অভিনাশ এজন মেধাৱী ছাত্ৰ,২০১৭ বৰ্ষত হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত ৯০% নম্বৰসহ পাছ কৰিছিল,তাৰ পিছতেই সি উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ আহিছিল,হাজাৰটা সপোন বুকুত লৈ ।
দেউতাকৰ দোৰাৰোগ্য বেমাৰত মৃত্যু হোৱাৰ পিছৰে পৰা ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে সকলোবোৰ ভৱিষ্যতৰ চিন্তা, তাৰ ভায়েক আৰু মাকৰ চিন্তা সকলোবোৰ তাৰ ওপৰতেই আহি পৰিছিল, তথাপিও অভিনাশে জীৱন যুঁজত যুঁজি গৈছিল দৃঢ়তাৰে,তাৰ বিশ্বাস আছিল এদিন সি ভাগিপৰা ঘৰখন আকৌ সজাই তুলি ধৰিব পৰিব কিন্তু নিয়তিৰ বিধান কোনেও খন্দাব নোৱাৰে ।
আজি ২০২০ চনৰ,২৮ জুন !
এতিয়া অভিনাশ ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ,কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে সি বৰ্তমান ঘৰতে আছেহি,ভায়েক বৰ্তমান চতুৰ্থ ষান্মাসিকৰ ৰাজনীতি বিভাগৰ এজন ছাত্ৰ,ঘৰখন চলাবলৈ মাক জনীয়ে আনৰ ঘৰে ঘৰে গালি খপনি শুনি বাচন বৰ্তন, কাপোৰ কানি ধুই দিয়ে দুই এপইচা পোৱাৰ আশাতেই ,কিবা কৈ দুবেলা দুমুঠি খাই জীয়াই আছে তিনিটা প্ৰাণী ।অভিনাশৰ মাজে মাজে দুখ লাগে , ঘৰৰ ডাঙৰ ল'ৰাটো হৈয়ো একো এটা সি কৰিব পৰা নাই তথাপিও সি ভাবিছে " ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা শেষ কৰি গুৱাহাটীতে চাকৰি এটাৰ সন্ধান কৰিম ".... কিন্তু এটা ফোনকলে সিহঁতৰ জীৱনত এজাক ধূমূহা নামাই আনিলে ।
হঠাৎ অভিনাশৰ ঘৰত থকা পুৰনি ফোনটোত এটা ফোনকল আহিল !
*অভিনাশে দৌৰি গৈ ফোনটো উঠালে ।
▪️অভিনাশ: হেল্লো', কোন ?
▪️বিকাশ : অৰে ভাই মই কৈছোঁ বিকাশ,ভালে আছনে,খবৰে নাই যে তোৰ ।
(বিকাশ হৈছে অভিনাশৰ কলেজ বন্ধু)
▪️অভিনাশ: মোৰ ভালেই ঐ,তোৰ খবৰ ক'চোন ।
▪️বিকাশ : আছোঁ আৰু দে, পিছে পৰীক্ষাৰ বাবে তৈয়াৰী কেনেকুৱা চলিছে,পালেহিয়েই নহয় ।
▪️অভিনাশ: পৰীক্ষা ? ,কেতিয়া পৰা মই চোন গ'মেই নাপাওঁ ।
( অলপ আচৰিত হৈ সি সুধিলে )
▪️বিকাশ : অৰে ভাই,হোৱাটচআপত চোন জাননীখন পঠিয়াইছিল,তই গ'ম পোৱা নাই নেকি ,সেইবাবে কওঁ মোবাইল এটা লৈ ল সোনকালে,অহা ২৭ জুলাই পৰা আমাৰ Final semester exam..best of luck .
▪️অভিনাশ: কি ?
কিন্তু পৰীক্ষা হ'ব ক'ত কেনেকৈ ?
▪️বিকাশ : অৰে ভাই ভালেই হ'ল দে,এইবাৰ বোলে Online Open book Exam হ'ব,ঘৰতে বহি চাই চাই লিখিব পাৰিম, মোবাইলতে সকলো পৰীক্ষা ল'ব।
ভাই তইয়ো এটা মোবাইল সোনকালেই ল, মই সেইবাবেই খবৰটো দিবলৈ তোক ফোন লগালো , পৰীক্ষা পালেহিয়েই ।
▪️অভিনাশ: ঠিক আছে হ'ব দে (এইবুলি ফোনটো ৰাখি সি কাষৰ বিছনা খনতে বহি পৰিল আৰু চিন্তা কৰিবলৈ ধৰিলে,... এতিয়া কি হ'ব ?, মোবাইল এটা কেনেকৈ যোগাৰ কৰিম ?,মায়ে কেনেকৈ কিনিব এতিয়া ?)
হাজাৰটা প্ৰশ্ন !
