জোনাকী

এদিন
মাজনিশা তুমি মোৰ সপোনত আহিছিলা
এমুঠি জোনাক হৈ,
অভিমান কৰিছিলা আৰু মাজে মাজে প্ৰেমৰ স্তৱক পঢ়িছিলা,
তোমাৰ হৃদয়খনিকে সাগৰ বুলি কবিতা ৰচিছিলোঁ,
তোমাৰ সেই মিচিকীয়া হাঁহিতেই ৰজনী নিশাবোৰ উজাগৰে কটাইছিলো,
কোমল বতাহ জাকে খিৰিকীৰ কাষেৰে পাৰ হৈ যোৱা যেন অনুভৱ হ'লেই,
নিজৰ লগতে আলাপ পঢ়িছিলোঁ 
আৰু 
উঠি গৈ,
আইনাখনত নিজৰ ৫.৯ ফিট বগলীঠেঙীয়া মইটোৱে, তোমাৰ কোমল আঙুলিত ধৰি খোজ ললে কেনেকুৱা লাগিব কল্পনা কৰিছিলোঁ,
কিন্তু এতিয়া আৰু সেই সপোন নাই,
এতিয়া নিশাৰ প্ৰতিটো শব্দই ক্ষীণ,
সপোনবোৰো অন্ধকাৰ,
তুমি সপোনত আহিলে 
হয়তো আকৌ অভিমান কৰিব শিকিলোঁ হেঁতেন,
তোমাৰ বাবে এখন আকাশ সাজিলো হেঁতেন,
কিন্তু এতিয়া যে তুমি নাই,
কাৰণ
 তুমি এতিয়া এখন মিছা পৃথিৱীৰ 
জোনাক নিশাৰ জোনাকী ,
কল্পনা আৰু বাস্তৱৰ সম্পৰ্ক নিছিনা এজনী প্ৰেমীক চৰাই ।

