সময়ৰ লগত আমি যিমানেই সৰু ডাঙৰ হৈ নপৰো কিয় মাহঁতৰ মনত আমি সদায়েই সেই কণমানি আলাসৰ ল'ৰাটো বা ছোৱালীজনী।সেয়েহে আজিও যেতিয়া মায়ে মোক কিবা এটা কৰিবলৈ কয় অলপো নোৰোৱাকৈ দৌৰ মাৰি যাও।এতিয়া সময় ঠিক ৭ বাজিবৰ হ'ল ,মাৰ প্ৰিয় ৰাধাকৃষ্ণ ধাৰাবাহিক খণ্ডটোৰো সমাপ্তি ঘটিল,মাৰ হাতেৰে বনোৱা একাপ গাখীৰৰ চাহ আৰু দুটা টাইগাৰ বিস্কুত খোৱাৰ পাছত মই নিজৰ ৰুমত আহি এখন কাগজ লৈ কিবা এটা লিখিম বুলি উলিয়াই লওতেই হঠাৎ মনত পৰিল সেই অচিনাকী ফোন CALL টো কৰা ছোৱালীজনীৰ কথাবোৰলৈ,মই ভাৱি পৰিলো যে আজি হঠাৎ কোনে এনেকৈ ফোন কৰি কওঁ নকওঁ কৰি কথা পাতিছিল?.....আৰু ফোনটো কৰিছিলেই যেতিয়া তাইৰ কথাত স্পষ্টতা কিয় নাছিল ?.....আৰু কিয় তাইৰ কথাবোৰত মোৰ এনেকুৱা লাগিছিল যেন মই আগতে তাইৰ লগত কথা পাতি পাইছো....ধেৎ তেৰি কি যে মইওঁ,ইমান কিয় ভাবিছো। আচ্ছা যদি কথাৰ যোগেদি আমাৰ চিনাকি আছিলেই মোৰ কিয় মনত পৰা নাই....। কোন তাই ....?.. কোন.....?
এতিয়া যেন এটা প্ৰশ্নবোধক হৈ ৰৈছে কথাবোৰ,বহুত চেষ্টা কৰিও ভাৱি নাপালো...কোন বা আছিল...হেই বাদ দে(উত্তেজনাত নিজকে খং কৰি)।শেষত ভাৱিলো মইটো তাইক কৈছিলো CALL BACK কৰিম বুলি.......দুই এবাৰ নিজকে সুধিলো কৰোনে নকৰো ।নিজৰ যেন স্বাভিমান বোৰে মোক বাৰে বাৰে কৈছিল বাদ দে "অচিনাকী কাৰোবাৰ ওচৰত কিয় সৰু হ'ব লাগে ,তাতে তাই হৈছে ছোৱালী, কি বা ভাবে"...,"বাদ দে"।বহুত ভাৱি চোৱাৰ পাছত শেষ সিন্ধান্ত ল'লো যে অলপ সময় মই অপেক্ষা কৰি চাওঁচোন তাই যেতিয়া এবাৰ নিজেই ফোন কৰিছিলেই আকৌটো এবাৰ হ'লেও কৰিব নিশ্চয়.....(স্বাভিমানৰ আঁৰত লুকাই থকা অন্তৰ খনে কিন্তুু বাৰে বাৰে জানিব ইচ্ছা কৰি আছিল সেই অচিনাকী তাই জনী কোন......তথাপিও তাইৰ ফোন CALL টোৰ বাবে অপেক্ষা কৰি মই বাট চাই ৰ'লো.....)
আগলৈ