মোৰ কলমৰ চিয়াঁহীৰ টোপালবোৰৰ
যে
ভাললগাবোৰ কি ,
তুমি বাৰু জানানে... ?
এই যে তিনিমাহৰ মূৰে মূৰে, তোমাৰ নামত এখনি নীলা খামৰ চিঠি লিখোঁ বুলি মাজনিশা অকলশৰে হাতত কলমটো তুলি লওঁ,,,,, চিয়াঁহীৰ টোপালবোৰত খহি পৰে হাজাৰটা নক্ষত্ৰ....বৰ সাংঘাটিক দেই,,
সেই যে মোৰ খিৰিকীৰ কাষতে তুমি দেখিছিলা এজনী চঞ্চল পখিলা,,এহ্ সোণাৰুৰ দৰে যে তাইৰ বৰণ আছিল,,তাই আজি মোক কি ক'লে জানা...?
🙃তুমি বোলে মোক পাহৰিয়েই পেলালা...ইমান দিন পাৰ হৈ গ'ল চিঠি এখন টো লিখি পঠিয়াব পাৰা😒, ঠিকেই ! মইয়ো তাই কোৱাতহে কিন্তু কথাবোৰ অনুভৱ কৰিছোঁ.... সেয়েহে এতিয়া শব্দবোৰ, ছন্দবোৰক সামৰি আৰু ভাললগা অনুভৱবোৰক লগতে লৈ তোমালৈ এখনি নীলা খামৰ চিঠিকে লিখো বুলি ভাবিলোঁ কিন্তু এই যে মোৰ আখৰখিনি আজিও ঠিক নহ'লগৈ আৰু, আখৰখিনিও এতিয়া মোৰ এই বঙলীঠেঙীয়া ভৰি দুটাৰ দৰেই লেঙ লেঙীয়া হ'ল,,, তুমি চাগৈ পঢ়াৰ সময়ত বৰ অসুবিধা হয় 😌....হৃদয়খনিকো এইবাৰ চিঠি খনিৰ লগতে দি পঠিয়াম❤️.. মোৰ লগত থাকিলে কোনদিনা ইয়াৰ উশাহ চুটি হৈ যায় গ'মেই নাপাম,তোমাৰ ওচৰত হে বুলি থাকিব বিচাৰে.... আদৰি ল'বা 🤗
নীলা চিয়াঁহীৰ টোপালৰ আৰঁত থকা সেন্দুৰবৰণীয়া তোমাৰ হাঁহিটোলৈ কিন্তু বৰকৈয়ে মনত পৰে যেতিয়া মই নিজানত পাৰ কৰোঁ এই টিক টিক কৰি থকা সময়বোৰৰ এক্ষন্তেক..... অৱশ্যে বাকীখিনি কথা পিছত লিখিম....আজিলৈ নহ'লে থাকক দিয়া...🤭🤭আচ্ছা এই যে পখিলাজনী,,,,,অ' সোণাৰু বৰণীয়া চিনাকি জনীৰ কথাই কৈছোঁ,,তাই হেনো তোমাৰ ওচৰলৈ যাবগে,, মই বোলে আজিকালি খিৰিকীখন জপাই থওঁ...তাইৰ বৰকৈ অভিমান হৈছে ☺️☺️☺️এতিয়া যি দেখিছোঁ তোমাৰ প্ৰেমত সকলোৱেই পৰিছে... পখিলাজনী আৰু হৃদয়খনিও এইবাৰ যাবগৈ...যতনে ৰাখিবা বুলি আশা ৰাখিলোঁ ।
মোৰ কলমৰ চিয়াঁহী
kamrup polytechnic
মাহাভাৰতৰ পাণ্ডৱ আৰু কৌৰৱৰ ১০০ পুত্ৰৰ নাম
পঞ্চপাণ্ডৱঃ- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ।
