Showing posts with label প্ৰেম কাহিনী. Show all posts
Showing posts with label প্ৰেম কাহিনী. Show all posts

অচিনাকী ফোন CALL//PART-2

সময়ৰ লগত আমি যিমানেই সৰু ডাঙৰ হৈ নপৰো কিয় মাহঁতৰ মনত আমি সদায়েই সেই কণমানি আলাসৰ ল'ৰাটো বা ছোৱালীজনী।সেয়েহে আজিও যেতিয়া মায়ে মোক কিবা এটা কৰিবলৈ কয় অলপো নোৰোৱাকৈ দৌৰ মাৰি যাও।এতিয়া সময় ঠিক ৭ বাজিবৰ হ'ল ,মাৰ প্ৰিয় ৰাধাকৃষ্ণ ধাৰাবাহিক খণ্ডটোৰো সমাপ্তি ঘটিল,মাৰ হাতেৰে বনোৱা একাপ গাখীৰৰ চাহ আৰু দুটা টাইগাৰ বিস্কুত খোৱাৰ পাছত মই নিজৰ ৰুমত আহি এখন কাগজ লৈ কিবা এটা লিখিম বুলি উলিয়াই লওতেই হঠাৎ মনত পৰিল সেই অচিনাকী ফোন CALL টো কৰা ছোৱালীজনীৰ কথাবোৰলৈ,মই ভাৱি পৰিলো যে আজি হঠাৎ কোনে এনেকৈ ফোন কৰি কওঁ নকওঁ কৰি কথা পাতিছিল?.....আৰু ফোনটো কৰিছিলেই যেতিয়া তাইৰ কথাত স্পষ্টতা কিয় নাছিল ?.....আৰু কিয় তাইৰ কথাবোৰত মোৰ এনেকুৱা লাগিছিল যেন মই আগতে তাইৰ লগত কথা পাতি পাইছো....ধেৎ তেৰি কি যে মইওঁ,ইমান কিয় ভাবিছো। আচ্ছা যদি কথাৰ যোগেদি আমাৰ চিনাকি আছিলেই মোৰ কিয় মনত পৰা নাই....। কোন তাই ....?.. কোন.....?
এতিয়া যেন এটা প্ৰশ্নবোধক হৈ ৰৈছে কথাবোৰ,বহুত চেষ্টা কৰিও ভাৱি নাপালো...কোন বা আছিল...হেই বাদ দে(উত্তেজনাত নিজকে খং কৰি)।শেষত ভাৱিলো  মইটো তাইক কৈছিলো CALL BACK কৰিম বুলি.......দুই এবাৰ নিজকে সুধিলো কৰোনে নকৰো ।নিজৰ যেন স্বাভিমান বোৰে মোক বাৰে বাৰে কৈছিল বাদ দে "অচিনাকী কাৰোবাৰ ওচৰত কিয় সৰু হ'ব লাগে ,তাতে তাই হৈছে ছোৱালী, কি বা ভাবে"...,"বাদ দে"।বহুত ভাৱি চোৱাৰ পাছত শেষ সিন্ধান্ত ল'লো যে অলপ সময় মই অপেক্ষা‌ কৰি চাওঁচোন তাই যেতিয়া এবাৰ নিজেই ফোন কৰিছিলেই আকৌটো এবাৰ হ'লেও কৰিব নিশ্চয়.....(স্বাভিমানৰ আঁৰত লুকাই থকা অন্তৰ খনে কিন্তুু বাৰে বাৰে জানিব ইচ্ছা কৰি আছিল সেই অচিনাকী তাই জনী কোন......তথাপিও তাইৰ ফোন CALL টোৰ বাবে অপেক্ষা কৰি মই বাট চাই ৰ'লো.....)

আগলৈ

অচিনাকী ফোন CALL//PART-1

 

                      আগৰ মোবাইলটো হঠাৎে বেয়া হৈ যোৱাত,তিনি দিন পূৰ্বে এটা নতুন মোবাইল ফোন ল'লো নম্বৰ বোৰ প্ৰায়ে delete হৈ গৈছিল,কাক কেনেকৈ contact কৰো ভাৱি পোৱা নাছিলো,সেয়েহে facebook ত এটা public পোষ্ট লিখি দিলো সকলোকে এটা এটা message পঠিয়াবলৈ ।আৱেলি ঠিক ৬ মান বজাত হঠাৎ নতুনকৈ লোৱা ফোনটোত এটা ৰিঙ বাজিল ,দৌৰ মাৰি আহিলো কোনে বা ফোন কৰিছে,সাধাৰণতে মোলৈ মা-দেউতা আৰু লগৰ কেইজনমানৰ বাহিৰে ফোন কৰা মানুহ বিশেষ নাই বুলিবই পাৰি অ'হ অৱ্যশ্যে কেতিয়াবা customer care ৰ পৰা ফোন এটা ,দুটা আহে । যেতিয়া কোনোবাই ফোন কৰে সচাই বৰ ভাল লাগি যায়,কোনে বা মনত কৰিছে মোক,বাহ্ আজি  মোলৈ বেলেগ কোনে বা ফোন কৰিছে, এনেকুৱা এটা অনুভৱ জাগি উঠে  আৰু সেইকাৰণেই ফোনটো হাতত লৈ অলপো নোৰোৱাকৈ হেল্ল' বুলি কৈ সুধিলো......কোন আপুনি ? কাক বিচাৰিছে ? তেনেতে এটা তপ্ত হূমূনিয়াহ,এটি চিনাকি সুৰ,এটি চিনাকি শব্দ । হঠাৎ মই ভাৱিলো কোন হ'ব পাৰে ।কথাষাৰৰ উওৰত তাই ক'লে কিয় চিনি পোৱা নাই নেকি ?...
মই ক'লো চিনাকি যেন লাগিছে কিন্তু ভালকৈ ধৰিব পৰা নাই ।অলপ মনে মনে থকাৰ পিছত তাই ক'লে আচ্ছা ঠিক আছে হ'ব দিয়া তেন্তে।তাই যেন কিবা এটা ক'ম বুলি ওলাইছিল ,কিন্তুু কিয়বা হঠাৎ ৰৈ গ'ল । তেনেকুৱাতে মোক মায়ে মাত লগালে.........
বাবু আহা ৰাধাকৃষ্ণ খনত আজি ভাল খণ্ডটো আছে।
( মায়ে প্ৰায়ে Hotstar ত ৰাধাকৃষ্ণ চাই মোৰ মোৱাইল ফোনটোত) আৰু সেয়েহে  মইও কথাবোৰ আধৰুৱা হৈ ৰওতেই তাইক পাছত call back কৰিম বুলি কৈ ফোনটো কাটি দিলো ।

আগলৈ

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...