তোমাৰ মনে বিচৰা প্ৰেমিকজন



শিৰোনাম: তোমাৰ মনে বিচৰা প্ৰেমিকজন


মই, তোমাৰ মনে বিচৰা
           প্ৰেমিকজন হ'ব নোৱাৰিম,
তুমি বিচৰাৰা দৰে ,
            প্ৰতিশ্ৰুতিবোৰ ৰাখিবলৈওঁ যেন
মই যোগ্য নহয়,

তুমি কৈছিলা..!
           আনৰ প্ৰেমত ভূল নাযাবা,
জীৱনটো চঞ্চল,মনটো ঘোৰাঁৰ দৰে,
           আজি এঠাইত কালি আনঠাইত ।
সেইবাবেই হয়তো মই কওঁ,
            তোমাৰ মনে বিচৰা
প্ৰেমিকজন,
             মই হ'ব নোৱাৰিম।
কিয়নো মই যে এজন কবি,
            প্ৰতিটো পুৱা,প্ৰতিটো পল-অনুপল, ঋতু
আজি মোৰ প্ৰেমৰ বিষয়,
            কল্পনাৰ প্ৰতিজনী ৰাজকুমাৰীয়েই ,
মোৰ আজি প্ৰেয়সী।
            কবিতাবোৰকেই প্ৰেম কৰিবলৈ ল'লো,
প্ৰকৃতিৰ বুকুতেই হেৰুৱালো 
             ওভতনি নাওঁখনিৰ বঠা,
বাৰে বাৰে প্ৰেমত পৰো...
              পলাস,মদাৰৰ সুবাসতেই কবিতা ৰচো ।
নাহঁৰৰ পাতৰ বুকুত শব্দবোৰ সাচোঁ,
               বাৰে বাৰে প্ৰকৃতিৰ প্ৰেমতেই যে মই পৰো,

সেইবাবেই মই কওঁ,
কেৱল তোমাৰেই হৈ ৰোৱা প্ৰেমিকজন 
                মই হ'ব নোৱাৰো।
ৰামধেনুৰ সাতোৰঙেই যে মোৰ প্ৰিয়,
                প্ৰকৃতিৰ উশাহতেই যে মোৰ প্ৰাণ
এৰি দিওঁ উশাহৰ প্ৰতিটো ঘ্ৰাণ।
                প্ৰকৃতিৰ সকলোবোৰতেই বিচাৰি ৰওঁ 
                নিৰ্মূল  প্ৰাণ।

সেইবাবেই কওঁ
                 কেৱল তোমাৰেই হৈ ৰোৱা
প্ৰেমিকজন মই হ'ব নোৱাৰো,
                 কাৰণ মই যে এজন কবি ।


জীৱনৰ সংজ্ঞা

কাৰোবাৰ টকাৰ অভাৱ নাই কিন্তু আত্মীয়ৰ অভাৱ.. প্ৰেমৰ অভাৱ,
কাৰোবাৰ আকৌ টকা পইচা নাই কিন্তু আত্মী দহজন আছে দুখত কান্দিবলৈ আৰু সুখত সুখী হৈ হাঁহিবলৈ..
তেন্তে তোমাৰ দুখ কিয়...... ?
ভগৱানে সকলোকে সমান যদি কৰিলে হয় সকলো দেখোন অফিচাৰ, ডাক্তৰ, বৈজ্ঞানিক হ'ল হেতেন....
সিহঁতৰ তলত চকীদাৰ ,ড্ৰাইভাৰ, লগুৱা কোন হ'ল হেতেন ?
সকলো যদি ভদ্ৰ হ'ল হেতেন..সকলো যদি গান্ধীবাদী হ'ল হেতেন..পুলিচৰ দেখোন প্ৰয়োজনে নহ'লেই হয় ।
সকলো যদি সমান হ'ল হেতেন কাজিয়া,অভিমান,খং কাক লৈ কৰিলা হেতেন ?
জীৱনটো ক'ব গ'লে ইমানো জটিল নহয় যিমান আমি ভাবোঁ...ধন ঘটা,চাকৰি এটা পোৱা,কলেজত প্ৰথম স্থান দখল কৰা এইবোৰ এটা এটা জীৱনৰ অধ্যায় হে মাথোন...আমি ভৱিষ্যতক লৈ বেছি চিন্তা কৰোঁ,

কালি কি কৰিম ?
কালি কি খাম ?
কালি যদি তেওঁ এৰি যায় মোৰ কি হ'ব ?
কালি ঘৰখন কেনেকৈ চলাম ?

কিন্তু অহাকালিৰ চয়াবিন আৰু আলুৰ হিচাপ কৰিবলৈ গৈ আজিৰ মাংস সাজটোও শান্তিত খাবলৈ পাহৰো,,দুদিন পিছত সম্পৰ্ক এটা কি হ'ব বুলি গণনা কৰিবলৈ গৈ আজি সম্পৰ্কটোক সময় দিবলৈ পাহৰো...৫ বছৰ পিছত চাকৰি এটা নহ'লে কেনেকৈ চলিম,,টকা কেইটামান ঘটিব নোৱাৰিলে কি হ'ব জীৱনটো এইবোৰ গণনা কৰিবলৈ গৈ আজিৰ দিনটোৰ মজা লবলৈ পাহৰি থাকোঁ.....হঠাৎ যদি কালি মৰি যাওঁ তেন্তে জীৱনৰ সুখ খিনি আধৰুৱা হৈ নাযাব জানো ?
এবাৰ ভাবি চোৱানে..?
সেইকাৰণে জীৱনৰ আজিটোক লৈ ব্যস্ত থাকিবলৈ শিকিব লাগে .....কালি কোনেও দেখা নাই,, চিন্তা কিহৰ বাবে ?

