মোৰ তেজে তেজে,
মোৰ শিৰে শিৰে,
মাতৃৰ প্ৰতি অনুভৱৰ খলকনি ।
মোৰ দেশ মহান,
মোৰ দেশ মহান আদৰ্শৰে ভৰপূৰ,
এই দেশৰ পুৱা, সন্ধিয়া বোৰ মাদকতাৰে ভৰা,
অকৃত্ৰিমভাৱে প্ৰেম আৰু শ্ৰদ্ধাৰ
এইখনেই মোৰ দেশ,
তথাপিও কেতিয়াবা হতাশ হওঁ,
সময়ৰ সোঁতত,
স্বাধীনতাৰ পিছতো যেন আমি স্বাধীন নহয়,
ঘৰৰ মা-ভন্তিৰ বাবে এতিয়াও,
নিশাৰ অন্ধকাৰবোৰ অশ্লীল হৈ পৰে,
সচাঁকৈ স্বাধীন আমি কেতিয়াও নাছিলোঁ ,
এই দেশৰ পুৱা, সন্ধিয়াৰ হেঙুলীয়া মাদকতাখিনি,
নিশাৰ অকলশৰীয়া পথটোৰ মাজত
যি দিনাই দেখা পাম,
তেতিয়াই আমি ক'ম আমি স্বাধীন,
আমি মুক্ত,আমি সুৰক্ষিত,
মোৰ দেশ মহান, মোৰ দেশ মহান আদৰ্শৰে ভৰা ,
ইয়াৰ প্ৰতিটো সন্ধিয়া,প্ৰতিটো নিশা
মাদকতাৰে ভৰা,
মোৰ দেশ মোৰ বাবে এটি সুন্দৰ কবিতা ।
দিপাংকৰ ভাগৱতী