হিৰুদা

কি লিখিম,কি নিলিখোঁ ?
আপোনাৰ এই মৃত্যু তিথিত এষাৰী লিখিবলৈও আজি মোৰ শব্দৰ ভড়াল খালী,
অনুভৱৰ বৰষুণজাকত
আজিও মোৰ কোনোবা খিনিত ছন্দৰ অভাৱ,
আপোনাৰ কবিতা পঢ়িয়েই প্ৰেৰণা পাইছিলো,
সুগন্ধি পখিলাটিৰ প্ৰেমত পৰিছিলোঁ,
সপোন সাগৰত পাৰ বিচাৰিছিলোঁ,
উজাগৰে নিশাবোৰ পাৰ কৰিছিলোঁ,
কেৱল এমুঠি অনুভৱৰ সন্ধানত,
নাজানো আপুনি ক'ত..কেনেকৈ আছে...
কুশলে থাকিব তাৰেই কামনা,
মোৰ প্ৰেৰণা আৰু সাহসৰ উৎস হৈ
সদায়েই স্মৃতিৰ পৃথিৱীত ৰৈ যাব আপুনি,
হাজাৰ মাইল দূৰৰ ,
এটি  উজ্জ্বল নক্ষত্ৰ হৈ ।
🙂🙂🙂🙂🙂🙂🙂

~Dipankar Bhagabati

সেউজীয়া স্মৃতিবোৰক লগত লৈ বাট চাই ৰ'ম তোমাৰ বাবে 🥺




  তুমি আৰু মই স্মৃতিৰ এক আধৰুৱা অধ্যায়ৰ পাতনি... তুমি কোৱাৰ দৰে সময়বোৰ তেনেকুৱা নহয় আৰু তুমি বুজোৱাৰ দৰে জীৱনটোও ইমান সৰল নহয়,তুমি কৈছিলা আকৌ আমি লগ হ'ম সেউজীয়া আৰু জীপাল কবিতাবোৰৰ মাজত...নিশাৰ তৰাবোৰৰ পৰা লুকাই আন্ধাৰৰ মাজত প্ৰেমৰ কথা পাতিম....তাৰে এশাৰী তুমি আৰু দুটাশাৰী মই ক'ম । আজি প্ৰায় বহুদিনেই পাৰ হৈ গ'ল... তুমি ক'ত আছা.?..কুশলে আছানে... ?.... প্ৰতিশ্ৰুতি বোৰ এতিয়া যেন প্ৰতাৰণাৰ ৰূপ ল'ব ধৰিছে।... এতিয়াতো সময়বোৰো মাথো বোজা হে হৈ ৰ'ল । আগৰ দৰে কবিতাবোৰো ৰসাল নহয় এতিয়া জানা ?...., তুমি যে কৈছিলা মোৰ কবিতাবোৰৰ মাজত প্ৰেমৰ ঠিকনা বিচাৰি উলিয়াবলৈ বৰ সহজ.....হয়তো এতিয়া তোমাৰ অনুপস্থিতিৰ বাবে সেই ঠিকনা বোৰো হেৰাই গ'ল..... বৰষুণৰ টোপালৰ গুণ গুণনিবোৰ শুনিলে সদায় বাৰাণ্ডাৰ কাষত বহি তোমালৈ বাট চাই ৰওঁ ...,জানোছা আগৰ দৰে আজিও তুমি দৌৰ মাৰি আহা আৰু মোৰ দুহাতত ধৰি টোপাল‌বোৰৰ মাজত উমলা....🥺🥺🥺🥺কিন্তু এতিয়া যে তুমি নাই..!....
এতিয়া যেন আৱতৰীয়া বৰষুণজাকো বৰ বিৰক্তিদায়ক জানা..?....
.......আজি ঘৰৰ পৰা হোষ্টেলৰ অভিমুখে বাট লৈ থাকোতে জালুকবাৰী পাৰ হৈ শৰাইঘাট দলং খনৰ ওপৰ পাওঁতে তোমাৰ এটা কথা বৰকৈ মনলৈ আহিছে জানা .....? তুমি যে এদিন মোৰ পৰা পাচ টকা এটা লৈ সেৱা কৰি ব্ৰহ্মপুত্ৰৰ বুকুলৈ দলিয়াই দিছিলা আৰু যে মই সোধাত কৈছিলা 😊"এইটো মোৰ অভ্যাস অ' "...সচাকৈ বৰ মনত পৰে অ' কথাবোৰ....তোমাৰ যে ভাষাবোৰ আজিও এটা এটা কৰি মনলৈ আহে.....! কিন্তু......😔সময়বোৰ যে নিষ্ঠুৰ এতিয়া... এতিয়া মইও সেই অভ্যাসবোৰকে আপোন কৰি লবলৈ শিকিলো জানা.....? ধেৎৎ... মইও যে , তুমিনো কেনেকৈ জানিবা.. তোমাক লৈ কি অনুভৱ কৰি পাৰ কৰিছো দিনবোৰ.... তথাপিও স্মৃতিৰ সেউজীয়া পথাৰখনিত থিয় হৈ বাট চাই ৰ'ম তোমাৰ বাবে...!... সপোনবোৰৰ মাজত কল্পনা কৰি আকৌ তোমাৰ প্ৰেমতে বাৰে বাৰে পৰিম....।....

