মনত পৰেনে তোমাৰ ?
সেই ভৰলী নদীৰ কন্যাকা ঘাটৰ,
সেউজীয়া আৱেলিৰ স্মৃতিবোৰৰ কথা,
প্ৰথম চিনাকিতেই যে
ইজনে আনজনৰ চকুত
হেৰুৱাই পেলাইছিলো,
হৃদয় নামৰ মিঠা অনুভৱখিনিক ।
আজি দুইবছৰেই হ'ল ন.....?
সময়বোৰ যে তোমাৰ লগত
কেনেদৰে পাৰ হ'ল নহয় !
গমকেই নাপালোঁ জানা ।
তুমি হয়তো পাহৰিয়েই গ'লা ছাগে,
হেঙুল বৰণীয়া সেই স্মৃতিবোৰৰ কথা,
কিয়নো তুমি যে এতিয়া ব্যস্ত ।
তুমি জানা..?
প্ৰথমবাৰ যেতিয়া দাদাই মোক
তোমাৰ ছবিখন দেখুৱাইছিল,
প্ৰেমবোৰে তেতিয়াই পোখা মেলি
পাঁহি হৈ মেলিছিল ।
আৰু লাহে লাহে যে মোবাইলত কথা আৰু মেচেজ....
কিমান যে ভাল লাগিছিল,
আজিও সেই সোৱৰনীৰ স্মৃতিবোৰক
সুৱৰি পাৰ কৰোঁ প্ৰতি পল প্ৰতিটো অনুপল ।
জানা...?
তুমি আতৰ হৈ গ'লেই,
তোমাৰ বাবে বাট চাই ৰওঁ ,
এনেদৰেই যে পাৰ হয় সময়বোৰ,
কিছু মিঠা দিঠকৰ মাজে মাজে ।
মিঠা মিঠা লগনৰ তোমাৰ সেই প্ৰতিশ্ৰুতিবোৰো,
জোনাকৰ জোনাকী হৈ,
ভাহি ফুৰে
এখন তৰাভৰা বিশাল আকাশৰ বুকুত ।
সেউজীয়া বোৰৰ মাজতো,
এটুকুৰা শুকান ডাল হৈ
দিনটো অকলে পাৰ কৰোঁ ।
আৰু
গুলপীয়াখিনিক সানি দিয়াৰ অপেক্ষাৰে
তোমালৈ বাট চাই থাকোঁ ।
তুমি মোৰ হৃদয়ৰ
এটি মিঠা স্পন্দন,
দুহাত মেলি সদায়েই ৰৈ থাকোঁ তোমালৈ,
তুমি অহাৰ অপেক্ষাৰে,
এজনী চিন্তিত পখিলা হৈ ।
আজিকালি প্ৰায়ে জানা ?
মন যায় !
তোমাৰ বাবে এটি প্ৰেমৰ কবিতা,
হ'বলৈ ।
তোমাৰ হাতত হাত থৈ
এবুকু মৰমেৰে আকৌ
ভৰলী নদীৰ পাৰ জীপাল কৰিবলৈ,
আৰু
সন্ধিয়াবোৰক ৰঙীন কৰি,
তোমাৰ হৃদয়ৰ প্ৰতিটো উশাহত,
এছাটি জোনাক হৈ ফুলি ৰ'বলৈ,
মোৰ মন যায় ।
তুমি জানা ?
তোমাৰ নামত সেন্দুৰ পিন্ধাৰ
দিনৰে পৰা,
তুমি তুমি লগা এটি যেন বাঁহীৰ
সুৰ হৈ পৰিলোঁ,
মাথো তোমাৰ বাবেই অপেক্ষা,
তোমাৰ নামতেই
প্ৰতিটো উশাহ উচৰ্গা ।
তোমাৰ পাৰিজাতৰ বাগিছাখনিত
একাজলী প্ৰেম হৈ বিয়পি পৰিব বিচাৰোঁ,
তোমাৰ হৃদয়ৰ প্ৰতিটো দুখ
সমানে ভগাই ল'ব বিচাৰোঁ,
এচুলু জলধাৰা হৈ,
তোমাৰ প্ৰেমৰ সাগৰখনিত বৈ যাব বিচাৰোঁ ।
তোমাৰ অন্তৰৰ কৃষ্ণচূড়াৰ পাঁহিবোৰ হৈ
সদায়েই আত্মাৰ
সাৰথি হৈ ৰ'ম মই,
জনম পাৰ হৈ জনম জনমলৈ
তোমাৰ নামেৰেই সেন্দুৰ পিন্ধিম,
আৰু
তোমাৰ ৰাধাজনী হৈ ,
তোমাৰ প্ৰেমতেই বাৰে বাৰে পৰিম ।