মহৎ লোকৰ বাণী,, ডাঙৰ কোটিপতি এজনৰ আদৰ্শ লৈ তেওঁৰ দৰে সপোন দেখি তেওঁ হ'বলৈ গ'লে...দুদিন পিছত সপোন ভাঙিলে দুখটো হ'বই...আনৰ পৰা শিকাটো দৰকাৰ প্ৰেৰণা লোৱাটো প্ৰয়োজন কিন্তু আনৰ দৰে হ'বলৈ বিচাৰাটো ভুল... তুমি কি ?...তোমাৰ নিজস্বতা কি সেইটো মনত ৰখাতো প্ৰয়োজন.... বেলেগ এজনৰ এমাহৰ ২ লাখ টকাৰ টেঙা মিঠা দৰমহাৰ সোৱাদ বুজিব গৈ থাকোঁতে নিজৰ ৩০ হাজাৰ টকাৰ দৰমহা টোকো লৈ সুখী হ'ব নোৱৰা... তাৰ পিছত যদি কোৱা "ভগৱান মোৰ হে এনেকুৱা অৱস্থা কৰিলা কিয়" ?
সেইটো ভুল... জীৱনৰ প্ৰকৃত সুখ নিজৰ মাজতে আছে...চৰাই এটা যেতিয়া নিজৰ পজাটিৰ পৰা ওলাই যায় দিনটোৰ বাবে,তাৰ হয়তো লক্ষ্য এমাহৰ পিছত কি কৰিম সেইটো নাথাকে...আজি ঘৰলৈ কেনেকৈ উভতি আহিব পাৰিম সেইটো চিন্তা হে কৰে ...মোৰ ধাৰণা মতে...যি পাইছা,,যি দেখিছা,,,সেইখিনি সৰু সৰু বস্তুকে সন্তুষ্টি মনে উপভোগ কৰিবলৈ শিকা...কালিৰ কথা বাদ দি আজিটো নিৰীক্ষণ কৰা হয়তো কম বেছি পৰিমাণে আগৰ তুলনাত সুখী হ'ব পৰা যাব ।
এইখিনি মোৰ নিজা মনোভাৱ,, আনৰ ক্ষেত্ৰত জীৱনৰ সংজ্ঞা কেনেকুৱা মই নাজানো কিন্তু মোৰ বাবে দেউতাই শান্তিমনে অনা ৩৫০০ টকীয়া দামি কেৰিয়াৰ থকা চাইকেল এখনো  আনৰ দেউতাকে কিনি দিয়া ৩ লাখ টকীয়া বাইক এখনৰ তুলনাত বহুতেই মূল্যবান....যি পাইছোঁ তাতেই সুখী,.....আনৰ কথা ভাবিবলৈ,আনকে দেখি কিবা কৰিবলৈ,আনৰ দামী বস্তু এটাক দেখি নিজৰ কমদামী বস্তুবোৰক অনাদৰ কৰিবলৈ মোৰ মন নাযায়...কাৰণ মই এনেকুৱাই...সৰু সৰু কমদামী বস্তুবোৰকো বহুত ধনী কৰিব জানো মই সন্তুষ্টি আৰু সুখৰ মাজেৰে আঁকোৱালি ।

~দিপাংকৰ

এ পি জে আব্দুল কালাম

#অনুভৱ:
           আপোনাক সুৱঁৰি !

(কবিতা ঠিক নহয় অকনমান অনুভৱ তেখেতৰ বাবে)

আপোনাৰ প্ৰেৰণাতেই...
হাজাৰটা মৰহা কলিও প্ৰাণ পাই উঠিলে,
সেউজীয়া হৈ হাঁহিবলৈ শিকিলে,
সপোনৰ পৃথিৱীত বাস্তৱ ৰচিলে,
ঠিকেই এইয়া মাথো আপোনাৰ বাবেই ।

মিসাইল ম্যান,
সৰুৰে পৰা জীৱনী,লেখা,কবিতা...
আপোনাৰ নাম,ঠিকনা আৰু জন্ম তিথি জনাৰ ইচ্ছা,
আপোনাৰ আদৰ্শ লৈয়ে আমি,
আৰু আমাৰ মৰমবোৰ লৈয়ে আপুনি,
দূৰত্ব আছে বহুখিনি,
আপোনাৰ আৰু আমাৰ মাজত ।

তথাপিও আপোনাৰ ছবিখনে এতিয়াও,
এক যোগাত্মক শক্তিৰ অনুভৱেৰে
উপচায় তোলে আমাৰ বিবেক আত্মা,
হতাশাৰ পৰাও যেন উভতি আহি, জীৱনটোত কিবা কৰাৰ আকাংক্ষাই,
সেউজীয়া হৈ সপোন ৰচে
সেইকাৰণেই
মই কৈছিলো নহয়,
যে......
আপোনাৰ প্ৰেৰণাতেই ,
হাজাৰটা মৰহা কলিও প্ৰাণ পাই উঠিলে,
সেউজীয়া হৈ হাঁহিবলৈ শিকিলে ,
সপোনৰ পৃথিৱীত বাস্তৱ ৰচিলে,
ঠিকেই এইয়া মাথো আপোনাৰ বাবেই ।