কৌৰৱঃ- দুৰ্যোধন, যুযুত্সুভ, দুঃশাসন, দুঃসহ, দুঃশল, জলসন্ধ, সম, সহ, বিন্দ, অনুবিন্দ, দুমৰ্ষ, সুবাহু, দুষ্প্ৰধৰ্ষণ, দুষ্মধৰ্ষণ, দুমুৰ্খ, দুষ্কৰ্ণ, কৰ্ণ, বিবংশতি, বিকৰ্ণ, শল, সত্ব, সুলোচন, চিত্ৰ, উপচিত্ৰ, চিত্ৰাংক, চাৰুচিত্ৰ, দুৰ্মদ, দুৰ্বিসাহ বিবিত্সুচ, উৰ্ননাভ, সুনাভ, বিকটালন, নন্দ, উপনন্দ, চিত্ৰবান, চিত্ৰবৰ্মা, সুবৰ্মা, দুৰ্বিৰোচন, আয়েবাহু, মহাবাহু, চিত্ৰকুণ্ডল, ভীমবেগ, ভীমবল, বলাকী, বলবৰ্ধন বিক্ৰম, উগ্ৰায়ুধ, সুষেণ, কুণ্ডোদৰ, মহোদৰ, দৃড়ক্ষেত্ৰ, সোমকীৰ্তি, অনুদৰ, জৰাসন্ধা, সত্যসন্ধ, সদঃসুবাক, উগ্ৰশ্ৰবা, উগ্ৰসেন, সেনানী, দুষ্পৰাজয়, অপৰাজিত, পণ্ডিতক, বিশালক্ষ, দুৰাধন, দৃঢ়হস্ত, সুহন্ত, বায়ুবেগ, সুৰ্বচা, আদিত্য কেতু, বাহবাশী, নাগদত্ত, অগ্ৰযায়ী, কৰচী, ক্ৰথন, দণ্ডী, দণ্ডধাৰ, ধনগ্ৰহ, উগ্ৰ, ভীমৰথ, বীৰবীহু, আলোহুপ, অভয়, ৰুদ্ৰকৰ্মা, দৃঢ়ৰাথাশ্ৰয়, অনাধৃষ্য, কুণ্ডভেদী, বিৰাবী, বিচিত্ৰ কুণ্ডলী, প্ৰমাথী, বীৰ্যশালী দীৰ্ঘৰোম, দীৰ্ঘবাহু, মহাবাহু বুঢ়োক, কনক ধ্বংস, কুণ্ডাশী, দৃঢ়সন্ধা বিৰজা, চিত্ৰায়ুধ, নিছাম্গী, পাচী, বৃধৰ্কন, দৃধবৰ্মন |
সংগ্ৰহ-দিপাংকৰ ভাগৱতী
Courtesy-Google
ভাৱনা
ভাৱনা
//TRUE STORY//
✍️দিপাংকৰ ভাগৱতী
আৱেগিক মন,অকলশৰীয়া Boaring লাইফ তাতে আৰু সদায় SINGLE হোৱা বাবে লগৰ কিটাৰ পৰা পোৱা down খিনিটো আছেই।মই যেন single থাকি কিবা মহাপাপ হে কৰিলো,আৰে ভাই মনৰ পছন্দ বুলিওটো এটা কথা আছে,কাৰোবাক বাৰু প্ৰপোছ কৰি Single নামৰ দাগটো আতৰ কৰি relationship ত আহিলোৱে,সুখী হ'ব পাৰিম জানো। চাল্লা এই কথাটোৱেই সিহঁতে বুজি নাপায়।সিহঁতৰ লগত তৰ্ক কৰি লাভ কি, ক'ত বুজি পাব।এইবোৰ কথা মনতে ভাৱি ভাৱিয়ে আৱেলি চাৰিআলিৰ ৰাস্তাৰ কাষৰ দোকানখনৰ ফালে খোজ ল'লো।আৱেলি প্ৰায়ে ৫ টা মান বাজি পাৰ হৈ গৈছে,চাৰি আলিৰ ওচৰ পাওঁ পাওঁ হওঁতেই হঠাৎ তাইক দেখা পালো,দীঘল চুলিকোচাৰে পিঠিত এটা কিতাপৰ বেগ লৈ মুখত এটা মিচিকীয়া হাহিঁৰে সৈতে তাই ক'ৰবাত যাবলৈ ওলাইছে,হয়তো তাইৰ আজি টিউচন আছে । অ'হ সেই তাইজনীৰ পৰিচয় দিবলৈকে পাহৰিছিলো,আচলতে লগৰ সকলোৱে সোধে মোৰ কিয় Relationship ত আহিবলৈ ভাল নালাগে ! কিয় ? আজিলৈ মোৰ কোনো Girl freind নাই আৰু কিয় মই বাকীবোৰৰ দৰে PARK ৰ অন্ধকাৰত Romance কৰাতো পছন্দ নকৰো। আচলতে সেই তাই জনীয়েই মোক এইবোৰৰ পৰা বিৰত ৰাখি আহিছে।
