চুকত পৰি থাকে
সুযোগ বুজি সি,
ধেলেঙ পেলাই আহে,
কাণৰ ওচৰত আহি সি
ভূপেন্দ্ৰ সংগীত মাতে,
গাৰ ওপৰত বহি লৈ
ভাকোটকোটাই হাঁহে,
মোৰ হাতৰ খুজতি
সঘণাই বাঢ়ে,
বাহুবলী মই ঘৰগোনা,
শক্তিৰ হৈছোঁ ভড়াল,
কাণত এচৰ লগাই দিওঁ
নাই যদিও তৰোৱাল,
সি হৈছে দ্ৰোণাচাৰ্য
বাৰে বাৰে বেহু ৰচে,
ৰাতিটোৰ আধাংশ
তেজ শুহি মৰে ।