কাৰোবাৰ টকাৰ অভাৱ নাই কিন্তু আত্মীয়ৰ অভাৱ.. প্ৰেমৰ অভাৱ,
কাৰোবাৰ আকৌ টকা পইচা নাই কিন্তু আত্মী দহজন আছে দুখত কান্দিবলৈ আৰু সুখত সুখী হৈ হাঁহিবলৈ..
তেন্তে তোমাৰ দুখ কিয়...... ?
ভগৱানে সকলোকে সমান যদি কৰিলে হয় সকলো দেখোন অফিচাৰ, ডাক্তৰ, বৈজ্ঞানিক হ'ল হেতেন....
সিহঁতৰ তলত চকীদাৰ ,ড্ৰাইভাৰ, লগুৱা কোন হ'ল হেতেন ?
সকলো যদি ভদ্ৰ হ'ল হেতেন..সকলো যদি গান্ধীবাদী হ'ল হেতেন..পুলিচৰ দেখোন প্ৰয়োজনে নহ'লেই হয় ।
সকলো যদি সমান হ'ল হেতেন কাজিয়া,অভিমান,খং কাক লৈ কৰিলা হেতেন ?
জীৱনটো ক'ব গ'লে ইমানো জটিল নহয় যিমান আমি ভাবোঁ...ধন ঘটা,চাকৰি এটা পোৱা,কলেজত প্ৰথম স্থান দখল কৰা এইবোৰ এটা এটা জীৱনৰ অধ্যায় হে মাথোন...আমি ভৱিষ্যতক লৈ বেছি চিন্তা কৰোঁ,
কালি কি কৰিম ?
কালি কি খাম ?
কালি যদি তেওঁ এৰি যায় মোৰ কি হ'ব ?
কালি ঘৰখন কেনেকৈ চলাম ?
কিন্তু অহাকালিৰ চয়াবিন আৰু আলুৰ হিচাপ কৰিবলৈ গৈ আজিৰ মাংস সাজটোও শান্তিত খাবলৈ পাহৰো,,দুদিন পিছত সম্পৰ্ক এটা কি হ'ব বুলি গণনা কৰিবলৈ গৈ আজি সম্পৰ্কটোক সময় দিবলৈ পাহৰো...৫ বছৰ পিছত চাকৰি এটা নহ'লে কেনেকৈ চলিম,,টকা কেইটামান ঘটিব নোৱাৰিলে কি হ'ব জীৱনটো এইবোৰ গণনা কৰিবলৈ গৈ আজিৰ দিনটোৰ মজা লবলৈ পাহৰি থাকোঁ.....হঠাৎ যদি কালি মৰি যাওঁ তেন্তে জীৱনৰ সুখ খিনি আধৰুৱা হৈ নাযাব জানো ?
এবাৰ ভাবি চোৱানে..?
সেইকাৰণে জীৱনৰ আজিটোক লৈ ব্যস্ত থাকিবলৈ শিকিব লাগে .....কালি কোনেও দেখা নাই,, চিন্তা কিহৰ বাবে ?
মহৎ লোকৰ বাণী,, ডাঙৰ কোটিপতি এজনৰ আদৰ্শ লৈ তেওঁৰ দৰে সপোন দেখি তেওঁ হ'বলৈ গ'লে...দুদিন পিছত সপোন ভাঙিলে দুখটো হ'বই...আনৰ পৰা শিকাটো দৰকাৰ প্ৰেৰণা লোৱাটো প্ৰয়োজন কিন্তু আনৰ দৰে হ'বলৈ বিচাৰাটো ভুল... তুমি কি ?...তোমাৰ নিজস্বতা কি সেইটো মনত ৰখাতো প্ৰয়োজন.... বেলেগ এজনৰ এমাহৰ ২ লাখ টকাৰ টেঙা মিঠা দৰমহাৰ সোৱাদ বুজিব গৈ থাকোঁতে নিজৰ ৩০ হাজাৰ টকাৰ দৰমহা টোকো লৈ সুখী হ'ব নোৱৰা... তাৰ পিছত যদি কোৱা "ভগৱান মোৰ হে এনেকুৱা অৱস্থা কৰিলা কিয়" ?
সেইটো ভুল... জীৱনৰ প্ৰকৃত সুখ নিজৰ মাজতে আছে...চৰাই এটা যেতিয়া নিজৰ পজাটিৰ পৰা ওলাই যায় দিনটোৰ বাবে,তাৰ হয়তো লক্ষ্য এমাহৰ পিছত কি কৰিম সেইটো নাথাকে...আজি ঘৰলৈ কেনেকৈ উভতি আহিব পাৰিম সেইটো চিন্তা হে কৰে ...মোৰ ধাৰণা মতে...যি পাইছা,,যি দেখিছা,,,সেইখিনি সৰু সৰু বস্তুকে সন্তুষ্টি মনে উপভোগ কৰিবলৈ শিকা...কালিৰ কথা বাদ দি আজিটো নিৰীক্ষণ কৰা হয়তো কম বেছি পৰিমাণে আগৰ তুলনাত সুখী হ'ব পৰা যাব ।
এইখিনি মোৰ নিজা মনোভাৱ,, আনৰ ক্ষেত্ৰত জীৱনৰ সংজ্ঞা কেনেকুৱা মই নাজানো কিন্তু মোৰ বাবে দেউতাই শান্তিমনে অনা ৩৫০০ টকীয়া দামি কেৰিয়াৰ থকা চাইকেল এখনো আনৰ দেউতাকে কিনি দিয়া ৩ লাখ টকীয়া বাইক এখনৰ তুলনাত বহুতেই মূল্যবান....যি পাইছোঁ তাতেই সুখী,.....আনৰ কথা ভাবিবলৈ,আনকে দেখি কিবা কৰিবলৈ,আনৰ দামী বস্তু এটাক দেখি নিজৰ কমদামী বস্তুবোৰক অনাদৰ কৰিবলৈ মোৰ মন নাযায়...কাৰণ মই এনেকুৱাই...সৰু সৰু কমদামী বস্তুবোৰকো বহুত ধনী কৰিব জানো মই সন্তুষ্টি আৰু সুখৰ মাজেৰে আঁকোৱালি ।