২০১৪ চনৰ নম্বেবৰ মাহৰ এটা দিন সন্ধ্যা ঠিক ৭ মান বজাত মই মোৰ বৰদেউতা হতঁৰ দাদাৰ লগত অলপ ওলাই গৈছিলো,সেইদিনাই প্ৰথমবাৰৰ বাবে তাইক দেখিছিলো আৰু দেখিয়েই মোৰ দুচকু থৰ হৈ ৰৈছিল । এনে লাগিছিল যেন তাইৰ ফালে চাইয়ে ওৰে সময়বোৰ পাৰ কৰি দিম,আগতে হৈ নেপোৱা এক অনুভৱ......এক বুজাব নোৱাৰা সিহৰণ , তাইৰ কিছুমান সৰু সৰু ধেমালি উপভোগ কৰিবলৈ পাইছিলো সেইদিনা,তাই মোতকৈ অলপ বয়সত সৰু আছিল, দাদাক তাই আগৰে পৰাই চিনি পাইছিল আৰু সেইকাৰণে তাই দাদাৰ লগত কিছুমান কেঁচুৱা ধেমালিও কৰিবলৈ সংকোচ কৰা নাছিল,সচা অৰ্থত প্ৰথমবাৰৰ বাবে কাৰোবাক লৈ ইমান কম সময়তে মনতো বহুতেই ভাল লাগি উঠিছিল। তেতিয়ালৈ মই অনুভৱ কৰিবই পৰা নাছিলোঁ যে তাইকলৈ মই crush অনুভৱ কৰা হ'ব ধৰিছো।সেই সন্ধ্যাটো তেনেদৰেই পাৰ হৈ গ'ল। ঘৰলৈ অহাৰ পিছতো তাইৰ কথাই মনলৈ আহি আছিল,খাওঁতে শোৱতে কেৱল তাই মাথো তাই। আকৌ এবাৰ তাইক লগ পোৱাৰ হেপাঁহ,তাইৰ লগত কথা পাতিবলৈ মন গৈছিল, তাইৰ নামটো বাৰু গ'ম পালো ভাৱনা,সচাকৈ নামটো শুনিলেই যেন মনতো শীতল পৰি যায়।মোৰ মেট্ৰিক পৰীক্ষা আগত আছিল কাৰণে সঘণাই তাইৰ কথা নাভাবি থাকিম বুলি ভৱা স্বত্বেও বাৰে বাৰে তাইলৈ মনত পৰি আছিল, সেইদিনা আৰু পঢ়িব নোৱাৰিলো, এইটো কথাই ভাৱি থাকিলো যে ," তাইক মোৰ হঠাৎ কিয় ইমান ভাল লগা হ'ব ধৰিছে,কিয় তাইৰ কথা বাৰে বাৰে মনলৈ আহিছে"...........focus focus কিয় মক্কেলৰ দৰে পঢ়া এৰি এইবোৰ ভাবিবলৈ লোৱা হৈছো , মেট্ৰিক main বাদ দে এইবোৰ (নিজকে ভিতৰি বুজাব চেষ্টা কৰি)।
.......... কিন্তু কথাতে কয় নহয় যে কাক কেতিয়া হঠাতে ভাল লগা হৈ যায় কোনেও ক'ব নোৱাৰে, কথাষাৰ মোৰ ক্ষেত্ৰতো ব্যতিক্ৰমী নহ'ল। নিজকে বাৰে বাৰে বুজাব চেষ্টা কৰিও তাইক মনৰ পৰা উলিয়াব পৰা নাছিলোঁ। এফালে স্কুলৰ পঢ়াৰ pressure আৰু আনফালে তাইক আকৌ এবাৰ দেখা সাক্ষাৎ হোৱাৰ ত্ৰাৰণা।