দিপাংকৰ ভাগৱতী

নিৰ্জনতাবোৰৰ মাজত জীৱনৰ এটি অধ্যায়

জীৱনৰ এৰি থৈ অহা সময়ছোৱাত কেতিয়াও এনেদৰে নিৰ্জনতাৰ অনুভৱ হোৱা নাছিল,আচলতে অকলশৰীয়াকৈ বহুতো সময় পাৰ কৰিছোঁ যদিও, এনেকুৱা কিন্তু কাহানিও হোৱা নাছিল ।
এবিধ মাৰাত্মক জাতিধ্বংসী ভাইৰাছে যেন সকলোৰে দৈনন্দিন চলি থকা সময়বোৰক ব্যাঘাত জন্মালেহি ।
আচলতে এই নিৰ্জনতাৰ বা নিসংগতাৰ আটাইতকৈ ডাঙৰ লগৰী বিধ কি গ'ম পাইনে,মোৰ বোধেৰে একমাত্ৰ লগৰী বিধ হৈছে
"কিতাপ"....... ইণ্টাৰনেটৰ যান্ত্ৰিক পৃথিৱীখনক আমি নুই কৰি অৱহেলা কৰিব নোৱাৰোঁ... তথাপিও যান্ত্ৰিকতাৰ পৰা আতৰি সময় পাৰ কৰিব পৰা একমাত্ৰ আহিলা বিধেই হ'ল "কিতাপ" !
যিয়ে দি যায় আনন্দ ।
হেৰল্ড ব্লুম নামৰ এজন বুদ্ধিজীৱীয়ে কৈছিল,"নিৰ্জনতা বা নিসংগতাৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ'ল এয়ে যে ই তোমাক কিতাপ পঢ়াৰ আনন্দ দিয়ে"।
বৰ্তমান নিসংগতাৰ মাজত আবদ্ধ হৈ পৰা প্ৰত্যেকজনেই হয়তো ভালদৰে উপলদ্ধি কৰিব পাৰিছে ইয়াৰ আৰঁৰ ভাবাৰ্থ কি ...।সচাঁ কথা,নিসংগতাৰ মাজত সংগও কেতিয়াবা বিৰক্তিকৰ হৈ পৰে ।মোবাইল লেপটপবোৰো অশান্তিকৰ হৈ পৰিব ধৰে।
সেইকাৰণে নিসংগতাই যেতিয়া গ্ৰাস কৰি ধৰে,মাহতঁৰ ওচৰলৈ গৈ দুটা এটা কথা পাতো আৰু তেতিয়াই মোৰ ভাললগা এখন কিতাপ পঢ়িবলৈ উলিয়াই লওঁ,সেই কিতাপখনৰ গভীৰতাৰ সৈতে একাত্ম হৈ পৰো। এতিয়া এই নিসংগতাবোৰকে লগৰী কৰি আগবাঢ়িবলৈ শিকিছো, জীৱনৰ দীঘলীয়া বাটটোৰে যাত্ৰা কৰি আহোতে একাষে এৰি থৈ অহা সময়ৰ পদচিহ্নবোৰক সোৱঁৰাইছো
আৰু মাজে মাজে সেইবোৰৰ বুকুত সুখৰ আমেজ লৈছোঁ, নিয়তিৰ বিধান ,কোনে জানে... এদিন আচলতে আমিও কাহানিও ওভতি নহা এটি প্ৰতিশ্ৰুতিৰে,এই একেটা বাটেৰেই গুচি যাম আৰু জীৱনৰ আধা লিখা ডায়েৰীখনৰ বুকুত লিপিবদ্ধ হৈ ৰ'ব মাথো এবুকু বৰ্ণিল অনুভূতিৰ নিদাৰুণ অধ্যায়।



