভাৱনাৰ কোৱাল ঢৌবোৰে মনত বৰকৈ খুন্দিয়াই
অনুভৱৰ শব্দৰ মালিতা বোৰে লানিনিচিঙা হয় ৷হৃদয়ৰ কোহেঁকোহেঁ শব্দবোৰে যেন চিৎকাৰ কৰে কবিতাৰ সৃষ্টি হবলৈ
 এখন বিশাল সৰগ ৰচিবলৈ
অগনন তৰা জিলিকাবলৈ ৷

~padmini Rajbongshi

৮/ কবিৰ হৃদয়ত অনুভূতিৰ পৰিসৰে সীমা অতিক্ৰম কৰি কবিৰ কল্পনা আৰু আবেগৰ ঢলে ভাৱ সম্বলিত হৈ ছন্দোৱদ্ধ ৰীতিত আপোনা আপুনি পাৰ বাগৰি প্ৰকাশ কৰাৰ পৰাই কবিতা সৃষ্টি হয় ৷কবিৰ হৃদয়ত তোলপাৰ লগোৱা অনুভৱে  ভাৱ প্ৰকাশক  শিল্পীত ছন্দৰীতিৰে লয় যতি , ছেদ , ধ্বনি সুষমা সম্বলিত শব্দপুুঞ্জই অৰ্থ  প্ৰকাশ কৰি  পাঠকৰ অন্তৰ জয়  কৰিব পাৰে ৷এয়াই কবিতা ৷

~Ranu Bordoloi

৯/ জীৱনৰ হাঁহি,  কান্দোন,  ভাললগা , বেয়া  লগাবোৰ থুপ খুৱাই  হৃদয়ৰ  সচাঁ  অনুভূতি  বোৰ  কলমৰ আগেৰে নিগৰি আহি সৃষ্টি  হোৱা  শব্দৰ  মালাধাৰিয়েই  হ'ল ---কবিতা  
য'ত কল্পনাৰ  ৰহণবোৰ  লগ  হৈ সোণত সুৱগা চৰায় । এয়াই হ'ল  কবিতা ।
~Rubi Devi

সুখৰ সংজ্ঞা কি ?

📌 সুখ হ'ল নিজৰ অন্তৰৰ এখন ফুলনি। প্ৰতিখন অন্তৰে বিচৰা অনুভৱ,অনুভুতি আৰু অনুৰাগবোৰ হ'ল একো একোজোপা ফুলৰ গছ। এজোপা ফুলগছক যেনেদৰে আমি আপদাল কৰি সজিৱ কৰি ৰাখো ঠিক আমাৰ মনৰ অনুভৱ অনুভুতিআৰু অনুৰাগক যদি আমি নিজেই মৰ্যাদা দিওঁ সুখ আহি  আপোনাৰ অন্তৰত নিজে থিতাপি ল'ব। সেয়ে সুখ বিচাৰি ফুৰা বস্তু নহয়। সুখ হ'ল মনৰ অনুভৱ,অনুভুতি। 

#Niva_Borah_Boruah

📌 পাখি মেলি উৰিব বিচাৰোঁ আমি  মুকলি মনে,আকাশৰ বুকুত নিশা তৰা গণো, শৈশৱ, কৈশোৰত বিভিন্ন উৎস সন্ধান কৰোঁ কিয় কাৰণ আমি সুখী হ'ব বিচাৰোঁ,,সময় সাপেক্ষে আমাৰ বাবে সুখৰ সংজ্ঞাবোৰো বেলেগ বেলেগ,কল্পনাৰ সাগৰত সপোন ৰচোঁ, প্ৰত্যেকদিনাই নতুন সপোন নতুন আশা ,, কেতিয়াবা যদি নিৰাশা আৰু কেতিয়াবা আশাৰ ৰেঙনী, আচলতে আমি সকলো কাম কৰাৰ আৰঁত এটাই লক্ষ্য নিহিত হৈ থাকে,, আমি সুখী হ'বলৈ বিচাৰোঁ.. ইয়াৰ কোনো সংজ্ঞা নাই এক জীৱন্ত অনুভৱ,,যি আছে যি পাইছোঁ তাতেই যদি আমি সন্তুষ্ট হ'ব পাৰিছোঁ তেতিয়াই আমি সুখী,,আচলতে সুখী হ'বলৈ আমাক বিভিন্ন উপাদানৰ,কাৰণৰ প্ৰয়োজন নাই লাগে মাথোঁ উপলব্ধি, অনুভৱী মন এটা,, মনটোক যদি আমি বুজাব পাৰোঁ ,আমি সৰু সৰু বস্তুতেই সুখী হ'ব পাৰিম ,,,ই এক হৃদয়ৰ অনুভৱ কিম্বা অনুভূতি যাক সংজ্ঞাৰে বুজোৱাটো কঠিন ।

#দিপাংকৰ_ভাগৱতী








📌 সুখ--সুখ বিচাৰিব জানিলে নিজৰ মাজতেই পায় ,আৰু বিচাৰিব নেজানিলে গোটেই পৃথিৱী চলাথ কৰিলেও বিচাৰি নেপায় ৷মানুহৰ জীৱনত দুখৰ মাজতেই লুকাই থাকে সুখৰ অনুভূতি ৷ সুখ/ দুখৰ  ওজন যদি জোখা হয় তেনেহলে দুখৰ ওজন সদায় বেছি ৷
সুখ মানে হল জীৱনৰ সন্তুষ্টি৷ যিজনে নিজৰ দৈনন্দিন জীৱনক লৈ আত্মসন্তুষ্টি তেওঁ সচাকৈয়ে সুখী ৷যিজন ইয়াৰ বৈপৰীত্য প্ৰকাশ কৰে সেইজন অসুখী ৷সুখৰ সংজ্ঞা বিভিন্ন জনৰ বাবে বিভিন্ন ধৰনে  প্ৰকাশ হয় ৷এজন  ধনীমানুহে বিলাসিতাৰ জীৱনত সুখ বিচাৰি পায় আনহাতে এজন ভিক্ষাৰীৰ বাবে এসাজ ভাত খোৱাতোৱেই সুখৰ কাৰণ হব পাৰে ৷সেয়ে সুখ বিচৰাতো মৰুভুমিত মৰিচীকা বিচৰাৰ দৰে ৷

