#love diary 01

 60******83


🥺 

এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕

আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা,

প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেকি ?

নে দুচকুৰ প্ৰেমত পৰি ৰোৱা তোমাৰ ছবিখনৰ ৰহস্য সুকীয়া,

তুমি চকুত কাজল নলগাবা,

আৰু যে হালধীয়া ৰঙৰ ফৰ্ক টো ,

সেইটো তুমি নিপিন্ধিবা বেছিয়ে মৰম লাগে,

অৱশ্যে তোমাক এবাৰেই দেখা ,

তথাপিও মনটো আজিও,

তোমাৰ কাষেৰেই উৰি ফুৰিব খোজে,

জানো.....সম্ভৱ নহয় ,

মোবাইলত তোমাৰ নম্বৰটোৱে বৰকৈ আমনি কৰে,

অৱশ্যে এটা মেচেজৰ অপেক্ষাত বহুদিন পাৰ কৰা ,

এই হৃদয়খনৰ পছন্দবোৰ সুকীয়া কৰিবলৈ বহুতেই চেষ্টা কৰিছোঁ ,

তথাপিও জানো সম্ভৱ !

প্ৰথম দেখিয়েই প্ৰেমত পৰা জনক পাহৰিবলৈ হয়তো অকনমান কষ্ট হয়,

কাৰণ তেওঁ আনতকৈ পৃথক ,


এতিয়া কেৱল জীয়া প্ৰেমৰ সেই ঠিকনাটি,

নষ্টালজিক আবেগৰ এসন্ধ্যা ।


Dipankar Bhagabati

হৰকান্তৰ শ্ৰীমতী ৯ Do ১১

যোৱাকালি হৰকান্তৰ শ্ৰীমতী জনী মাজনিশা পলাই গ'ল, যৌতুকৰ গা-গহণা, কাঁহী-বাতি আনকি গাৱলীয়া বেটিয়ে TATA sky ৰ বক্সটোও লৈ গ'ল,, হৰকান্তই শুই উঠি শ্ৰীমতীক শুৱা কোঠাত নেদেখি অলপ সময় বিচাৰিলে,তাৰ পিছত টেবুলত এখন চিঠি পৰি থকা দেখিলে,,সি গৈ পঢ়িম বুলি লৈ দেখিলে,,অ' এইখন আকৌ কি,,অলপসময় ভাবি লৈ সি বুজিলে...অ' আচ্ছা বেটিয়ে লৰালৰিতে ৰিফিল শেষ হোৱা কলমটোৰেই চাকিৰ পোহৰত লিখি থৈ গ'ল মানে😬😬
মানে এওৰা পলায়েই গ'ল নিশ্চয় ।
তাৰ পিছত সি অৰিজিত সিঙৰ গান এটাকে শুনি অলপ বেদনা উজাৰিলে,,আৰু আধা ঘণ্টা মান সহ্য কৰি FACEBOOK ত এটা দুখৰ,বেদনা ভৰা দীঘল প'ষ্ট লিখি আপলোড কৰিলে..................
এতিয়া কথা হ'ল সেই প'ষ্টটোত ঘৈণেয়েকে CARE ৰিয়েক্ট কৰিছে লগে লগে... আৰু অলপ সময় পিছত তাতকৈও দুখ লগা কথা এটাই হ'ল যে,, ইমান খিনি বেদনা ফলাৰ পিছতো দুজনে কমেণ্ট কৰি জনাইছে😂
"সুন্দৰ অনুভৱ কলম নেৰিবা, আগলৈও লিখি থাকিবা"