তেতেলী তলৰ কাঞ্চন

মাজ নিশা....অন্ধকাৰ চাৰিওদিশ,,,, হঠাৎ কলিন বেলটো বাজি উঠিল,,, কাঞ্চনে গৈ দুৱাৰখন খুলি দিলে,আনদিনাৰ দৰে সেইদিনাও ভাস্কৰে দেৰিলৈকে  অফিচৰ লগৰ কেইজনৰ লগত পাৰ্টি কৰি ঘৰ সোমাইছিলহি,,, 
             কাঞ্চনে কিমান সহ্য কৰিব ,সেইকাৰণে খঙ কৰি তাই কৈ পেলালে
"তুমি সদায় সদায় যদি এনেদৰে মদ খাই ঘৰ সোমোৱা মই কিন্তু তোমাৰ লগত থাকিব নোৱাৰিম,আমাৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা ভাবানে এবাৰমান"(কাঞ্চন আৰু ভাস্কৰৰ বন্তি নামৰ এটা ৪ বছৰীয়া ল'ৰা আছে)
ভাস্কৰে সেইদিনা অভাৰ পাৰ্টি কৰি বহুত খাই আহিছিল,,সি একেবাৰে গোটেইটো কাক কথা ক'বলৈ আহিছ' বুলি খঙত জক খাই উঠিল ,,,, আৰু কাঞ্চন ক ঠেলা মাৰি ক'লে " যা ওলাই যা ঘৰৰ পৰা".... আৰু এইবুলি আলমাৰিটোৰ ওপৰতে থকা হেলমেটটোৰে খঙতে তাইৰ মূৰত প্ৰচণ্ড জোৰে মাৰি পঠিয়ালে.......কাঞ্চনৰ মুখৰ পৰা এটা বিভৎস চিঞৰ "আহহহহহ"... আৰু তাই পকাত ঢলি পৰিল ।
নিছাৰ ৰোষত পৰি ভাস্কৰে ভালদৰে মনিব পৰা নাছিল কি হ'ল,,,চকুদুটা মোহাৰি সি দেখিলে,,,,, কাঞ্চন ঢলি পকাত পৰি আছে,, আৰু তাইৰ মূৰেৰে তেজৰ যেন নৈ বৈ পৰিছে,,,,,,,"তোৰ এনেকুৱাই হ'ব লাগে,,মৰ চাল্লা".. ভাস্কৰে খঙ কৰি ক'লে,,, বহু সময় পৰি থাকি কাঞ্চনৰ তেজবোৰো গোট মাৰি ৰৈ গ'ল,,,তাইৰ মৃতদেহটো ১ঘণ্টা ধৰি পৰি থাকিল,, হঠাৎ ভাস্কৰৰ নিছা ফাটিব ধৰাত সি দেখি...... হাৰে....কি কৰিলোঁ মই এইয়া,,,,,(ভয়ত তাৰ মুখৰ শব্দ নোহোৱা হ'ল).......সি মনে মনে চিৰিৰে ওপৰলৈ উঠি গ'ল আৰু বন্তিক চালে,,,,,,সি শুই আছে,,, লাহেকৈ তাৰ ৰুমৰ দুৱাৰখনক বাহিৰৰ পৰা লক কৰি  আহি ভাস্কৰে লৰালৰিকৈ পকাত পৰি ৰোৱা তেজবোৰ মচিবলৈ লাগিলে আৰু বন্তিয়ে গ'ম নোপোৱাকৈ  লাহেকৈ তাইৰ মৃতদেহটো কান্ধত উঠাই পাছফালৰ তেতেলী জোপাৰ তললৈ নি পুতি থৈ আহিল ।
 পাচদিনা বন্তিয়ে আনদিনাৰ দৰেই শুৱাৰ পৰা উঠি অকলে অকলে কথা পাতি আছে নিজৰ লগতে,,,,তাক ভাস্কৰে বেৰ্কফ্ৰাস্ত কৰিবলৈ মাতিল আৰু সি খাই উঠি বাহিৰত খেলিবলৈ গ'ল,,, ভাস্কৰে আচৰিত হৈ পৰিল
"আজি ই ৰাতিপুৱাৰে পৰা মাকৰ কথা এবাৰো শুধা নাই যে".......
এনেদৰেই দুই সপ্তাহ পাৰ হৈ গ'ল,,,,,বন্তিয়ে খুব হাঁহি ফূৰ্তি কৰি দিনবোৰ পাৰ কৰিছে,,,"আগতে যিটো ল'ৰাই মাক নহ'লে হুলস্থূল কৰি উঠিছিল, এতিয়া এবাৰো মনত পেলোৱা নাই যে কিয় ..?"....আচৰিত হৈ ভাস্কৰে নিজকে প্ৰশ্ন কৰিছে,,,,,,, সেইদিনা ১৫ দিন পাৰ হ'ল,, কাঞ্চনৰ মৃত্যুৰ,,,,,,নিশা ১২ বজাত বন্তিয়ে ৰুমত ভিডিঅ'গেম খেলিছে আৰু চিঞৰি মাতিছে ভাস্কৰক...,"PAPA PAPA..শুনাচোন...এইফালে আহা"...,,,, ভাস্কৰৰ ৰুমতো বন্তিৰ ৰুমটোৰ কাষতে,,, উঠি আহি সি সুধিলে "ইমান দেৰিলৈ এইবোৰ খেলি আছ' যে.......শুই থাক...
"মাৰৰ লগত টোকো পঠাই দিব লাগিছিল"..... কিয় মাতিছিলি ?..."ভাস্কৰে শুধিলে".....
"নহয় মানে PaPa এটা কথা সুধিব আছিল মাক তুমি কিয় ইমান ভালপোৱা ?","বন্তিয়ে সুধিলে",,,,,, প্ৰশ্নটো শুনি ভাস্কৰ ঘামি পৰিল যদিও, সি গহীণত সুধিলে..."এই ৰাতিখন অদৰকাৰী প্ৰশ্ন কিয় সুধি ফুৰিছহ,,,শুই থাক"...এইবুলি কৈ  ভাস্কৰ কোঠাটোৰ পৰা ওলাই যাব ধৰোতেই,,,বন্তিয়ে কৈ উঠিল "Goodnight MAA".... ভাস্কৰে ঘূৰি ক'লে ক'ত দেখিলি মাৰক.....বন্তিয়ে এটা মিচিকিয়া হাঁহিৰে কৈ উঠিল,...."PAPA তুমিও যে সৰুল'ৰাৰ নিচিনা কথাবোৰ কিয় কোৱা,,,,,ইমান দিন ধৰি চোন মাক তুমিয়েই কান্ধত উঠাই লৈ ফুৰিছিলা,,,তুমি চাগে মাক বহুত ভাল পোৱা ন,,,...এইবুলি কোৱাৰ পাছতেই ভাস্কৰে লাহেকৈ............।