#Ranu_Bordoloi

📌 সুখৰ সংজ্ঞা বিচাৰি দিহিঙে দিপাঙে
ঘূৰিলো ,কেতিয়াও সাগৰৰ পাৰত ,কেতিয়াবা অস্তমিত সুৰুজৰ বুকুত ,কেতিয়াবা জনসমুদ্ৰৰ মাজত .....অৱশেষত বুজিলো সুখ আমাৰ জীৱনৰ প্ৰতিটো খোজতই, ৰঙ পৰিলেই হয় ৰঙচুৱা।সুখ আমাৰ মনৰ উপলব্ধি যিয়েই মনৰ সন্তুষ্টি আনিব পাৰে ,সুখ আমাৰ হাতৰ মুঠিত।আনৰ লগত নিজকে তুলনা নকৰি নিজৰ কৰ্ম কৰি যোৱা,তাৰ ফল আশা নকৰিবা- যিয়ে দিব পাৰে অনাবিল সুখৰ বতাহ জাক ।।
         
#Hiruma_Saikia


📌  সুখ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ ৷সুখ জীৱনৰ এক গতিশীল অৱস্থা৷যি সময়ৰ প্ৰয়োজন আৰু দাবী,মানুহৰ জীৱনৰ বিভিন্ন অৱস্থা আৰু সমস্যা অনুসৰি পৰিৱৰ্তিত হ’ব পাৰে ৷সুখ ব্যক্তিৰ কল্পনা প্ৰসূত চিন্তাৰ পৰা উদ্ভুত ৷সুখে মানুহৰ জীৱনত আনন্দৰ খোৰাক জন্মায় ৷সুখৰ অবিহনে দুখ, দুখৰ অৱিহনে সুখ উপলব্ধি কৰাটো সম্ভৱ নহয়। সুখে দুখৰ দুখে সুখৰ উপলব্ধি কৰায় আৰু উমান দিয়ে ৷সুখ মানুহৰ জীয়াই থকাৰ প্ৰেৰণা ৷ই মানুহক আনন্দদায়ক কৰি তোলে ৷সুখৰ অভাৱত মানুহ হতাশ হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাই ৷জীৱনটো সুখ দুখৰ সংমিশ্ৰণ। আমাৰ মৃত্যুৰ সময়ত সুখ দুখৰ সৈতে জীৱন প্ৰক্ৰিয়াৰ গতিও স্তব্ধ হৈ পৰে ৷

#Ranjuma_Rahman

📌 জীবনত সুখৰ সংজ্ঞা হিচাপ কৰি আজিলৈকে থমকি হে ৰলো কেবল! 
পাখি ভঙা চৰাইৰ নিচিনা মোৰ সুখৰ জীবন, 
আজিলৈ ২৮ বছৰ পাৰ কৰিলো জীবনৰ  সুখৰ বাট বিচাৰি, 
কত আ বিচাৰি এ নাপাও, ক্ৰমশঃ মই আজি ভাগৰি পৰিছো, 
চৌপাশ মাথো কেৱল অন্ধকাৰ
 আছে নে কি বাৰু কাৰোবাৰ 
  ওচৰত 
জীৱনৰ সুখৰ সংজ্ঞাৰ প্রকৃত হিচাপ ।
                  
#Rim_Rajbongshi

📌 সুখ প্ৰত্যেক মানুহৰ হাতৰ মুঠিতে থাকে। যিখিনি পোৱা যায় তাতেই সন্তুষ্টি লাভ কৰিব পাৰিলে সুখী হব পাৰি। সীমাহীন আশা আকাঙ্ক্ষা ৰ পিছত দৌৰি থাকিলে সুখ উপলব্ধি কৰিব পৰা নেযায়। অৱশ্যে প্ৰত্যেক ৰে কাৰণে সুখৰ সংজ্ঞা বেলেগ বেলেগ। অধ্যয়ণশীল মানুহে অধ্যয়ন কৰি সুখ অনুভব কৰে। অতি ধনী ব্যক্তি সকলে ধন-দৌলত টকা পইচাৰ পিছত ঘুৰিয়ে সুখ অনুভব কৰে। দুখীয়া দৰিদ্ৰ সকলে ভালকৈ এসাজ খাব পালেসুখ অনুভব কৰে। সুখ দুঃখ তুলনামূলক দুখ নাথাকিলে সুখৰ অনুভুতি নহয়। প্ৰকৃত মানৱ ধৰ্ম পালন কৰি মানৱীয় গুণৰ অধিকাৰী হৈ সমাজত বা দেশৰ কাৰণে কিছু ত্যাগ স্বীকাৰ কৰিব পাৰিলে সুখী হব পাৰি।

#Kalyani_Devi

📌  সুখবোৰ হৈছে স্বৰ্গীয়! কোৱা শুনিছোঁ বিচাৰিব জানিলে বোলে সকলোতে সুখ, নাজানিলে বোলে সকলোতে দুখ। যি কি নহওঁক, পৃথিৱীৰ সকলো মায়াৰে উৰ্দ্ধত সুখ। ধৰি ৰাখিব নোৱাৰি, হাঁহি হৈ নিগৰি যায়... আৰু যেতিয়া এই স্বৰ্গীয় অনুভূতিবোৰ অধিক হৈ যায়, তেতিয়া মানুহৰ লোভ-মোহ-ক্ৰোধ-মায়াৰ পাশেৰে বন্দী সীমিত শৰীৰটোৰ বাবে ই হৈ পৰে অপ্রকাশ্য,অসহনীয়। আৰু হয়তো তেতিয়াই ই চকুলোৰ সহায় লয়। চকুলোৰ লগত চকুৰ পৰা পৰা তৰাটো হৈ বৈ আহে! যাক কেৱল দেখিলেহে অনুভৱ কৰিব পাৰি, ভাষাৰে বৰ্ণাব নোৱাৰি! হয়তো এইয়াই হয়তো সুখ, স্বৰ্গীয় সুখ!

