Nosto Lora // নষ্ট ল'ৰা
মোৰ দেশ মহান !
MIDNIGHT POEM //SHORT QUOTE
#01
আহোঁ নাহোকৈ অহা
চিলিমিলি টোপনিবোৰে ৰচা,
সপোনৰ চহৰখনিত,
অপেক্ষাবোৰে ঠিকনা হেৰুৱায় ।
শীতল ফিৰফিৰিয়া বতাহজাক আহি,
খিৰিকীৰ কাষত আমনি কৰিলেই,
শৰতৰ কুঁৱলীয়েও হৃদয় জুৰায়,
শেৱালীৰ সুবাসত মন মোৰ বাৰে বাৰে পিচলে,
টোপালবোৰে তোমাৰ নামত প্ৰেমৰ কবিতা ৰচে 🥀🥀
✍️ Dipankar Bhagabati
https://www.facebook.com/DipankarBhagabati93/
ইঞ্জিনিয়াৰিং জীৱনৰ অধ্যায় !
ONE SIDED LOVE/Dipankar Bhagabati
*Funny Lines* BY Dipankar Bhagabati
ধৈৰ্য কি ?
ভাইটি এটাৰ মাকে কৈছে বোপাই আমাৰ ল'ৰাতো দেখোন পঢ়াত একেবাৰে মন নবহে কিবা অলপ শিকাই দিবাচোন ধৈৰ্য তো আহিলে পঢ়িব পাৰিলে হেতেন ,
▪️মই বোলো ভাইটি এইফালে আহা , তোমাৰ অসুবিধা তো কোৱা ?
#ভাইটি : দাদা মোৰ মানে পঢ়িবলে মন যায় কিন্তু পঢ়িবলৈ ধৈৰ্য তো নাহে,
▪️আচ্চা এটা কাম কৰা তুমি কেইদিনমান ৰজনীগন্ধা খোৱা কৰা ,, ধৈৰ্য কি বস্তু শিকি যাবা 😌
#ভাইটি : দাদা সেইটো কেনেকৈ ?
▪️২৫ টকা পেকেটৰ ৰজনীগন্ধা মুখত ভৰোৱা পিছত যেতিয়া কোনোবাই তোমাক মাত লগাব তেতিয়া ,,মুখৰ পৰা পেলাবলৈও মন যাব কিন্তু ২৫ টকাৰ কথা মনলৈ আহিলে তুমি পেলাবও নোৱাৰিবা,,
জৰদা,চাধাই মুখ #দাকি শেষ কৰাৰ পিছতো যেতিয়া তুমি মুখত ভৰাই ৰাখি কথা পাতিবা,,সেইয়াই হৈছে ধৈৰ্য,, Good luck😌
Moral of the story : ডাক্তৰক যদি টেবুল ফেন ভাল কৰিবলৈ লগোৱা হয় কাহিনী এনেকুৱাই হ'ব 😝😝
বোলো কৃষ্ণ 😂😂
#Dipankar
১// এক আছিল কৰুণা কান্ত
আহিছিল ফুৰি সকলো প্ৰান্ত,
নাকে মুখে সোমাই যদিও সি আকৌ বৰ শান্ত,
কেইটামান প্ৰাণীয়ে আকৌ
তথাপিও ভাবি লয়
আমাৰহে হেনো ধাৰণা ভ্ৰান্ত ।।
২// ৰ'দজাক এতিয়া কঠোৰ,
একেবাৰে মোৰ কলেজীয়া দিনৰ,
প্ৰেয়সীজনীৰ দৰেই,
মাঘ বিহুত অভিমান কৰি সেকে,
আৰু বহাগত বুকুতে কপৌপাঁহি গুজি
যেতিয়াই পকেট খালী আনলৈ উৰা মাৰে,
আৰু শেসত হৃদয়খনিক একেবাৰেই
গলাই গলাই জ্বলাই জ্বলাই মাৰে ।
এতিয়া ৰ'দজাকৰ উত্তাপতো
প্ৰেয়সীলৈকে হে মনত পৰে ।।
৩// পদ্য.কম
তুমি যদি কৰুণা হোৱা মইও হ'ম কঠাল,
তুমি যদি মৰমলগা মইও হ'ম খঙাল ।
তুমি যদি গৰম চাহ মইও কিন্তু পেপচি,
ঘৰতে বহি বহি নাখাবা,
হৈ যাবা কিন্তু থেপেচি ।
তুমি যদি গোলাপ হোৱা মইও পাঁহি ধতুৰাৰ ।
তুমি যদি ৰাণু মণ্ডল মইও হিমেচ ৰেচিয়াৰ ।।
তুমি যদি ডেৰি মিল্ক মইও ৰজনী গন্ধাৰ,
তুমি যদি হেলিকপ্তাৰ মইও তম তম গাৱলীয়াৰ ।।
তুমি যদি OREO বিস্কুত মই হ'ব পিঠা
তুমি যদি চকলেট খোৱা মইও খাম চাধা ।।
তুমি যদি আলোচনী মই কবিতা
তুমি যদি উপন্যাস মইয়ে কিন্তু লিখোতা ,🌛
@Dipankar Bhagabati
........................................x.................................
▪️পৰীক্ষাৰ বাবে সাজু ফালি দিম এইবোৰ
বহুবছৰ আড্ডা দিলোঁ, বহুত বদমাচি কৰিলোঁ আৰু নাই, এতিয়াৰ পৰা পঢ়িম..ফালি দিম এইবাৰ পৰীক্ষা,কিতাপখন হে পঢ়িব লাগে,,ধুই মই যদি পঢ়িলো হয় ইমানদিনে চাগৈ বিদেশত হে চাকৰি কৰি থাকিলো হেঁতেন ।
#love diary 01
60******83 🥺 এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...
-
📌 সুখ হ'ল নিজৰ অন্তৰৰ এখন ফুলনি। প্ৰতিখন অন্তৰে বিচৰা অনুভৱ,অনুভুতি আৰু অনুৰাগবোৰ হ'ল একো একোজোপা ফুলৰ গছ। এজোপা ফুলগছক যেনেদৰে আমি...
-
তোমাৰ বাবেই এদিন শৰতৰ প্ৰেমত পৰিছিলোঁ, পুৱাৰ চেঁচা বতাহজাকৰ বাবেই টো অপেক্ষাত ৰৈছিলোঁ, ঠিকেই ... সময়বোৰ আমি ভবাৰ দৰে পৰিচালনা কৰিব নোৱাৰোঁ ...
Search This Blog |

