এদিন
মাজনিশা তুমি মোৰ সপোনত আহিছিলা
এমুঠি জোনাক হৈ,
অভিমান কৰিছিলা আৰু মাজে মাজে প্ৰেমৰ স্তৱক পঢ়িছিলা,
তোমাৰ হৃদয়খনিকে সাগৰ বুলি কবিতা ৰচিছিলোঁ,
তোমাৰ সেই মিচিকীয়া হাঁহিতেই ৰজনী নিশাবোৰ উজাগৰে কটাইছিলো,
কোমল বতাহ জাকে খিৰিকীৰ কাষেৰে পাৰ হৈ যোৱা যেন অনুভৱ হ'লেই,
নিজৰ লগতে আলাপ পঢ়িছিলোঁ
আৰু
উঠি গৈ,
আইনাখনত নিজৰ ৫.৯ ফিট বগলীঠেঙীয়া মইটোৱে, তোমাৰ কোমল আঙুলিত ধৰি খোজ ললে কেনেকুৱা লাগিব কল্পনা কৰিছিলোঁ,
কিন্তু এতিয়া আৰু সেই সপোন নাই,
এতিয়া নিশাৰ প্ৰতিটো শব্দই ক্ষীণ,
সপোনবোৰো অন্ধকাৰ,
তুমি সপোনত আহিলে
হয়তো আকৌ অভিমান কৰিব শিকিলোঁ হেঁতেন,
তোমাৰ বাবে এখন আকাশ সাজিলো হেঁতেন,
কিন্তু এতিয়া যে তুমি নাই,
কাৰণ
তুমি এতিয়া এখন মিছা পৃথিৱীৰ
জোনাক নিশাৰ জোনাকী ,
কল্পনা আৰু বাস্তৱৰ সম্পৰ্ক নিছিনা এজনী প্ৰেমীক চৰাই ।