দীৰ্ঘদিনীয়া এক পৰিক্ৰমাৰ মাজেৰে এটি অপেক্ষাৰ সমাপ্তি ঘটিল আৰু তুমি মই আজি নতুন অধ্যায়ৰ দিশে খোজ ল'লো......আজিৰ দিনটো ডায়েৰীৰ পাতত সদায়ৰ কাৰণে ৰৈ যাব তোমাৰ আৰু মোৰ ভালপোৱাবোৰৰ সম্পূৰ্ণতাৰ সাক্ষী হৈ.....
আচলতে অনুষ্টুপিয়াকৈ আমাৰ চিনাকী হৈছিল ফেচবুকৰ বুকুত,প্ৰথম চিনাকিতেই তোমাৰ প্ৰেমত পৰিছিলো কিন্তু তোমাক মেচেজত কি ক'ম কি নকম আৰু হাজাৰটা প্ৰশ্নই আবুৰি ধৰাত থমকি ৰৈছিল মোৰ ভাষাবোৰো, তেতিয়া মোৰ প্ৰেমবোৰক বুজি উঠা নাছিলোঁ,,লাহে লাহে তোমাৰ সুখত সুখ বিচাৰিবলৈ শিকিলোঁ, তোমাৰ হাঁহিত নিজৰ সপোনবোৰক কল্পনা কৰি চাইছিলো,,, অৱশ্যে মোৰ প্ৰেমৰ ধাৰণাবোৰ অকনমান সুকীয়া আছিল... প্ৰাপ্তিয়েই টো আৰু প্ৰেম নহয় সেইকাৰণে তোমাক নোকোৱাকৈয়ে ভাল পাই গৈছিলো নিস্বাৰ্থভাৱে, ত্যাগ আৰু মৰমৰ মাজেৰেই বুকুত কথাবোৰ ধৰি ৰাখিছিলো,দুইবছৰৰ আগৰ সেই প্ৰথম মেচেজ কেইটা চাই চাইয়েই পাৰ কৰিছিলোঁ সময়বোৰ,, কেতিয়াবা নষ্টালজিক হৈ পৰিছিলো যদিওঁ আকৌ তোমাৰ ছবিখনকে উলিয়াই চাইছিলো মোবাইলৰ স্কীণত,,মৰম লাগে তোমাৰ ভাললগাখিনি,মৰম লাগে তোমাৰ কাজলসনা চকুজুৰি, তোমাৰ অপেক্ষাত পাৰ কৰা প্ৰতিটো দিনেই এটি এটি কবিতা হৈ উৰি ফুৰিছিল মোৰ চাৰিওফালে, আকাশৰ জোন,তৰা, খিৰিকীৰ কাষৰ বতাহজাক সকলোতে কেৱল তুমি আছিলা মোৰ বাবে এক আধৰুৱা অনুভূতি হৈ,,আজি সেই জোন,তৰাবোৰো হয়তো সাৰে আছে সূদীৰ্ঘ কেইবাবছৰৰ মূৰত,,আজি হয়তো মোৰ ফাগুনৰ বতাহজাকো শীতল হৈ পৰিছে,,জোনাকবোৰেও পোহৰ বিলাইছে.... কিয় জানা ?
আজি যে তুমি মোৰ কাষতে আছা,,মোৰ ভালপোৱাৰ , অপেক্ষাৰ দিনবোৰো আজি নতুন ৰুপ ল'লে মাথো তোমাৰ সান্নিধ্যত,, আচলতে প্ৰেম এনেকুৱাই,,প্ৰকৃত অন্তৰেৰে হয়তো কাৰোবাৰ হৃদয়খনিৰ অপেক্ষা কৰিলে এদিন সেই মধূৰ ক্ষণবোৰো বৰষুণ এজাকৰ দৰে আকৌ উভতি আহে ,,,ঠিক তুমিও মোৰ বাবে আজি এজাক প্ৰেমৰ বৰষুণ হৈ ধৰা দিলা,, জোনাকৰ জোনাকীক সাক্ষী কৰি প্ৰতিশ্ৰুতি মাথো এটাই দিব বিছাৰিম ,....ভাল পাই যাম তোমাক আজীৱন এনেদৰেই,, নিস্বাৰ্থ মনে,পাগল প্ৰেমিকৰ দৰে ।
#Dipankar Bhagabati
@Don't copy/Copyright claim