(১)
অনুভৱী কৰি তোলা,
জোনাকৰ এজাক বৰষুণত,
এজনী চঞ্চল পখিলাৰ প্ৰেমত পৰিম,
সপোনৰ বুকুত তাইৰ ঠিকনাটিক বিচাৰিম,
আৰু
শেৱালীৰ দৰেই
তাইৰ নীলা দুচকুত সুবাস হৈ ফুলিম ।
~দিপাংকৰ ভাগৱতী
(২)
অনুভৱী জোনাকৰ বৰষুণজাকে,
তোমাৰ কথাকে কলে পখিলী,
দিবানে তোমাৰ বুকুৰ ঠিকনাটি,
অলেখ ৰঙীন সপোন দেখি প্ৰানত
নিগৰিছে প্ৰেমৰ নিজৰা,তোমাৰ দুচকুৰ
নীলাত বিচাৰি সাগৰৰ গভীৰতা,প্ৰানৰ আকুলতা,
মোৰ হৃদয় কাননত শেৱালীৰ
সুবাস অফুৰন্ত ।
~ বিনীতা বৰদলৈ
(৩)
উৰি গৈ পৰিব তোমাৰ
খিৰিকিৰ ওচৰৰ বকুলজোপাত
কিচিৰ -মিচিৰ শব্দত সাৰ পাই
জুমি চাবা তুমি---
সাবটি ল'বা মৰমবোৰ
তোমাৰ হিয়াৰ এচুকত----।।
~ ৰুবী দেৱী
(৪)
নিয়ৰৰ কণিকা হৈ ৰন্ধে ৰন্ধে সিচিম প্ৰিয়া প্ৰেমৰ কল্পনা
সপোনৰ দাপোনত ’তোমাৰ প্ৰতিছবি অংকন কৰি হিয়াত
অজীৱন প্ৰেমিকা মই ক্ষুধাতুৰ প্ৰেমৰ
ভগ্ন হৃদয়ৰ আহ্বান আদৰিবা তোমাৰ শীতল আশাত,
প্ৰেমৰ পুজাৰীণি মই ওৰেটো জীৱন যৌৱনৰ ৷
~পদ্মিণী ৰাজবংশী
(৫)
যৌৱনৰ অতৃপ্ত পৰিকল্পনা তুমি
হিয়াৰ এবুকু সপোন তুমি
তুমি তুমি লগা সপোন বোৰ দিঠক হ'ব দিবানে ?
হৃদয়ৰ দুৱাৰদলিত মই
তোমাৰ অপেক্ষাতে ৰৈ আছো
কৈ দিয়া তোমাৰ প্ৰেমৰ ঠিকনা
কৈ দিয়া তোমাৰ বাবে মই কোন ?
~গিৰিজা শৰ্মা
(৬)
উকা কাগজ খিলাত কিছু ৰং ঢালিম,
তিয়াই লৈ সাৱটি লম প্ৰতিটো জনমৰ
উশাহবোৰৰ লগত। প্ৰাণ দি সাজিম এখন টোলোঙা নাওঁ।
আকুলতাই ধৰা দিব দুখনি হৃদয়ত ,
আৰু তোমাৰ বেপেৰোৱা বিহীন পৰশত উতলি মই হম স্বপ্ন নদীৰ জলকুঁৱৰী।
চোৱা চোন... কেনেকৈ আকৌ এবাৰ তোমাৰ প্ৰেমত ...
~গীতাঞ্জলি শইকীয়া
(৭)
অনুভৱবোৰ বুকুত সাৱটি
দুহাত মেলি আকাশলৈ চাই কওঁ --
আমাৰ প্ৰেমৰ সাক্ষী হব
সৌ দূৰণিৰ জোনাকৰ জোনবাই,
আৰু
শুকুলা মেঘৰ হিল্লোলিত মেঘমল্লা !
~হিৰুমা শইকীয়া।