Dipankar Bhagabati


কলেজীয়া জীৱনৰ প্ৰেম ২

কলেজীয়া জীৱনত বৰকৈ আমনি কৰিছিল,
Organic, Inorganic ৰ সেই প্ৰশ্নবোৰে,
কেতিয়াবা যদি এলকিন, এলকাইনৰ বাবে,
কেতিয়াবা আকৌ
Positively ions (H+) ৰ বাবে আৰু
কেতিয়াবা
Negatively  ions (OH-) ৰ বাবে,

সমাধানবোৰৰ সন্ধানত কেতিয়াবা টোপনিও হেৰাইছিল,
কিন্তু এতিিয়়াহে বুজিছোঁ আচলতে 
Integration, Trigonometry আৰু প্ৰশ্নবোৰৰ
উত্তৰবোৰতো সামান্য আছিল,
প্ৰত্যেকৰে সমাধান উলিয়াবলৈ সূত্ৰবোৰ দিয়াই আছিল,
কিন্তু
তোমাৰ অভিমানবোৰক কম কৰিবলৈ,
আজিলৈ সেই সূত্ৰখিনি বিচাৰি নাপালোঁ,
সুখৰ বাবে মৰিচিকা খেদি
উজাগৰে কটাব পাৰোঁ,
কিন্তু অভিমানৰ সংজ্ঞা আজিলৈ নুবুজিলোঁ ।

~Dipankar Bhagabati

ছবিয়ে কথা কয়/দিপাংকৰ ভাগৱতী

মহ

গোটেই ৰাতি তাই বৰ বেয়াকৈ খালে,, একেবাৰে ৩ লিটাৰ মান তেজ কমি গ'ল 😣,,মহ জনীৰ পেটতো শকত হৈ গ'ল,লৰ চৰ কৰিব পৰা নাই তাই,,আঠুৱাৰ এচুকত নিজকে PARKING কৰি ৰাখিছে,,দিলো বাপেক্কে😝🙈🙈একেটা কোবতে কাম শেষ 😎

গড়ৰ চিঙিল খড়্গ

কাষৰ খুৰীজনীয়ে হাঁহি হাঁহি চেণ্ডেল পাতো ওলোটাকৈ পিন্ধি আহিছে,, মই বোলো এওৰা আকৌ কিহে পালে,গৈ শুধি চাওগে বুলি আগবাঢ়িলো..
মই-অ' খুৰী ইমান হাঁহি যে কিহৰ ,,আমাকো কওঁক ।
খুৰী-এ নকবা আৰু ৰাতিপুৱাই ৰাতিপুৱাই ইমান হাঁহি উঠিছে,,,গড়ৰ বোলে খড়্গ চিঙি পৰিল ।
মই-এইজনী কিবা এটা হ'ল,,গড়ৰ খড়্গ চিঙাত হাঁহিছে যে,,,কিহে পালে এওৰাক।
তাৰ পিছতহে কথাতো শুধি মেলি চোৱাত গ'ম পালোগৈ,, আহঁকচোন আপোনালোকেও গড়ৰ খড়্গ চিঙাত হাহিবলৈ চেষ্টা কৰক........

আমাৰ কাষৰে এজন পুলিচ বিষয়া নাম তেওঁৰ হোমেন গড়, খুব সৰল আৰু ধাৰ্মিক বিষয়া,,বতাহে স্পৰ্শ কৰি যাব বুলি পইছা কিটাও টেবুলৰ তলেৰে নলয়... লাহেকৈ বাহিৰলৈ মাতি নি হাতখন পাটি মুঠি মাৰি থয়,,তাৰ পিছত চোৰ ডকাইট বোৰক স-সন্মানেৰে গাখীৰ চাহ খুৱাই বিদায় দিয়ে ।
পইচা-পাতিৰ ক্ষেত্ৰত বৰ টান,,,তামোলখনো ঘৰৰ পৰাই লৈ যায় দোকানত ৩টকা দিব লাগিব বুলি,,আৰু চাধাখিনিও ট্ৰাকৰ ড্ৰাইভাৰৰ পৰাহে লয় ।
যোৱাকালি মানে ৰাতি অলপ বেছিকৈ গাৱলীয়া পানী বিধ ধৰিলে,,নিজৰ পুৰনা যামানাৰ গাড়ীখন লৈ ঘৰলৈ বুলি ওভতি আহোতেই ৰাষ্টা এৰি গাড়ী পথাৰত পৰিল গৈ,,, যদিও মদাহী ছাৰ যমৰ দুৱাৰ দলিৰ পৰা উভতি আহিল,, তেওঁৰ কিন্তু নাকতো তাতে থাকি আহিল,,গাড়ীখন পাল্টি খাই যোৱাত Glass ৰ টুকুৰাই তেওঁৰ নাকতো চিঙি পেলালে,,,এতিয়া GNRC ত তেওঁৰ খবৰ ল'বলৈ গৈ সকলোৰে চকুত চকুপানী দেখি,,,বোলো কান্দিচে কিয়,,,মোক উত্তৰত তেওঁৰ ওচৰ চুবুৰীয়াসকলে কি ক'লে জানেনে ?

