কেতিয়াবা অন্ধকাৰৰ মাজতেই থাকিবলৈ মন যায়,আন্ধাৰ বোৰেই বৰকৈ ভাললগা হৈ পৰে,আপোন আপোন লাগিবলৈ ধৰে,নিজকে যেন অচিনাকী কৰি ৰাখিম সকলোৰে পৰা । সেই আকাশৰ উদং জোনটো আৰু তিৰবিৰাই থকা তৰাবোৰৰ পৰা লুকাই যেন অন্ধকাৰৰ মাজত নিজকে বিলীন হ'বলৈ দিম উজাগৰে,তৰাবোৰো নাথাকিব তেতিয়া উপলুঙা কৰিবলৈ __কোনেও নজনাকৈ সগোপনে ,তোমাৰ উশাহতেই বাট বুলিবলৈ মন যায় জানা ?
তোমাৰ দুহাতত চুমাৰ পৰশ সানি তোমাৰেই বুকুত মন উপচাই দিবলৈ মন যায় ।সময়বোৰ যেন বৰ নিষ্ঠুৰ,আৰু নিশাবোৰ....?
যেন বিষাদ মাথোঁ বিষাদ...।নিশাৰ বিষাদজাক ফালি যদি উজলি উঠে মনৰ আকাশখন ,আকৌ এবাৰৰ বাবে আহিবা । নিশাৰ সপোনত আহি আৰু সপোন ভাঙিলেই আতৰিয়ে যদি যোৱা,সেই সপোনবোৰৰ জানো মূল্য থাকিব ? দুখবোৰ ভগাই লোৱাৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু..?... সপোনবোৰ ভাঙিলেই হেৰাই যোৱা তুমি । সেইবাবেই চাগে এতিয়া আন্ধাৰত থাকি ৰবলৈ মন যায়,যাতে জোন তৰাবোৰে মোৰ বিষাদবোৰক লৈ উপলুঙা কৰিব নোৱাৰে।... এতিয়া মাথো নিশাৰ অন্ধকাৰৰ নিজন্নতাবোৰৰ মাজত তোমাকেই যেন বিচাৰি থাকো.. আধৰুৱা সপোনবোৰক যেন পূৰাবলৈ অপেক্ষা কৰি থাকোতেই যেন পাৰ হ'ব খোজে প্ৰহৰ বোৰ.... তথাপিও কিন্তু অপেক্ষাৰত মই...সেই অন্ধকাৰৰ তুমি জনীৰ বাবে.......।
দিপাংকৰ ভাগৱতী
গুৱাহাটী
৯৫০৮২১৬৬৯৬