সপোনত তাইৰ ঠিকনা বিচাৰি

                        
         প্ৰেম সকলোৰে জীৱনলৈ আহে... কিন্তু এই প্ৰেমৰ সংজ্ঞা বিচৰি উলিওৱাটো বৰ জটিল... প্ৰেমৰ কোনো ঠিটনা নাই, কেতিয়া ক'ত কাৰ লগত এই প্ৰেম হৈ যায় কোনেও ক'ব নোৱাৰে । ঠিক সেইদৰে হয়তো মইও প্ৰেমত পৰিছো, কাৰোবাৰ পৰশত মোৰো প্ৰেমবোৰে পাখি মেলিব ধৰিছে,নিশাৰ সপোনবোৰৰ মাজৰ সেই টুকুৰা টুকুৰ আশাবোৰে যেন তাইৰ পৰশ পাইয়ে  প্ৰেমৰ মালা গাঠিব ধৰিছে । তাইক লৈ দেখা নানানটা সপোনে যেন দুচকু জুৰায় তোলে আজি, সপোনবোৰৰ মাজতো যেন এতিয়া তাইৰ সৈতে প্ৰেমৰ আলাপ, আজিও সপোনত তাইৰ বাবেই কেৱল অপেক্ষা....তাই সঘনাই অহা-যোৱা কৰা বাটটোতেই যেন ৰৈ ৰ'ম তাইৰ বাবে...,জানোছা এবাৰ তাইৰ চকুলৈ চালে সপোনত দেখা পাওঁ । ভালপোৱাৰ সপোনবোৰেই চাগেই এনেকুৱা...😊নিলিখা কবিতাও যেন লেখি পেলাম তাইৰ চকুজুৰিলৈ চাই.... কেইটামান চিম্পল ভাষা আৰু শব্দৰেই যেন বিয়পাই তুলিম এবুকু অনুভৱ । প্ৰেমবোৰ বাৰু এনেকুৱাই নেকি....? ৰঙীন সপোনবোৰ যেতিয়াই দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব , সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ.....মোক ইমান বিশাল আকাশখন নালাগে জানা,
সৌ যে দেখিছা আকাশৰ তৰাবোৰ , তাকো নালাগে......৷
মোৰ বাবে যেন এতিয়া তোমাৰ অলপ সহাৰিয়ে যথেষ্ট...।...শুকুলা ডাৱৰ চপৰাই কি মনোৰম হৈ জোনটিৰ লগত লুকাভাকু খেলিছে , পাৰিলে তোমাৰ নামত এচপৰা কিনি ৰাখিম ৷ তুমি মই তাত লুকাই লুকাই মনৰ কথাবোৰ পাতিম.... ৷ যেতিয়া কলীয়া ডাৱবোৰে আবৰি ধৰিব আকাশখন... তোমাক যেন মোৰ বুকুৰ মাজত সোমোৱাই ৰাখিম ৷ বৰষুন পৰিব টোপ টোপ কৰি....আৰু টোপাল টোপালবোৰত তুমি মই উমলিম......৷কবিতা কবিতা যেন হৈ পৰিব সময়বোৰ । নিশাবোৰ যেন এনেদৰেই পাৰ কৰিম তোমাৰ লগত..... এনেদৰেই যেন নিশাবোৰ  বাগৰি যাব আৰু পুৱাৰ বেলিৰ পোহৰত যেন আকৌ হেৰাই যাব সপোনবোৰ ।