#Sukanya_Bora

📌 এক কথাত কবলৈ গ'লে ,আত্ম সন্তুষ্টিতেই সুখ অনুভৱ কৰিব পাৰি । কাৰোবাক উপকাৰ কৰিবৰ সামৰ্থ্য নাথাকিলেও অপকাৰ নকৰাকৈ থাকিলে মন ফৰকাল হয় , তেনেকৈ সুখানুভৱ হয় । আনৰ দোষ বাদ দি গুণ বোৰ চাব জানিলে ও সুখ নিজে নিজে ওচৰ চাপে । পাৰ্থিৱ সুখতকৈ আত্মিক সুখহে প্ৰকৃত সুখ ,ধনে জনে উভৈনদী লোক এজনৰ তুলনাত ফটা ছিটা  কাপোৰ পিন্ধা দুখীয়া লোকজনো সুখী হ'ব পাৰে , যদিহে তেওঁৰ অন্তৰত কলুষতা নাথাকে । 
       নিজে ভাল পোৱা কাম কৰি, লগতে সমাজৰ  উন্নতিৰ হকে কাম কৰিব পাৰিলে সুখে এৰা নিদিয়ে ।
        আনক হহুৱাই নিজেও হাঁহি থাকিব পৰা জনৰ সুখ উপচি পৰে ।

#Pramila_chakravarty

📌 প্ৰকৃত সুখী মানুহ যিজন
নিজৰ সুখৰ মহিমাৰে
সমাজৰ উপকাৰ কৰে সাধন।
হ'ব পাৰে সুখৰ সংজ্ঞা
যশ খ্যাতি ঐশ্বয্য বিভুতি
কাম্যবস্ত বিচৰামতে পোৱা।
তথাপিও ভাবো মই
সুন্দৰৰ মহত্বতাৰ বিচিত্ৰতাই
আকৰ্ষনীয় কৰি তুলিব পাৰে
জীৱনক নতুনকৈ সজাই পৰাই।
নিজেই নিজক যেতিয়া পাব ভাল
তেতিয়াও সুখী হ'য়,
উৎসাহ উদ্দীপনাৰে মন।
নানা সমস্যাই জীৱনক
ধৰে যদি আগভেটি
সন্মান সুচকতাৰে কৰিব পাৰে যিয়ে
হাঁহিমুখে আনৰ দোষ গুণ মোচন
সেইবোৰে হ'য় সুখৰ সংজ্ঞাৰ উপদান।

#Binta_Bordoloi

📌 সুখৰ সংজ্ঞা  সকলোৰে বাবে বেলেগ বেলেগ। তিনিকুৰি বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰা শিকিছো সময় ভেদে বয়স  ভেদে পৰিস্থিতি ভেদে মানুহৰ সুখৰ সংজ্ঞা সলনি হয়।মাক-দেউতাকে নিজৰ সন্তানৰ  সুখেই নিজৰ সুখ বুলি ভাবে এটা সময়ত।  এটা কথা ঠিক যে সন্তুষ্টিয়ে সুখ। সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য কৰি যাব লাগিব। ভগৱানে যিখিনি দিছে তাকে লৈ আৰু তাৰ মাজৰ পৰাই সুখৰ উৎস বিচাৰি আত্ম সন্তুষ্টি লাভ কৰিব পাৰিলেই সুখত থাকিব পাৰি।সকলোতকৈ সুখৰ উৎস হ'ল পৰোপকাৰ। আনৰ বাবে কিবা অলপ কৰিব পাৰিলে এক বিমল আনন্দ পোৱা যায়।

#Lily_Goswami_Devi

অনুভৱৰ এজাক বৰষুণত আধৰুৱা হৈ ৰোৱা এটি অধ্যায়

১//
সেইদিনা ১৫ মাৰ্চ দেওবাৰ,আনদিনাৰ দৰে সেইদিনাও সেই মৰমলগা ছোৱালীজনী কৃষ্ণচূড়া জোপাৰ তলতেই ৰৈ আছিল,তাইক প্ৰায়েই সন্ধিয়া পৰত দেখা পাওঁ, নাজানো তাইৰ বুকুৰ ভিতৰৰ বিশাল পৃথিৱীখনে কাৰ অপেক্ষা কৰি সদায় সেই দীঘল পথটিৰ কাষত সন্ধিয়া টোৰ কিছুসময় পাৰ কৰে।তাইৰ গহীন মুখখনিৰ ‍আঁৰত যেন এক ব্যাকুলতা ,মনতো যেন তাইৰ অস্থিৰ কিছুদিনৰ পৰা , যোৱা দুই মাহৰ পৰাই তাইক সদায়েই সন্ধিয়া কৃষ্ণচূড়াজোপা তলতেই দেখা পাই আহিছোঁ,কাৰ বাবে জানো ?.... অপেক্ষা কৰি থাকে , ঘণ্টাৰ পিছত ঘণ্টা,তাইৰ বাৰু ভাগৰ,আমনি একেবাৰেই নালাগে নেকি(নিজকে প্ৰশ্ন কৰো বাৰে বাৰে) ....!
প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই সাক্ষী যে, যেতিয়া জীৱনত এটা বস্তুক বাৰে বাৰে দেখি থকা হয়,তাৰ গভীৰতাৰ উমান ল'বলৈ গৈ সেই বস্তুটোৰ অথবা কাৰকটোক কিছু ক্ষেত্ৰত ভাললগা হৈ পৰে ।...ঠিক মোৰো হয়তো তাইৰ বাবে যেন আকৰ্ষণ আহি পৰিব ধৰিছে....তাইৰ মুখখনৰ কোমলতা আৰু তাইৰ সেই উদাসীন মনটোৰ ভিতৰৰ কথাবোৰক এটি এটিকৈ বিচাৰি পঢ়ি পেলাবলৈ মন যায়.....,...ৰ'দ, বৰষুণ তাইৰ বাবে যেন এইবোৰ কেতিয়াও বাধা হ'ব নোৱাৰে,,হয়তো কোনোবা আপোনজনৰ অপেক্ষাত তাই পাৰ কৰে তাইৰ সময়বোৰ,, তাইৰ সন্ধিয়াতো মৰহি থকা হাঁহিটোৰেই যেন সমাপ্তি ঘটে........