🤪হৰকান্ত SHOCKED শ্ৰীমতী ROCK

নীলা খামৰ চিঠি

মৰমৰ
   ভাৱনা,

প্ৰেমবোৰৰ আৰম্ভণি কেনেদৰে হয় নাজানোঁ, তোমাৰ বাবে থকা প্ৰণয়ৰ চঞ্চলতাবোৰকো কেতিয়াও নুবুজু, তথাপিও জীৱনৰ বাকি থকা প্ৰতিটো ঋতু তোমাৰ দুচকুত উযাপন কৰিব বিচাৰোঁ।বহুদিনেই হ'ল তোমাক লগ নোপোৱাৰ,কুশলে আছানে বাৰু তুমি ? 
তোমাক লগ নোপোৱাৰ আজি তিনিবছৰেই পাৰ হ'ল, নিশাৰ সপোনত আজিও কেৱল তোমাৰ ছবিখনেই ভাঁহি উঠে বাৰে বাৰে.? এই তিনিটা বছৰ তোমাৰ পৰা আতঁৰত আছো যদিও তোমাৰ কথা নভৱাকৈ কিন্তু পাৰ কৰিব পৰা নাই মোৰ গতানুগতিক সময়বোৰ,, এতিয়াও তুমি মোৰ বাবে যেন এক সিহৰণকাৰী অনুভৱ,যাৰ কথা ভাবিলেই বুকুখনৰ উশাহবোৰ খৰ হৈ পৰে.... তোমাৰ কথাবোৰ, তোমাৰ হাঁহি আৰু তোমাৰ খোজবোৰ যেন মোৰ চৌপাশে সিঁচৰিত আজি....! সময়বোৰ জটিল আৰু নিশাবোৰ উজাগৰি ।.......ভাৱনা তুমিতো এতিয়া বহুত দূৰৈত.....লগ পাওঁ বুলিও পাব নোৱাৰো,চাওঁ বুলিও চাব নোৱাৰো তোমাৰ চকুজুৰিক,..... তুমি হয়তো এতিয়া ব্যস্ত হৈ পৰিছা নিজ পৃথিৱীৰ মাজত..... নিজৰ বুলি ক'বলৈ যে এতিয়া মোৰ একোৱেই নাই,হেৰোৱাই পেলোৱা অতীতৰ সেই মধুৰ স্মৃতিবোৰৰ বাদে মোৰ জীৱনটো যেন এতিয়া একোটা শূণ্য মাথোন......আজিকালি ৰাতিৰ আন্ধাৰবোৰ বৰ প্ৰিয় হৈ পৰিছে মোৰ আৰু নিশাবোৰ যে উজাগৰি, অৱশ্যে আজিকালি মই তোমাক লৈ সপোন নেদেখো, তোমাক লৈ দেখা মিঠা সপোনবোৰ চোন পাখি মেলিব খোজোতেই শেষ হৈ ৰ'ল.........জীৱনত এতিয়া নিসংগতাই মোৰ একমাত্ৰ সংগী,তৰাভৰা আকাশখনৰ তলত বহি প্ৰায়েই আজিকালি নিদ্ৰাবিহীন নিশাবোৰ পাৰ কৰো আৰু জিকমিকাই থকা জোন তৰাবোৰৰ মাজত তোমাৰ ধুনীয়া মুখখন আঁকিবলৈ চেষ্টা কৰোঁ...... তুমি জানানে....? 
তোমাৰ সৈতে কটোৱা সোণোৱালী সময়বোৰৰ এটি এটি পল মোৰ মনত আজিও সজীৱ হৈ আছে,কিদৰে পাহৰো মই..... ইচ্ছা কৰিও চোন হৃদয়ৰ পৰা তোমাৰ আমাৰ অতীতবোৰ মচি দিব নোৱাৰো.....জানানে...? ভাৱনা , তুমিয়েই যে মোৰ প্ৰথম প্ৰেম আছিলা, জীৱনৰ শেষ উশাহ থকালৈকে হয়তো কোনেও এই হৃদয়ত তোমাৰ স্থান ল'ব নোৱাৰে,
মনত পৰেনে তোমাৰ আমাৰ গাঁৱৰ চাৰিআলিটোৰ ওচৰত থকা বগৰী জোপালৈ,প্ৰথমবাৰ যে তোমাক দেখি বুকুখন ধপধপাই উঠিছিল সেইদিনা,কি এক মাদকতা ভৰা অনুভৱ আছিল........উশাহবোৰ যেন চুটি হ'ব ধৰিছিল।
জানা ? এতিয়া আৰু সেই বগৰীজোপাও নাই ....সময়ৰ লগত যেন সকলো সলনি .... পুৰণি দিনবোৰেই যে ভাললগা আছিল, স্কুলৰ বেন্সত D+B আৰু যে মোৰ লগৰকেইটাই ব্লেকবোৰ্ডত আমাৰ দুটাৰ নাম লিখি জোকাইছিল.........মনত আছেনে বাৰু তোমাৰ....? এতিয়ালৈ হয়তো তুমি এইবোৰ পাহৰি পেলাইছা।
এটা কথা জানানে...?
মই এতিয়াও আগৰ দৰেই আছো, তোমাৰ প্ৰতি থকা মৰম ভালপোৱাবোৰ মোৰ হৃদয়ত শেষ উশাহলৈকে থাকি ৰ'ব,হয়তো দিনক দিনে বাঢ়ি যাব এই অকৃত্ৰিম মৰমবোৰ কিন্তু আমাৰ মাজৰ দূৰত্বৰ দেৱালখন হয়তো কোনোদিনেই নাভাঙিব ।
ভাৱনা, বহু কথাই আছিল তোমাক ক'বলৈ, কিন্তু লিখিবলৈ কলম তুলিলেই চোন শব্দবোৰ নাইকিয়া হয়....আৰু তুমিও হয়তো এতিয়া নুবুজিবা মোৰ হৃদয়ৰ যন্ত্ৰণা .....আজিলৈ আৰু নিলিখো..... তুমি যাতে সদাই সুখী থাকা তাৰে কামনাৰে ।

                                                               ইতি
                                                        তোমাৰ চিনাকি
                                                        প্ৰেমিক চৰাই 

✍️দিপাংকৰ ভাগৱতী
      গুৱাহাটী,অসম

আন্ধাৰ ! (সচাঁ ঘটনাৰ ওপৰত আধাৰিত এটি কাহিনী )

কোনোবা এজনে কৈছিল,মাজৰ শ্ৰেণীৰ কষ্টবোৰ অকনমান বেছিয়ে, মই কোৱা মাজৰ শ্ৰেণীটো হৈছে মধ্যবিত্ত শ্ৰেণী, য'ত চেণ্ডেলৰ ফিটা পাট চিঙি যোৱাৰ পিছতো তাক কটাৰীৰে কাটি বিছনাৰ খুড়াৰ তলত টাপলি মাৰিবলৈ ব্যৱহাৰ কৰা হয়,হাজাৰটা সপোনক জেপত ভৰাই দিনটোৰ বাবে প্ৰতিজনে ওলাই যায়, এটাই মাথোঁ আশা সন্ধিয়া ঘৰলৈ ওভতি আহোঁতে সপোনবোৰ সাৰ্থক কৰিব পৰাকৈ সামান্য পুঁজি যাতে ৰৈ যায় কিন্তু জীৱনৰ বাধাবোৰতো ইমান সহজ নহয় ।

অভিনাশ এজন মেধাৱী ছাত্ৰ,২০১৭ বৰ্ষত হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত ৯০% নম্বৰসহ পাছ কৰিছিল,তাৰ পিছতেই সি উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ আহিছিল,হাজাৰটা সপোন বুকুত লৈ ।
দেউতাকৰ দোৰাৰোগ্য বেমাৰত মৃত্যু হোৱাৰ পিছৰে পৰা ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে সকলোবোৰ ভৱিষ্যতৰ চিন্তা, তাৰ ভায়েক আৰু মাকৰ চিন্তা সকলোবোৰ তাৰ ওপৰতেই  আহি পৰিছিল, তথাপিও অভিনাশে জীৱন যুঁজত যুঁজি গৈছিল দৃঢ়তাৰে,তাৰ বিশ্বাস আছিল এদিন সি ভাগিপৰা ঘৰখন আকৌ সজাই তুলি ধৰিব পৰিব কিন্তু নিয়তিৰ বিধান কোনেও খন্দাব নোৱাৰে ।

