Showing posts with label কবিতা শিতান. Show all posts
Showing posts with label কবিতা শিতান. Show all posts

তোমাৰ_প্ৰেমিকজন


মই, তোমাৰ মনে বিচৰা
           প্ৰেমিকজন হ'ব নোৱাৰিম,
তুমি বিচৰাৰা দৰে ,
            প্ৰতিশ্ৰুতিবোৰ ৰাখিবলৈওঁ যেন
মই যোগ্য নহয়,

তুমি কৈছিলা..!
           আনৰ প্ৰেমত ভূল নাযাবা,
জীৱনটো চঞ্চল,মনটো ঘোৰাঁৰ দৰে,
           আজি এঠাইত কালি আনঠাইত ।
সেইবাবেই হয়তো মই কওঁ,
            তোমাৰ মনে বিচৰা
প্ৰেমিকজন,
             মই হ'ব নোৱাৰিম।
কিয়নো মই যে এজন কবি,
            প্ৰতিটো পুৱা,প্ৰতিটো পল-অনুপল, ঋতু
আজি মোৰ প্ৰেমৰ বিষয়,
            কল্পনাৰ প্ৰতিজনী ৰাজকুমাৰীয়েই ,
মোৰ আজি প্ৰেয়সী।
            কবিতাবোৰকেই প্ৰেম কৰিবলৈ ল'লো,
প্ৰকৃতিৰ বুকুতেই হেৰুৱালো
             ওভতনি নাওঁখনিৰ বঠা,
বাৰে বাৰে প্ৰেমত পৰো...
              পলাস,মদাৰৰ সুবাসতেই কবিতা ৰচো ।
নাহঁৰৰ পাতৰ বুকুত শব্দবোৰ সাচোঁ,
               বাৰে বাৰে প্ৰকৃতিৰ প্ৰেমতেই যে মই পৰো,

সেইবাবেই মই কওঁ,
কেৱল তোমাৰেই হৈ ৰোৱা প্ৰেমিকজন
                মই হ'ব নোৱাৰো।
ৰামধেনুৰ সাতোৰঙেই যে মোৰ প্ৰিয়,
                প্ৰকৃতিৰ উশাহতেই যে মোৰ প্ৰাণ
এৰি দিওঁ উশাহৰ প্ৰতিটো ঘ্ৰাণ।
                প্ৰকৃতিৰ সকলোবোৰতেই বিচাৰি ৰওঁ
                নিৰ্মূল  প্ৰাণ।

সেইবাবেই কওঁ
                 কেৱল তোমাৰেই হৈ ৰোৱা
প্ৰেমিকজন মই হ'ব নোৱাৰো,
                 কাৰণ মই যে এজন কবি।

✍️দিপাংকৰ ভাগৱতী
              

   

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...