নিজকে উপস্থাপন কিদৰে কৰো আৰু কেনেকৈ এইবোৰ চিন্তাক আতৰ কৰি পঢ়াত মন দিব পাৰো চিন্তা সেইটোৱেই আছিল।প্ৰায় ২ মাহৰ অন্তত এদিন তাইৰ লগত দেখা দেখি হ'লো,মাত দিলো আৰু তাইও মাতিলে ভালদৰে,১০ মিনিটৰ সৰু-সুৰা ধেমালি বোৰৰ মাজেৰে তাইৰ লগত হোৱা কথাখিনিয়ে যেন মোৰ মনতো আকৌ ভাল লগাই তুলিছিল,কথাৰ মাজেৰে তাই কৈছিল তাইক হেনো বৰ্ষা বুলি মাতিলে খুব ভাল পায়।তাইৰ কথাবোৰে মোক
এক নতুন প্ৰেৰণা যোগাইছিল,মনতো গৈছিল তাইক সেইদিনাই সকলো কৈ পেলাও, কিন্তু বয়সত সৰু হোৱাৰ বাবে জানোচা তাই মোক ওলোটা ভূল বুজি সদায়ৰ বাবে মোৰ পৰা আতৰি যোৱাৰ ভয়ত ক'ম বুলি ভাবিও থমকি ৰ'লো।তাইক দেখিলেই মনটো বৰ ভাল লগা হৈ পৰে,তাইক এবাৰ দেখা পাবলৈ মনতো বাৰে বাৰে চঞ্চল হৈ পৰে।তাইকলৈ অনুভৱ কৰা সকলো feelings কাৰোবাৰ আগত Share কৰিবলৈ বৰকৈ মন যোৱা হৈছিল,কিন্তু লগৰ সমনীয়া বোৰে one sided প্ৰেমৰ কথা ক'বলৈ গ'লে হাহিঁ উৰাই দিয়া বাবে মনৰ সকলো কথাই মনতে বোজ হৈ পৰিব ধৰিছিল। কাৰোবাক ক'লে যেন মনতো অলপ পাতল হ'ব,তাইক লগ নোপোৱাৰ ত্ৰাৰণাবোৰ যেন অলপ হ'লেও কমিব, কিন্তু কাক ক'ম....?কোনে শুনিব....?
শেষত মনৰ ত্ৰাৰণাবোৰক এক গোট কৰি উকা ডায়েৰীৰ কাগজৰ পাতে পাতে লিখি ৰাখিবলৈ ল'লো.....দুখ মাথো ইমানেই আছিল যে তাইক ভাল পাইও একো প্ৰকাশ কৰিব পৰা নাছিলোঁ, বাৰে বাৰে ইচ্ছা কৰিও তাইক লগ পাব পৰা নাছিলোঁ...আৰু এটা চিন্তাৰ পৰা সদায় মন মাৰিছিলো... যদি মই উচিত সময়ৰ অপেক্ষা কৰি থাকোতে তাই আন কাৰোবাৰ হৈ যায়....এই সকলোবোৰক সামৰি লিখোঁতে লিখোঁতে হোৱা অভ্যাসৰ ফলস্বৰূপে মোৰ এদিন হঠাৎ কবিতা এটা লিখিবলৈ মন গ'ল.... সেইদিনা ২০১৫ বৰ্ষৰ জানুৱাৰী মাহৰ কোনোবা এটা দিন আছিশ, তেনেদৰেই তাইৰ হাহিঁ, ধেমালি বোৰক এটা এটা কবিতাৰ আকাৰেৰে মনৰ ভাৱ প্ৰকাশ কৰোঁতে কৰোঁতে কবিতা আৰু সাহিত্যৰ প্ৰতি এক টান ভাৱ জাগি উঠিল, কবিতাবোৰৰ সন্ধানত তাইক লগ কৰি এবাৰ মাএ চাবলৈ চেষ্টা কৰা হ'লো,আৰু দিনবোৰ বাগৰি যোৱাত সেই কবিতাবোৰকে আনৰ মাজত দিবলৈ ল'লো,শুনালো,বহুতো blog, প্ৰতিযোগিতাত যোগদান কৰিবলৈ ল'লো ,facebook ৰ জগতত এটা কাল্পনিক ভাৱ ৰুপে প্ৰকাশ কৰি কৰি এতিয়া প্ৰায় ৫ বছৰ অতিক্ৰম হ'ল, কবিতাবোৰৰ সৃষ্টি আৰু কবিতা সমূহ লিখিবলৈ অনুপ্ৰেৰণা পাই আৰম্ভ কৰাৰ একমাত্ৰ কাৰণ তাইয়ে আছিল, আজিও তাই মোৰ বাবে সেই আগৰ প্ৰথম দেখিয়েই প্ৰেমত পৰা প্ৰেয়সীজনী,তাইক আজিও সিমানেই ভাল পাওঁ আৰু পাই থাকিম....