মোৰ কলমৰ চিয়াঁহী

মোৰ কলমৰ চিয়াঁহীৰ টোপালবোৰৰ
যে
ভাললগাবোৰ কি ,
তুমি বাৰু জানানে... ?
এই যে তিনিমাহৰ মূৰে মূৰে, তোমাৰ নামত এখনি নীলা খামৰ চিঠি লিখোঁ বুলি মাজনিশা অকলশৰে হাতত কলমটো তুলি লওঁ,,,,, চিয়াঁহীৰ টোপালবোৰত খহি পৰে হাজাৰটা নক্ষত্ৰ....বৰ সাংঘাটিক দেই,,
সেই যে মোৰ খিৰিকীৰ কাষতে তুমি দেখিছিলা এজনী চঞ্চল পখিলা,,এহ্ সোণাৰুৰ দৰে যে তাইৰ বৰণ আছিল,,তাই আজি মোক কি ক'লে জানা...?
🙃তুমি বোলে মোক পাহৰিয়েই পেলালা...ইমান দিন পাৰ হৈ গ'ল চিঠি এখন টো লিখি পঠিয়াব পাৰা😒, ঠিকেই ! মইয়ো তাই কোৱাতহে কিন্তু কথাবোৰ অনুভৱ কৰিছোঁ.... সেয়েহে এতিয়া শব্দবোৰ, ছন্দবোৰক সামৰি আৰু ভাললগা অনুভৱবোৰক লগতে লৈ তোমালৈ এখনি নীলা খামৰ চিঠিকে লিখো বুলি ভাবিলোঁ কিন্তু এই যে মোৰ আখৰখিনি আজিও ঠিক নহ'লগৈ আৰু, আখৰখিনিও এতিয়া মোৰ এই বঙলীঠেঙীয়া ভৰি দুটাৰ দৰেই লেঙ লেঙীয়া হ'ল,,, তুমি চাগৈ পঢ়াৰ সময়ত বৰ অসুবিধা হয় 😌....হৃদয়খনিকো এইবাৰ চিঠি খনিৰ লগতে দি পঠিয়াম❤️.. মোৰ লগত থাকিলে কোনদিনা ইয়াৰ উশাহ চুটি হৈ যায় গ'মেই নাপাম,তোমাৰ ওচৰত হে বুলি থাকিব বিচাৰে.... আদৰি ল'বা 🤗
নীলা চিয়াঁহীৰ টোপালৰ আৰঁত থকা সেন্দুৰবৰণীয়া তোমাৰ হাঁহিটোলৈ কিন্তু বৰকৈয়ে মনত পৰে যেতিয়া মই নিজানত পাৰ কৰোঁ এই টিক টিক কৰি থকা সময়বোৰৰ এক্ষন্তেক..... অৱশ্যে বাকীখিনি কথা পিছত লিখিম....আজিলৈ নহ'লে থাকক দিয়া...🤭🤭আচ্ছা এই যে পখিলাজনী,,,,,অ' সোণাৰু বৰণীয়া চিনাকি জনীৰ কথাই কৈছোঁ,,তাই হেনো তোমাৰ ওচৰলৈ যাবগে,, মই বোলে আজিকালি খিৰিকীখন জপাই থও‌ঁ...তাইৰ বৰকৈ অভিমান হৈছে ☺️☺️☺️এতিয়া যি দেখিছোঁ তোমাৰ প্ৰেমত সকলোৱেই পৰিছে... পখিলাজনী আৰু হৃদয়খনিও এইবাৰ যাবগৈ...যতনে ৰাখিবা বুলি আশা ৰাখিলোঁ । 