এতিয়া যে মই নিজেও নজনা হৈ পৰিছো তাইৰ ছবিখনে বাৰু বাৰে বাৰে কিয় মোক আমনি কৰা হৈছে,তাইৰ বিষাদখিনিক ভগাই ল'বৰ বাবে যেন আজি মই তাইৰ ৰহস্যবোৰক বিচাৰিম,তাইক গৈ কোনো ভয় নকৰাকৈয়ে সুধি পেলাম,
শুনাচোন,
তুমি বাৰু সদায়েই ইয়াত কাৰ বাবে অপেক্ষা কৰি ৰোৱা আৰু কিয় তোমাৰ মৰমলগা মুখখনিক সেমেকা ডালৰ দৰে মৰহি যাবলৈ দিয়া,কোৱাচোন ?
এহহ মইয়ো যে,হয়তো তাই ভাল নাপাবও পাৰে,যদি তাইৰ বিষাদবোৰক উপলুঙা কৰা বুলি ভাবি লয়...তেতিয়া,, এনেদৰেই,এইবোৰ কল্পনাৰ মাজত নিজকে ব্যস্ত কৰি ৰাখোতেই দেওবাৰৰ সন্ধিয়াটোও স্মৃতি হৈ হেৰাই গ'ল ।
  আজি বুধবাৰ, তিনিদিনৰ বিৰতিৰ পাছত আজি সন্ধিয়া সেই কৃষ্ণচূড়াৰ তলৰ অচিন পৃথিৱীত উমলি থকা চিনাকি মনটোৰ কোমলতাবোৰে মোক যেন মনত পেলাইছে,ঘৰৰ পৰা ওলাই তাইৰ মুখখনি চাবলৈ ধপলিয়াই পালোগৈ,
ঠিকেই আনদিনাৰ দৰে আজিও তাইৰ মুখখনি দুখেৰে সেমেকি পৰিছে,তাইক দেখিলে আজিকালি হৃদয়ৰ মাজত এটি চিনাকি সুৰে আমনি কৰা হৈছে,
হয়তো গিটাৰৰ অথবা সুৰীয়া বাঁহীৰ ধ্বন্নি.... আকাশৰ মেঘবোৰে যেন মোৰ অৱস্থাতো দেখি মিচিকিয়াই হাঁহি উঠিছে,এজাক যেন কিনকিনীয়া বৰষুণ আহিব খুজিও থমকি ৰৈছে,,,,বাৰে বাৰে........
ইমান বছৰে মোৰ সন্ধিয়াটোৰ সময়খিনি এডাল গল্ডফ্লেগৰ ধোৱাৰ মাজেৰেই পাৰ হৈ আহিছিল, কিন্তু আজি মোৰ ভয় লাগিব ধৰিছে, জীৱনটোৰ প্ৰকৃত মূল্য তেতিয়াহে অনুভৱ কৰা যায়, যেতিয়া জীৱনৰ সুখবোৰক আৰু সুখৰ সংজ্ঞাবোৰক বিচাৰি পোৱা যায় । মই বাৰু ইমানদিনে সময়বোৰ এটি জীৱন্ত স্তম্ভ হৈয়ে পাৰ কৰিছিলোঁ নেকি,আজি তাইৰ বিষাদখিনিক বিচাৰি উলিওৱাৰ সন্ধানত হয়তো নিজকে বুজিবলৈ, শিকিবলৈ  ধৰিছো,,
তাইৰ বিষাদভৰা মনটোৰ আৰু তাইৰ ষেতাপৰা মুখখনিৰ হেৰাই যোৱা সুখবোৰৰ তুলনাত মোৰ চিগাৰেটৰ প্ৰতি থকা আসক্তিবোৰৰ একেবাৰেই মূল্য নাই, মই বুজি উঠিছো.....,তাইৰ নামটো জানিবলৈ আজি বৰকৈ মন গৈছে ,তাইৰ বাৰু.......নামটো কি হ'ব পাৰে....?

২//
আজি তাইক এবাৰ মাত লগাবলৈ বৰকৈ মন গৈছে,,ছেহঃ কি কৰা যায়☺️☺️,
চিগাৰেটৰ গোন্ধবোৰৰ সৈতে তাইক বাৰু কেনেকৈ শুধিম🥺,মাত লগাবলৈও মোৰ আজি ভয় লাগিছে,তাই আৰু মোৰ মাজৰ অনুভৱ,ভাললগাবোৰৰ মাজত যেন আজি এই অদৰকাৰী চিগাৰেট ডালে কিয় ইমানকৈ বাধা হৈ পৰিল,ছেহঃ অহাকালি তাইক শুধিমহি 
আজিলৈ থাকক আৰু😔😔😔,
   আজি বৃহস্পতিবাৰ তাইৰ নামতো আজি শুধিব লাগিব🥰,শূণ্যতাই ধুকি নোপোৱা তাইৰ বিশাল মনটোৰ আঁৰৰ বিষাদেই নে অপেক্ষাৰ কাৰনটো জানিবলৈ চেষ্টা কৰিম, ৰাতিপুৱাৰে পৰা মনটো এক বুজাব নোৱাৰা চঞ্চলতাৰ মাজেৰে পাৰ হৈ আছে,যোৱাকালি ওৰে ৰাতি অন্ধকাৰ কোঠাটোৰ ভিতৰত সোমাই নিজেই নিজৰ লগতে কথাপাতি পাৰ কৰিলোঁ,তাইৰ নামটো বাৰু কি হ'ব পাৰে🤔,,,,, শেৱালি🌼 ,, নাই নহয় নীলনয়না🌸,,,,হেই মইয়ো যে !
তাইৰ নামটো হয়তো সুন্দৰ এটি কবিতাৰ শিৰোনামাৰ দৰেই হ'ব🌹,হয়তো তপন দাই আবৃত্তি কৰি যোৱা সন্দিকৈ কলেজৰ সাগৰিকাৰ দৰে অথবা জুবিনদাৰ কণ্ঠত মায়া অথবা ৰুণজুনৰ দৰে কাল্পনিক সৌন্দৰ্য্যতাৰে ভৰা হ'ব,তাইৰ মুখৰ বিষাদখিনিক যদি আতৰাই কল্পনা কৰা যায়,হয়তো তাইৰ হাঁহিটোও বৰ মৰমলগাই হ'ব ♥️♥️,হয়তো চোতালৰ কাষৰ বাগিছাখনিত সদাই নাচি থকা পখিলাজনীৰ দৰে অথবা ফুলৰ ৰস চুহি ঘৰলৈ ওভতা মৌ-মাখিজনীৰ দৰে,তাইক কিন্তু মোৰ বৰ ভাল লাগে,,তাইক এবাৰ হাঁহি থকা সময়ত চাবলৈ বৰকৈ মন যায়, তুমি বিচাৰিলে হয়তো এইয়া মোৰ স্বাৰ্থপৰী মনোভাৱ বুলিও ক'ব পাৰা, তথাপিও কিন্তু তাইৰ মুখৰ হাঁহিটোক পুনৰ ঘূৰাই অনাৰ ইচ্ছাবোৰে সচাকৈয়ে মোক আমনি কৰি থকা হৈছে......
আজি আকাশখনৰো হয়তো ঠেঁহ লাগি মনটো একেবাৰেই বেয়া........