আজি ২০২০ চনৰ,২৮ জুন !
এতিয়া অভিনাশ ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ,কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে সি বৰ্তমান ঘৰতে আছেহি,ভায়েক বৰ্তমান চতুৰ্থ ষান্মাসিকৰ ৰাজনীতি বিভাগৰ এজন ছাত্ৰ,ঘৰখন চলাবলৈ মাক জনীয়ে আনৰ ঘৰে ঘৰে গালি খপনি শুনি বাচন বৰ্তন, কাপোৰ কানি ধুই দিয়ে দুই এপইচা পোৱাৰ আশাতেই ,কিবা কৈ দুবেলা দুমুঠি খাই জীয়াই আছে তিনিটা প্ৰাণী ।অভিনাশৰ মাজে মাজে দুখ লাগে , ঘৰৰ ডাঙৰ ল'ৰাটো হৈয়ো একো এটা সি কৰিব পৰা নাই তথাপিও সি ভাবিছে " ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা শেষ কৰি গুৱাহাটীতে চাকৰি এটাৰ সন্ধান কৰিম ".... কিন্তু এটা ফোনকলে সিহঁতৰ জীৱনত এজাক ধূমূহা নামাই আনিলে ।

হঠাৎ অভিনাশৰ ঘৰত থকা পুৰনি ফোনটোত এটা ফোনকল আহিল !
*অভিনাশে দৌৰি গৈ ফোনটো উঠালে ।
▪️অভিনাশ: হেল্লো', কোন ?
▪️বিকাশ   : অৰে ভাই মই কৈছোঁ বিকাশ,ভালে আছনে,খবৰে নাই যে তোৰ ।
(বিকাশ হৈছে অভিনাশৰ কলেজ বন্ধু)
▪️অভিনাশ: মোৰ ভালেই ঐ,তোৰ খবৰ ক'চোন ।
▪️বিকাশ   : আছোঁ আৰু দে, পিছে পৰীক্ষাৰ বাবে তৈয়াৰী কেনেকুৱা চলিছে,পালেহিয়েই নহয় ।
▪️অভিনাশ: পৰীক্ষা ? ,কেতিয়া পৰা মই চোন গ'মেই নাপাওঁ ।
( অলপ আচৰিত হৈ সি সুধিলে )
▪️বিকাশ   : অৰে ভাই,হোৱাটচআপত চোন জাননীখন পঠিয়াইছিল,তই গ'ম পোৱা নাই নেকি ,সেইবাবে কওঁ মোবাইল এটা লৈ ল সোনকালে,অহা ২৭ জুলাই পৰা আমাৰ Final semester exam..best of luck .
▪️অভিনাশ: কি ?
                    কিন্তু পৰীক্ষা হ'ব ক'ত কেনেকৈ ?
▪️বিকাশ   : অৰে ভাই ভালেই হ'ল দে,এইবাৰ বোলে Online Open book Exam হ'ব,ঘৰতে বহি চাই চাই লিখিব পাৰিম, মোবাইলতে সকলো পৰীক্ষা ল'ব।
ভাই তইয়ো এটা মোবাইল সোনকালেই ল, মই সেইবাবেই খবৰটো দিবলৈ তোক ফোন লগালো , পৰীক্ষা পালেহিয়েই ।
▪️অভিনাশ: ঠিক আছে হ'ব দে (এইবুলি ফোনটো ৰাখি সি কাষৰ বিছনা খনতে বহি পৰিল আৰু চিন্তা কৰিবলৈ ধৰিলে,... এতিয়া কি হ'ব ?, মোবাইল এটা কেনেকৈ যোগাৰ কৰিম ?,মায়ে কেনেকৈ কিনিব এতিয়া ?)
হাজাৰটা প্ৰশ্ন !

এনেতে অভিৰ ভায়েক কোঠাটোলৈ সোমাই আহিল,
▪️অভিৰ ভায়েক: দাদা কি হ'ল,মন বেয়া নেকি ?,
নে তোৰ গা ভাল নহয় ।
▪️অভি  : নহয় অ', পৰীক্ষাৰ তাৰিখ পৰ্যন্ত দিলে ভাইটি,এইবাৰ বোলে পৰীক্ষা অনলাইন পাতিব, মোবাইল এটা নহ'লে মই পৰীক্ষাত কেনেকৈ বহিম অ'। ভাইটি ,মায়ে ক'ৰ পৰা মোবাইল এটা যোগাৰ কৰি আনি দিব ক'চোন ভাইটি ।
(এনেকৈ কৈ অভিৰ চকু চলচলীয়া হৈ পৰিল)
▪️অভিৰ ভায়েক: হ'ব দাদা চিন্তা নকৰিবি চোন, ভগৱান আছে নহয়, তেওঁ আমাকো চকু মেলি চাব ।

*এইখিনি কৈ অভিৰ ভায়েক কোঠাটোৰ পৰা ওলাই গ'ল আৰু অভিয়ে অকলে অকলে কথাবোৰ ভাবি ভাবুকৰ দৰে বহি থাকিল ।

এনেদৰেই ৪,৫ দিন পাৰ হৈ গ'ল,অভিৰ পৰীক্ষাও ওচৰ চাপিছেহি , সি খাবলে শুবলে মন নকৰা হৈছে ,কাৰণ সি এজন মেধাৱী ছাত্ৰ, পৰীক্ষাটো দিব নোৱাৰিম বুলি ভাবিয়েই সি ভাঙি পৰিছে ভিতৰি ।
▪️অভিৰ মাক : বোপাই তোৰ কি হৈছে ?
(খোৱাৰ পাতত বহি মাকে সুধিলে )
▪️অভি : নাই মা,একো হোৱা নাই,,এনেই অলপ পঢ়াৰ কথা ভাবি আছোঁ ।