✍️দিপাংকৰ ভাগৱতী

ক'লা বৰণৰ মহজনী

আজি মঙ্গলবাৰ আবেলি ঠিক ৩ বাজিছে,
মই বাৰাণ্ডাতে বহি আছিলোঁ, তেনেতে আকৌ মহ এজনীয়ে প্ৰকাণ্ড জোৰে ২০০ speed ত যাত্ৰা কৰি আছিল(বৰণ ক'লা,পাখী চুটি,)
মোৰ চকু পৰিল...মাত লগালো,
মই:ঔৰা ভন্তি,শুনাচোন
মহজনী:দাদা মোক মাতিছিল নেকি(লগে লগে speed কমাই)
মই:হয় তোমাকেই,কোন তুমি........?
ইমান যোৰত উৰিছা যে, লাহে লাহে যোৱা,,,,
"Slow Drive Long Life"
বুলি নাজানা নেকি (মই আকৌ ইংৰাজীত একেবাৰে পোক😎)
মহজনী:দাদা মই আত্মহত্যা কৰিবলৈ যাওঁ,,জীৱনটো শেষ কৰিয়েই পেলাওঁ আৰু ।
মই:পিছে ফুল কুমলীয়া ছোৱালীজনীৰ এনেকুৱা কি দুখ হ'ল যে মৰিম বুলি ক'লা ।
মহজনী:দাদা নক'ব আৰু মোৰ বয়স ৪০ বছৰ হ'ল, কিন্তু বিয়াৰ কাৰণে এতিয়াও দৰা বিচাৰি পোৱা নাই ,,,,মোৰ চাগে বিয়াখন নহ'বগেই আৰু,,,,,সেইকাৰণে মৰিবলৈ যাওঁ...
মই:ধেই পাগলী এটা কাম কৰ
       সৌ যে দেখিছঁ ভেদাইলতা জোপা,,তাৰ কিনাৰতেই আমাৰ ভাগৱতী দা থাকে ,,, তেওঁক এবাৰ লগ কৰি যা,,,দক্ষিণা এটাও লৈ যাবি,বৰ ভাল উপায় দিব....তই দৰাও পাই যাবি,,যা ভালকৈ যাবি
(ভাগৱতী দা হৈছে আকৌ এজন সাংঘাটিক পণ্ডিত ব্ৰাহ্মণ,,, তেওঁ যিজনী মহকে উপায় দিয়ে,,,,,তাইৰেই বিয়া হৈ যায়,,,)

