Showing posts with label সামাজিক চিন্তন. Show all posts
Showing posts with label সামাজিক চিন্তন. Show all posts

পিতৃ-মাতৃ আৰু বৃদ্ধাশ্ৰম

আজি বহুত দিন অন্তৰ পাছত হঠাৎ মনলৈ কিছুমান প্ৰশ্ন আহিল, ভূল-শুদ্ধ যুক্তিৰে মনটো যেন অশান্তিকৰ কৰি তুলিছে।প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাতো কেতিয়াবা জটিল হৈ পৰে।এটা সন্তানৰ বাবে মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্যসমূহ কেনে হোৱা উচিত...?বিয়াৰ পাছত নতুন বোৱাৰীক পাই মাক আৰু দেউতাকৰ ত্যাগ সমূহক পাহৰি যোৱাবোৰ উচিত নে...?এনেবোৰ প্ৰশ্নৰে বৰ্তমান মোৰ মন অন্তৰ সকলো অশান্ত ।
     পৃথিৱীৰ প্ৰতিজন মাক দেউতাকেই তথা প্ৰতিখন সংসাৰেই নিজৰ সন্তানটিক লৈ কিছুমান সপোন দেখে।সাতোৰঙী ৰামধেনু হৈ এই সপোনবোৰে দুটি মনৰ আকাশত দোলা দি থাকে। কিন্তু নিষ্ঠুৰ বাস্তৱে এই সপোনবোৰক কলিতে মোহাৰি চূড়মাৰ কৰে।এটি সন্তানৰ সুস্থ বিকাশ আৰু জীৱন গঢ়াৰ ক্ষেত্ৰত পিতৃৰ অনুশাসন আৰু মাতৃৰ আদৰ-যত্নৰ অতিকৈয়ে প্ৰয়োজন। কিন্তু সাম্প্ৰতিক কালত প্ৰশ্ন হয় যে,"কেৱল সেই দিনটোলৈহে এটি সন্তানে মাক-দেউতাকৰ প্ৰৰিশ্ৰমবোৰক বুজা উচিত নেকি যিদিনাখনলৈ নিজেই স্বাৱলম্বী হৈ উঠিব নোৱাৰে..?"
পিতৃ-মাতৃয়ে কেতিয়াও নিজৰ সন্তানটিক মৰম কৰাত কৃপনালী নকৰে,নিজৰ সৰ্বশ্ব ত্যাগ কৰি নিজেই লঘোণত থাকি হ'লেও সন্তানটিৰ সকলো প্ৰয়োজন পূৰাবলৈ দেহ-প্ৰাণ মাৰি দিয়ে। কিন্তু কালক্ৰমত সেই সন্তানটিয়েই এদিন মাক-দেউতাকৰ সকলো ত্যাগ সমূহক পাহৰি যোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে হয়তো এইটো অনুভৱ কৰিব নোৱাৰে যে মাতৃ-সন্তানৰ জীৱনব্যাপী অন্তৰংগতা মহত্তম সম্পৰ্কবোৰৰ ভিতৰত অন্যতম,মাকৰ মমতাৰ আগত কোনো প্ৰকাৰৰ মৰম আৰু মায়া সব্বোৰ্চ হ'ব নোৱাৰে।
    কিন্তু বৰ্তমান সময়ত পুৱাৰ বাতৰি-কাকত খন মেলি চালেই হেডলাইনটো হ'ল এনেধৰণৰ..."পুত্ৰ-বোৱাৰীয়ে নিজ মাতৃক এৰি থৈ আহিল ৰাস্তাৰ দাতিত ।"..."নিজ পুত্ৰই মাকক এৰি থৈ আহিল বৃদ্ধাশ্ৰমত।সচাকৈ বাতৰিখন হাতত লৈয়েই মনতো গধূৰ হৈ পৰে।
সৰু কালত নিজ সন্তানটিয়ে যিদিনাখন প্ৰথম স্কুলত ভৰি দিয়েই ফেকুৰি কান্দি উঠিছিল, তেতিয়া সেইজনী মায়েই কোলাত তুলি সাৱতি ধৰিছিল,যিজনী মাকক আজি নিজৰ শিক্ষিত  পুএই ৰাস্তাৰ দাতি অথবা বৃদ্ধাশ্ৰমত এৰি আহিছে। বাল্যকালৰ পৰা শৈশৱ তথা ডাঙৰ হৈ নিজকে স্বীকৃতি দিব নোৱাৰালৈকে নিজৰ মাক দেউতাকে সন্তানটিৰ হিতৰ বাবে কত কি নকৰে। দিনটো পৰিশ্ৰম কৰি নিজৰ কষ্টৰ ধন কিটা সঞ্চয় নকৰি সেইজন মহান পিতৃয়েই আমাক প্ৰয়োজন সাপেক্ষে Mobile,Bike,Laptop আৰু বিচৰা সকলো যোগান ধৰিব বাবে নিজেই কষ্ট সহে,যাক কিছুসংখ্যক লোকে বৃদ্ধাৱস্থাত অৱহেলা কৰা দেখা যায়।দিনৰ দিনটো ঘৰৰ পৰা আতৰত থাকি কষ্টৰ পইচাকিটাৰে সকলো প্ৰয়োজন পূৰাই অহা সেই মহান দেৱ তুল্য পিতৃজনক কেনেকৈ বাৰু নিজৰ সন্তানে অৱহেলা কৰিব পাৰে...?....সচাঁকৈ আচৰিত। তেওঁলোকে হয়তো এইটো কথা পাহৰি যায় যে,"স্কুললৈ যোৱাৰ সময় পাৰ হৈ যোৱাত সেইজন পিতৃয়েই নিজৰ ভঙা কেৰিয়াৰ থকা চাইকেল খনেৰে হ'লেও ৫-৬ মাইল আতৰত থকা স্কুলত থ'বলৈ গৈছিল।"... "আজি যি শিক্ষাৰ দমত তেওঁলোকে দামী গাড়ী ত উঠি টাও মাৰিব পাৰিছে সেইয়াও কিন্তু সেই দেউতাকৰ ভঙা চাইকেলত উঠি স্কুললৈ অহা যোৱা কৰাৰে সাধন".....। নিজৰ কষ্টবোৰকো সন্তানৰ মৰমৰ আগত সেইজন পিতৃয়েই সম্মৰ্পন কৰি দিয়ে।
        সময়ৰ সোঁতত যেতিয়া নিজ সন্তানে পিতৃ-মাতৃক অৱহেলা কৰিবলৈ লয় তেতিয়া তেওঁলোকৰ সাতোৰঙী ৰামধেনুৰ দৰে সপোনবোৰ ভাঙি চূড়মাৰ হৈ পৰে।শেষত ভূল-শুদ্ধ  অনুৱবোৰক ব্যক্ত কৰি এষাৰেই ক'বলৈ বিচাৰিম যে আজিৰ তজবজীয়া ডেকা,কাইলৈ বৃদ্ধ।আজি যিসকল পুএই মাক-দেউতাকক অলহেলা কৰিছে,কি ঠিক এদিন তেওঁলোকৰো পুত্ৰই বৃদ্ধাশ্ৰমেই বাচি ল'ব। সেয়েহে সম্পৰ্কবোৰক অটুত ৰাখি সকলোৱে নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা কৰ্তব্য পালন কৰি আগবঢ়োৱাটোয়ে উচিত তথা প্ৰতিজন পুত্ৰৰ ধৰ্ম আৰু দ্বায়িত্ব।

✍️দিপাংকৰ ভাগৱতী
     গুৱাহাটী

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...