১/ অব্যক্ত কথাবোৰক কাল্পনিক উপলব্ধিৰ মাজেৰে কাগজ কলমৰ দ্বাৰা সজাই তোলা এক শিল্পভাবনাই হ'ল কবিতা , হৃদয়স্পৰ্শী সৰু সৰু ভাললগাবোৰক লৈ আৰু কাল্পনিক চৰিত্ৰৰ মাজত নিজকে সন্ধান কৰিবলৈ গৈ অনুভৱৰ বুকুত ছন্দৰ সমাহাৰে কাগজৰ বুকুত কলমেৰে লিখি ৰখা সেই সৰল শব্দবোৰৰ মাজেৰেই এটি কবিতাৰ সৃষ্টি হয় ।
~Dipankar Bhagabati
২/ সৃষ্টিৰ প্ৰহৰে প্ৰহৰে
নদীৰ লহৰে লহৰে
হৃদয় স্পন্দিত
অনুভৱ,অনুভুতি,অনুৰাগৰে
সৃষ্টি হয় শব্দৰ বুলনি,
শব্দৰ মালা গাঁথি কল্পনাৰ পৃথিবীত
দিওঁ ছতিয়াই-------
হৃদয় অনুৰাগীয়ে লয় আঁকোৱালি
এইয়াই কবিতাৰ সৃষ্টি।।
~Niva Borah Boruah
৩/ কল্পনা ৰহন সানি
সুখ দুখবোৰ, আবেগ অনুভৱ
কিছুমান জীয়া ছবি শব্দ অনুপমা
সংগযোগ কৰি কবিতা ৰচনা হয়।
পৃথিৱীৰ সৌন্দৰ্য্য অপৰিসীম। শব্দ বিন্যাসেৰে সজাই সকলো জড় অজড় ওপৰত কবিতা এটা সৃষ্টি। প্ৰেম ভালপোৱা আৰু সকলো ইতিহাসৰ তত্ত্বগধুৰ চিন্তাশীল লেখাৰ মাজেৰে প্ৰকাশ কৰিব বিচৰাটোৱ সপোন ৰঙীন কবিতা ৰচনা। পাঠকৰ মনৰ ভালপোৱা কথাবোৰ ব্যক্ত কৰি মনোগ্ৰাহী কৰি তুলিব পাৰিলে কবিতাই প্ৰাণ পাই।
~Barnali Patgari Gohain
৪/ কবিতা নাজানো কেতিয়া আৰু কেনেকৈ আহিছিল শীতৰ বুকুৰ পৰানে নদীৰ পৰা।
নে একুৰা জুইৰ পৰা
নাজানো মই।
কিন্তু মোক মাতি নিছিল বাটৰ পৰা যিদিনা তোমালৈ মনত পেলাই গৈ আছিলোঁ হেৰুৱা অতীত বিচাৰি।
য'ত মোৰ নাছিল কোনো সুখ । এতিয়া মোক স্পৰ্শ কৰিছে কবিতাই য'ত ভৰি পৰিছে মোৰ সুখ কেৱল সুখ।।
~Pronoti Gohain
৫/ নিৰলাত সোৱঁৰা হিয়াৰ আবেগ-অনুভূতি আপোনা আপোনি পাৰ ভাঙি বাগৰি অহা ঢলেই হ'ল কবিতা , কবি হৃদয়ৰ কল্পনা প্ৰতিভাৰ অভিব্যক্তি আৰু সেই কল্পনাৰ ৰহণেৰে হেঙুল হাইতাল বোলাই চিন্তা আৰু অভিজ্ঞতাৰ শব্দৰ মালাৰে স্বতন্ত্ৰ ৰূপেৰে ৰূপ লয় এটি কবিতাই ।
~Hiruma Saikia
৬/ বৰষুণৰ সৰা টোপাল হৈ
মোৰ এই উদং চোতালখনিত
মাথো এবাৰ আহি চুমি
যাবানে?
তুমি অহাত প্রান পায় উঠিব মোৰ এই শুকান চোতালখনি
আৰু
সোৱাৰাই দিব মোক
এই বৰুষুনৰ সৰু সৰু টোপালবোৰে মাথো
প্রেমৰ কবিতা ৰচিবলে।।
~Rim Rajbongshi
৭/ নিসংগতা যেতিয়া সংগী হয় ভাৱনাৰ কোৱাল ঢৌবোৰে মনত বৰকৈ খুন্দিয়াই
অনুভৱৰ শব্দৰ মালিতা বোৰে লানিনিচিঙা হয় ৷হৃদয়ৰ কোহেঁকোহেঁ শব্দবোৰে যেন চিৎকাৰ কৰে কবিতাৰ সৃষ্টি হবলৈ
এখন বিশাল সৰগ ৰচিবলৈ
অগনন তৰা জিলিকাবলৈ ৷
~padmini Rajbongshi
৮/ কবিৰ হৃদয়ত অনুভূতিৰ পৰিসৰে সীমা অতিক্ৰম কৰি কবিৰ কল্পনা আৰু আবেগৰ ঢলে ভাৱ সম্বলিত হৈ ছন্দোৱদ্ধ ৰীতিত আপোনা আপুনি পাৰ বাগৰি প্ৰকাশ কৰাৰ পৰাই কবিতা সৃষ্টি হয় ৷কবিৰ হৃদয়ত তোলপাৰ লগোৱা অনুভৱে ভাৱ প্ৰকাশক শিল্পীত ছন্দৰীতিৰে লয় যতি , ছেদ , ধ্বনি সুষমা সম্বলিত শব্দপুুঞ্জই অৰ্থ প্ৰকাশ কৰি পাঠকৰ অন্তৰ জয় কৰিব পাৰে ৷এয়াই কবিতা ৷
~Ranu Bordoloi
৯/ জীৱনৰ হাঁহি, কান্দোন, ভাললগা , বেয়া লগাবোৰ থুপ খুৱাই হৃদয়ৰ সচাঁ অনুভূতি বোৰ কলমৰ আগেৰে নিগৰি আহি সৃষ্টি হোৱা শব্দৰ মালাধাৰিয়েই হ'ল ---কবিতা
য'ত কল্পনাৰ ৰহণবোৰ লগ হৈ সোণত সুৱগা চৰায় । এয়াই হ'ল কবিতা ।
~Rubi Devi