kamrup polytechnic

কলেজীয়া জীৱনৰ বন্ধুত্ব 🔥🔥
মোৰ জীৱনৰ পথত বন্ধু -বান্ধৱী বহুখিনিয়ে আছে,, আৰু প্ৰত্যেকজনৰে আকৌ একোটিকৈ মহান মহান গুণ আছে😌... যিহেতু বন্ধুবৰ্গৰ পৰিসৰ বহুতেই বিশাল সেয়েহে আজি কেইজনমানৰ কথাহে দাঙি ধৰিম,,বাকীসকলকো এদিন এদিনকৈ ধৰিম😁
ইহঁতকিটাৰ গুণ গাম আজি😂
1.Bishwajit Kalita/Body builder
2.Pranab Sarma/........
3.Rahul Thakuria/roommate
4.Ujjal James Evan/mota bhai
5.chandra/........
6.Parag Talukdar/........
7.Hirak Deka/gulli boy
8.Raktim Kalita/Baba
9.Abul Kalam azad/Vaijaan
10.Deep Akhtar/S.....
11.Bikash Pathak
12.Deepjyoti Baishya/...
13.Kalpajyoti Das
14.Samarjyoti Kalita/
15.Kamal bhai
16.Gaurav moina
17.Ashim Deka

ইহঁতকিটা এনেকুৱা বস্তু😂😂😂 মই যদি কিবা কবিতা,গল্প লিখি থাকো কোনেও পঢ়ি নাচায়,,,,সদাই চুপ চাপ থাকিব... কিন্তু ইহঁতৰ এটা Quality আছে,,,,কিবা কাৰণত যদি মই অলপো অসুবিধাত পৰো গোটেইকেইটাই নোকোৱাকৈয়ে মোক ফোন কৰি সহায় কৰিবলৈ সাজু থাকে,,,আমি আচলতে বন্ধু নহয় এটাই আনটোৰ নিজা ভাইৰ দৰে ।
📌Bishwajit/Muk khana bonabole xikuar pora every situation t logot thoka....body builder boy...ami duitai Hs 12 t thakute ekeloge bohibo karone MIL assamese loisilu...bcz xi asil arts,aru moi asilu science..
📌Rahul/3yrs dhori ami roommate...xi clg ngole moi najao,, mi nogole xi najai...aru ami nogole.....Ashim,raktim,hirak,ujjal,kalpa,samar,bikash,gaurav,kalam,deepjyoti,parag kuneo najao...mane kobo gole engineering life tut 3yrs ami enedorei par korilu....bike r accident houteo moi poribo he palu etai molom,etai bandage,etai malis.. muthote ihotor kotha koi ses nhoi..aru ujjal hoise sintar voral..oknmn jor holeo xi ghrt phone kori jomai pelai 😁😁kamal obsye mechanical branch r lora dei..xi class kore🤪
📌Chandra & pranab& deep akhtar ///ihotor kotha nu ki kom...bhai korbat jodi kunubai tumak beyake koi amak koba...