দিপাংকৰ ভাগৱতী

আন্ধাৰৰ মাজত তুমি

কেতিয়াবা অন্ধকাৰৰ মাজতেই থাকিবলৈ মন যায়,আন্ধাৰ বোৰেই বৰকৈ ভাললগা হৈ পৰে,আপোন আপোন লাগিবলৈ ধৰে,নিজকে যেন অচিনাকী কৰি ৰাখিম সকলোৰে পৰা । সেই আকাশৰ উদং জোনটো আৰু তিৰবিৰাই থকা তৰাবোৰৰ পৰা লুকাই যেন অন্ধকাৰৰ মাজত নিজকে বিলীন হ'বলৈ দিম উজাগৰে,তৰাবোৰো নাথাকিব তেতিয়া উপলুঙা কৰিবলৈ __কোনেও নজনাকৈ সগোপনে ,তোমাৰ উশাহতেই বাট বুলিবলৈ মন যায় জানা ?
তোমাৰ দুহাতত চুমাৰ পৰশ সানি তোমাৰেই বুকুত মন উপচাই দিবলৈ মন যায় ।সময়বোৰ যেন বৰ নিষ্ঠুৰ,আৰু নিশাবোৰ....?
যেন বিষাদ মাথোঁ বিষাদ...।নিশাৰ বিষাদজাক ফালি যদি উজলি উঠে মনৰ আকাশখন ,আকৌ এবাৰৰ বাবে আহিবা । নিশাৰ সপোনত আহি আৰু সপোন ভাঙিলেই আতৰিয়ে যদি যোৱা,সেই সপোনবোৰৰ জানো মূল্য থাকিব ? দুখবোৰ ভগাই লোৱাৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু..?... সপোনবোৰ ভাঙিলেই হেৰাই যোৱা তুমি । সেইবাবেই চাগে এতিয়া আন্ধাৰত  থাকি ৰবলৈ মন যায়,যাতে জোন তৰাবোৰে মোৰ বিষাদবোৰক লৈ উপলুঙা কৰিব নোৱাৰে।... এতিয়া মাথো নিশাৰ অন্ধকাৰৰ নিজন্নতাবোৰৰ মাজত তোমাকেই যেন বিচাৰি থাকো.. আধৰুৱা সপোনবোৰক যেন পূৰাবলৈ অপেক্ষা কৰি থাকোতেই যেন পাৰ হ'ব খোজে প্ৰহৰ বোৰ.... তথাপিও কিন্তু অপেক্ষাৰত মই...সেই অন্ধকাৰৰ তুমি জনীৰ বাবে.......।