আবেলিৰে পৰা ডাৱৰবোৰৰ আৰঁত যেন নীলাবোৰ লাহেকৈ হেৰাই পৰিছে,ঠিক হয়তো তোমাৰ বিষাদখিনিৰে হাঁহিবোৰক ঢাকি ৰখাৰ দৰেই,,,,
এজাক বৰষুণ হয়তো আজি আহিব যেন লাগিছে,
ছেহঃ আজিহে বাৰু বৰষুণজাকে আমনি কৰিবলৈ পালেনে,তাইক আজি মাত লগোৱাৰ কথাওঁ আছিল,,,,
ছেহঃ.... কেতিয়াবা বিধিয়ে সহাৰি দিলেও যেন বিধাতাই দিব নিবিচাৰে ।😔😔

বৰষুণজাকো আহিলেইড়,,,,,,,,কিন কিনাই সিহঁতি বৰ ৰং চাইছে,......এটা গুলপীয়া ৰঙৰ ছাটিৰ আৰঁত মৰমলগা ছোৱালীজনী আজিও থিয় দি মন মাৰি আছে,সচাঁকৈ,......
তাইৰ মুখখনি ছাটিৰ আৰঁতো বেছিকৈয়ে মৰমলাগে,যেন কোনোবা সৰগৰ উৰণীয়া অপ্সৰাহে তাই......এজনী যেন চঞ্চল উৰণীয়া পখিলা ,তাইৰ বিষাদখিনিৰ আঁৰত লুকাই ফুৰিছে,
মোৰ কিন্তু আজি বৰকৈ খঙ উঠিছে,সেই গুলপীয়া ৰঙৰ ছাটিটোৱে আজি তোমাক ঢাকি ৰাখিছে আৰু মোক লৈ যেন বাৰে বাৰে মিচিকিয়াই উঠিছে,সচাকৈ তুমি মোৰ বাবে যেন এক আবেগভৰা ভাললগা এটি অধ্যায়,আনদিনা এনেদৰে বৰষুণজাক আহিলে চিগাৰেটৰ ধোৱাবোৰতে নিজক ব্যস্ত কৰি ৰাখো আৰু আজি তোমাৰ মুখখনৰ ভাললগাবোৰৰ তুলনাত চিগাৰেটৰ কথাও মনলৈ নহা হ'ল 🤗,,,,,,বৰষুণজাকো ডাঙৰকৈয়ে আহিল ! তুমি ছাটিৰ আৰঁত মুখখন ঢাকি হঠাতেই নোহোৱা হৈ গ'লা,🥺🥺🥺
পাছফালৰ পৰা তোমাক মাত লগাম বুলিও থমকি ৰ'লো ,ভাবিছিলোঁ কালৈ টো আকৌ লগ পামেই , কালি কথা পাতিম ।
কিন্তু আজি ১ বছৰেই পাৰ হৈ গ'ল

৩//
আজিও তোমাক দেখা শেষ দিনটোৰ কথা মনত পেলাও‌ঁ,হঠাতে তুমি আতৰি গ'লা, চিনাকি হ'বলৈ সুবিধাখিনিও দি নগ'লা,ক'ৰ পৰা আহিছিলা আৰু হঠাতেই ক'লৈ গুচি গ'লা জানিবলৈও নিদিলা, তোমাক মাতএষাৰ লগোৱাৰ কথা ভাবি পাৰ কৰা নিশাবোৰ আৰু কৃষ্ণচূড়া তলৰ সময়বোৰে এতিয়াওঁ মোক আমনি কৰে, ঠিকেই মই ভবাৰ দৰেই তুমি এজনী উৰণীয়া চঞ্চল পখীলা, হঠাৎ উৰি আহি মোৰ হৃদয়ৰ বাগিছাখনিক শুনি কৰি হঠাতেই নোহোৱা হৈ গ'লা,
এটা কথা জানা ?
মই কিন্তু তোমাৰ স্মৃতিবোৰকে লগত লৈ পাৰ কৰি আছোঁ দিন-মাহ, ঋতুবোৰে , চিগাৰেট ডালকো খাবলৈ এৰা বছৰেই পাৰ হ'ল,এইবোৰৰ প্ৰতি এতিয়া মোৰ প্ৰেম নাই, কাৰণ মোৰ প্ৰেম কেৱল তোমাক আৰু তোমাৰ স্মৃতিবোৰক লৈ , প্ৰাপ্তিয়ে প্ৰেম নহয়, কাৰোবাৰ অপেক্ষাত পাৰ কৰা ঋতু, বসন্ত,শৰৎবোৰো হৈছে এটি এটি প্ৰেমৰ ঠিকনা,
তথাপিও হৃদয়খনে মানিব নিবিচাৰে,সদায় আবেলি নতুন আশা এটি লৈ পুনৰ সেই কৃষ্ণচূড়াৰ তলত তোমাৰ স্মৃতিবোৰক সোৱৰাওঁ আৰু অপেক্ষা কৰি ৰওঁ এখন সেউজীয়া হৃদয়ৰ, বৰষুণজাক আহিলেও এতিয়া দুবাহু মেলি আকাশখনলৈ চাওঁ আৰু হৃদয়ৰ স্পদনবোৰক স্পৰ্শ কৰিবলৈ মেলি দিওঁ, তোমাৰ স্মৃতিবোৰক বৰষুণৰ টোপালবোৰতে অনুভৱ কৰোঁ টিটি ৰওঁ ঘণ্টাৰ পাছত ঘণ্টা , তুমি ক'ত আছা নাজানো, কিন্তু এটা কথা জানো এই বৰষুণজাকেই হয়তো এদিন,আমাক চিনাকি কৰাব,

