আৱতৰীয়া বৰষুণজাকৰ কথা
ভাবিলেই
তোমাৰ কথা মনলৈ আহে
সেই যে ছাতিৰ আৰঁত তোমাৰ মুখখন,
এমুঠি অভিমান লৈ স্কুলৰ বাছখনৰ পৰা নামা,
আৰু বৰষুণ জাকত তিতিব মন কৰিও থমকি ৰোৱা,
লুকুৱাব বিচৰা যদিও ,
তোমাৰ দুচকুৰে কৈ যোৱা স্পষ্ট কথাবোৰ ,
আৰু কেৰাহিকৈ মোলৈ চাই নেদেখা চকুজুৰি,
এতিয়া সোৱৰণী হৈ আছে ,
মেঘ ছন্ন আকাশৰ কোনোবা কোণত।
লগ পোৱাৰ ত্ৰাৰণাত…
দুপৰীয়া
তিনি বাজি এক মিনিটত,
প্ৰায় তুমি অহালৈ বাট চাই ৰওঁ,
চাৰিআলিটোৰ ওচৰত ।
জানোচা এজাক আৱতৰীয়া বৰষুণক লৈ,
আকৌ তুমি দীঘলীয়া পথতোৰে মোৰ সন্মুখলৈ আহা,
আৰু দুচকুৰে এবাৰ লাজ লাজকৈ চাই হাহিঁ মাৰি যোৱা।
সচাকৈ দেই
উজাগৰিত প্ৰায় ভাবি পৰো মই।
কি যে বেইমান অনুভৱ এইবোৰ,
হৃদয়ৰ প্ৰতিটো ষ্টেচনতে কম্পন হয়
মাথো প্ৰেমৰ……
সপোনবোৰৰ খোপনি হেৰাই,
বাৰে বাৰে মাথো তুমি লৈ অহা বৰষুণ জাকত
বিচাৰি ফুৰে চিনাকি ৰং সপোনৰ।
যদিহে আকৌ লগ পাওঁ তোমাক,
সেন্দুৰ ৰঙেৰে জিলিকাম তোমাৰ কপাল,
যদি সময়েও সলাই ৰং,
সংশয় নাৰাখি সেই ৰঙেৰেই
জিলিকাই তুলিব তোমাৰ দুগাল,
যদি সি সপোনো হয় কোনো জোনাকী নিশাৰ,
সাৰ পাব নিবিচাৰোঁ কাহানিও,
তুমিও নক’বা মোক
সপোনত আহি।
দিঠকৰ কঠিন শিলত প্ৰেমৰ ছবি আকিবলৈ।
দিঠকৰ তুমি অনা,
সেই আৱলিৰ আৱতৰীয়া বৰষুণ জাকেই,
নিশা মোৰ সপোনত প্ৰেমক দিব আজীবন।
আৰু সৃষ্টি কৰি তুলিব…
এক নিবিৰ স্বপ্নৰ।
✍দিপাংকৰ ভাগৱতী
dipankarbhagabati8Gmail.com