দিপাংকৰ ভাগৱতী
গুৱাহাটী
৯৫০৮২১৬৬৯৬

পিতৃ-মাতৃ আৰু বৃদ্ধাশ্ৰম

আজি বহুত দিন অন্তৰ পাছত হঠাৎ মনলৈ কিছুমান প্ৰশ্ন আহিল, ভূল-শুদ্ধ যুক্তিৰে মনটো যেন অশান্তিকৰ কৰি তুলিছে।প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাতো কেতিয়াবা জটিল হৈ পৰে।এটা সন্তানৰ বাবে মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্যসমূহ কেনে হোৱা উচিত...?বিয়াৰ পাছত নতুন বোৱাৰীক পাই মাক আৰু দেউতাকৰ ত্যাগ সমূহক পাহৰি যোৱাবোৰ উচিত নে...?এনেবোৰ প্ৰশ্নৰে বৰ্তমান মোৰ মন অন্তৰ সকলো অশান্ত ।
     পৃথিৱীৰ প্ৰতিজন মাক দেউতাকেই তথা প্ৰতিখন সংসাৰেই নিজৰ সন্তানটিক লৈ কিছুমান সপোন দেখে।সাতোৰঙী ৰামধেনু হৈ এই সপোনবোৰে দুটি মনৰ আকাশত দোলা দি থাকে। কিন্তু নিষ্ঠুৰ বাস্তৱে এই সপোনবোৰক কলিতে মোহাৰি চূড়মাৰ কৰে।এটি সন্তানৰ সুস্থ বিকাশ আৰু জীৱন গঢ়াৰ ক্ষেত্ৰত পিতৃৰ অনুশাসন আৰু মাতৃৰ আদৰ-যত্নৰ অতিকৈয়ে প্ৰয়োজন। কিন্তু সাম্প্ৰতিক কালত প্ৰশ্ন হয় যে,"কেৱল সেই দিনটোলৈহে এটি সন্তানে মাক-দেউতাকৰ প্ৰৰিশ্ৰমবোৰক বুজা উচিত নেকি যিদিনাখনলৈ নিজেই স্বাৱলম্বী হৈ উঠিব নোৱাৰে..?"
পিতৃ-মাতৃয়ে কেতিয়াও নিজৰ সন্তানটিক মৰম কৰাত কৃপনালী নকৰে,নিজৰ সৰ্বশ্ব ত্যাগ কৰি নিজেই লঘোণত থাকি হ'লেও সন্তানটিৰ সকলো প্ৰয়োজন পূৰাবলৈ দেহ-প্ৰাণ মাৰি দিয়ে। কিন্তু কালক্ৰমত সেই সন্তানটিয়েই এদিন মাক-দেউতাকৰ সকলো ত্যাগ সমূহক পাহৰি যোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে হয়তো এইটো অনুভৱ কৰিব নোৱাৰে যে মাতৃ-সন্তানৰ জীৱনব্যাপী অন্তৰংগতা মহত্তম সম্পৰ্কবোৰৰ ভিতৰত অন্যতম,মাকৰ মমতাৰ আগত কোনো প্ৰকাৰৰ মৰম আৰু মায়া সব্বোৰ্চ হ'ব নোৱাৰে।
    কিন্তু বৰ্তমান সময়ত পুৱাৰ বাতৰি-কাকত খন মেলি চালেই হেডলাইনটো হ'ল এনেধৰণৰ..."পুত্ৰ-বোৱাৰীয়ে নিজ মাতৃক এৰি থৈ আহিল ৰাস্তাৰ দাতিত ।"..."নিজ পুত্ৰই মাকক এৰি থৈ আহিল বৃদ্ধাশ্ৰমত।সচাকৈ বাতৰিখন হাতত লৈয়েই মনতো গধূৰ হৈ পৰে।
সৰু কালত নিজ সন্তানটিয়ে যিদিনাখন প্ৰথম স্কুলত ভৰি দিয়েই ফেকুৰি কান্দি উঠিছিল, তেতিয়া সেইজনী মায়েই কোলাত তুলি সাৱতি ধৰিছিল,যিজনী মাকক আজি নিজৰ শিক্ষিত  পুএই ৰাস্তাৰ দাতি অথবা বৃদ্ধাশ্ৰমত এৰি আহিছে। বাল্যকালৰ পৰা শৈশৱ তথা ডাঙৰ হৈ নিজকে স্বীকৃতি দিব নোৱাৰালৈকে নিজৰ মাক দেউতাকে সন্তানটিৰ হিতৰ বাবে কত কি নকৰে। দিনটো পৰিশ্ৰম কৰি নিজৰ কষ্টৰ ধন কিটা সঞ্চয় নকৰি সেইজন মহান পিতৃয়েই আমাক প্ৰয়োজন সাপেক্ষে Mobile,Bike,Laptop আৰু বিচৰা সকলো যোগান ধৰিব বাবে নিজেই কষ্ট সহে,যাক কিছুসংখ্যক লোকে বৃদ্ধাৱস্থাত অৱহেলা কৰা দেখা যায়।দিনৰ দিনটো ঘৰৰ পৰা আতৰত থাকি কষ্টৰ পইচাকিটাৰে সকলো প্ৰয়োজন পূৰাই অহা সেই মহান দেৱ তুল্য পিতৃজনক কেনেকৈ বাৰু নিজৰ সন্তানে অৱহেলা কৰিব পাৰে...?....সচাঁকৈ আচৰিত। তেওঁলোকে হয়তো এইটো কথা পাহৰি যায় যে,"স্কুললৈ যোৱাৰ সময় পাৰ হৈ যোৱাত সেইজন পিতৃয়েই নিজৰ ভঙা কেৰিয়াৰ থকা চাইকেল খনেৰে হ'লেও ৫-৬ মাইল আতৰত থকা স্কুলত থ'বলৈ গৈছিল।"... "আজি যি শিক্ষাৰ দমত তেওঁলোকে দামী গাড়ী ত উঠি টাও মাৰিব পাৰিছে সেইয়াও কিন্তু সেই দেউতাকৰ ভঙা চাইকেলত উঠি স্কুললৈ অহা যোৱা কৰাৰে সাধন".....। নিজৰ কষ্টবোৰকো সন্তানৰ মৰমৰ আগত সেইজন পিতৃয়েই সম্মৰ্পন কৰি দিয়ে।
        সময়ৰ সোঁতত যেতিয়া নিজ সন্তানে পিতৃ-মাতৃক অৱহেলা কৰিবলৈ লয় তেতিয়া তেওঁলোকৰ সাতোৰঙী ৰামধেনুৰ দৰে সপোনবোৰ ভাঙি চূড়মাৰ হৈ পৰে।শেষত ভূল-শুদ্ধ  অনুৱবোৰক ব্যক্ত কৰি এষাৰেই ক'বলৈ বিচাৰিম যে আজিৰ তজবজীয়া ডেকা,কাইলৈ বৃদ্ধ।আজি যিসকল পুএই মাক-দেউতাকক অলহেলা কৰিছে,কি ঠিক এদিন তেওঁলোকৰো পুত্ৰই বৃদ্ধাশ্ৰমেই বাচি ল'ব। সেয়েহে সম্পৰ্কবোৰক অটুত ৰাখি সকলোৱে নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা কৰ্তব্য পালন কৰি আগবঢ়োৱাটোয়ে উচিত তথা প্ৰতিজন পুত্ৰৰ ধৰ্ম আৰু দ্বায়িত্ব।

