সুখৰ সংজ্ঞা কি ?

📌 সুখ হ'ল নিজৰ অন্তৰৰ এখন ফুলনি। প্ৰতিখন অন্তৰে বিচৰা অনুভৱ,অনুভুতি আৰু অনুৰাগবোৰ হ'ল একো একোজোপা ফুলৰ গছ। এজোপা ফুলগছক যেনেদৰে আমি আপদাল কৰি সজিৱ কৰি ৰাখো ঠিক আমাৰ মনৰ অনুভৱ অনুভুতিআৰু অনুৰাগক যদি আমি নিজেই মৰ্যাদা দিওঁ সুখ আহি  আপোনাৰ অন্তৰত নিজে থিতাপি ল'ব। সেয়ে সুখ বিচাৰি ফুৰা বস্তু নহয়। সুখ হ'ল মনৰ অনুভৱ,অনুভুতি। 

#Niva_Borah_Boruah

📌 পাখি মেলি উৰিব বিচাৰোঁ আমি  মুকলি মনে,আকাশৰ বুকুত নিশা তৰা গণো, শৈশৱ, কৈশোৰত বিভিন্ন উৎস সন্ধান কৰোঁ কিয় কাৰণ আমি সুখী হ'ব বিচাৰোঁ,,সময় সাপেক্ষে আমাৰ বাবে সুখৰ সংজ্ঞাবোৰো বেলেগ বেলেগ,কল্পনাৰ সাগৰত সপোন ৰচোঁ, প্ৰত্যেকদিনাই নতুন সপোন নতুন আশা ,, কেতিয়াবা যদি নিৰাশা আৰু কেতিয়াবা আশাৰ ৰেঙনী, আচলতে আমি সকলো কাম কৰাৰ আৰঁত এটাই লক্ষ্য নিহিত হৈ থাকে,, আমি সুখী হ'বলৈ বিচাৰোঁ.. ইয়াৰ কোনো সংজ্ঞা নাই এক জীৱন্ত অনুভৱ,,যি আছে যি পাইছোঁ তাতেই যদি আমি সন্তুষ্ট হ'ব পাৰিছোঁ তেতিয়াই আমি সুখী,,আচলতে সুখী হ'বলৈ আমাক বিভিন্ন উপাদানৰ,কাৰণৰ প্ৰয়োজন নাই লাগে মাথোঁ উপলব্ধি, অনুভৱী মন এটা,, মনটোক যদি আমি বুজাব পাৰোঁ ,আমি সৰু সৰু বস্তুতেই সুখী হ'ব পাৰিম ,,,ই এক হৃদয়ৰ অনুভৱ কিম্বা অনুভূতি যাক সংজ্ঞাৰে বুজোৱাটো কঠিন ।

#দিপাংকৰ_ভাগৱতী








📌 সুখ--সুখ বিচাৰিব জানিলে নিজৰ মাজতেই পায় ,আৰু বিচাৰিব নেজানিলে গোটেই পৃথিৱী চলাথ কৰিলেও বিচাৰি নেপায় ৷মানুহৰ জীৱনত দুখৰ মাজতেই লুকাই থাকে সুখৰ অনুভূতি ৷ সুখ/ দুখৰ  ওজন যদি জোখা হয় তেনেহলে দুখৰ ওজন সদায় বেছি ৷
সুখ মানে হল জীৱনৰ সন্তুষ্টি৷ যিজনে নিজৰ দৈনন্দিন জীৱনক লৈ আত্মসন্তুষ্টি তেওঁ সচাকৈয়ে সুখী ৷যিজন ইয়াৰ বৈপৰীত্য প্ৰকাশ কৰে সেইজন অসুখী ৷সুখৰ সংজ্ঞা বিভিন্ন জনৰ বাবে বিভিন্ন ধৰনে  প্ৰকাশ হয় ৷এজন  ধনীমানুহে বিলাসিতাৰ জীৱনত সুখ বিচাৰি পায় আনহাতে এজন ভিক্ষাৰীৰ বাবে এসাজ ভাত খোৱাতোৱেই সুখৰ কাৰণ হব পাৰে ৷সেয়ে সুখ বিচৰাতো মৰুভুমিত মৰিচীকা বিচৰাৰ দৰে ৷