এইগোটেই কিটা বৰ সাংঘাটিক বস্তু,,আচলতে আমি ইটোৱে সিটোৰ লগত জড়িত হৈ থকাৰ দৰে,,,এটাই কলেজ গ'লেই গোটেইকেইটা যাব আৰু এটা নগলেই বাকীকিটাও নাযায়,,🤪🤪🤪Akou Edin beleg ketamanok dhorim..ajiloi hbo..love you bhailog❤️❤️❤️

মাহাভাৰতৰ পাণ্ডৱ আৰু কৌৰৱৰ ১০০ পুত্ৰৰ নাম

পঞ্চপাণ্ডৱঃ- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ।

কৌৰৱঃ- দুৰ্যোধন, যুযুত্সুভ, দুঃশাসন, দুঃসহ, দুঃশল, জলসন্ধ, সম, সহ, বিন্দ, অনুবিন্দ, দুমৰ্ষ, সুবাহু, দুষ্প্ৰধৰ্ষণ, দুষ্মধৰ্ষণ, দুমুৰ্খ, দুষ্কৰ্ণ, কৰ্ণ, বিবংশতি, বিকৰ্ণ, শল, সত্ব, সুলোচন, চিত্ৰ, উপচিত্ৰ, চিত্ৰাংক, চাৰুচিত্ৰ, দুৰ্মদ, দুৰ্বিসাহ বিবিত্সুচ, উৰ্ননাভ, সুনাভ, বিকটালন, নন্দ, উপনন্দ, চিত্ৰবান, চিত্ৰবৰ্মা, সুবৰ্মা, দুৰ্বিৰোচন, আয়েবাহু, মহাবাহু, চিত্ৰকুণ্ডল, ভীমবেগ, ভীমবল, বলাকী, বলবৰ্ধন বিক্ৰম, উগ্ৰায়ুধ, সুষেণ, কুণ্ডোদৰ, মহোদৰ, দৃড়ক্ষেত্ৰ, সোমকীৰ্তি, অনুদৰ, জৰাসন্ধা, সত্যসন্ধ, সদঃসুবাক, উগ্ৰশ্ৰবা, উগ্ৰসেন, সেনানী, দুষ্পৰাজয়, অপৰাজিত, পণ্ডিতক, বিশালক্ষ, দুৰাধন, দৃঢ়হস্ত, সুহন্ত, বায়ুবেগ, সুৰ্বচা, আদিত্য কেতু, বাহবাশী, নাগদত্ত, অগ্ৰযায়ী, কৰচী, ক্ৰথন, দণ্ডী, দণ্ডধাৰ, ধনগ্ৰহ, উগ্ৰ, ভীমৰথ, বীৰবীহু, আলোহুপ, অভয়, ৰুদ্ৰকৰ্মা, দৃঢ়ৰাথাশ্ৰয়, অনাধৃষ্য, কুণ্ডভেদী, বিৰাবী, বিচিত্ৰ কুণ্ডলী, প্ৰমাথী, বীৰ্যশালী দীৰ্ঘৰোম, দীৰ্ঘবাহু, মহাবাহু বুঢ়োক, কনক ধ্বংস, কুণ্ডাশী, দৃঢ়সন্ধা বিৰজা, চিত্ৰায়ুধ, নিছাম্‌গী, পাচী, বৃধৰ্কন, দৃধবৰ্মন |