✍️দিপাংকৰ ভাগৱতী
     গুৱাহাটী

ভাৱনা//TRUE LOVE STORY//

আৱেগিক মন,অকলশৰীয়া Boaring লাইফ তাতে আৰু সদায়  SINGLE হোৱা বাবে লগৰ কিটাৰ পৰা পোৱা down খিনিটো আছেই।মই যেন single  থাকি কিবা মহাপাপ হে কৰিলো,আৰে ভাই মনৰ পছন্দ বুলিওটো এটা কথা আছে,কাৰোবাক বাৰু প্ৰপোছ কৰি Single নামৰ দাগটো আতৰ কৰি relationship ত আহিলোৱে,সুখী হ'ব পাৰিম জানো। চাল্লা এই কথাটোৱেই সিহঁতে বুজি নাপায়।সিহঁতৰ লগত তৰ্ক কৰি লাভ কি, ক'ত বুজি পাব।এইবোৰ কথা মনতে ভাৱি ভাৱিয়ে আৱেলি চাৰিআলিৰ ৰাস্তাৰ কাষৰ  দোকানখনৰ ফালে খোজ ল'লো।আৱেলি প্ৰায়ে ৫ টা মান বাজি পাৰ হৈ গৈছে,চাৰি আলিৰ ওচৰ পাওঁ পাওঁ হওঁতেই হঠাৎ তাইক দেখা পালো,দীঘল চুলিকোচাৰে  পিঠিত এটা কিতাপৰ বেগ লৈ মুখত এটা মিচিকীয়া হাহিঁৰে সৈতে তাই ক'ৰবাত যাবলৈ ওলাইছে,হয়তো তাইৰ আজি টিউচন আছে । অ'হ সেই তাইজনীৰ পৰিচয় দিবলৈকে পাহৰিছিলো,আচলতে লগৰ সকলোৱে সোধে মোৰ কিয় Relationship ত আহিবলৈ ভাল নালাগে ! কিয় ? আজিলৈ মোৰ কোনো Girl freind নাই আৰু কিয় মই বাকীবোৰৰ দৰে PARK ৰ অন্ধকাৰত  Romance কৰাতো পছন্দ নকৰো। আচলতে সেই তাই জনীয়েই মোক এইবোৰৰ পৰা বিৰত ৰাখি আহিছে।

