"প্ৰিয়জনে নোকোৱাকৈয়ে মনৰ ভাষাবোৰ দুচকুত পঢ়িব পৰাটোকেই জানো ভালপোৱা বুলি নকয়"
সেইবাবেই তোমাক আজি দেখাৰ পৰতে লুটিয়াই লুটিয়াই পঢ়ি পেলাইছিলোঁ তোমাৰ হৃদয়ৰ আঁৰৰ বিষাদৰ পৃষ্ঠাবোৰক ,কাৰণতোও কিন্তু মই জানো, ঢোলৰ চাপৰত আজি তুমি পখিলাজনী হৈ মুক্ত আকাশৰ নীলাবোৰত যে উৰিব পৰা নাই,,,,
তুমি জানা ?
...তোমাৰ বাবে মই এখন আকাশৰ দৰে বিশাল হৈও পলকতে নীলাবোৰত স্থিৰ হৈ পৰিব পাৰো,,,,মোৰ বুকুতেই তুমি দুপাখি মেলি উৰি ফুৰিবা,,কিমান যে কল্পনা...!... সদায়েই নাচি ভালপোৱা তুমিজনী আজি বন্ধ কোঠাৰ ভিতৰত আবদ্ধ হৈ পৰিব লগীয়া হৈছে, তুমি আহি নকলেও সকলো বুজিব পাৰো,,খিৰিকীৰে আজি তোমাৰ মুখখনি দেখি মনটো যে সচাকৈয়ে বহু দিনৰ মূৰত বিষাদমুক্ত হৈ পৰিল,,,তোমাক দেখিলেই যে ডুবি পৰো এখন কল্পনাৰ সাগৰত যাৰ কোনো পাৰ নাথাকে,, বহাগৰ এটি সন্ধিয়াত এপাহি কপৌফুল তোমাৰ মেঘালী চুলিৰ খোপাটিত গুজি দিয়াৰ ইচ্ছাটো যেন সপোনেই হৈ থাকিল এইবেলিও,,,,
শুনাচোন ...মূগাৰ সাজযোৰত কিন্তু তোমাক বৰকৈয়ে মৰম লাগে , হাতৰ গামখাৰু যোৰত ভাহি ফুৰে মোৰ কল্পনাৰ হাজাৰটা ৰণঘোৰা , তোমাক মৰমতে কপৌঁপাহি বুলি মাতিবলৈ মন যায় ,,দূৰণিৰ পৰা হাতবাউলী ।
কিন্তু....
"ইমান ধুনীয়া মৰমলগা ছোৱালীজনীৰ লগত জানো এইটো নাম মিলিব"...,
"পখিলীজনী বুলি মাতিলেই বেছি ভাল লাগিব নেকি".....................?
নে তোমাক ভাৱনা নামেৰে মাতিলেই ভাল পাবা তুমি,,?...এহহ বাদ দিয়া,মাতিম আৰু কিবা এটা নামেৰে,মৰমত মতা সকলো নামতেই যে সোমাই থাকে প্ৰেমৰ এটি এটি মিঠা ভাললগা ।
হাতত এটা গগণা লৈ খোপাটিৰ বুকুত গুজি আছা , মুখত এটি মৰমলগা হাঁহি,তোমাৰ এই হাঁহিটোৰ প্ৰেমতেই যে মই বাৰে বাৰে পৰি ৰওঁ,,চকুজুৰিও বন্ধ হ'ব নোখোজে,,,ভাললগাবোৰেই ছাগে এনেকুৱা । ঢোলৰ চেওঁবোৰে চাগৈ আজি তোমাক বৰকৈ মনত পেলাইছে, তুমি নকলেওঁ, কিন্তু .... তোমাৰ মিছা হাঁহিটোৰ আঁৰৰ দুখবোৰক মই ভালদৰেই চিনি পাওঁ, অৱশ্যে আনটো হাতত তুমি মোবাইল ফোনটো লৈ কিবা ছাই আছা,,হয়তো কাৰোবাক মেচেজ......?
হেই নহয়,তাই হয়তো কেমেৰাত ফিল্টাৰ সলনি কৰি আছে,,,হয়তো আজি তুমি বিহুৰ ৰঙীন সাজযোৰৰ লগত একপি ফটো উঠিবা আৰু চাগে মাৰ মোবাইলটোৰ পৰা ফেচবুকৰ বুকুত আপলোড কৰিবা, ঠিকেই ভাবিছোঁ..... অৱশ্যে ফটোকপি কিন্তু ফিল্টাৰ নলগোৱাকৈয়ে উঠিবা,তোমাৰ গুলপীয়া গালদুখনিৰ মৰমলগা হাঁহিটো কিন্তু এনেয়েই ভাল লাগে ,,ফিল্টাৰবোৰৰ মাজত যে সেই গুলপীয়া খিনি ক'ৰবাত হেৰাই পৰে..... আৰু শুনা...তুমি কিন্তু কপালৰ ফোট টো সদায়েই ল'বলৈ লৈ হেৰুৱাই পেলোৱা,,এইবাৰ আকৌ তেনেকুৱা নকৰিবা.....,বিষাদবোৰক পাহৰি সদায়েই হাঁহি থাকিবা, মৰমলগা পখিলীজনীক মিঠা হাঁহিটোৰেই বৰ সুৱনি দেখি,
আৰু শুনা,,,নতুন বছৰৰ কিন্তু শুভেচ্ছা জনালোঁ পিছত আৰু লগ পালে অভিমান কৰি ন'ৰবা,,কাৰণ তুমি অভিমান কৰিলে আৰু বেছিকৈয়ে প্ৰেমত পৰি যাম,,অভিমানী মুখখনত তোমাক মুখ ফুলাই থকা গংগাটোপ টো যেন দেখি ।