সংগ্ৰহ-দিপাংকৰ ভাগৱতী

Courtesy-Google

ভাৱনা

ভাৱনা
//TRUE STORY//
✍️দিপাংকৰ ভাগৱতী

আৱেগিক মন,অকলশৰীয়া Boaring লাইফ তাতে আৰু সদায়  SINGLE হোৱা বাবে লগৰ কিটাৰ পৰা পোৱা down খিনিটো আছেই।মই যেন single  থাকি কিবা মহাপাপ হে কৰিলো,আৰে ভাই মনৰ পছন্দ বুলিওটো এটা কথা আছে,কাৰোবাক বাৰু প্ৰপোছ কৰি Single নামৰ দাগটো আতৰ কৰি relationship ত আহিলোৱে,সুখী হ'ব পাৰিম জানো। চাল্লা এই কথাটোৱেই সিহঁতে বুজি নাপায়।সিহঁতৰ লগত তৰ্ক কৰি লাভ কি, ক'ত বুজি পাব।এইবোৰ কথা মনতে ভাৱি ভাৱিয়ে আৱেলি চাৰিআলিৰ ৰাস্তাৰ কাষৰ  দোকানখনৰ ফালে খোজ ল'লো।আৱেলি প্ৰায়ে ৫ টা মান বাজি পাৰ হৈ গৈছে,চাৰি আলিৰ ওচৰ পাওঁ পাওঁ হওঁতেই হঠাৎ তাইক দেখা পালো,দীঘল চুলিকোচাৰে  পিঠিত এটা কিতাপৰ বেগ লৈ মুখত এটা মিচিকীয়া হাহিঁৰে সৈতে তাই ক'ৰবাত যাবলৈ ওলাইছে,হয়তো তাইৰ আজি টিউচন আছে । অ'হ সেই তাইজনীৰ পৰিচয় দিবলৈকে পাহৰিছিলো,আচলতে লগৰ সকলোৱে সোধে মোৰ কিয় Relationship ত আহিবলৈ ভাল নালাগে ! কিয় ? আজিলৈ মোৰ কোনো Girl freind নাই আৰু কিয় মই বাকীবোৰৰ দৰে PARK ৰ অন্ধকাৰত  Romance কৰাতো পছন্দ নকৰো। আচলতে সেই তাই জনীয়েই মোক এইবোৰৰ পৰা বিৰত ৰাখি আহিছে।