             ২০১৪ চনৰ নম্বেবৰ মাহৰ এটা দিন সন্ধ্যা ঠিক ৭ মান বজাত মই মোৰ বৰদেউতা হতঁৰ দাদাৰ লগত অলপ ওলাই গৈছিলো,সেইদিনাই প্ৰথমবাৰৰ বাবে তাইক দেখিছিলো আৰু দেখিয়েই মোৰ দুচকু থৰ হৈ ৰৈছিল । এনে লাগিছিল যেন তাইৰ ফালে চাইয়ে ওৰে সময়বোৰ পাৰ কৰি দিম,আগতে হৈ নেপোৱা এক অনুভৱ......এক বুজাব নোৱাৰা সিহৰণ , তাইৰ কিছুমান সৰু সৰু ধেমালি উপভোগ কৰিবলৈ পাইছিলো সেইদিনা,তাই মোতকৈ অলপ বয়সত সৰু আছিল, দাদাক তাই আগৰে পৰাই চিনি পাইছিল আৰু সেইকাৰণে তাই দাদাৰ লগত কিছুমান কেঁচুৱা ধেমালিও কৰিবলৈ সংকোচ কৰা নাছিল,সচা অৰ্থত প্ৰথমবাৰৰ বাবে কাৰোবাক লৈ ইমান কম সময়তে মনতো বহুতেই ভাল লাগি উঠিছিল। তেতিয়ালৈ মই অনুভৱ কৰিবই পৰা নাছিলোঁ যে তাইকলৈ মই crush অনুভৱ কৰা হ'ব ধৰিছো।সেই সন্ধ্যাটো তেনেদৰেই পাৰ হৈ গ'ল। ঘৰলৈ অহাৰ পিছতো তাইৰ কথাই মনলৈ আহি আছিল,খাওঁতে শোৱতে কেৱল তাই মাথো তাই। আকৌ এবাৰ তাইক লগ পোৱাৰ হেপাঁহ,তাইৰ লগত কথা পাতিবলৈ মন গৈছিল, তাইৰ নামটো বাৰু গ'ম পালো ভাৱনা,সচাকৈ নামটো শুনিলেই যেন মনতো শীতল পৰি যায়।মোৰ মেট্ৰিক পৰীক্ষা আগত আছিল কাৰণে সঘণাই তাইৰ কথা নাভাবি থাকিম বুলি ভৱা স্বত্বেও বাৰে বাৰে তাইলৈ মনত পৰি আছিল, সেইদিনা আৰু পঢ়িব নোৱাৰিলো, এইটো কথাই ভাৱি থাকিলো যে ," তাইক মোৰ হঠাৎ কিয় ইমান ভাল লগা হ'ব ধৰিছে,কিয় তাইৰ কথা বাৰে বাৰে মনলৈ আহিছে"...........focus focus কিয় মক্কেলৰ দৰে পঢ়া এৰি এইবোৰ ভাবিবলৈ লোৱা হৈছো , মেট্ৰিক main বাদ দে এইবোৰ (নিজকে ভিতৰি বুজাব চেষ্টা কৰি)।
.......... কিন্তু কথাতে কয় নহয় যে কাক কেতিয়া হঠাতে ভাল লগা হৈ যায় কোনেও ক'ব নোৱাৰে, কথাষাৰ মোৰ ক্ষেত্ৰতো ব্যতিক্ৰমী নহ'ল। নিজকে বাৰে বাৰে বুজাব চেষ্টা কৰিও তাইক মনৰ পৰা উলিয়াব পৰা নাছিলোঁ। এফালে স্কুলৰ পঢ়াৰ pressure আৰু আনফালে তাইক আকৌ এবাৰ দেখা সাক্ষাৎ হোৱাৰ ত্ৰাৰণা।নিজকে উপস্থাপন কিদৰে কৰো আৰু কেনেকৈ এইবোৰ চিন্তাক আতৰ কৰি পঢ়াত মন দিব পাৰো চিন্তা সেইটোৱেই আছিল।প্ৰায় ২ মাহৰ অন্তত এদিন তাইৰ লগত দেখা দেখি হ'লো,মাত দিলো আৰু তাইও মাতিলে ভালদৰে,১০ মিনিটৰ সৰু-সুৰা ধেমালি বোৰৰ মাজেৰে তাইৰ লগত হোৱা কথাখিনিয়ে যেন মোৰ মনতো আকৌ ভাল লগাই তুলিছিল,কথাৰ মাজেৰে তাই কৈছিল তাইক হেনো বৰ্ষা বুলি মাতিলে খুব ভাল পায়।তাইৰ কথাবোৰে মোক