এনেতে ভায়েকে হঠাৎ কৈ পেলালে,,নহয় মা ,দাদাৰ পৰীক্ষা পালেহি কিন্তু তাৰ Smartphone নথকা বাবে অনলাইন পৰীক্ষা কেনেকৈ দিব তাকে সি ভাবি আছে এইকেইদিন ।
▪️অভি : ঐ তই যাচোন, মনে মনে থাক ।
( ভায়েকক খঙ কৰি অভি ভাতৰ পাতৰ পৰা উঠি গ'ল)

▪️অভিৰ মাকে কথাখিনি শুনি ভাবিবলৈ ধৰিলে 
" ল'ৰাদুটাৰ পঢ়া শুনাৰ বাবে দেউতাক নহ'ওতেও মই যিমান পাৰোঁ চেষ্টা, ত্যাগ কৰি আহিছোঁ । তাক মোবাইল এটা আনি দিব লাগিব কিবা কৰি ,এই কম বয়সতে ল'ৰাটো বহুত চিন্তাত পৰিছে "

পিছদিনা দুপৰীয়া ঠিক ২ মান বজাত,
সেইখিনি সময়ত  মাক ঘৰত নাই,কামলৈ ওলাই গৈছে ।ভায়েকো বন্ধু কেইজনমানৰ লগত ৰাতিপুৱাৰে পৰা বাহিৰতে খেলি আছিল,সি ঘৰলৈ আহিয়েই বাহিৰৰ পৰা চিঞৰি আছে,

▪️অভিৰ ভায়েক : দাদা,অ' দাদা...ওলাই আহঁচোন,
মোৰ বন্ধুকেইজনমান আহিছে,পানী জক টো লৈ আনচোন ।

বহুসময় অভিয়ে মাত নিদিয়া দেখি ভায়েক সোমাই আহিল কোঠাটোৰ ভিতৰলৈ, কোঠাটোৰ ভিতৰত সোমাইয়ে সি এটা বিকট চিঞৰ মাৰি বাহিৰলৈ ওলাই আহিল আৰু মাটিত ঠাচ কৈ পৰি....." দাদা অ' " বুলি হুলস্থুল কৰি কান্দিবলৈ ধৰিলে ।

এনেতে মাক ঘৰলৈ আহি পাইছিল হে মাত্ৰ, ঘৰখনৰ বাহিৰত কন্দা কটা দেখি মাক ধপলিয়াই ভিতৰলৈ সোমাই আহিল, আহিয়েই মাক ধলি পৰিল,চিলিঙফেনখনৰ ওপৰত অভিৰ দেহটো ওলমি আছিল,,অভিৰ মাকে অভিৰ বাবে আজি এটা মোবাইল কিনিবলৈ কেপইচামান টকা ধাৰ কৰি আনিছিল,সেই পইচাৰ টোপোলাও মাকৰ হাতৰ পৰা সৰি পৰিল, পৰীক্ষা দিবলৈ নাপাম বুলি,অসহায় মাকক কেনেদৰে এটা মোবাইল কিনিবলৈ ক'ম বুলি, ভৱিষ্যতে কি কৰিম এনেকুৱা হাজাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় আজি সি সকলোকে এৰি থৈ গুচি গ'ল ।

.............. ্্্্্্্্্্্্্্্্্্্্্্.................
#Dipankar Bhagabati



আকৃত্ৰিম ভালপোৱা

মানুহ জীৱ শ্ৰেষ্ঠ !
কিন্তু আজি মই ক'ব বিচাৰিম মানুহতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ হয়তো আজিৰ তাৰিখত মোৰ বাবে এই পশু,চৰাই-চিৰিকটি আৰু বনৰীয়া জন্তুবোৰ ।
যেতিয়াৰে পৰা কথা ক'বলৈ, পৃথিৱীখনৰ সৰু সৰু বস্তুবোৰক বিশ্লেষণ কৰিবলৈ শিকিছিলো অৰ্থাৎ আজিৰ পৰা ১৮ বছৰ আগৰ পৰাই হয়তো,মোৰ বাবে ঘৰৰ ওচৰ চুবুৰীয়া মানুহতকৈ চৰাই-চিৰিকটি, কুকুৰ, মেকুৰী বোৰৰ প্ৰতি বেছি দুৰ্বলতা আছিল,মৰম আছিল,আবেগ জড়িত হৈ উঠিছিল ।
ৰাতিপুৱা শুই উঠিয়েই দেখা পোৱা শালিকী জনীৰ পৰা লৈ গধূলি আকাশৰ বুকুৰে উৰি যোৱা বগলী জাকলৈকে সকলোবোৰ মোৰ ভাললগাৰ এটা এটা কাৰক আছিল ।