#Ranu_Bordoloi

📌 সুখৰ সংজ্ঞা বিচাৰি দিহিঙে দিপাঙে
ঘূৰিলো ,কেতিয়াও সাগৰৰ পাৰত ,কেতিয়াবা অস্তমিত সুৰুজৰ বুকুত ,কেতিয়াবা জনসমুদ্ৰৰ মাজত .....অৱশেষত বুজিলো সুখ আমাৰ জীৱনৰ প্ৰতিটো খোজতই, ৰঙ পৰিলেই হয় ৰঙচুৱা।সুখ আমাৰ মনৰ উপলব্ধি যিয়েই মনৰ সন্তুষ্টি আনিব পাৰে ,সুখ আমাৰ হাতৰ মুঠিত।আনৰ লগত নিজকে তুলনা নকৰি নিজৰ কৰ্ম কৰি যোৱা,তাৰ ফল আশা নকৰিবা- যিয়ে দিব পাৰে অনাবিল সুখৰ বতাহ জাক ।।
         
#Hiruma_Saikia


📌  সুখ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ ৷সুখ জীৱনৰ এক গতিশীল অৱস্থা৷যি সময়ৰ প্ৰয়োজন আৰু দাবী,মানুহৰ জীৱনৰ বিভিন্ন অৱস্থা আৰু সমস্যা অনুসৰি পৰিৱৰ্তিত হ’ব পাৰে ৷সুখ ব্যক্তিৰ কল্পনা প্ৰসূত চিন্তাৰ পৰা উদ্ভুত ৷সুখে মানুহৰ জীৱনত আনন্দৰ খোৰাক জন্মায় ৷সুখৰ অবিহনে দুখ, দুখৰ অৱিহনে সুখ উপলব্ধি কৰাটো সম্ভৱ নহয়। সুখে দুখৰ দুখে সুখৰ উপলব্ধি কৰায় আৰু উমান দিয়ে ৷সুখ মানুহৰ জীয়াই থকাৰ প্ৰেৰণা ৷ই মানুহক আনন্দদায়ক কৰি তোলে ৷সুখৰ অভাৱত মানুহ হতাশ হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাই ৷জীৱনটো সুখ দুখৰ সংমিশ্ৰণ। আমাৰ মৃত্যুৰ সময়ত সুখ দুখৰ সৈতে জীৱন প্ৰক্ৰিয়াৰ গতিও স্তব্ধ হৈ পৰে ৷

#Ranjuma_Rahman

📌 জীবনত সুখৰ সংজ্ঞা হিচাপ কৰি আজিলৈকে থমকি হে ৰলো কেবল! 
পাখি ভঙা চৰাইৰ নিচিনা মোৰ সুখৰ জীবন, 
আজিলৈ ২৮ বছৰ পাৰ কৰিলো জীবনৰ  সুখৰ বাট বিচাৰি, 
কত আ বিচাৰি এ নাপাও, ক্ৰমশঃ মই আজি ভাগৰি পৰিছো, 
চৌপাশ মাথো কেৱল অন্ধকাৰ
 আছে নে কি বাৰু কাৰোবাৰ 
  ওচৰত 
জীৱনৰ সুখৰ সংজ্ঞাৰ প্রকৃত হিচাপ ।
                  
#Rim_Rajbongshi

📌 সুখ প্ৰত্যেক মানুহৰ হাতৰ মুঠিতে থাকে। যিখিনি পোৱা যায় তাতেই সন্তুষ্টি লাভ কৰিব পাৰিলে সুখী হব পাৰি। সীমাহীন আশা আকাঙ্ক্ষা ৰ পিছত দৌৰি থাকিলে সুখ উপলব্ধি কৰিব পৰা নেযায়। অৱশ্যে প্ৰত্যেক ৰে কাৰণে সুখৰ সংজ্ঞা বেলেগ বেলেগ। অধ্যয়ণশীল মানুহে অধ্যয়ন কৰি সুখ অনুভব কৰে। অতি ধনী ব্যক্তি সকলে ধন-দৌলত টকা পইচাৰ পিছত ঘুৰিয়ে সুখ অনুভব কৰে। দুখীয়া দৰিদ্ৰ সকলে ভালকৈ এসাজ খাব পালেসুখ অনুভব কৰে। সুখ দুঃখ তুলনামূলক দুখ নাথাকিলে সুখৰ অনুভুতি নহয়। প্ৰকৃত মানৱ ধৰ্ম পালন কৰি মানৱীয় গুণৰ অধিকাৰী হৈ সমাজত বা দেশৰ কাৰণে কিছু ত্যাগ স্বীকাৰ কৰিব পাৰিলে সুখী হব পাৰি।