😛বোপাই কান্দা নাই অ',,গড়ৰ খড়্গটো চিঙি পৰাত আধাঘণ্টা ধৰি হাঁহি উঠি আছিল,,এতিয়া হাঁহি হাঁহি চকুপানী ওলাই গৈছে ।
♦️গড় দা Rock , মই Shocked
বোলো কৃষ্ণ

মেঘালীলৈ চিঠি/গ্ৰুপলৈ চিঠি

মেঘালী,এইখন তোমালৈ মোৰ প্ৰথমখন চিঠি.. তোমাৰ নামটোও কিন্তু বৰ আচৰিত,,নামটো শুনিলেই বিশাল আকাশৰ বুকুত উলমি ৰোৱা সেই তৰাবোৰে নিজৰ উজ্জ্বলতাবোৰক পাহৰি ঠিকনা হেৰুৱায়,,সচাঁকৈ অনুভৱ,কবিতাৰ দৰে তোমাৰ নামটোও গভীৰতাৰে ভৰা... হয়তো সেই বিশাল সাগৰৰ গভীৰতাৰ দৰেই,,,,হাজাৰটা সন্তানক বুকুত লৈ শুদ্ধ দিশ প্ৰদৰ্শন কৰা তুমিয়েই জানো সেই গভীৰতাৰ সাগৰখনি নহয়.. তোমাৰ নামটো আজিও মোৰ বাবে কবিতা,,এক অনুভৱেৰে ভৰা ,
শেষত আশা ৰাখিলোঁ আগলৈও তুমি এনেদৰেই সৃষ্টিশীল হৈ ৰোৱা ... কাৰোবাৰ বাবে যদি এটি কবিতা আৰু আন কাৰোবাৰ বাবে এমুঠি জোনাক হৈ আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ,, কুশলে থাকিবা ।

দিপাংকৰ ভাগৱতী
৯৫০৮২১৬৬৯৬

12 টা ইটাৰ দলং আৰু মোৰ Crush

১২ টা ইটাৰে নিৰ্মিত এখন দলং,,মানে সেইয়াই আৰু কথাতে কয় নহয়... "এটুপ এটুপ কৰি বৰষুণৰ পানী পৰি ভৰি যায় বিশাল সাগৰ" নহয় জানো ... তেনেকুৱা নহয় বাৰু ইয়াত সাগৰৰ কথা নকওঁ কিন্তু এটুপ এটুপ কৈ তিনিটোপাল মান পানী পৰিলেই কিন্তু আমাৰ মহানগৰীৰ কিছু কিছু অংশত ৰাষ্টাবোৰ দেখা নোপোৱা হৈ যায়,,,ৰাষ্টাতো পানীৰ তলত হে থাকে.,,,থাকে মাথো কেৱল বোকা আৰু ঘোলা পানীখিনি, ইচ্ছা কৰিলে বৰশী টোপাব পাৰি দুই এটা কিজানি খলিহনা মাছ পোৱাও যাব😛,, বাৰু যি কি নহওঁক....ৰাষ্টাটোৰ মাজেৰে অহা যোৱা কৰিবৰ বাবে ১২ টা ইটা পাৰি দিয়া হৈছে,হাতত ৩ লিটাৰ ৰিফাইন আৰু ৬ পেকেট ৰজনী গন্ধা আৰু ২০ টকাৰ টেঙা মৰ্টন লৈ দোকানৰ পৰা মই প্ৰথম ইটাটোত ভৰি দি উভতিবলৈ লৈছোঁ ঘৰলৈ বুলি...
৮ টা ইটা পাৰ কৰিলোঁ... পানী আৰু বোকাৰ বাবে ইটাকেইটাৰ অলপ ধলং পলং বাঢ়িছে ,লগতে মোৰো ভৰিদুখনৰ অলপ অলপ বেনেন্ছ হেৰাই যোৱা যেন লাগিছে.... তেনেতে আকৌ সন্মুখত মৰমলগা সেই নীলা চৰাই জনী দেখিলোঁ,, মানে মোৰ #একপক্ষীয়...এহহ মানে "ক্ৰাছ"...তাই মোক দেখি দূৰৰ পৰাই  Hi🙃  বুলি দিলে,,,কি হ'ল নাজানো আৰু মুঠতে Moral Of the story এইটোৱেই যে বেলেগে একপক্ষীয় ভাবে প্ৰেমত পৰে আৰু মই ডট ডট হৈ পৰিলোঁ...... বাকীখিনি ইতিহাস 😁

😛😛😛D.Bhagabati

কলেজীয়া জীৱনৰ অনুভৱ প্ৰেয়সী

কলেজীয়া জীৱনৰ
হালধীয়া পখিলী
তোমাৰ এটাই প্ৰশ্ন :
শেষৰ বেঞ্চত বহি সদায় কি কৰি থাকানো..?
তুমি ক্লাচত সোমালেই এই উতপাত কৰি থকা ল'ৰাজন শান্ত শিষ্ট হৈ পৰে,
কিয় বাৰু তুমি জানো জানা ?
তোমাৰ হাঁহিটোৰ বাবে ঘণ্টাত হাজাৰটা প্ৰচেষ্টা,
শেষৰ বেঞ্চত বহি লগৰ কেইটাক দম দিওঁ মনে মনে থাকিবলৈ,
যাতে তুমি কষ্ট নোপোৱা,
অৱশ্যে কাজিয়া কিন্তু মই বেয়া পাওঁ
কিন্তু তোমাৰ বাবে কেতিয়াবা চলি যায় আৰু,
তোমাৰ অনুপস্থিতিত ক্লাচ কৰিব নোখোজা এই হৃদয়খনিক সপোনৰ পৃথিৱীত এৰি দিওঁ,
গুলপীয়া তোমাৰ হাঁহিটোকে লৈ,
হাজাৰ মাইল দূৰত
কল্পনা কৰোঁ,
চেষ্টা,প্ৰচেষ্টা,নিজৰ লগতে আইনাৰ আগত বাৰে বাৰে আলাপ,
কিয় জানা....?
ভাল পাওঁ তোমাক