যেতিয়াই ক'ৰবাত কুকুৰ পোৱালি, মেকুৰী পোৱালি এটা দেখিছিলোঁ তাক ঘৰলৈ আনি মৰম কৰিছিলোঁ, সিহঁতৰ লগত দিনটো পাৰ কৰিছিলোঁ,আনকি মোৰ আজিও মনত আছে যেতিয়া মই ষষ্ঠমান শ্ৰেণীত পঢ়ি আছিলোঁ সেইবছৰত মোৰ ১৮ টা কুকুৰ,১ টা মেকুৰী পোৱালি,তিনিযোৰ কপৌ,এটা শালিকা,দুটা বুলবুলি চৰাই,দুটা ডাউক চৰাইৰ পোৱালি আছিল,সেই সময়ছোৱাত অৱশ্যে মোৰ ঘৰৰ কাষৰ মানুহ কিছুমানে বহুত বেয়াকৈ কথাও শুনাইছিল ঠাট্টা সুৰত কেতিয়াবা কিছুমান কথাও কৈ গৈছিল, কিন্তু মোৰ মা দেউতাই আনৰ কথা শুনি মোক কেতিয়াও একো কথাই কোৱা নাছিল, ঘৰৰ সকলোৱে জীৱ জন্তু বহুত ভাল পাইছিল সেইবাবে দেউতা আৰু মই লগ হৈ গোটেইকেইটা কুকুৰক প্ৰশিক্ষণ ও দিছিলোঁ,, তেতিয়া বাতৰি কাকত লোৱা হৈছিল আমাৰ ঘৰত ,কাকত দিবলৈ অহা ল'ৰাজনে কুকুৰ কেইটাক দেখি আমাৰ ঘৰলৈ সোমাব ভয় কৰিছিল সেইবাবে গেটখনৰ পৰা দলিয়াই দি যায় আৰু আমাৰ সকলোতকৈ ডাঙৰ কুকুৰজনীয়ে বাতৰিখন কামুৰি আনি বাৰাণ্ডাত থৈ দিয়েহি,, ক'বলৈ গ'লে কি এক মাদকতা ভৰা দিন আছিল সেইবোৰ । কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাছিল, সিহঁতৰ লগতেই মই ব্যস্ত আছিলোঁ ।
তাৰ পিছত লাহে লাহে সময়বোৰ আগবাঢ়ি  গ'ল,সময়ৰ সোঁতত সকলোবোৰ হেৰাই গ'ল,চৰাইবোৰ উৰা মাৰি গ'ল তথাপিও দুখ নাই, মই সুখী ।
নিজৰ আত্মীয় জনেও বিশ্বাসঘাটকতা কৰে,আপোনজনো অচিনাকি হৈ পৰে কিন্তু এই বনৰীয়া পক্ষী আৰু জীৱবোৰ সদায় মৰমৰ আছিল, কেতিয়াও সিহঁতৰ মৰমবোৰত কৃত্ৰিমতা নাছিল,এটা বিস্কুট,কেইটামান চয়াবিন,দালবুট দিলেই সন্তুষ্ট হৈ উঠিছিল ।
এষাৰ মাততেই ধপলিয়াই আহিছিল, আচলতে সিহঁতে মৰমৰ ভাষা বেছিকৈ বুজিব পাৰে ।

 অচিনাকি এঘৰত গ'লে সাধাৰণতে কুকুৰ থাকিলে খেদা মাৰি আহে , কিন্তু মই সদায় গৌৰৱ অনুভৱ কৰিছিলোঁ কাৰণ একেলগে আমি দুই তিনিজন বন্ধু যোৱাৰ স্বত্তেও যি সময়ত আন দুজন বন্ধুক কুকুৰ বোৰে খেদা মাৰি আহিছিল মোক দেখিলেই গাত জপিয়াই উঠিছিলহি,
সিহঁতৰ সেই ভয়ানক যেন দেখা দাতঁবোৰ মেলি জিভাৰে চেলেকিব ধৰিছিল,হয়তো সিহঁতে মোৰ চকুত আকৃত্ৰিমতাৰে ভৰপূৰ মৰমবোৰক বুজিব পাৰিছিল,, বহুত ভাল লগা কিছুমান মূহুৰ্ত ।

আজি তেনেকৈয়ে বহু বছৰ পাৰ হৈ গ'ল, কুকুৰ, মেকুৰী, কেৰ্কেটুৱা আৰু আন আন চৰাই-চিৰিকটিৰ লগত বহুত সময় পাৰ কৰিলোঁ, যেতিয়াই কাৰোবাৰ প্ৰয়োজন অনভৱ কৰোঁ, যেতিয়াই অকলশৰীয়া অনুভৱ কৰোঁ ৰাষ্টালৈ ওলাই যাওঁ একপেকেট ১০ টকীয়া বিস্কুট লৈ আৰু অচিনাকি কুকুৰ কেইটাক খাবলৈ দিওঁ সিহঁতো হঠাতেই আপোন হৈ পৰে ,যি সময়ত প্ৰিয়জনৰ নামত হাজাৰ হাজাৰ টকাৰ খৰচ কৰাৰ পিছতো কেইদিনমান পিছত অচিনাকি হৈ পৰে, আনফালে সামান্য কেইটামান বিস্কুট আৰু বুট খাবলৈ দিয়াৰ বাবেই সেই অচিনাকি বনৰীয়া পক্ষী,চৰাইবোৰো নিজৰ যেন হৈ পৰে,এতিয়া মোৰ বাবে সেই প্ৰকৃতিৰ সেউজীয়া, বনৰীয়া জন্তুবোৰ বেছিকৈ আপোন,খুচুৰা পইচাবোৰ গোটাই সিহঁতৰ বাবে কিবা কিনো আৰু খাবলৈ দিওঁ,,
কেতিয়াবা কোনোবাই প্ৰশ্ন কৰে তোমাৰ অকলশৰীয়া অনুভৱ নহয় নে কেতিয়াবা,,মোৰ এটাই উত্তৰ থাকে সদায় " নহয়,কাৰণ মোৰ বাবে সুখৰ সংজ্ঞা বেলেগ, মানুহৰ লগত ভাৱ বিনিময় কৰি আজিও মই বেছি সময় পাৰ কৰিব নোৱাৰোঁ, যেতিয়াই মোৰ নিৰ্জনতাত অকলশৰীয়া অনুভৱ হয় বাহিৰলৈ ওলাই যাওঁ আৰু বনৰীয়া হ'লেও জীৱ-জন্তু বোৰৰ লগত সময় পাৰ কৰোঁ " ,,,
সুখী হ'বলৈ আমাৰ বেছি কষ্ট কৰিবলগীয়া নহয়, আমাৰ চাৰিওফালেই সুখবোৰ আছে আমি তাক অনুভৱ কৰিবলৈ শিকি গ'লেই সকলো দুখ আতৰি যাব ।  প্ৰিয়জনৰ পৰা পোৱা অৱহেলাবোৰ , বন্ধুৰ লগত হোৱা কাজিয়াবোৰৰ কথা পাহৰি এবাৰ প্ৰকৃতিৰ আন আন বস্তুবোৰক মৰম দিয়ক চোন নিশ্চয়কৈ আপুনিও সুখী হৈ উঠিব,দুখবোৰ পাহৰি পেলাব ,,, বিশ্বাসঘাটকতা মানুহে কৰে,মৰমবোৰ কম বেছি মানুহৰ ক্ষেত্ৰত হয়, স্বাৰ্থ শেষ হ'লে মানুহে আপোনাক পাহৰি পেলাই কিন্তু এবাৰ জীৱনৰ দুখৰ অধ্যায়বোৰক এৰি সামান্য সময় উলিয়াই এইবোৰৰ লগত সময় পাৰ কৰকচোন চাব আপুনিও সুখী হ'বলৈ শিকি উঠিছে ।
শেষত এটাই অনুৰোধ কেতিয়াও জীৱ-জন্তুক,চৰাই-চিৰিকটিক অকনমান খাদ্য দিয়াৰ হৈ কৃপণালী নকৰিব,,আপুনি দিয়া ১০/২০ টকাৰ বাবদ আপুনি সেই বনৰীয়া পক্ষী চৰাইবোৰ, জন্তুবোৰৰ চকুতো আপোনাৰ বাবে আকৃত্ৰিম প্ৰেম আৰু ভালপোৱা দেখা পাব, ইহঁতবোৰৰ লগত সময় পাৰ কৰিয়েই হয়তো আজি মই এটা কথাই প্ৰায়ে অনুভৱ কৰোঁ যে মানুহ যদিও জীৱ শ্ৰেষ্ঠ কিন্তু বনৰীয়া জন্তু, চৰাইবোৰৰ মৰমবোৰ বেছি নিৰ্মূল আৰু আকৃত্ৰিমতাৰে ভৰা ।

