মানৱীয়তা//
শলিতা ডাল নোহোৱাকৈ অথবা শলিতাডালৰ অনুপস্থিতিত যেনেদৰে এটা চাঁকিৰ পোহৰ বিয়পাই তুলিব নোৱাৰি !তেনেদৰে বিশাল সমূদ্ৰৰ বুকুত এৰি দিয়া এখনি নাওঁৰ, ডাঁৰ পাতৰ অভাৱত দিশ হেৰাই যোৱাৰো সম্ভাৱনা থাকে । নাওঁখনৰ তুলনাত চাবলৈ গ'লে ডাঁৰ পাট নিচেই সৰু কিন্তু এই ডাঁৰপাতৰ অভাৱতেই নাওঁখনি বিশাল সমূদ্ৰৰ বুকুত চিৰদিনৰ বাবে হেৰাই যোৱাৰো সম্ভাৱনা থাকে ।
ঠিক তেনেদৰে মানৱতা হৈছে মানুহৰ জীৱন নামৰ টুলুঙা নাওঁখনিৰ ডাঁৰপাত আৰু জীৱনৰ ৰং আৰু পোহৰবোৰক উজ্বলাই তোলাত সহায়ক হোৱা সেই শলিতা ডাল ।
মানৱীয়তাৰ গুণবোৰক ত্যাগ কৰি জীৱনটো আগুৱাই গৈ থাকিব ঠিকেই , কিন্তু অন্ধকাৰ নামি কেতিয়াবা বিশাল সমূদ্ৰত সেউজীয়া গভীৰতাৰ মাজত হঠাতেই জীৱনৰ সকলো ৰং নোহোৱা হৈ পৰিব ! জীৱনটো চাঁকিৰ দৰে পোহৰাই তুলিবলৈ, গভীৰতাবোৰক ফালি সেউজীয়া বোৰৰ মাজেৰে নাওঁখনিক দিশ দেখুৱাই পাৰলৈ চপাই আনিবলৈ মানৱীয়তাৰ গুণবোৰক আকোঁৱালি জীৱনটোক আগুৱাই নিব লাগিব।
✍️দিপাংকৰ ভাগৱতী
৬, এপ্ৰিল