#মানুহ,#জীৱজন্তু,#চৰাই

#মানুহ,#জীৱজন্তু,#চৰাই
#সকলোকে_মই_ভালপাওঁ🙂
#মৰম_দিবা_মৰম_পাবা
সৰুৰ পৰা ডাঙৰ হ'লো মনলৈ যি আহে তাকেই কৰি আহিছোঁ, কেতিয়াবা যদি অকনমান অনুভৱ লিখোঁ আন কেতিয়াবা গেম খেলি দিনটো পাৰ কৰোঁ । কেতিয়াবা যদি অকাই পকা ছবি আঁকো কেতিয়াবা মোৰ চৰাই, জীৱ-জন্তুখিনিৰ লগত সময়বোৰ পাৰ কৰোঁ.... প্ৰতিযোগিতা বেয়া পাওঁ যাৰ কাৰণে Participate য়ো খুব কম কৰো...মুঠতে মই নিজৰ লগতে ব্যস্ত থাকি ভাল পাওঁ.... এতিয়া কথা হ'ল মোৰ Haters... মই এটা কথা ক'ব পাৰো ১০০ শতাংশ Gurantee দি, মোক বেয়া পোৱা কোনো নাই..যি দুই এজন আছে তাৰ কাৰণবোৰো ঠেক প্ৰকৃতিৰ... মই স্বাৰ্থত কাম নকৰো সেইকাৰণে কোনোবাই সমৰ্থন নকৰিলে কেতিয়াবা অলপ বেয়া পাব পাৰে অথবা কেতিয়াবা সামাজিক সমস্যাত মাত দিলে কিছুমানে অলপ বেয়া পাই কিন্তু তেওঁলোকৰ Feedbackটো মোৰ বাবে প্ৰয়োজনীয় নহয়,,,,মোক ভাল নাপাব পাৰে সকলোৱে কিন্তু কোনো কাৰণত বেয়াও নাপায়,,,, তাৰ মূলতঃ কাৰণ এটাই যে মই একেবাৰেই সৰল আৰু খোলা মনৰ এজন ল'ৰা..না মই কাৰোবাক লৈ ঈৰ্ষা কৰো না হিংসা..নিজক লৈ আইনাৰ আগত গালি দিওঁ নিজৰ লগত জমনি কৰো,, কোনেও বেয়া পাবলৈ সুযোগকণ নিদিওঁ.. কাৰণ মই নিজক লৈ ব্যস্ত....কিন্তু হয়,পঢ়াৰ ক্ষেত্ৰত Challenge আছিল স্কুলীয়া জীৱনত,, এতিয়াও আছে কিন্তু জীৱনত ভাল কাম কৰাৰ দিশত,,কোনো মানুহৰ লগত নহয়,, জীৱনৰ লগত...#অকলে_আহিছোঁ_অকলেই_যাম...যিকেইদিন পৃথিৱীত আছোঁ বেলেগৰ লগত লাগি কাজিয়া কৰি কি হ'ব, এনেদৰে মই ভাবোঁ আৰু এটা কথা ভুল দেখিলে মই মাত মাতো...কাৰণ মোৰ ঘৰত মই কেইটামান কথা শিকিছো...১/সত্যৰ পক্ষে মাত দি মৰিবলৈ ভয় নকৰা,২/কাৰোবাৰ ভুল হ'লে ভুলটো আঙুলিয়াই ক্ষমা কৰি দিয়া আৰু ৩/প্ৰতিজন মানুহকে ভগৱানৰ এক ৰুপ হিচাপে ধৰি লৈ সন্মান কৰা.......যেতিয়া লৈ তুমি এজন মানুহৰ দৰে আচৰণ কৰিবা... #ডাঙৰক শ্ৰদ্ধা,সৰুক মৰম...হিংসা, ঈৰ্ষা ত্যাগ কৰিবা তেতিয়া কোনেও বেয়া পোৱাৰ প্ৰশ্নই নুঠে,,,
অৱশ্যে কেতিয়াবা আমি দুই এজন মানুহ লগ পাওঁ যিয়ে কিছুমান কথাত নিজেই লাগিব আহে যুক্তিতৰ্ক কৰিব নোৱাৰা কিছুমান অদৰকাৰী বিষয়ক লৈ,, আৰু কেতিয়াবা কাৰোবাৰ ভুলৰ বাবে অলপ বুজালেও ওলোটাই ধৰে,ভূলটোক মানি ল'ব নিবিচাৰে.. তেওঁলোকৰ পৰা আচলতে মই আজিকালি আতৰি চলো ।
শেষত এটাই কথা কবলৈ বিচাৰিম,,,, ঈৰ্ষা,জেদভাৱ,হিংসা, বেলেগৰ ভাল দেখিব নোৱাৰা এইবোৰ স্বভাৱ বেয়া কথা....মোৰ লগতে দেখিছোঁ দুজন মানে আগতে ভাল বন্ধুয়েই আছিল কিন্তু এতিয়া হিংসা কৰে কিয় ?
মই কবিতা,ছবি, ভিডিঅ' এইবোৰ লিখি মেলি থকাৰ বাবে,,,,এইটো মোৰ হবি.. পাৰ্থক্য এটাই যে আগতে যেনিবা বহীত লিখিছিলোঁ এতিয়া Fb দিওঁ আৰু মোক লৈ ঈৰ্ষা কৰিবলৈ মোৰ কি আছেনো,, একোৱেই টো নাই..... বেলেগৰ ভাল দেখিব নোৱাৰা এজন কেতিয়াও মানুহৰ শাৰীত নাহে ।
পাৰিলে #ৰামায়ণ,#মাহাভাৰত,#কৃষ্ণ,#আগৰ_দিনৰ_ভক্তিমূলক ধাৰাবাহিক সমূহ চাবা মৰম শ্ৰদ্ধা কৰা নকৰাৰ লগতে জীৱনটো সুকলমে চলাই নিয়াত সুবিধা হ'ব ।
মই সৰুৰে পৰা ভক্তিমূলক ধাৰাবাহিক চাই ডাঙৰ হোৱা ল'ৰা সেইকাৰণে কোনো এজন মানুহেও মোৰ কথা এনেকৈ ক'ব নোৱাৰে যে মোৰ অহংকাৰ আছে, মই কাৰোবাক বেয়াকৈ কৈছোঁ...তাৰ মূলতে কাৰণ এটাই যে যেনেদৰে জন্ম লৈ আহিছোঁ মৃত্যুৰ দিনাও খালী হাতেই যাম মাথোঁ মানুহৰ মনত এটা স্মৃতি হৈ আমাৰ ছবিখন ৰৈ যাব.. #Degrees, #certificate,#Talent,#Money এইবোৰ meaningless..আনৰ বাবে বেলেগ কৰিব নোৱাৰিলেও থকা কেইদিন মৰম দি,আনৰ সুখত সুখী হ'ব পাৰিলে মৃত্যুৰ পিছত এদিনৰ বাবে হ'লেও তোমাক মনত পেলাব,,এইটো মোৰ চিন্তাধাৰা 🌿🌿
আত্মাৰ মূল্য সমান...লাগিলে সি মানুহ হওঁক নাইবা আন জীৱ-জন্তু,চৰাই-চিৰিকটি....সকলোকে মৰম দিবা মৰম পাবা 🙂❤️
(সেইকাৰণে কেতিয়াও কোনো স্বাৰ্থ জড়িত কাৰণত মোক মেচেজ নকৰিবা যি কাৰণে আন দহজনৰ মনত আঘাত দিব পাৰে)