তাই মোৰ প্ৰথম প্ৰেম আছিল আৰু সদায়েই তাই মোৰ অন্তৰত থাকিব, ভৱিষ্যতে তাই মোক ভাল পাই নে নাপায় সেইটো নাজানো কিন্তু মই কেতিয়াও তাইক পাহৰি মনৰ পৰা আতৰ কৰিব নোৱাৰো সেইটো ঠিক,হয়তো আজিও তাই মোৰ প্ৰেম আৰু ভালপোৱাবোৰক বুজিব পৰা হোৱা নাই আৰু মই অপেক্ষা কৰি ৰ'ম তাইৰ বাবে,যিদিনাখন তাইৰ আগত প্ৰেমবোৰক প্ৰকাশ কৰিম হয়তো সেইদিনাই ইমান বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটিব। নাজানো মোৰ ভালপোৱা বোৰত কিমান সতটা আছে..... কিন্তু মোৰ দৃঢ় বিশ্বাস... যদি সচাঁ অন্তৰে তাইক ভাল পাই আহিছো এদিন মোৰ ভালপোৱাবোৰক তাইও বুজি উঠিব......
আজি ২০১৯ বৰ্ষৰ জুন মাহৰ ২৪ তাৰিখ,সোমবাৰ .... আজি তাইক দেখা পাই মনতো বৰ ভাল লগা হৈ পৰিল,তাইৰ দুচকুলৈ একেথিৰে চাই ৰ'ব মন গৈছিল কিন্তু ক'ত পাৰিম তাই এতিয়া আগৰ কণমানি জনী হৈ থকাতো নাই.... কাৰোবাক ইমানকৈ ভাল পাই আহিছো যদিও কিন্তু লগৰ বন্ধু কিটাৰ মাজত এতিয়াও মই single নামৰ এটা উপাধি এটাৰেই পৰিচিত.....।
চাইকেল চোৰৰ সাক্ষাৎকাৰ
চোৰে খুলিলে ডাক্তৰী চেম্বাৰ
😎এটা সাংঘাটিক চোৰ ঘৰ গোলাঘাটত,ৰাতি হ'লেই তাৰ অভিযান আৰম্ভ হয়,,সদায় ডাঙৰ ডাঙৰ মানুহৰ ঘৰত চোৰ কৰিবলৈ সোমায়,, কেতিয়াবা গা-গহণা আৰু কেতিয়াবা লেপটক,পইছা যি পায়...মুঠতে মোনাত ভৰাই আৰু বিদায় লয় 😂
এইবাৰ সি ভাবিলে তেজপুৰত চোৰ কৰিবলৈ যাব,লগে লগে অনলাইনত টিকট কৰিল, যদিওঁ চোৰ আছিল বৰ নম্ৰ চোৰ,,টিকট কৰিহে যাত্ৰা কৰে........ৰাতিৰ ভিতৰতে টিকট কৰি পাছদিনা সি তেজপুৰ পালেহি...কি কৰিব,কি নকৰিব ধৰিব পৰা নাছিল,,,যি ফালেই চাই সেইফালেই ডাঙৰ ডাঙৰ ঘৰ , RCC বিলডিঙ,,, তথাপিও সি ভাবিলে যে আজি সৌ ঘৰতে সোমামগৈ আৰু।