একেখন আকাশৰ তলৰে আমি দুটি পখী তুমি এঠাইত আৰু মই এঠাইত হয়তো এই আৱতৰীয়া বৰষুণজাকেই এদিন মোৰ বতৰাবোৰক নি তোমাৰ চোতালত টোপাল হৈ সৰাব , এইবাৰ কিন্তু ছাটিটোৰ আৰঁত মুখখন ধাকি নিদিবা,টোপাল সদৃশ মোৰ হৃদয়ৰ বতৰাখিনিয়ে বৰকৈ কষ্ট পাব ।



INDIAN CASTE SYSTEM

উত্তৰ বিহীন প্ৰশ্ন
।  কিয় ?
.....For how long can love be dominated in the name of caste and religion? ... When will society take a step to finish off these evils? ... you read? Recommend or share it ahead.😔😔😒😒😒

সকলো ল’ৰা ছোৱালীয়ে নিজৰ জন্মদ্ৰাএী মাক আৰু পিতৃক সচাঁ অন্তৰেৰে ভাল পায় কিন্তু বিয়াৰ বয়স হোৱাৰ লগে লগে কিয় মাক-দেউতাকে ভাৱি লয় যে বিয়াৰ পিছত আমাৰ নিজৰ লৰা ছোৱালীবোৰ আমাৰ পৰা আতৰি যাব আমাৰ মৰমবোৰ পাহৰি পেলাব।

৬,৭ বছৰ ভালপোৱা  প্ৰেমিকাজনীয়ে নিজৰ প্ৰেমিকজনক আৰু প্ৰতিজন প্ৰেমিকে নিজৰ সকলোতকৈ ভাল পোৱা, মৰম কৰা প্ৰেমিকাজনীক,নিজৰ হৃদয়ৰ আপোন লগৰীজনীক কেৱল মাক দেউতাকহতঁৰ অলপমান  জেদ আৰু ইচ্ছাৰ বাবে এৰিবলৈ বাধ্য হৈ পৰে, নিজৰ প্ৰেমৰ চিটা নিজেই দহন কৰে আৰু বহুতে আত্মহত্যাৰ পথো বাচি ল’বলৈ বাধ্য হয়,মাক দেউতাক অলপ সুখত ৰাখিবলৈ যথোপযুক্ত ভাৱে প্ৰয়াস কৰাৰ পিছতো কিয় পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ সুখ-খিনিৰ বাবে সামান্য cast আৰু religion ৰ জেদ খিনি এৰি নিদিয়ে;কিয় দুজন Hindu প্ৰেমিক-প্ৰেমিকাই cast ৰ বাবে একলগ হ’ব নোৱাৰে,

কিয়. ?

🖋দিপাংকৰ ভাগৱতী

পদ্য.Com

😛😛😛😛😛😛

১// এক আছিল কৰুণা কান্ত
আহিছিল ফুৰি সকলো প্ৰান্ত,
নাকে মুখে সোমাই যদিও সি আকৌ বৰ শান্ত,
কেইটামান প্ৰাণীয়ে আকৌ
তথাপিও ভাবি লয়
আমাৰহে হেনো ধাৰণা ভ্ৰান্ত ।।

২// ৰ'দজাক এতিয়া কঠোৰ,
একেবাৰে মোৰ কলেজীয়া দিনৰ,
প্ৰেয়সীজনীৰ দৰেই,
মাঘ বিহুত অভিমান কৰি সেকে,
আৰু বহাগত বুকুতে কপৌপাঁহি গুজি
যেতিয়াই পকেট খালী আনলৈ উৰা মাৰে,
আৰু শেসত হৃদয়খনিক একেবাৰেই
গলাই গলাই জ্বলাই জ্বলাই মাৰে ।
এতিয়া ৰ'দজাকৰ উত্তাপতো
প্ৰেয়সীলৈকে হে মনত পৰে ।।

৩// পদ্য.কম

তুমি যদি কৰুণা হোৱা মইও হ'ম কঠাল,
তুমি যদি মৰমলগা মইও হ'ম খঙাল ।

তুমি যদি গৰম চাহ মইও কিন্তু পেপচি,
ঘৰতে বহি বহি নাখাবা,
হৈ যাবা কিন্তু থেপেচি ।

তুমি যদি গোলাপ হোৱা মইও পাঁহি ধতুৰাৰ ।
তুমি যদি ৰাণু মণ্ডল মইও হিমেচ ৰেচিয়াৰ ।।

তুমি যদি ডেৰি মিল্ক  মইও ৰজনী গন্ধাৰ,
তুমি যদি হেলিকপ্তাৰ মইও তম তম গাৱলীয়াৰ ।।

তুমি যদি OREO বিস্কুত মই হ'ব পিঠা
তুমি যদি চকলেট খোৱা মইও খাম চাধা ।।
তুমি যদি আলোচনী মই কবিতা
তুমি যদি উপন্যাস মইয়ে কিন্তু লিখোতা ,🌛


আকৌ এদিন তোমাৰ প্ৰেমত পৰিম (দ্বিতীয়)

                                  (১)