#Kalyani_Devi

📌  সুখবোৰ হৈছে স্বৰ্গীয়! কোৱা শুনিছোঁ বিচাৰিব জানিলে বোলে সকলোতে সুখ, নাজানিলে বোলে সকলোতে দুখ। যি কি নহওঁক, পৃথিৱীৰ সকলো মায়াৰে উৰ্দ্ধত সুখ। ধৰি ৰাখিব নোৱাৰি, হাঁহি হৈ নিগৰি যায়... আৰু যেতিয়া এই স্বৰ্গীয় অনুভূতিবোৰ অধিক হৈ যায়, তেতিয়া মানুহৰ লোভ-মোহ-ক্ৰোধ-মায়াৰ পাশেৰে বন্দী সীমিত শৰীৰটোৰ বাবে ই হৈ পৰে অপ্রকাশ্য,অসহনীয়। আৰু হয়তো তেতিয়াই ই চকুলোৰ সহায় লয়। চকুলোৰ লগত চকুৰ পৰা পৰা তৰাটো হৈ বৈ আহে! যাক কেৱল দেখিলেহে অনুভৱ কৰিব পাৰি, ভাষাৰে বৰ্ণাব নোৱাৰি! হয়তো এইয়াই হয়তো সুখ, স্বৰ্গীয় সুখ!

#Sukanya_Bora

📌 এক কথাত কবলৈ গ'লে ,আত্ম সন্তুষ্টিতেই সুখ অনুভৱ কৰিব পাৰি । কাৰোবাক উপকাৰ কৰিবৰ সামৰ্থ্য নাথাকিলেও অপকাৰ নকৰাকৈ থাকিলে মন ফৰকাল হয় , তেনেকৈ সুখানুভৱ হয় । আনৰ দোষ বাদ দি গুণ বোৰ চাব জানিলে ও সুখ নিজে নিজে ওচৰ চাপে । পাৰ্থিৱ সুখতকৈ আত্মিক সুখহে প্ৰকৃত সুখ ,ধনে জনে উভৈনদী লোক এজনৰ তুলনাত ফটা ছিটা  কাপোৰ পিন্ধা দুখীয়া লোকজনো সুখী হ'ব পাৰে , যদিহে তেওঁৰ অন্তৰত কলুষতা নাথাকে । 
       নিজে ভাল পোৱা কাম কৰি, লগতে সমাজৰ  উন্নতিৰ হকে কাম কৰিব পাৰিলে সুখে এৰা নিদিয়ে ।
        আনক হহুৱাই নিজেও হাঁহি থাকিব পৰা জনৰ সুখ উপচি পৰে ।

#Pramila_chakravarty

📌 প্ৰকৃত সুখী মানুহ যিজন
নিজৰ সুখৰ মহিমাৰে
সমাজৰ উপকাৰ কৰে সাধন।
হ'ব পাৰে সুখৰ সংজ্ঞা
যশ খ্যাতি ঐশ্বয্য বিভুতি
কাম্যবস্ত বিচৰামতে পোৱা।
তথাপিও ভাবো মই
সুন্দৰৰ মহত্বতাৰ বিচিত্ৰতাই
আকৰ্ষনীয় কৰি তুলিব পাৰে
জীৱনক নতুনকৈ সজাই পৰাই।
নিজেই নিজক যেতিয়া পাব ভাল
তেতিয়াও সুখী হ'য়,
উৎসাহ উদ্দীপনাৰে মন।
নানা সমস্যাই জীৱনক
ধৰে যদি আগভেটি
সন্মান সুচকতাৰে কৰিব পাৰে যিয়ে
হাঁহিমুখে আনৰ দোষ গুণ মোচন
সেইবোৰে হ'য় সুখৰ সংজ্ঞাৰ উপদান।

#Binta_Bordoloi

📌 সুখৰ সংজ্ঞা  সকলোৰে বাবে বেলেগ বেলেগ। তিনিকুৰি বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰা শিকিছো সময় ভেদে বয়স  ভেদে পৰিস্থিতি ভেদে মানুহৰ সুখৰ সংজ্ঞা সলনি হয়।মাক-দেউতাকে নিজৰ সন্তানৰ  সুখেই নিজৰ সুখ বুলি ভাবে এটা সময়ত।  এটা কথা ঠিক যে সন্তুষ্টিয়ে সুখ। সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য কৰি যাব লাগিব। ভগৱানে যিখিনি দিছে তাকে লৈ আৰু তাৰ মাজৰ পৰাই সুখৰ উৎস বিচাৰি আত্ম সন্তুষ্টি লাভ কৰিব পাৰিলেই সুখত থাকিব পাৰি।সকলোতকৈ সুখৰ উৎস হ'ল পৰোপকাৰ। আনৰ বাবে কিবা অলপ কৰিব পাৰিলে এক বিমল আনন্দ পোৱা যায়।

#Lily_Goswami_Devi

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...