             ২০১৪ চনৰ নম্বেবৰ মাহৰ এটা দিন সন্ধ্যা ঠিক ৭ মান বজাত মই মোৰ বৰদেউতা হতঁৰ দাদাৰ লগত অলপ ওলাই গৈছিলো,সেইদিনাই প্ৰথমবাৰৰ বাবে তাইক দেখিছিলো আৰু দেখিয়েই মোৰ দুচকু থৰ হৈ ৰৈছিল । এনে লাগিছিল যেন তাইৰ ফালে চাইয়ে ওৰে সময়বোৰ পাৰ কৰি দিম,আগতে হৈ নেপোৱা এক অনুভৱ......এক বুজাব নোৱাৰা সিহৰণ , তাইৰ কিছুমান সৰু সৰু ধেমালি উপভোগ কৰিবলৈ পাইছিলো সেইদিনা,তাই মোতকৈ অলপ বয়সত সৰু আছিল, দাদাক তাই আগৰে পৰাই চিনি পাইছিল আৰু সেইকাৰণে তাই দাদাৰ লগত কিছুমান কেঁচুৱা ধেমালিও কৰিবলৈ সংকোচ কৰা নাছিল,সচা অৰ্থত প্ৰথমবাৰৰ বাবে কাৰোবাক লৈ ইমান কম সময়তে মনতো বহুতেই ভাল লাগি উঠিছিল। তেতিয়ালৈ মই অনুভৱ কৰিবই পৰা নাছিলোঁ যে তাইকলৈ মই crush অনুভৱ কৰা হ'ব ধৰিছো।সেই সন্ধ্যাটো তেনেদৰেই পাৰ হৈ গ'ল। ঘৰলৈ অহাৰ পিছতো তাইৰ কথাই মনলৈ আহি আছিল,খাওঁতে শোৱতে কেৱল তাই মাথো তাই। আকৌ এবাৰ তাইক লগ পোৱাৰ হেপাঁহ,তাইৰ লগত কথা পাতিবলৈ মন গৈছিল, তাইৰ নামটো বাৰু গ'ম পালো ভাৱনা,সচাকৈ নামটো শুনিলেই যেন মনতো শীতল পৰি যায়।মোৰ মেট্ৰিক পৰীক্ষা আগত আছিল কাৰণে সঘণাই তাইৰ কথা নাভাবি থাকিম বুলি ভৱা স্বত্বেও বাৰে বাৰে তাইলৈ মনত পৰি আছিল, সেইদিনা আৰু পঢ়িব নোৱাৰিলো, এইটো কথাই ভাৱি থাকিলো যে ," তাইক মোৰ হঠাৎ কিয় ইমান ভাল লগা হ'ব ধৰিছে,কিয় তাইৰ কথা বাৰে বাৰে মনলৈ আহিছে"...........focus focus কিয় মক্কেলৰ দৰে পঢ়া এৰি এইবোৰ ভাবিবলৈ লোৱা হৈছো , মেট্ৰিক main বাদ দে এইবোৰ (নিজকে ভিতৰি বুজাব চেষ্টা কৰি)।
.......... কিন্তু কথাতে কয় নহয় যে কাক কেতিয়া হঠাতে ভাল লগা হৈ যায় কোনেও ক'ব নোৱাৰে, কথাষাৰ মোৰ ক্ষেত্ৰতো ব্যতিক্ৰমী নহ'ল। নিজকে বাৰে বাৰে বুজাব চেষ্টা কৰিও তাইক মনৰ পৰা উলিয়াব পৰা নাছিলোঁ। এফালে স্কুলৰ পঢ়াৰ pressure আৰু আনফালে তাইক আকৌ এবাৰ দেখা সাক্ষাৎ হোৱাৰ ত্ৰাৰণা।নিজকে উপস্থাপন কিদৰে কৰো আৰু কেনেকৈ এইবোৰ চিন্তাক আতৰ কৰি পঢ়াত মন দিব পাৰো চিন্তা সেইটোৱেই আছিল।প্ৰায় ২ মাহৰ অন্তত এদিন তাইৰ লগত দেখা দেখি হ'লো,মাত দিলো আৰু তাইও মাতিলে ভালদৰে,১০ মিনিটৰ সৰু-সুৰা ধেমালি বোৰৰ মাজেৰে তাইৰ লগত হোৱা কথাখিনিয়ে যেন মোৰ মনতো আকৌ ভাল লগাই তুলিছিল,কথাৰ মাজেৰে তাই কৈছিল তাইক হেনো বৰ্ষা বুলি মাতিলে খুব ভাল পায়।তাইৰ কথাবোৰে মোক
এক নতুন প্ৰেৰণা যোগাইছিল,মনতো গৈছিল তাইক সেইদিনাই সকলো কৈ পেলাও, কিন্তু বয়সত সৰু হোৱাৰ বাবে জানোচা তাই মোক ওলোটা ভূল বুজি সদায়ৰ বাবে মোৰ পৰা আতৰি যোৱাৰ ভয়ত ক'ম বুলি ভাবিও থমকি ৰ'লো।তাইক দেখিলেই মনটো বৰ ভাল লগা হৈ পৰে,তাইক এবাৰ দেখা পাবলৈ মনতো বাৰে বাৰে চঞ্চল হৈ পৰে।তাইকলৈ অনুভৱ কৰা সকলো feelings কাৰোবাৰ আগত Share কৰিবলৈ বৰকৈ মন যোৱা হৈছিল,কিন্তু লগৰ সমনীয়া বোৰে one sided প্ৰেমৰ কথা ক'বলৈ গ'লে হাহিঁ উৰাই দিয়া বাবে মনৰ সকলো কথাই মনতে বোজ হৈ পৰিব ধৰিছিল। কাৰোবাক ক'লে যেন মনতো অলপ পাতল হ'ব,তাইক লগ নোপোৱাৰ ত্ৰাৰণাবোৰ যেন অলপ হ'লেও কমিব, কিন্তু কাক ক'ম....?কোনে শুনিব....?