                      অনুভৱী কৰি তোলা,
               জোনাকৰ এজাক বৰষুণত,
        এজনী চঞ্চল পখিলাৰ প্ৰেমত পৰিম,
     সপোনৰ বুকুত তাইৰ ঠিকনাটিক বিচাৰিম,
                                 আৰু
                        শেৱালীৰ দৰেই
        তাইৰ নীলা দুচকুত সুবাস হৈ ফুলিম ।
                                           
~দিপাংকৰ ভাগৱতী
  

                                  (২)
           অনুভৱী জোনাকৰ বৰষুণজাকে,
             তোমাৰ কথাকে কলে পখিলী,
            দিবানে তোমাৰ বুকুৰ ঠিকনাটি,
          অলেখ ৰঙীন সপোন দেখি প্ৰানত 
     নিগৰিছে প্ৰেমৰ নিজৰা,তোমাৰ দুচকুৰ 
 নীলাত বিচাৰি সাগৰৰ গভীৰতা,প্ৰানৰ আকুলতা,
              মোৰ হৃদয় কাননত শেৱালীৰ
                      সুবাস অফুৰন্ত ।

  ~ বিনীতা বৰদলৈ
      
                               (৩)
               উৰি  গৈ  পৰিব  তোমাৰ 
         খিৰিকিৰ  ওচৰৰ বকুলজোপাত 
           কিচিৰ -মিচিৰ  শব্দত সাৰ পাই
                    জুমি  চাবা  তুমি---
                সাবটি  ল'বা  মৰমবোৰ 
              তোমাৰ  হিয়াৰ  এচুকত----।।

~  ৰুবী  দেৱী
                               (৪)

নিয়ৰৰ কণিকা হৈ ৰন্ধে ৰন্ধে সিচিম প্ৰিয়া প্ৰেমৰ কল্পনা
সপোনৰ দাপোনত ’তোমাৰ প্ৰতিছবি  অংকন কৰি হিয়াত
 অজীৱন প্ৰেমিকা মই ক্ষুধাতুৰ প্ৰেমৰ 
ভগ্ন হৃদয়ৰ  আহ্বান আদৰিবা তোমাৰ  শীতল আশাত,
প্ৰেমৰ পুজাৰীণি মই ওৰেটো জীৱন যৌৱনৰ ৷

~পদ্মিণী ৰাজবংশী
                                (৫)
             যৌৱনৰ অতৃপ্ত পৰিকল্পনা তুমি
                 হিয়াৰ এবুকু সপোন তুমি
  তুমি তুমি লগা সপোন বোৰ দিঠক হ'ব দিবানে ?
                  হৃদয়ৰ দুৱাৰদলিত মই 
           তোমাৰ অপেক্ষাতে ৰৈ আছো 
                  কৈ দিয়া তোমাৰ প্ৰেমৰ ঠিকনা 
           কৈ দিয়া তোমাৰ বাবে মই কোন ?

~গিৰিজা শৰ্মা





                               (৬)
উকা কাগজ খিলাত কিছু ৰং ঢালিম,
তিয়াই লৈ সাৱটি লম প্ৰতিটো জনমৰ
উশাহবোৰৰ লগত। প্ৰাণ দি সাজিম এখন টোলোঙা নাওঁ।
আকুলতাই ধৰা দিব দুখনি হৃদয়ত ,
আৰু তোমাৰ বেপেৰোৱা বিহীন পৰশত উতলি মই হম স্বপ্ন নদীৰ জলকুঁৱৰী।
চোৱা চোন... কেনেকৈ আকৌ এবাৰ তোমাৰ প্ৰেমত ...

~গীতাঞ্জলি শইকীয়া

                                (৭)
            অনুভৱবোৰ বুকুত সাৱটি
       দুহাত মেলি আকাশলৈ চাই কওঁ --
             আমাৰ প্ৰেমৰ সাক্ষী হব
       সৌ দূৰণিৰ  জোনাকৰ জোনবাই,
                           আৰু 
     শুকুলা মেঘৰ হিল্লোলিত মেঘমল্লা !

~হিৰুমা শইকীয়া।

আকৌ এদিন তোমাৰ প্ৰেমত পৰিম (প্ৰথম)

                         (১)

              অনুভৱী কৰি তোলা,
      জোনাকৰ এজাক বৰষুণত,
                তুমি তুমি লগা
এজনী চঞ্চল পখিলাৰ প্ৰেমত পৰিম,
সপোনৰ বুকুত তোমাৰ ঠিকনাটিক বিচাৰিম,
                       আৰু
               শেৱালীৰ দৰেই
তোমাৰ নীলা দুচকুত সুবাস হৈ ফুলিম ।

~দিপাংকৰ ভাগৱতী

                           (২)
কণমাণি সপোনটোৱে হাত বাউলি দি মাতিব, 
হৃদয়ৰ কোণত হেঁপাহবোৰে পাহি মেলিব,
 দুচকুত ভাঁহি উঠিব,
মিঠা সপোনৰ খেলা ধূলা,
নিলাজ পক্ষী হৈ মনটো উৰি যাব তোমাৰ কাষলৈ ।

-শিল্পী নেওগ
                            (৩)
মনত পৰিছে জানা;
মোৰ নীলচূড়াৰ স্বপ্ন কুঠৰীত বহি,
তোমাৰ বাবে নিগৰোৱা প্ৰতিটো নীল কবিতা,
মই গাইছিলোঁ,
নীল সপোন ৰচি তুমি যে শুনিছিলা !!

~নয়নজ্যোতি_শইকীয়া

                           (৪)
বৰষুণজাক দিলেই তোমালৈ
   বৰকৈ মনত পৰে, 
      ক'ত যে সপোন দেখিছিলো
         তুমি মই মিলি এক হোৱাৰ!! 
চোৱাচোন!!নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!! 
কলিতেই মৰহি গ'ল আমাৰ সপোনৰ ফুলপাহ।। 
                      
~ প্ৰিয়াংকী দত্ত

                            (৫)
এৰা আশাবোৰো ঠিক বৰষুণৰ টোপালৰ দৰে ।
যাক পোৱাৰ ইচ্ছাৰে দুহাত পাতি ধৰিলেও টোপালৰ আকাৰে পাব নোৱাৰি  .... !
দুহাত তিতি যাব, কিন্তু হেঁপাহ নপলাব..... !!