এক নতুন প্ৰেৰণা যোগাইছিল,মনতো গৈছিল তাইক সেইদিনাই সকলো কৈ পেলাও, কিন্তু বয়সত সৰু হোৱাৰ বাবে জানোচা তাই মোক ওলোটা ভূল বুজি সদায়ৰ বাবে মোৰ পৰা আতৰি যোৱাৰ ভয়ত ক'ম বুলি ভাবিও থমকি ৰ'লো।তাইক দেখিলেই মনটো বৰ ভাল লগা হৈ পৰে,তাইক এবাৰ দেখা পাবলৈ মনতো বাৰে বাৰে চঞ্চল হৈ পৰে।তাইকলৈ অনুভৱ কৰা সকলো feelings কাৰোবাৰ আগত Share কৰিবলৈ বৰকৈ মন যোৱা হৈছিল,কিন্তু লগৰ সমনীয়া বোৰে one sided প্ৰেমৰ কথা ক'বলৈ গ'লে হাহিঁ উৰাই দিয়া বাবে মনৰ সকলো কথাই মনতে বোজ হৈ পৰিব ধৰিছিল। কাৰোবাক ক'লে যেন মনতো অলপ পাতল হ'ব,তাইক লগ নোপোৱাৰ ত্ৰাৰণাবোৰ যেন অলপ হ'লেও কমিব, কিন্তু কাক ক'ম....?কোনে শুনিব....?
শেষত মনৰ ত্ৰাৰণাবোৰক এক গোট কৰি উকা ডায়েৰীৰ কাগজৰ পাতে পাতে লিখি ৰাখিবলৈ ল'লো.....দুখ মাথো ইমানেই আছিল যে তাইক ভাল পাইও একো প্ৰকাশ কৰিব পৰা নাছিলোঁ, বাৰে বাৰে ইচ্ছা কৰিও তাইক লগ পাব পৰা নাছিলোঁ...আৰু এটা চিন্তাৰ পৰা সদায় মন মাৰিছিলো... যদি মই উচিত সময়ৰ অপেক্ষা কৰি থাকোতে তাই আন কাৰোবাৰ হৈ যায়....এই সকলোবোৰক সামৰি লিখোঁতে লিখোঁতে হোৱা অভ্যাসৰ ফলস্বৰূপে মোৰ এদিন হঠাৎ কবিতা এটা লিখিবলৈ মন গ'ল.... সেইদিনা ২০১৫ বৰ্ষৰ জানুৱাৰী মাহৰ কোনোবা এটা দিন আছিশ, তেনেদৰেই তাইৰ হাহিঁ, ধেমালি বোৰক এটা এটা কবিতাৰ আকাৰেৰে মনৰ ভাৱ প্ৰকাশ কৰোঁতে কৰোঁতে কবিতা আৰু সাহিত্যৰ প্ৰতি এক টান ভাৱ জাগি উঠিল, কবিতাবোৰৰ সন্ধানত তাইক লগ কৰি এবাৰ মাএ চাবলৈ চেষ্টা কৰা হ'লো,আৰু দিনবোৰ বাগৰি যোৱাত সেই কবিতাবোৰকে আনৰ মাজত দিবলৈ ল'লো,শুনালো,বহুতো blog, প্ৰতিযোগিতাত যোগদান কৰিবলৈ ল'লো ,facebook ৰ জগতত এটা কাল্পনিক ভাৱ ৰুপে প্ৰকাশ কৰি কৰি এতিয়া প্ৰায় ৫ বছৰ অতিক্ৰম হ'ল, কবিতাবোৰৰ সৃষ্টি আৰু কবিতা সমূহ লিখিবলৈ অনুপ্ৰেৰণা পাই আৰম্ভ কৰাৰ একমাত্ৰ কাৰণ তাইয়ে আছিল, আজিও তাই মোৰ বাবে সেই আগৰ প্ৰথম দেখিয়েই প্ৰেমত পৰা প্ৰেয়সীজনী,তাইক আজিও সিমানেই ভাল পাওঁ আৰু পাই থাকিম....তাই মোৰ প্ৰথম প্ৰেম আছিল আৰু সদায়েই তাই মোৰ অন্তৰত থাকিব, ভৱিষ্যতে তাই মোক ভাল পাই নে নাপায় সেইটো নাজানো কিন্তু মই কেতিয়াও তাইক পাহৰি মনৰ পৰা আতৰ কৰিব নোৱাৰো সেইটো ঠিক,হয়তো আজিও তাই মোৰ প্ৰেম আৰু ভালপোৱাবোৰক বুজিব পৰা হোৱা নাই আৰু মই অপেক্ষা কৰি ৰ'ম তাইৰ বাবে,যিদিনাখন তাইৰ আগত প্ৰেমবোৰক প্ৰকাশ কৰিম হয়তো সেইদিনাই ইমান বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটিব। নাজানো মোৰ ভালপোৱা বোৰত কিমান সতটা আছে..... কিন্তু মোৰ দৃঢ় বিশ্বাস... যদি সচাঁ অন্তৰে তাইক ভাল পাই আহিছো এদিন মোৰ ভালপোৱাবোৰক তাইও বুজি উঠিব......