শেষত মনৰ ত্ৰাৰণাবোৰক এক গোট কৰি উকা ডায়েৰীৰ কাগজৰ পাতে পাতে লিখি ৰাখিবলৈ ল'লো.....দুখ মাথো ইমানেই আছিল যে তাইক ভাল পাইও একো প্ৰকাশ কৰিব পৰা নাছিলোঁ, বাৰে বাৰে ইচ্ছা কৰিও তাইক লগ পাব পৰা নাছিলোঁ...আৰু এটা চিন্তাৰ পৰা সদায় মন মাৰিছিলো... যদি মই উচিত সময়ৰ অপেক্ষা কৰি থাকোতে তাই আন কাৰোবাৰ হৈ যায়....এই সকলোবোৰক সামৰি লিখোঁতে লিখোঁতে হোৱা অভ্যাসৰ ফলস্বৰূপে মোৰ এদিন হঠাৎ কবিতা এটা লিখিবলৈ মন গ'ল.... সেইদিনা ২০১৫ বৰ্ষৰ জানুৱাৰী মাহৰ কোনোবা এটা দিন আছিশ, তেনেদৰেই তাইৰ হাহিঁ, ধেমালি বোৰক এটা এটা কবিতাৰ আকাৰেৰে মনৰ ভাৱ প্ৰকাশ কৰোঁতে কৰোঁতে কবিতা আৰু সাহিত্যৰ প্ৰতি এক টান ভাৱ জাগি উঠিল, কবিতাবোৰৰ সন্ধানত তাইক লগ কৰি এবাৰ মাএ চাবলৈ চেষ্টা কৰা হ'লো,আৰু দিনবোৰ বাগৰি যোৱাত সেই কবিতাবোৰকে আনৰ মাজত দিবলৈ ল'লো,শুনালো,বহুতো blog, প্ৰতিযোগিতাত যোগদান কৰিবলৈ ল'লো ,facebook ৰ জগতত এটা কাল্পনিক ভাৱ ৰুপে প্ৰকাশ কৰি কৰি এতিয়া প্ৰায় ৫ বছৰ অতিক্ৰম হ'ল, কবিতাবোৰৰ সৃষ্টি আৰু কবিতা সমূহ লিখিবলৈ অনুপ্ৰেৰণা পাই আৰম্ভ কৰাৰ একমাত্ৰ কাৰণ তাইয়ে আছিল, আজিও তাই মোৰ বাবে সেই আগৰ প্ৰথম দেখিয়েই প্ৰেমত পৰা প্ৰেয়সীজনী,তাইক আজিও সিমানেই ভাল পাওঁ আৰু পাই থাকিম....তাই মোৰ প্ৰথম প্ৰেম আছিল আৰু সদায়েই তাই মোৰ অন্তৰত থাকিব, ভৱিষ্যতে তাই মোক ভাল পাই নে নাপায় সেইটো নাজানো কিন্তু মই কেতিয়াও তাইক পাহৰি মনৰ পৰা আতৰ কৰিব নোৱাৰো সেইটো ঠিক,হয়তো আজিও তাই মোৰ প্ৰেম আৰু ভালপোৱাবোৰক বুজিব পৰা হোৱা নাই আৰু মই অপেক্ষা কৰি ৰ'ম তাইৰ বাবে,যিদিনাখন তাইৰ আগত প্ৰেমবোৰক প্ৰকাশ কৰিম হয়তো সেইদিনাই ইমান বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটিব। নাজানো মোৰ ভালপোৱা বোৰত কিমান সতটা আছে..... কিন্তু মোৰ দৃঢ় বিশ্বাস... যদি সচাঁ অন্তৰে তাইক ভাল পাই আহিছো এদিন মোৰ ভালপোৱাবোৰক তাইও বুজি উঠিব......

                   আজি ২০১৯ বৰ্ষৰ জুন মাহৰ ২৪ তাৰিখ,সোমবাৰ .... আজি তাইক দেখা পাই মনতো বৰ ভাল লগা হৈ পৰিল,তাইৰ দুচকুলৈ একেথিৰে চাই ৰ'ব মন গৈছিল কিন্তু ক'ত পাৰিম তাই এতিয়া আগৰ কণমানি জনী হৈ থকাতো নাই.... কাৰোবাক ইমানকৈ ভাল পাই আহিছো যদিও কিন্তু লগৰ বন্ধু কিটাৰ মাজত এতিয়াও মই single নামৰ এটা উপাধি এটাৰেই পৰিচিত.....।

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...