@Dipankar Bhagabati
Assam
#LoveAnimals
#LoveBirds

শৰৎ এটি প্ৰেমৰ কবিতা !

তোমাৰ বাবেই এদিন
শৰতৰ প্ৰেমত পৰিছিলোঁ,
পুৱাৰ চেঁচা বতাহজাকৰ বাবেই টো
অপেক্ষাত ৰৈছিলোঁ,
ঠিকেই ...
সময়বোৰ আমি ভবাৰ দৰে পৰিচালনা কৰিব নোৱাৰোঁ ।
তথাপিও !
তুমি চকুৰ সমুখত থকালৈকে,
এই শৰতৰ দিনবোৰো মোৰ বাবে অনুভৱৰ এমুঠি জোনাক হৈ পৰিছিল,
অন্ধকাৰ যেন অনুভৱ হোৱা হৃদয়খনেও
পোহৰৰ সন্ধান পাইছিল ।

অচিনাকি পথটোৰে
চিনাকি ঠিকনাটি পকেটত লৈ,
খোজ লৈ থাকোঁতেই,
শেৱালীৰ সুৱাসে মন প্ৰাণ চুই যোৱা এক অনুভৱ হৈছিল,
তেতিয়াই মোৰ চকুত,
তোমাক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ ।

পায়ল পিন্ধি হয়তো ভালপোৱা তুমিজনীৰ,
কণমানি মৰমলগা ভৰি কেইটাই,
দূৱৰিত ৰৈ যোৱা সেই
কুঁৱলীৰ টোপালবোৰত খালী ভৰিৰে শেৱালীৰ ফুল বুটলাত ব্যস্ত আছিলা,
তোমাৰ লিহিৰি আঙুলিৰ পৰশত,
হয়তো শেৱালীৰ সুৱাসবোৰো,
নজনাকৈয়ে বাঢ়িব ধৰিছিল ।
ক্ষন্তেক সময়ৰ বাবে
এনেকুৱা আনুভৱ হৈছিল,
কিজানিবা শেৱালী ফুলৰ পাঁহিবোৰ হ'লেই তোমাৰ ভাললগাৰ কাৰণবোৰো
 মই হ'ব পাৰিলো হেতেন ।

তুমিজনীৰ বাবেই টো থমকি ৰৈছিল মোৰ দুভৰি,
শৰতৰ এটি প্ৰভাতি পুৱাত ।

অৱশ্যে অচিনাকি পথটোও কিন্তু
এতিয়া অচিনাকি হৈ থকা নাই,
এতিয়া তোমাৰ উপস্থিতি অনুভৱ কৰোঁ,
পথটোৰে খোজ লৈ থাকোঁতে,,

আজিও সেই শেৱালীজোপাৰ তললৈ চাওঁ আৰু প্ৰথম দেখা তুমিজনীলৈ কল্পনা কৰি থমকি ৰওঁ,
হয়তো এনেদৰেই
কেতিয়াবা চকুয়ে চকুৰ গভীৰতাৰ বুকুত সোমায় পৰে,
আৰু অচিনাকি জনো হৈ পৰে আমাৰ বাবে আপোন,
প্ৰথম চিনাকি অচিনাকিবোৰৰ 
মাজতেই যে কেনেদৰে,
হৃদয়ৰ ভাললগাবোৰে পোখা মেলে,
সচাঁকৈ ভাবিলে আচৰিত লাগে,,
এই শৰৎ বোৰ এতিয়া মোৰ বৰকৈ প্ৰিয়,
কাৰণ তোমাৰ উপস্থিতিৰ উমান আনুভৱ কৰোঁ আজিও,
কাৰণ ,
তোমাৰ বাবেইটো এদিন
শৰতৰ প্ৰেমত পৰিছিলোঁ,
নজনাকৈয়ে নুবুজাকৈয়ে ।


@দিপাংকৰ ভাগৱতী
    গুৱাহাটী,অসম

অচিনাকি হৈ ৰোৱা চিনাকি ছবিখন !