As Lovely as Flowers !

As Lovely As Flowers !

You are the destination,
You are the music of life,
Lovely as flowers
Sometimes I remember when I first saw you,
Your sweet little smile,
your long hair,
I want to tell you one thing,
When you passed by me,
I wanted to say the same,

I love You......

OK listen
Once inside your heart, 
ask once!
May your heart speak my name in coincidence,
Ask your beloved O Princess who lives inside you for once.
Maybe your heart also calls my name.

ENGLISH POETRY

Link

https://allpoetry.com/Dipankar_Bhagabati

Ghost In Love

মৃত্যুৰ সিটোপাৰে
(GHOST IN LOVE)

আজি অমাৱস্যা
সময় নিশা ১২ বাজিছে,
অন্ধকাৰবোৰকে লগত লৈ
মই অকলশৰে বহি আছোঁ ,
আজি বৰকৈ মন গৈছে 
জানা ?
বিষাদৰ সমাধি বগাই,
তোমাৰ সুখৰ চহৰখনিত দুখৰ প্ৰেমিক চৰাইটো হৈ বিনাই ফুৰিবলৈ,
তোমাৰ দুচকুৰ সাগৰনীলা
অনুভৱবোৰক লৈ আকৌ কবিতা এটা ৰচিব বিচাৰোঁ,
এবাৰ তোমাৰ নামত কান্দিব বিচাৰোঁ,
কিন্তু নোৱাৰো জানা.....
মৃত্যুৰ পিছত যে চকুলোবোৰ হেৰাই পৰিল,
ইচ্ছা কৰিও যে একো কৰিব নোৱাৰোঁ,
মাথো আমাৰ অতীতবোৰ হে স্মৃতি হৈ,
আত্মাৰ একোনত ৰৈ গ'ল,
আচ্ছা বাদ দিয়া,
শুনা তুমি কুশলে আছানে ?
এটা কথা কওঁ
তুমি চাগৈ একদমেই বুঢ়ী হৈ গ'লা ন,
মই কিন্তু আগৰ দৰেই সেই ডেকাটো হৈ আছোঁ,
জানা ....?
অৱশ্যে এতিয়া মই যে 
ইচ্ছা কৰিও,
আগৰ দৰে 
তোমাৰ লগত প্ৰেমৰ আলাপ কৰিব নোৱাৰোঁ,
সকলো হেৰাই গ'ল অ'......,
আমাৰ সপোন,আমাৰ অভিমান,আমাৰ ভাললগাবোৰ.....
এহহ বাদ দিয়া
আচ্ছা,শুনা.....
আজিটো তোমাৰ জন্মদিন, 
তুমি কিন্তু গংঙ্গাটোপ টো হৈ ,
মুখ ফুলাই বহি নাথাকিবা,
এটি মৰমলগা হাঁহিৰে পুৱাটো জীপাল কৰিবা,
আৰু চোৱানা.....
আমাৰ প্ৰেমবোৰ এতিয়াও অমৰ হৈয়ে আছে,
মৃত্যুৰ পিছতো মই তোমাৰ জন্মদিনৰ দিনা সাৰে উঠিছো,
ঐ এটা কথা কি জানা.....?
তোমাক যে মই আগতে ভূতৰ কাহিনীবোৰ ক'লে,
ভয়তে মোক সাবতি ধৰিছিলা আৰু যে কৈছিলা ভূত বহুতেই বেয়া,
"মোৰ ভয় লাগে"
শুনা মই আকৌ তেনেকুৱা একদমেই নহয় দেই,
এতিয়াও সমাধিৰ পৃথিৱীত তোমাৰ নূপূৰৰ শব্দটোক মনত পেলায়েই বাট চাই ৰওঁ,
আজিৰ দিনটোৰ বাবে.....
ঐ শুনা ৰাতি পুৱাবৰে হ'ল মই যাবগৈ লাগিব,
কুশলে থাকিবা আৰু যে এই প্ৰেমিক চৰাইৰ অসম্পূৰ্ণ সপোনবোৰক হৃদয়ৰ পৰা মচি নিজকে সুখৰ সমান সুখী কৰি তুলিবা,
আচ্ছা আচ্ছা শেষত শুনাচোন ,
আমাৰ এই প্ৰেম আৰু ভালপোৱাক বুকুত লৈ,
মৃত্যুৰ সিপাৰে মই বাট চাই ৰ'ম,
মাথো তোমাৰ বাবে ।

