জীৱনৰ এৰি থৈ অহা সময়ছোৱাত কেতিয়াও এনেদৰে নিৰ্জনতাৰ অনুভৱ হোৱা নাছিল,আচলতে অকলশৰীয়াকৈ বহুতো সময় পাৰ কৰিছোঁ যদিও, এনেকুৱা কিন্তু কাহানিও হোৱা নাছিল ।
এবিধ মাৰাত্মক জাতিধ্বংসী ভাইৰাছে যেন সকলোৰে দৈনন্দিন চলি থকা সময়বোৰক ব্যাঘাত জন্মালেহি ।
আচলতে এই নিৰ্জনতাৰ বা নিসংগতাৰ আটাইতকৈ ডাঙৰ লগৰী বিধ কি গ'ম পাইনে,মোৰ বোধেৰে একমাত্ৰ লগৰী বিধ হৈছে
"কিতাপ"....... ইণ্টাৰনেটৰ যান্ত্ৰিক পৃথিৱীখনক আমি নুই কৰি অৱহেলা কৰিব নোৱাৰোঁ... তথাপিও যান্ত্ৰিকতাৰ পৰা আতৰি সময় পাৰ কৰিব পৰা একমাত্ৰ আহিলা বিধেই হ'ল "কিতাপ" !
যিয়ে দি যায় আনন্দ ।
হেৰল্ড ব্লুম নামৰ এজন বুদ্ধিজীৱীয়ে কৈছিল,"নিৰ্জনতা বা নিসংগতাৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ'ল এয়ে যে ই তোমাক কিতাপ পঢ়াৰ আনন্দ দিয়ে"।
বৰ্তমান নিসংগতাৰ মাজত আবদ্ধ হৈ পৰা প্ৰত্যেকজনেই হয়তো ভালদৰে উপলদ্ধি কৰিব পাৰিছে ইয়াৰ আৰঁৰ ভাবাৰ্থ কি ...।সচাঁ কথা,নিসংগতাৰ মাজত সংগও কেতিয়াবা বিৰক্তিকৰ হৈ পৰে ।মোবাইল লেপটপবোৰো অশান্তিকৰ হৈ পৰিব ধৰে।
সেইকাৰণে নিসংগতাই যেতিয়া গ্ৰাস কৰি ধৰে,মাহতঁৰ ওচৰলৈ গৈ দুটা এটা কথা পাতো আৰু তেতিয়াই মোৰ ভাললগা এখন কিতাপ পঢ়িবলৈ উলিয়াই লওঁ,সেই কিতাপখনৰ গভীৰতাৰ সৈতে একাত্ম হৈ পৰো। এতিয়া এই নিসংগতাবোৰকে লগৰী কৰি আগবাঢ়িবলৈ শিকিছো, জীৱনৰ দীঘলীয়া বাটটোৰে যাত্ৰা কৰি আহোতে একাষে এৰি থৈ অহা সময়ৰ পদচিহ্নবোৰক সোৱঁৰাইছো
আৰু মাজে মাজে সেইবোৰৰ বুকুত সুখৰ আমেজ লৈছোঁ, নিয়তিৰ বিধান ,কোনে জানে... এদিন আচলতে আমিও কাহানিও ওভতি নহা এটি প্ৰতিশ্ৰুতিৰে,এই একেটা বাটেৰেই গুচি যাম আৰু জীৱনৰ আধা লিখা ডায়েৰীখনৰ বুকুত লিপিবদ্ধ হৈ ৰ'ব মাথো এবুকু বৰ্ণিল অনুভূতিৰ নিদাৰুণ অধ্যায়।