কবিতা কবিতা লগা পখিলাজনী

কবিতা কবিতা লগা তুমিজনীলৈ চকু গ'লেই তোমাৰ হৰিণীচকুজুৰিত পঢ়িব পাৰো তোমাৰ হৃদয়ৰ আচলত লুকুৱাই ৰখা হাজাৰটা সুখ-দুখৰ কথা, মই জানো আজি তোমাৰ মনতো বিষাদেৰে ভৰি পৰিছে,একাজলি হাঁহিৰ আঁৰত আজি তোমাৰ বিষাদবোৰ ভাঁহি ফুৰিছে,
"প্ৰিয়জনে নোকোৱাকৈয়ে মনৰ ভাষাবোৰ দুচকুত পঢ়িব পৰাটোকেই জানো ভালপোৱা বুলি নকয়"
    সেইবাবেই তোমাক আজি দেখাৰ পৰতে লুটিয়াই লুটিয়াই পঢ়ি পেলাইছিলোঁ তোমাৰ হৃদয়ৰ আঁৰৰ বিষাদৰ পৃষ্ঠাবোৰক ,কাৰণতোও কিন্তু মই জানো, ঢোলৰ চাপৰত আজি তুমি পখিলাজনী হৈ মুক্ত আকাশৰ নীলাবোৰত যে উৰিব পৰা নাই,,,, 
তুমি জানা ? 
...তোমাৰ বাবে মই এখন আকাশৰ দৰে  বিশাল হৈও পলকতে নীলাবোৰত স্থিৰ হৈ পৰিব পাৰো,,,,মোৰ বুকুতেই তুমি দুপাখি মেলি উৰি ফুৰিবা,,কিমান যে কল্পনা...!... সদায়েই নাচি ভালপোৱা তুমিজনী আজি বন্ধ কোঠাৰ ভিতৰত আবদ্ধ হৈ পৰিব লগীয়া হৈছে, তুমি আহি নকলেও সকলো বুজিব পাৰো,,খিৰিকীৰে আজি তোমাৰ মুখখনি দেখি মনটো যে সচাকৈয়ে বহু দিনৰ মূৰত বিষাদমুক্ত হৈ পৰিল,,,তোমাক দেখিলেই যে ডুবি পৰো এখন কল্পনাৰ সাগৰত যাৰ কোনো পাৰ নাথাকে,, বহাগৰ এটি  সন্ধিয়াত এপাহি কপৌফুল তোমাৰ মেঘালী চুলিৰ খোপাটিত গুজি দিয়াৰ ইচ্ছাটো যেন সপোনেই হৈ থাকিল এইবেলিও,,,,
   শুনাচোন ...মূগাৰ সাজযোৰত কিন্তু তোমাক বৰকৈয়ে মৰম লাগে , হাতৰ গামখাৰু যোৰত ভাহি ফুৰে মোৰ কল্পনাৰ হাজাৰটা ৰণঘোৰা , তোমাক মৰমতে কপৌঁপাহি বুলি মাতিবলৈ মন যায় ,,দূৰণিৰ পৰা হাতবাউলী ।
   কিন্তু....
    "ইমান ধুনীয়া মৰমলগা ছোৱালীজনীৰ লগত জানো এইটো নাম মিলিব"...,
    "পখিলীজনী বুলি মাতিলেই বেছি ভাল লাগিব নেকি".....................?
     নে তোমাক ভাৱনা নামেৰে মাতিলেই ভাল পাবা তুমি,,?...এহহ বাদ দিয়া,মাতিম আৰু কিবা এটা নামেৰে,মৰমত মতা সকলো নামতেই যে সোমাই থাকে প্ৰেমৰ এটি এটি মিঠা ভাললগা ।
     হাতত এটা গগণা লৈ খোপাটিৰ বুকুত গুজি আছা , মুখত এটি মৰমলগা হাঁহি,তোমাৰ এই হাঁহিটোৰ প্ৰেমতেই যে মই বাৰে বাৰে পৰি ৰওঁ,,চকুজুৰিও বন্ধ হ'ব নোখোজে,,,ভাললগাবোৰেই ছাগে এনেকুৱা । ঢোলৰ চেওঁবোৰে চাগৈ আজি তোমাক বৰকৈ মনত পেলাইছে, তুমি নকলেওঁ, কিন্তু .... তোমাৰ মিছা হাঁহিটোৰ আঁৰৰ দুখবোৰক মই ভালদৰেই চিনি পাওঁ, অৱশ্যে আনটো হাতত তুমি মোবাইল ফোনটো লৈ কিবা ছাই আছা,,হয়তো কাৰোবাক মেচেজ......?
      হেই নহয়,তাই হয়তো কেমেৰাত ফিল্টাৰ সলনি কৰি আছে,,,হয়তো আজি তুমি বিহুৰ ৰঙীন সাজযোৰৰ লগত একপি ফটো উঠিবা আৰু চাগে মাৰ মোবাইলটোৰ পৰা ফেচবুকৰ বুকুত আপলোড কৰিবা, ঠিকেই ভাবিছোঁ..... অৱশ্যে ফটোকপি কিন্তু ফিল্টাৰ নলগোৱাকৈয়ে উঠিবা,তোমাৰ গুলপীয়া গালদুখনিৰ মৰমলগা হাঁহিটো কিন্তু এনেয়েই ভাল লাগে ,,ফিল্টাৰবোৰৰ মাজত যে সেই গুলপীয়া খিনি ক'ৰবাত হেৰাই পৰে..... আৰু শুনা...তুমি কিন্তু কপালৰ ফোট টো সদায়েই ল'বলৈ লৈ হেৰুৱাই পেলোৱা,,এইবাৰ আকৌ তেনেকুৱা নকৰিবা.....,বিষাদবোৰক পাহৰি সদায়েই হাঁহি থাকিবা, মৰমলগা পখিলীজনীক মিঠা হাঁহিটোৰেই বৰ সুৱনি দেখি,
আৰু শুনা,,,নতুন বছৰৰ কিন্তু শুভেচ্ছা জনালোঁ পিছত আৰু লগ পালে অভিমান কৰি ন'ৰবা,,কাৰণ তুমি অভিমান কৰিলে আৰু বেছিকৈয়ে প্ৰেমত পৰি যাম,,অভিমানী মুখখনত তোমাক মুখ ফুলাই থকা গংগাটোপ টো যেন দেখি ।



    