হিৰুদা

কি লিখিম,কি নিলিখোঁ ?
আপোনাৰ এই মৃত্যু তিথিত এষাৰী লিখিবলৈও আজি মোৰ শব্দৰ ভড়াল খালী,
অনুভৱৰ বৰষুণজাকত
আজিও মোৰ কোনোবা খিনিত ছন্দৰ অভাৱ,
আপোনাৰ কবিতা পঢ়িয়েই প্ৰেৰণা পাইছিলো,
সুগন্ধি পখিলাটিৰ প্ৰেমত পৰিছিলোঁ,
সপোন সাগৰত পাৰ বিচাৰিছিলোঁ,
উজাগৰে নিশাবোৰ পাৰ কৰিছিলোঁ,
কেৱল এমুঠি অনুভৱৰ সন্ধানত,
নাজানো আপুনি ক'ত..কেনেকৈ আছে...
কুশলে থাকিব তাৰেই কামনা,
মোৰ প্ৰেৰণা আৰু সাহসৰ উৎস হৈ
সদায়েই স্মৃতিৰ পৃথিৱীত ৰৈ যাব আপুনি,
হাজাৰ মাইল দূৰৰ ,
এটি  উজ্জ্বল নক্ষত্ৰ হৈ ।
🙂🙂🙂🙂🙂🙂🙂

~Dipankar Bhagabati

সেউজীয়া স্মৃতিবোৰক লগত লৈ বাট চাই ৰ'ম তোমাৰ বাবে 🥺




  তুমি আৰু মই স্মৃতিৰ এক আধৰুৱা অধ্যায়ৰ পাতনি... তুমি কোৱাৰ দৰে সময়বোৰ তেনেকুৱা নহয় আৰু তুমি বুজোৱাৰ দৰে জীৱনটোও ইমান সৰল নহয়,তুমি কৈছিলা আকৌ আমি লগ হ'ম সেউজীয়া আৰু জীপাল কবিতাবোৰৰ মাজত...নিশাৰ তৰাবোৰৰ পৰা লুকাই আন্ধাৰৰ মাজত প্ৰেমৰ কথা পাতিম....তাৰে এশাৰী তুমি আৰু দুটাশাৰী মই ক'ম । আজি প্ৰায় বহুদিনেই পাৰ হৈ গ'ল... তুমি ক'ত আছা.?..কুশলে আছানে... ?.... প্ৰতিশ্ৰুতি বোৰ এতিয়া যেন প্ৰতাৰণাৰ ৰূপ ল'ব ধৰিছে।... এতিয়াতো সময়বোৰো মাথো বোজা হে হৈ ৰ'ল । আগৰ দৰে কবিতাবোৰো ৰসাল নহয় এতিয়া জানা ?...., তুমি যে কৈছিলা মোৰ কবিতাবোৰৰ মাজত প্ৰেমৰ ঠিকনা বিচাৰি উলিয়াবলৈ বৰ সহজ.....হয়তো এতিয়া তোমাৰ অনুপস্থিতিৰ বাবে সেই ঠিকনা বোৰো হেৰাই গ'ল..... বৰষুণৰ টোপালৰ গুণ গুণনিবোৰ শুনিলে সদায় বাৰাণ্ডাৰ কাষত বহি তোমালৈ বাট চাই ৰওঁ ...,জানোছা আগৰ দৰে আজিও তুমি দৌৰ মাৰি আহা আৰু মোৰ দুহাতত ধৰি টোপাল‌বোৰৰ মাজত উমলা....🥺🥺🥺🥺কিন্তু এতিয়া যে তুমি নাই..!....
এতিয়া যেন আৱতৰীয়া বৰষুণজাকো বৰ বিৰক্তিদায়ক জানা..?....
.......আজি ঘৰৰ পৰা হোষ্টেলৰ অভিমুখে বাট লৈ থাকোতে জালুকবাৰী পাৰ হৈ শৰাইঘাট দলং খনৰ ওপৰ পাওঁতে তোমাৰ এটা কথা বৰকৈ মনলৈ আহিছে জানা .....? তুমি যে এদিন মোৰ পৰা পাচ টকা এটা লৈ সেৱা কৰি ব্ৰহ্মপুত্ৰৰ বুকুলৈ দলিয়াই দিছিলা আৰু যে মই সোধাত কৈছিলা 😊"এইটো মোৰ অভ্যাস অ' "...সচাকৈ বৰ মনত পৰে অ' কথাবোৰ....তোমাৰ যে ভাষাবোৰ আজিও এটা এটা কৰি মনলৈ আহে.....! কিন্তু......😔সময়বোৰ যে নিষ্ঠুৰ এতিয়া... এতিয়া মইও সেই অভ্যাসবোৰকে আপোন কৰি লবলৈ শিকিলো জানা.....? ধেৎৎ... মইও যে , তুমিনো কেনেকৈ জানিবা.. তোমাক লৈ কি অনুভৱ কৰি পাৰ কৰিছো দিনবোৰ.... তথাপিও স্মৃতিৰ সেউজীয়া পথাৰখনিত থিয় হৈ বাট চাই ৰ'ম তোমাৰ বাবে...!... সপোনবোৰৰ মাজত কল্পনা কৰি আকৌ তোমাৰ প্ৰেমতে বাৰে বাৰে পৰিম....।....