এনেতে অভিৰ ভায়েক কোঠাটোলৈ সোমাই আহিল,
▪️অভিৰ ভায়েক: দাদা কি হ'ল,মন বেয়া নেকি ?,
নে তোৰ গা ভাল নহয় ।
▪️অভি : নহয় অ', পৰীক্ষাৰ তাৰিখ পৰ্যন্ত দিলে ভাইটি,এইবাৰ বোলে পৰীক্ষা অনলাইন পাতিব, মোবাইল এটা নহ'লে মই পৰীক্ষাত কেনেকৈ বহিম অ'। ভাইটি ,মায়ে ক'ৰ পৰা মোবাইল এটা যোগাৰ কৰি আনি দিব ক'চোন ভাইটি ।
(এনেকৈ কৈ অভিৰ চকু চলচলীয়া হৈ পৰিল)
▪️অভিৰ ভায়েক: হ'ব দাদা চিন্তা নকৰিবি চোন, ভগৱান আছে নহয়, তেওঁ আমাকো চকু মেলি চাব ।
*এইখিনি কৈ অভিৰ ভায়েক কোঠাটোৰ পৰা ওলাই গ'ল আৰু অভিয়ে অকলে অকলে কথাবোৰ ভাবি ভাবুকৰ দৰে বহি থাকিল ।
এনেদৰেই ৪,৫ দিন পাৰ হৈ গ'ল,অভিৰ পৰীক্ষাও ওচৰ চাপিছেহি , সি খাবলে শুবলে মন নকৰা হৈছে ,কাৰণ সি এজন মেধাৱী ছাত্ৰ, পৰীক্ষাটো দিব নোৱাৰিম বুলি ভাবিয়েই সি ভাঙি পৰিছে ভিতৰি ।
▪️অভিৰ মাক : বোপাই তোৰ কি হৈছে ?
(খোৱাৰ পাতত বহি মাকে সুধিলে )
▪️অভি : নাই মা,একো হোৱা নাই,,এনেই অলপ পঢ়াৰ কথা ভাবি আছোঁ ।
এনেতে ভায়েকে হঠাৎ কৈ পেলালে,,নহয় মা ,দাদাৰ পৰীক্ষা পালেহি কিন্তু তাৰ Smartphone নথকা বাবে অনলাইন পৰীক্ষা কেনেকৈ দিব তাকে সি ভাবি আছে এইকেইদিন ।
▪️অভি : ঐ তই যাচোন, মনে মনে থাক ।
( ভায়েকক খঙ কৰি অভি ভাতৰ পাতৰ পৰা উঠি গ'ল)
▪️অভিৰ মাকে কথাখিনি শুনি ভাবিবলৈ ধৰিলে
" ল'ৰাদুটাৰ পঢ়া শুনাৰ বাবে দেউতাক নহ'ওতেও মই যিমান পাৰোঁ চেষ্টা, ত্যাগ কৰি আহিছোঁ । তাক মোবাইল এটা আনি দিব লাগিব কিবা কৰি ,এই কম বয়সতে ল'ৰাটো বহুত চিন্তাত পৰিছে "
পিছদিনা দুপৰীয়া ঠিক ২ মান বজাত,
সেইখিনি সময়ত মাক ঘৰত নাই,কামলৈ ওলাই গৈছে ।ভায়েকো বন্ধু কেইজনমানৰ লগত ৰাতিপুৱাৰে পৰা বাহিৰতে খেলি আছিল,সি ঘৰলৈ আহিয়েই বাহিৰৰ পৰা চিঞৰি আছে,
▪️অভিৰ ভায়েক : দাদা,অ' দাদা...ওলাই আহঁচোন,
মোৰ বন্ধুকেইজনমান আহিছে,পানী জক টো লৈ আনচোন ।
বহুসময় অভিয়ে মাত নিদিয়া দেখি ভায়েক সোমাই আহিল কোঠাটোৰ ভিতৰলৈ, কোঠাটোৰ ভিতৰত সোমাইয়ে সি এটা বিকট চিঞৰ মাৰি বাহিৰলৈ ওলাই আহিল আৰু মাটিত ঠাচ কৈ পৰি....." দাদা অ' " বুলি হুলস্থুল কৰি কান্দিবলৈ ধৰিলে ।
এনেতে মাক ঘৰলৈ আহি পাইছিল হে মাত্ৰ, ঘৰখনৰ বাহিৰত কন্দা কটা দেখি মাক ধপলিয়াই ভিতৰলৈ সোমাই আহিল, আহিয়েই মাক ধলি পৰিল,চিলিঙফেনখনৰ ওপৰত অভিৰ দেহটো ওলমি আছিল,,অভিৰ মাকে অভিৰ বাবে আজি এটা মোবাইল কিনিবলৈ কেপইচামান টকা ধাৰ কৰি আনিছিল,সেই পইচাৰ টোপোলাও মাকৰ হাতৰ পৰা সৰি পৰিল, পৰীক্ষা দিবলৈ নাপাম বুলি,অসহায় মাকক কেনেদৰে এটা মোবাইল কিনিবলৈ ক'ম বুলি, ভৱিষ্যতে কি কৰিম এনেকুৱা হাজাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় আজি সি সকলোকে এৰি থৈ গুচি গ'ল ।
.............. ্্্্্্্্্্্্্্্্্্্্্্.................
#Dipankar Bhagabati