আজি শনিবাৰ,
তোমাৰ অপেক্ষাত বিষাদৰ মাজেৰে পাৰ ১ বছৰ ৭ মাহ !
২০১৮ বৰ্ষৰ আজিৰ দিনটোতেই তোমাক প্ৰথমবাৰৰ বাবে ভাইটিৰ হোৱাটচআপৰ ষ্টেচাচত দেখা পাইছিলো,তাৰ পিছতেই তাক জোৰ কৰি তোমাৰ নম্বৰটো লৈছিলোঁ, তুমি বহুতেই অভিমানী আছিলা🙂
মনত পৰে আজিও, বহুতো চেষ্টা, প্ৰচেষ্টা আৰু অপেক্ষাৰ অন্তত তোমালৈ প্ৰথমতো মেচেজ লিখি পঠিয়াইছিলো Hi.....!
উত্তৰৰ অপেক্ষাত সেইদিনা ৰাতি টোপনি অহা নাছিল,
আজিও মোৰ মনত পৰে,ওৰে ৰাতি এটাই কথা ভাবি আছিলোঁ, তুমি বা কি বুলি ৰিপ্লাই কৰা , Hi ৰ উত্তৰত Hello ৰ সলনি ব্লক কৰি দিয়াৰ ভয়টোৱে কিন্তু গোটেই ৰাতি শুবলৈ দিয়া নাছিল , মনটোক বাৰে বাৰে আমনি কৰিছিল ।

বহু অপেক্ষাৰ অন্তত ৰাতিপুৱা ৮ বজাত তোমাৰ প্ৰথমটো ৰিপ্লাই আহিছিল, তেনেদৰেই আৰম্ভ হৈছিল তোমাৰ আৰু মোৰ কাহিনী.......
হোৱাটচআপৰ বুকুতেই মৰমবোৰক সীমিত ৰাখিছিলো,
ভয়খিনিক প্ৰকাশ নকৰি নিজৰ লগতেই সামৰি থৈছিলোঁ😌
আমাৰ চিনাকী, বন্ধুত্ব আৰু তাৰ পিছতেই প্ৰেমৰ আৰম্ভণি ,মোৰ আজিও মনত পৰে তোমাক ভালপোৱাৰ প্ৰস্তাৱ হিচাপে দিয়া প্ৰথম মেচেজ টোলৈ, বহুত ভয়ে ভয়ে লিখিছিলোঁ 🙂,, সেইদিনা আছিল ৬ জুলাই,২০১৮, ভৱিষ্যতে এদিন আমাৰ প্ৰেমবোৰ সফল হ'লে দেখুৱাবলৈ বুলিয়েই Screenshot কৰি ৰাখিছিলোঁ প্ৰথম ভালপোৱাৰ প্ৰস্তাৱৰ সেই প্ৰথমটো মেচেজ, কিন্তু.....
এতিয়াটো সম্পূৰ্ণ ২ বছৰেই পাৰ হৈ গ'ল সেই মেচেজটোৱে এতিয়া হৃদয়ৰ কোনোবাখিনিত আমনিহে কৰে । হৃদয়ৰ মাজৰ সেই প্ৰত্যেকটা কথাই তোমাক বুজাবলৈ যাওঁতে সম্পূৰ্ণ এমাহেই লাগিছিল, অৱশেষত ১৮ আগষ্টত তুমি পোন প্ৰথমবাৰৰ বাবে মোক উত্তৰত কৈছিলা, "মই ও ভাল পাওঁ তোমাক"🥰
তুমি সচাঁকৈ বৰ অভিমান আছিলা, তুমি জানা ?
তোমাৰ সেই মিঠা মিঠা কথাৰে যেতিয়া  তুমি হঠাতে মোৰ প্ৰস্তাৱটিৰ উত্তৰ দিয়াত, কেনেদৰে সুখী হৈ পৰিছিলোঁ । কথাবোৰ ভাবিলে আজিও মনত পৰে,সেই গুলপীয়া হাঁহিটিয়ে আজিও মোক আমনি কৰে।

দিনটোৰ আৰম্ভণি তোমাৰ সেই "Good Morning" মেচেজ টোৰেই হৈছিল , আনতকৈ তুমি অলপ চাপৰ আছিলা,মৰমতে তোমাক কেতিয়াবা হাতীৰ পোৱালি বুলিও জোকাইছিলো আৰু তুমি অভিমান কৰি মুখখন গংগাটোপটোৰ দৰেই ফুলাই থাকিছিলা,,আকৌ তোমাৰ অভিমান ভাঙিবলৈ  মোৰ প্ৰণয়ৰ উশাহবোৰ,বৰ মৰম লাগিছিল তোমাক ।
5.3 inc ৰ তুমিজনী আৰু 5.9 inch ৰ মইটো,
একেবাৰেই South Indian Movie ৰ দুটা চৰিত্ৰৰ দৰেই লগা হৈছিলোঁ । 
"চকুৰ আতৰ হ'লে মনৰো আতৰ হয়",এই কথাষাৰ মই তেতিয়া বিশ্বাস কৰিবই পাহৰি পেলাইছিলোঁ, তোমাৰ সানিধ্য আৰু প্ৰেমৰ অনুভৱৰ ধৌ বোৰৰ মাজত😔
"Long Distance Relationship".. তোমাৰ আৰু মোৰ,
তোমাৰ হৃদয়খনিকে বিশাল আকাশৰ দৰে ভাবিছিলোঁ,
তোমাৰ মৰমবোৰকো সেই গভীৰতাৰেই জুখিছিলোঁ,১৭০ কিলোমিটাৰ দূৰত তোমাৰ পৰা আতৰত থাকিও বাৰে বাৰে তোমাকেই মনত পেলাই নিৰ্জনতাৰ সময়বোৰ পাৰ কৰিছিলোঁ, কেতিয়াবা টো অস্থিৰ হ'লে তোমাৰ ওচৰলৈ যাবলৈও বৰকৈ মন কৰিছিল কিন্তু সময়ৰ ব্যৱধান , এই প্ৰেমিক পখীৰ তুমিয়েই টো এটি প্ৰেমৰ কবিতা আৰু জোনাকৰ বৰষুণজাক হৈ আছিলা ,প্ৰতিটো অনুভৱ, প্ৰত্যেকটা স্তৱক তোমাৰ নামেৰেই সৃষ্টি হৈছিল ।