                   আজি ২০১৯ বৰ্ষৰ জুন মাহৰ ২৪ তাৰিখ,সোমবাৰ .... আজি তাইক দেখা পাই মনতো বৰ ভাল লগা হৈ পৰিল,তাইৰ দুচকুলৈ একেথিৰে চাই ৰ'ব মন গৈছিল কিন্তু ক'ত পাৰিম তাই এতিয়া আগৰ কণমানি জনী হৈ থকাতো নাই.... কাৰোবাক ইমানকৈ ভাল পাই আহিছো যদিও কিন্তু লগৰ বন্ধু কিটাৰ মাজত এতিয়াও মই single নামৰ এটা উপাধি এটাৰেই পৰিচিত।

কবিতা


আৱতৰীয়া বৰষুণজাক

আৱতৰীয়া বৰষুণজাকৰ কথা

ভাবিলেই

তোমাৰ কথা মনলৈ আহে

সেই যে ছাতিৰ আৰঁত তোমাৰ মুখখন,

এমুঠি অভিমান লৈ স্কুলৰ বাছখনৰ পৰা নামা,

আৰু বৰষুণ জাকত তিতিব মন কৰিও থমকি ৰোৱা,

লুকুৱাব বিচৰা যদিও  ,

তোমাৰ দুচকুৰে কৈ যোৱা স্পষ্ট কথাবোৰ   ,

আৰু কেৰাহিকৈ মোলৈ চাই নেদেখা চকুজুৰি,

এতিয়া সোৱৰণী হৈ আছে ,

মেঘ ছন্ন আকাশৰ কোনোবা কোণত।

লগ পোৱাৰ ত্ৰাৰণাত…

দুপৰীয়া

তিনি বাজি এক মিনিটত,

প্ৰায় তুমি অহালৈ বাট চাই ৰওঁ,

চাৰিআলিটোৰ ওচৰত ।

জানোচা এজাক আৱতৰীয়া বৰষুণক লৈ,

আকৌ তুমি দীঘলীয়া পথতোৰে মোৰ সন্মুখলৈ আহা,

আৰু দুচকুৰে এবাৰ লাজ লাজকৈ চাই হাহিঁ মাৰি যোৱা।

সচাকৈ দেই

উজাগৰিত প্ৰায় ভাবি পৰো মই।

কি যে বেইমান অনুভৱ এইবোৰ,

হৃদয়ৰ প্ৰতিটো ষ্টেচনতে কম্পন হয়

মাথো প্ৰেমৰ……

সপোনবোৰৰ খোপনি হেৰাই,

বাৰে বাৰে মাথো তুমি লৈ অহা বৰষুণ জাকত

বিচাৰি ফুৰে চিনাকি ৰং সপোনৰ।

যদিহে আকৌ লগ পাওঁ তোমাক,

সেন্দুৰ ৰঙেৰে জিলিকাম তোমাৰ কপাল,

যদি সময়েও সলাই ৰং,

সংশয় নাৰাখি সেই ৰঙেৰেই

জিলিকাই তুলিব তোমাৰ দুগাল,

যদি সি সপোনো হয় কোনো জোনাকী নিশাৰ,

সাৰ পাব নিবিচাৰোঁ কাহানিও,

তুমিও নক’বা মোক

সপোনত আহি।

দিঠকৰ কঠিন শিলত প্ৰেমৰ ছবি আকিবলৈ।

দিঠকৰ তুমি অনা,

সেই আৱলিৰ আৱতৰীয়া বৰষুণ জাকেই,

নিশা মোৰ সপোনত প্ৰেমক দিব আজীবন।

আৰু সৃষ্টি কৰি তুলিব…

এক নিবিৰ স্বপ্নৰ।

✍দিপাংকৰ ভাগৱতী

dipankarbhagabati8Gmail.com

অচিনাকী ফোন CALL//PART-2

সময়ৰ লগত আমি যিমানেই সৰু ডাঙৰ হৈ নপৰো কিয় মাহঁতৰ মনত আমি সদায়েই সেই কণমানি আলাসৰ ল'ৰাটো বা ছোৱালীজনী।সেয়েহে আজিও যেতিয়া মায়ে মোক কিবা এটা কৰিবলৈ কয় অলপো নোৰোৱাকৈ দৌৰ মাৰি যাও।এতিয়া সময় ঠিক ৭ বাজিবৰ হ'ল ,মাৰ প্ৰিয় ৰাধাকৃষ্ণ ধাৰাবাহিক খণ্ডটোৰো সমাপ্তি ঘটিল,মাৰ হাতেৰে বনোৱা একাপ গাখীৰৰ চাহ আৰু দুটা টাইগাৰ বিস্কুত খোৱাৰ পাছত মই নিজৰ ৰুমত আহি এখন কাগজ লৈ কিবা এটা লিখিম বুলি উলিয়াই লওতেই হঠাৎ মনত পৰিল সেই অচিনাকী ফোন CALL টো কৰা ছোৱালীজনীৰ কথাবোৰলৈ,মই ভাৱি পৰিলো যে আজি হঠাৎ কোনে এনেকৈ ফোন কৰি কওঁ নকওঁ কৰি কথা পাতিছিল?.....আৰু ফোনটো কৰিছিলেই যেতিয়া তাইৰ কথাত স্পষ্টতা কিয় নাছিল ?.....আৰু কিয় তাইৰ কথাবোৰত মোৰ এনেকুৱা লাগিছিল যেন মই আগতে তাইৰ লগত কথা পাতি পাইছো....ধেৎ তেৰি কি যে মইওঁ,ইমান কিয় ভাবিছো। আচ্ছা যদি কথাৰ যোগেদি আমাৰ চিনাকি আছিলেই মোৰ কিয় মনত পৰা নাই....। কোন তাই ....?.. কোন.....?
এতিয়া যেন এটা প্ৰশ্নবোধক হৈ ৰৈছে কথাবোৰ,বহুত চেষ্টা কৰিও ভাৱি নাপালো...কোন বা আছিল...হেই বাদ দে(উত্তেজনাত নিজকে খং কৰি)।শেষত ভাৱিলো  মইটো তাইক কৈছিলো CALL BACK কৰিম বুলি.......দুই এবাৰ নিজকে সুধিলো কৰোনে নকৰো ।নিজৰ যেন স্বাভিমান বোৰে মোক বাৰে বাৰে কৈছিল বাদ দে "অচিনাকী কাৰোবাৰ ওচৰত কিয় সৰু হ'ব লাগে ,তাতে তাই হৈছে ছোৱালী, কি বা ভাবে"...,"বাদ দে"।বহুত ভাৱি চোৱাৰ পাছত শেষ সিন্ধান্ত ল'লো যে অলপ সময় মই অপেক্ষা‌ কৰি চাওঁচোন তাই যেতিয়া এবাৰ নিজেই ফোন কৰিছিলেই আকৌটো এবাৰ হ'লেও কৰিব নিশ্চয়.....(স্বাভিমানৰ আঁৰত লুকাই থকা অন্তৰ খনে কিন্তুু বাৰে বাৰে জানিব ইচ্ছা কৰি আছিল সেই অচিনাকী তাই জনী কোন......তথাপিও তাইৰ ফোন CALL টোৰ বাবে অপেক্ষা কৰি মই বাট চাই ৰ'লো.....)