~ললিতা ব্ৰহ্ম
         
                            (৬)
 এই আশাৰ  বৰষুনৰ টোপালবোৰ
      ধৰি ৰাখিবলৈ দুহাত মেলি   
       সুবিশাল আকাশলৈ উৰি গৈ
         সাৱটি ধৰিব মন যায়,
         নোৱাৰো যে যাব মোৰ দুখনি
           সৰু পাখি,এধানমানি দেহাৰে।। 

~নিভা বৰা বৰুৱা

                             (৭)
 শাওনৰ কিন কিনিয়া 
বৰষুণ জাক আহিলে তোমালৈ
মনত পৰে,কলেজৰ পৰা 
আহোতে দুয়ো যে এটা ছাতিৰ
তলত সোমাই কথা পাতি আহিছিলো।

~ববিতা বৰ্মণ

                              (৮)
হৃদয়খনিকো এতিয়া আমনি কৰে 
অনুভৱৰ অনুভূতিবোৰে,
জোনাকৰ বৰষুণত তোমাৰেই প্ৰেমত পৰিম,
সপোনৰ বুকুত....
তোমাৰ ঠিকনাটিক বিচাৰিম
আৰু
শেৱালীৰ দৰে তোমাৰ দুচকুত 
সুৱাস হৈ ফুলিম ।

~দিপাংকৰ ভাগৱতী

                          

তোমাৰ উপাসৃতা মই !

মনত পৰেনে তোমাৰ ?
সেই ভৰলী নদীৰ কন্যাকা ঘাটৰ,
সেউজীয়া আৱেলিৰ স্মৃতিবোৰৰ কথা,
প্ৰথম চিনাকিতেই যে
ইজনে আনজনৰ চকুত
হেৰুৱাই পেলাইছিলো,
হৃদয় নামৰ মিঠা অনুভৱখিনিক ।
আজি দুইবছৰেই হ'ল ন.....?

সময়বোৰ যে তোমাৰ লগত
কেনেদৰে পাৰ হ'ল নহয় !
গমকেই নাপালোঁ জানা ।
তুমি হয়তো পাহৰিয়েই গ'লা ছাগে,
হেঙুল বৰণীয়া সেই স্মৃতিবোৰৰ কথা,
কিয়নো তুমি যে এতিয়া ব্যস্ত ।

তুমি জানা..?
প্ৰথমবাৰ যেতিয়া দাদাই মোক
তোমাৰ ছবিখন দেখুৱাইছিল,
প্ৰেমবোৰে তেতিয়াই পোখা মেলি
পাঁহি হৈ মেলিছিল ।
আৰু লাহে লাহে যে মোবাইলত কথা আৰু মেচেজ....
কিমান যে ভাল লাগিছিল,
আজিও সেই সোৱৰনীৰ স্মৃতিবোৰক
সুৱৰি পাৰ কৰোঁ প্ৰতি পল প্ৰতিটো অনুপল ।

জানা...?
তুমি আতৰ হৈ গ'লেই,
তোমাৰ বাবে বাট চাই ৰওঁ ,
এনেদৰেই যে পাৰ হয় সময়বোৰ,
কিছু মিঠা দিঠকৰ মাজে মাজে ।

মিঠা মিঠা লগনৰ তোমাৰ সেই প্ৰতিশ্ৰুতিবোৰো,
জোনাকৰ জোনাকী হৈ,
ভাহি ফুৰে
এখন তৰাভৰা বিশাল আকাশৰ বুকুত ।

সেউজীয়া বোৰৰ মাজতো,
এটুকুৰা শুকান ডাল হৈ 
দিনটো অকলে পাৰ কৰোঁ ।
আৰু
গুলপীয়াখিনিক সানি দিয়াৰ অপেক্ষাৰে
তোমালৈ বাট চাই থাকোঁ ।

তুমি মোৰ হৃদয়ৰ
এটি মিঠা স্পন্দন,
দুহাত মেলি সদায়েই ৰৈ থাকোঁ তোমালৈ,
তুমি অহাৰ অপেক্ষাৰে,
এজনী চিন্তিত পখিলা হৈ ।

আজিকালি প্ৰায়ে জানা ?
মন যায় !
তোমাৰ বাবে এটি প্ৰেমৰ কবিতা,
হ'বলৈ ।
তোমাৰ হাতত হাত থৈ
এবুকু মৰমেৰে আকৌ 
ভৰলী নদীৰ পাৰ জীপাল কৰিবলৈ,
আৰু
সন্ধিয়াবোৰক ৰঙীন কৰি,
তোমাৰ হৃদয়ৰ প্ৰতিটো উশাহত,
এছাটি জোনাক হৈ ফুলি ৰ'বলৈ,
মোৰ মন যায় ।

তুমি জানা ?
তোমাৰ নামত সেন্দুৰ পিন্ধাৰ
দিনৰে পৰা,
তুমি তুমি লগা এটি যেন বাঁহীৰ
সুৰ হৈ পৰিলোঁ,
মাথো তোমাৰ বাবেই অপেক্ষা,
তোমাৰ নামতেই 
প্ৰতিটো উশাহ উচৰ্গা ।

তোমাৰ পাৰিজাতৰ বাগিছাখনিত
একাজলী প্ৰেম হৈ বিয়পি পৰিব বিচাৰোঁ,
তোমাৰ হৃদয়ৰ প্ৰতিটো দুখ 
সমানে ভগাই ল'ব বিচাৰোঁ,
এচুলু জলধাৰা হৈ,
তোমাৰ প্ৰেমৰ সাগৰখনিত বৈ যাব বিচাৰোঁ ।

তোমাৰ অন্তৰৰ কৃষ্ণচূড়াৰ পাঁহিবোৰ হৈ
সদায়েই আত্মাৰ 
সাৰথি হৈ ৰ'ম মই,
জনম পাৰ হৈ জনম জনমলৈ
তোমাৰ নামেৰেই সেন্দুৰ পিন্ধিম,
আৰু
তোমাৰ ৰাধাজনী হৈ ,
তোমাৰ প্ৰেমতেই বাৰে বাৰে পৰিম ।





#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...