মানৱীয়তা

মানৱীয়তা//
শলিতা ডাল নোহোৱাকৈ অথবা শলিতাডালৰ অনুপস্থিতিত যেনেদৰে এটা চাঁকিৰ পোহৰ বিয়পাই তুলিব নোৱাৰি !তেনেদৰে বিশাল সমূদ্ৰৰ বুকুত এৰি দিয়া এখনি নাওঁৰ, ডাঁৰ পাতৰ অভাৱত দিশ হেৰাই যোৱাৰো সম্ভাৱনা থাকে । নাওঁখনৰ তুলনাত চাবলৈ গ'লে ডাঁৰ পাট নিচেই সৰু কিন্তু এই ডাঁৰপাতৰ অভাৱতেই নাও‌ঁখনি বিশাল সমূদ্ৰৰ বুকুত চিৰদিনৰ বাবে হেৰাই যোৱাৰো সম্ভাৱনা থাকে ।
        ঠিক তেনেদৰে মানৱতা হৈছে মানুহৰ জীৱন নামৰ টুলুঙা নাওঁখনিৰ  ডাঁৰপাত আৰু জীৱনৰ ৰং আৰু পোহৰবোৰক উজ্বলাই তোলাত সহায়ক হোৱা সেই শলিতা ডাল ।
        মানৱীয়তাৰ গুণবোৰক ত্যাগ কৰি জীৱনটো আগুৱাই গৈ থাকিব ঠিকেই , কিন্তু অন্ধকাৰ নামি কেতিয়াবা বিশাল সমূদ্ৰত সেউজীয়া গভীৰতাৰ মাজত হঠাতেই জীৱনৰ সকলো ৰং নোহোৱা হৈ পৰিব ! জীৱনটো চাঁকিৰ দৰে পোহৰাই তুলিবলৈ, গভীৰতাবোৰক ফালি সেউজীয়া বোৰৰ মাজেৰে নাওঁখনিক দিশ দেখুৱাই পাৰলৈ চপাই আনিবলৈ মানৱীয়তাৰ গুণবোৰক আকোঁৱালি জীৱনটোক আগুৱাই নিব লাগিব।
✍️দিপাংকৰ ভাগৱতী
৬, এপ্ৰিল

তোমাৰ_প্ৰেমিকজন


মই, তোমাৰ মনে বিচৰা
           প্ৰেমিকজন হ'ব নোৱাৰিম,
তুমি বিচৰাৰা দৰে ,
            প্ৰতিশ্ৰুতিবোৰ ৰাখিবলৈওঁ যেন
মই যোগ্য নহয়,

তুমি কৈছিলা..!
           আনৰ প্ৰেমত ভূল নাযাবা,
জীৱনটো চঞ্চল,মনটো ঘোৰাঁৰ দৰে,
           আজি এঠাইত কালি আনঠাইত ।
সেইবাবেই হয়তো মই কওঁ,
            তোমাৰ মনে বিচৰা
প্ৰেমিকজন,
             মই হ'ব নোৱাৰিম।
কিয়নো মই যে এজন কবি,
            প্ৰতিটো পুৱা,প্ৰতিটো পল-অনুপল, ঋতু
আজি মোৰ প্ৰেমৰ বিষয়,
            কল্পনাৰ প্ৰতিজনী ৰাজকুমাৰীয়েই ,
মোৰ আজি প্ৰেয়সী।
            কবিতাবোৰকেই প্ৰেম কৰিবলৈ ল'লো,
প্ৰকৃতিৰ বুকুতেই হেৰুৱালো
             ওভতনি নাওঁখনিৰ বঠা,
বাৰে বাৰে প্ৰেমত পৰো...
              পলাস,মদাৰৰ সুবাসতেই কবিতা ৰচো ।
নাহঁৰৰ পাতৰ বুকুত শব্দবোৰ সাচোঁ,
               বাৰে বাৰে প্ৰকৃতিৰ প্ৰেমতেই যে মই পৰো,

সেইবাবেই মই কওঁ,
কেৱল তোমাৰেই হৈ ৰোৱা প্ৰেমিকজন
                মই হ'ব নোৱাৰো।
ৰামধেনুৰ সাতোৰঙেই যে মোৰ প্ৰিয়,
                প্ৰকৃতিৰ উশাহতেই যে মোৰ প্ৰাণ
এৰি দিওঁ উশাহৰ প্ৰতিটো ঘ্ৰাণ।
                প্ৰকৃতিৰ সকলোবোৰতেই বিচাৰি ৰওঁ
                নিৰ্মূল  প্ৰাণ।

সেইবাবেই কওঁ
                 কেৱল তোমাৰেই হৈ ৰোৱা
প্ৰেমিকজন মই হ'ব নোৱাৰো,
                 কাৰণ মই যে এজন কবি।

✍️দিপাংকৰ ভাগৱতী
              

   

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...