ৰাতি সি বাৰটা মান বজাত পিছফালৰ দুৱাৰেদি ঘৰত সোমাল চোৰ কৰিবলৈ,,যাৰ ঘৰত সোমালে তেওঁৰ আকৌ ঘৰত ছোৱালী বোৱাৰী কোনোৱেই নাই,,বৰলা কাইৰ ঘৰত কেৱল কিতাপ ঔষধ আৰু কিছুমান সৰু সৰু বস্তহে আছে,,,টেবুলৰ ওপৰত পেৰাচিটামল,আৰু আলমাৰিত কিছুমান ঔষধ ,,, গেছট্ৰিক,বমি জ্বৰ,,,,চোৰে গম পালে যে এইজন এজন ডাক্তৰ,,,,চোৰৰ আকৌ ডিচেণ্ট্ৰীৰ Problem এটা আছিল ,,,,বহুত আগৰ পৰাই গাড়ীত বহিলেই তেওঁৰ বৰ লৰা লৰি হয় । সেইকাৰণে সি খাই হাগনি ঔষধবিধকে Google ত নামতো চাৰ্চ কৰি আলমাৰিত বিচাৰিবলৈ লাগিল ,,, অৱশেষত ডাক্তৰজন সাৰ পোৱা যেন অনুভৱ হোৱাত সি খঙতে আলমাৰি কাষতে থকা কলা ৰঙৰ বেগটোকে লৈ বিদায় ল'লে ।
ঘৰত আহি সি দেখিলে যে বেগটোত কেইখনমান কাগজ, ডাক্তৰী ডিগ্ৰী থকা প্ৰমাণ পত্ৰ আৰু দুখনমান ডাক্তৰী ঔষধৰ কিতাপ হে আছে ।
সি ভাবিলে যে কি কৰা যাই.... তথাপিও খঙত সি থাকিব পৰাঞ নাছিল
"চাল্লা ইমান কষ্ট এনেয়েই গ'ল"
তথাপিও কাগজ খিনি পেলাই নিদিয়াকৈ সি গোলাঘাটৰ ঘৰলৈ ওভতি আহিল 😂
আহি পাইয়েই সি ঘৰৰ বাহিৰত এখন ফটোৰ সৈতে পোষ্টাৰ লগালে 😂😂😂
য'ত লিখা আছিল,,প্ৰতিসোমবাৰৰ পৰা শনিবাৰলৈ ইয়াত ডাক্তৰ বহিব আপোনালোকে আহিব পাৰিব ৰোগ নিৰাময়ৰ বাবে ।
তলত লিখা আছিল
"MBBS DEGREE FROM TEZPUR"😛
এতিয়া সি চোৰৰ চাকৰি বাদ দিলে আৰু ডাক্তৰী কৰিবলৈ বহিলে ।
ৰোগী যি বিমাৰৰে নাহক তেওঁৰ ঔষধ দুটাই আছিল
পেৰাচিটামল আৰু ডিচেণ্ট্ৰী ঔষধ ।
Public shocked চোৰ দাদা ৰক😆
Dipankar Bhagabati 😛😛
চেণ্ডেল
মহ
#love diary 01
60******83 🥺 এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...
-
📌 সুখ হ'ল নিজৰ অন্তৰৰ এখন ফুলনি। প্ৰতিখন অন্তৰে বিচৰা অনুভৱ,অনুভুতি আৰু অনুৰাগবোৰ হ'ল একো একোজোপা ফুলৰ গছ। এজোপা ফুলগছক যেনেদৰে আমি...
-
তোমাৰ বাবেই এদিন শৰতৰ প্ৰেমত পৰিছিলোঁ, পুৱাৰ চেঁচা বতাহজাকৰ বাবেই টো অপেক্ষাত ৰৈছিলোঁ, ঠিকেই ... সময়বোৰ আমি ভবাৰ দৰে পৰিচালনা কৰিব নোৱাৰোঁ ...
-
এটি অধ্যায়ৰ সামৰণি,, যিদিনা প্ৰথমবাৰৰ বাবে কামৰূপ পলিটেকনিকত ভৰি দিছিলোঁ ভবা নাছিলোঁ ইমান আপোন হৈ পৰিব পিছলৈ সকলো,,এষাৰ কথা আছিল যে কলেজীয়...
Search This Blog |