দিপাংকৰ ভাগৱতী

নিৰ্জনতাবোৰৰ মাজত জীৱনৰ এটি অধ্যায়

জীৱনৰ এৰি থৈ অহা সময়ছোৱাত কেতিয়াও এনেদৰে নিৰ্জনতাৰ অনুভৱ হোৱা নাছিল,আচলতে অকলশৰীয়াকৈ বহুতো সময় পাৰ কৰিছোঁ যদিও, এনেকুৱা কিন্তু কাহানিও হোৱা নাছিল ।
এবিধ মাৰাত্মক জাতিধ্বংসী ভাইৰাছে যেন সকলোৰে দৈনন্দিন চলি থকা সময়বোৰক ব্যাঘাত জন্মালেহি ।
আচলতে এই নিৰ্জনতাৰ বা নিসংগতাৰ আটাইতকৈ ডাঙৰ লগৰী বিধ কি গ'ম পাইনে,মোৰ বোধেৰে একমাত্ৰ লগৰী বিধ হৈছে
"কিতাপ"....... ইণ্টাৰনেটৰ যান্ত্ৰিক পৃথিৱীখনক আমি নুই কৰি অৱহেলা কৰিব নোৱাৰোঁ... তথাপিও যান্ত্ৰিকতাৰ পৰা আতৰি সময় পাৰ কৰিব পৰা একমাত্ৰ আহিলা বিধেই হ'ল "কিতাপ" !
যিয়ে দি যায় আনন্দ ।
হেৰল্ড ব্লুম নামৰ এজন বুদ্ধিজীৱীয়ে কৈছিল,"নিৰ্জনতা বা নিসংগতাৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ'ল এয়ে যে ই তোমাক কিতাপ পঢ়াৰ আনন্দ দিয়ে"।
বৰ্তমান নিসংগতাৰ মাজত আবদ্ধ হৈ পৰা প্ৰত্যেকজনেই হয়তো ভালদৰে উপলদ্ধি কৰিব পাৰিছে ইয়াৰ আৰঁৰ ভাবাৰ্থ কি ...।সচাঁ কথা,নিসংগতাৰ মাজত সংগও কেতিয়াবা বিৰক্তিকৰ হৈ পৰে ।মোবাইল লেপটপবোৰো অশান্তিকৰ হৈ পৰিব ধৰে।
সেইকাৰণে নিসংগতাই যেতিয়া গ্ৰাস কৰি ধৰে,মাহতঁৰ ওচৰলৈ গৈ দুটা এটা কথা পাতো আৰু তেতিয়াই মোৰ ভাললগা এখন কিতাপ পঢ়িবলৈ উলিয়াই লওঁ,সেই কিতাপখনৰ গভীৰতাৰ সৈতে একাত্ম হৈ পৰো। এতিয়া এই নিসংগতাবোৰকে লগৰী কৰি আগবাঢ়িবলৈ শিকিছো, জীৱনৰ দীঘলীয়া বাটটোৰে যাত্ৰা কৰি আহোতে একাষে এৰি থৈ অহা সময়ৰ পদচিহ্নবোৰক সোৱঁৰাইছো
আৰু মাজে মাজে সেইবোৰৰ বুকুত সুখৰ আমেজ লৈছোঁ, নিয়তিৰ বিধান ,কোনে জানে... এদিন আচলতে আমিও কাহানিও ওভতি নহা এটি প্ৰতিশ্ৰুতিৰে,এই একেটা বাটেৰেই গুচি যাম আৰু জীৱনৰ আধা লিখা ডায়েৰীখনৰ বুকুত লিপিবদ্ধ হৈ ৰ'ব মাথো এবুকু বৰ্ণিল অনুভূতিৰ নিদাৰুণ অধ্যায়।



#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...