কিন্তু আজিলৈ এটা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালোঁ জানা, আমাৰ প্ৰেম ভালপোৱাখিনিৰ মাজত কেনেদৰে ইমান ব্যৱধান আহি পৰিল আৰু কিয়  ?
হৃদয় উজাৰি ভালপাইছিলো‌ঁ তোমাক, তোমাৰ হাঁহিৰ প্ৰতিটো সংজ্ঞা বিচাৰিছিলো,হয় মোৰ অলপ খং টো বেছি আছিল ! কিন্তু তুমিওটো জানিছিলা ন'....খং তেওঁকে হে কৰা যায় যাক সকলোতকৈ ভালপোৱা যায়,মোৰ বাবে তুমি এপাঁহ গোলাপৰ দৰেই আছিলা,যাৰ পৰষত পোৱা সুখবোৰক মই কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ, তুমি যেতিয়া আনৰ কথা কৈ কৈ আমাৰ মৰমবোৰৰ কথা পাহৰি পেলাইছিলা আৰু বিশালতাৰ দৰে ভবা তোমাৰ হৃদয়খনিৰ আৰঁত বহু কেইটা কথাই মোৰ পৰা লুকুৱাই ৰাখিছিলা,মোৰ খং উঠিছিল,, নাজানো,,
প্ৰেমৰ সংজ্ঞা কি.....নাজানো কেনেদৰে মৰম দিলে কাৰোবাক সুখী কৰিব পাৰি কিন্তু সুখী কৰি ৰাখিবলৈ আপ্ৰান চেষ্টা কৰিছিলোঁ ।
খং,অভিমান আৰু আত্মকেন্দ্ৰীক চিন্তাবোৰৰ সোতঁত পৰি আমি দুয়োৱে আজি ইজনে আনজনৰ বাবে অচিনাকি হৈ ৰ'লো.....এটা কথা কি জানা,,সম্পৰ্কটো ৰক্ষা কৰিবলৈ আমি দুয়োৱে কিছুমান এৰা ধৰা কৰিবলৈ চেষ্টা কৰিব লাগিছিল,ভাল পাইছিলো সেইবাবেই টো তোমাক আনৰ চকুত সহ্য কৰিব পৰা নাছিলোঁ !
আজি ১ বছৰ ৭মাহ পাৰ হৈ গ'ল,সদায়েই অপেক্ষা কৰোঁ তোমাৰ ফোনকল এটাৰ....শেষ ভুল যদিও তোমাৰ আছিল তথাপিও তোমাক মনত পেলাওঁ,উজাগৰে চকুলো তুকি তোমাৰ ফোনকল এটাৰ অপেক্ষা কৰোঁ , তোমাৰ বাহিৰে মোৰ জীৱনত টো আন কোনোৱেই নাছিল,তুমিয়েই মোৰ নিশাৰ জোনাক, আবেলিৰ হেঙুল কিৰণ সকলো আছিলা ,এটা সামান্য ফোনকলৰ অপেক্ষাত আজিও উশাহবোৰ থমকি ৰয়,
আশাকৰোঁ কুশলে আছা... ফেচবুকত এতিয়াও তোমাৰ নামতো সদায়েই চাৰ্চ লিষ্টৰ একেবাৰেই ওপৰতে থাকে,মন যায় জানা !
পুৰনি স্মৃতিবোৰৰ সৈতে আকৌ এবাৰ তোমাৰ ফটোখনিত এটা মৰম লগা কমেণ্ট কৰিবলৈ,
এপাঁহি গোলাপৰ এটা Stiker পঠিয়াই হোৱাটচআপৰ মেচেজত আকৌ ভাল পাওঁ বুলি ক'বলৈ কিন্তু সকলো শূণ্য ।

তুমি হয়তো এতিয়া আনৰ লগত সুখী, আৰু মইয়ো এটা মিচা হাঁহি পিন্ধি নিজৰ পৃথিৱীত ব্যস্ত ।
সময় উলিয়াই তোমাৰ ফেচবুক প্ৰফাইল তো এবাৰলৈ হ'লেও দিনটোত চোৱাৰ অভ্যাসটো কিন্তু আজিও নগ'ল,হিয়াখন আজিও কিবা উদং উদং যেন লাগে,, তথাপিও এই হৃদয়খন তোমাৰ বাবেই অপেক্ষাত ৰয় ।
THB কলেজৰ অভিমানী বৰষুণ জাকে আমনি কৰোঁতেই,তোমাৰ নামত ৰচা এটি এটি  প্ৰেমৰ কবিতাও হৈ পৰে মোৰ বাবে নতুন গানৰ সৃষ্টি ,,এই হৃদয় এতিয়াও তোমাৰ নামত !
খং,অভিমানবোৰকো বাদ দিয়াৰ বহুদিনেই পাৰ হ'ল,
এতিয়া কিন্তু এনেকৈয়ে ভাল লাগে ,
"কাৰোবাক মনে প্ৰাণে ভাল পোৱাৰ পিছতো,
তেওঁৰ সুখৰ বাবে কৰা 
নিস্বাৰ্থ মনৰ ত্যাগ বোৰো জানো প্ৰেম নহয় "
এতিয়া মই ও তোমাৰ সুখতেই সুখী হ'বলৈ অনুশীলন কৰি আছোঁ.....আকৌ যদি সপোনে পাখি মেলে লগ হ'ম এটি প্ৰভাতি পুৱাত , তোমাৰ মিচিকীয়া হাঁহিৰ পৰষত এৰি দিম সমস্ত বিষাদৰ এবুকু যন্ত্ৰণা আৰু মৰমেৰে উপচাই তুলিম তোমাৰ হিয়া ।


#Dipankar_Bhagabati

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...