আগলৈ

অচিনাকী ফোন CALL//PART-1

 

                      আগৰ মোবাইলটো হঠাৎে বেয়া হৈ যোৱাত,তিনি দিন পূৰ্বে এটা নতুন মোবাইল ফোন ল'লো নম্বৰ বোৰ প্ৰায়ে delete হৈ গৈছিল,কাক কেনেকৈ contact কৰো ভাৱি পোৱা নাছিলো,সেয়েহে facebook ত এটা public পোষ্ট লিখি দিলো সকলোকে এটা এটা message পঠিয়াবলৈ ।আৱেলি ঠিক ৬ মান বজাত হঠাৎ নতুনকৈ লোৱা ফোনটোত এটা ৰিঙ বাজিল ,দৌৰ মাৰি আহিলো কোনে বা ফোন কৰিছে,সাধাৰণতে মোলৈ মা-দেউতা আৰু লগৰ কেইজনমানৰ বাহিৰে ফোন কৰা মানুহ বিশেষ নাই বুলিবই পাৰি অ'হ অৱ্যশ্যে কেতিয়াবা customer care ৰ পৰা ফোন এটা ,দুটা আহে । যেতিয়া কোনোবাই ফোন কৰে সচাই বৰ ভাল লাগি যায়,কোনে বা মনত কৰিছে মোক,বাহ্ আজি  মোলৈ বেলেগ কোনে বা ফোন কৰিছে, এনেকুৱা এটা অনুভৱ জাগি উঠে  আৰু সেইকাৰণেই ফোনটো হাতত লৈ অলপো নোৰোৱাকৈ হেল্ল' বুলি কৈ সুধিলো......কোন আপুনি ? কাক বিচাৰিছে ? তেনেতে এটা তপ্ত হূমূনিয়াহ,এটি চিনাকি সুৰ,এটি চিনাকি শব্দ । হঠাৎ মই ভাৱিলো কোন হ'ব পাৰে ।কথাষাৰৰ উওৰত তাই ক'লে কিয় চিনি পোৱা নাই নেকি ?...
মই ক'লো চিনাকি যেন লাগিছে কিন্তু ভালকৈ ধৰিব পৰা নাই ।অলপ মনে মনে থকাৰ পিছত তাই ক'লে আচ্ছা ঠিক আছে হ'ব দিয়া তেন্তে।তাই যেন কিবা এটা ক'ম বুলি ওলাইছিল ,কিন্তুু কিয়বা হঠাৎ ৰৈ গ'ল । তেনেকুৱাতে মোক মায়ে মাত লগালে.........
বাবু আহা ৰাধাকৃষ্ণ খনত আজি ভাল খণ্ডটো আছে।
( মায়ে প্ৰায়ে Hotstar ত ৰাধাকৃষ্ণ চাই মোৰ মোৱাইল ফোনটোত) আৰু সেয়েহে  মইও কথাবোৰ আধৰুৱা হৈ ৰওতেই তাইক পাছত call back কৰিম বুলি কৈ ফোনটো কাটি দিলো ।

আগলৈ

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...