চোৰে খুলিলে ডাক্তৰী চেম্বাৰ

😎এটা সাংঘাটিক চোৰ ঘৰ গোলাঘাটত,ৰাতি হ'লেই তাৰ অভিযান আৰম্ভ হয়,,সদায় ডাঙৰ ডাঙৰ মানুহৰ ঘৰত চোৰ কৰিবলৈ সোমায়,, কেতিয়াবা গা-গহণা আৰু কেতিয়াবা লেপটক,পইছা যি পায়...মুঠতে মোনাত ভৰাই আৰু বিদায় লয় 😂
এইবাৰ সি ভাবিলে তেজপুৰত চোৰ কৰিবলৈ যাব,লগে লগে অনলাইনত টিকট কৰিল, যদিওঁ চোৰ আছিল বৰ নম্ৰ চোৰ,,টিকট কৰিহে যাত্ৰা কৰে........ৰাতিৰ ভিতৰতে টিকট কৰি পাছদিনা সি তেজপুৰ পালেহি...কি কৰিব,কি নকৰিব ধৰিব পৰা নাছিল,,,যি ফালেই চাই সেইফালেই ডাঙৰ ডাঙৰ ঘৰ , RCC বিলডিঙ,,, তথাপিও সি ভাবিলে যে আজি সৌ ঘৰতে সোমামগৈ আৰু।
ৰাতি সি বাৰটা মান বজাত পিছফালৰ দুৱাৰেদি  ঘৰত সোমাল চোৰ কৰিবলৈ,,যাৰ ঘৰত সোমালে তেওঁৰ আকৌ ঘৰত ছোৱালী বোৱাৰী কোনোৱেই নাই,,বৰলা কাইৰ ঘৰত কেৱল কিতাপ ঔষধ আৰু কিছুমান সৰু সৰু বস্তহে আছে,,,টেবুলৰ ওপৰত পেৰাচিটামল,আৰু আলমাৰিত কিছুমান ঔষধ ,,, গেছট্ৰিক,বমি জ্বৰ,,,,চোৰে গম পালে যে এইজন এজন ডাক্তৰ,,,,চোৰৰ আকৌ ডিচেণ্ট্ৰীৰ  Problem এটা আছিল ,,,,বহুত আগৰ পৰাই গাড়ীত বহিলেই তেওঁৰ বৰ লৰা লৰি হয় । সেইকাৰণে সি খাই হাগনি ঔষধবিধকে Google ত নামতো চাৰ্চ কৰি আলমাৰিত বিচাৰিবলৈ লাগিল ,,, অৱশেষত ডাক্তৰজন সাৰ পোৱা যেন অনুভৱ হোৱাত সি খঙতে আলমাৰি কাষতে থকা কলা ৰঙৰ বেগটোকে লৈ বিদায় ল'লে ।
ঘৰত আহি সি দেখিলে যে বেগটোত কেইখনমান কাগজ, ডাক্তৰী ডিগ্ৰী থকা প্ৰমাণ পত্ৰ আৰু দুখনমান ডাক্তৰী ঔষধৰ কিতাপ হে আছে ।
সি ভাবিলে যে কি কৰা যাই.... তথাপিও খঙত সি থাকিব পৰাঞ নাছিল
"চাল্লা ইমান কষ্ট এনেয়েই গ'ল"
তথাপিও কাগজ খিনি পেলাই নিদিয়াকৈ সি গোলাঘাটৰ ঘৰলৈ ওভতি আহিল 😂
আহি পাইয়েই সি ঘৰৰ বাহিৰত এখন ফটোৰ সৈতে পোষ্টাৰ লগালে 😂😂😂
য'ত লিখা আছিল,,প্ৰতিসোমবাৰৰ পৰা শনিবাৰলৈ ইয়াত ডাক্তৰ বহিব আপোনালোকে আহিব পাৰিব ৰোগ নিৰাময়ৰ বাবে ।
তলত লিখা আছিল
"MBBS DEGREE FROM TEZPUR"😛
এতিয়া সি চোৰৰ চাকৰি বাদ দিলে আৰু ডাক্তৰী কৰিবলৈ বহিলে ।
ৰোগী যি বিমাৰৰে নাহক তেওঁৰ ঔষধ দুটাই আছিল
পেৰাচিটামল আৰু ডিচেণ্ট্ৰী ঔষধ ।

Public shocked চোৰ দাদা ৰক😆

Dipankar Bhagabati 😛😛

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...