▪️ল'ৰাৰ মাক : আমাৰ ল'ৰাতো ইমান অজলা,,জানেনে বিয়নী ইয়াক যে কিমান ক'লো বোলো লগৰ ছোৱালীবোৰক মাতিবি চোন,নাই অজলা তো ক'ৰবাৰ,,স্কুলীয়া দিনৰ পৰা লৈ কলেজীয়া দিনলৈকে এজনী ছোৱালীকো মাতি নেপালে ঘূৰা ফূৰাতো দূৰৰে কথা , একেবাৰে শান্ত শিষ্ট এইটো অকৰাতো ।
চাল্লা মই হে জানিছো ,,এদিনত ১০০ জনীক মাত লগোৱাৰ পিছতো কোনেও পাট্টা নিদিলে, কোনোবাই যদি প্ৰথমবাৰতে ব্লক , কোনোবাই আকৌ মেচেজত Hello বুলি এবাৰ লিখি ৰিপ্লাই য়ে নকৰিলে কাহানিও🤭🤭
............................................. .............................
...........................................................................
১// এক আছিল কৰুণা কান্ত
আহিছিল ফুৰি সকলো প্ৰান্ত,
নাকে মুখে সোমাই যদিও সি আকৌ বৰ শান্ত,
কেইটামান প্ৰাণীয়ে আকৌ
তথাপিও ভাবি লয়
আমাৰহে হেনো ধাৰণা ভ্ৰান্ত ।।
২// ৰ'দজাক এতিয়া কঠোৰ,
একেবাৰে মোৰ কলেজীয়া দিনৰ,
প্ৰেয়সীজনীৰ দৰেই,
মাঘ বিহুত অভিমান কৰি সেকে,
আৰু বহাগত বুকুতে কপৌপাঁহি গুজি
যেতিয়াই পকেট খালী আনলৈ উৰা মাৰে,
আৰু শেসত হৃদয়খনিক একেবাৰেই
গলাই গলাই জ্বলাই জ্বলাই মাৰে ।
এতিয়া ৰ'দজাকৰ উত্তাপতো
প্ৰেয়সীলৈকে হে মনত পৰে ।।
৩// পদ্য.কম
তুমি যদি কৰুণা হোৱা মইও হ'ম কঠাল,
তুমি যদি মৰমলগা মইও হ'ম খঙাল ।
তুমি যদি গৰম চাহ মইও কিন্তু পেপচি,
ঘৰতে বহি বহি নাখাবা,
হৈ যাবা কিন্তু থেপেচি ।
তুমি যদি গোলাপ হোৱা মইও পাঁহি ধতুৰাৰ ।
তুমি যদি ৰাণু মণ্ডল মইও হিমেচ ৰেচিয়াৰ ।।
তুমি যদি ডেৰি মিল্ক মইও ৰজনী গন্ধাৰ,
তুমি যদি হেলিকপ্তাৰ মইও তম তম গাৱলীয়াৰ ।।
তুমি যদি OREO বিস্কুত মই হ'ব পিঠা
তুমি যদি চকলেট খোৱা মইও খাম চাধা ।।
তুমি যদি আলোচনী মই কবিতা
তুমি যদি উপন্যাস মইয়ে কিন্তু লিখোতা ,🌛
@Dipankar Bhagabati
........................................x.................................
▪️পৰীক্ষাৰ বাবে সাজু ফালি দিম এইবোৰ
বহুবছৰ আড্ডা দিলোঁ, বহুত বদমাচি কৰিলোঁ আৰু নাই, এতিয়াৰ পৰা পঢ়িম..ফালি দিম এইবাৰ পৰীক্ষা,কিতাপখন হে পঢ়িব লাগে,,ধুই মই যদি পঢ়িলো হয় ইমানদিনে চাগৈ বিদেশত হে চাকৰি কৰি থাকিলো হেঁতেন ।
এইবাৰ দেখাই দিম বাপ্পেকে ,,
▪️কিন্তু আজিচোন শনিবাৰ 😛
আজি পঢ়িলে আকৌ বেয়াই হ'ব নেকি কথাতো🤔
অহাকালিৰ পৰা পঢ়িম দে,,মোক এনেও বেছি সময় নালাগেই,সোনকালে বুজি পাওঁ,মায়ে টো কৈয়েই থাকে মোৰ মাথা আছে..কালি পঢ়িম ঠিক আছে আজি চিনেমা চাওঁ,,
▪️আজি দেওবাৰ ৰাতিপুৱা ৫ টাত সাৰ পাই উঠি পঢ়িব লৈছোঁ...আৰে আজি চোন বহুত সোনকালে উঠিলো মাত্ৰ ৫ টা বাজিছে,,মায়ে কৈছে পঢ়াতকৈ স্বাস্থ্য বেছি জৰুৰী... আৰু অকন শুইয়ে লওঁ..পঢ়ানো কি আৰু বহুত কম সময়ত মই বুজি পাই যাওঁ,১১ বজাত যেনে তেনে সাৰ পাই উঠি,আহহহ মাংস ভাত খাব লাগিব... দেওবাৰে ঘৰত সোমাই আমনি লাগে ফুৰি আহো অলপ তাৰ পিছত পঢ়িম.....ৰাতি ভাগৰত পৰি🤣ধেই ইমান ভাগৰত পঢ়িও লাভ নাই স্বাস্থ্য বেছি জৰুৰী আৰু মনতো নাথাকিব ,,শুইয়ে থাকোঁ বাদ দে ঘণ্টা,, কালি পৰা পঢ়িম আৰু ,,এনেও সোমবাৰ টো শুভদিন ।
▪️আজি সোমবাৰ,,অ' আজি চোন মোৰ কলেজ আছে,,বাদ দে নাজাও । এদিন নগ'লে নো কি দাল হ'ব,,ঘৰতে পঢ়ি থাকিম আজি 😁বাপেক্কে,,,এইবাৰ এনেও পৰীক্ষা ফালি দিম ।
অলপ সময় পিছত......দিনত পঢ়িলে মনত নাথাকে মানে আচলতে মোৰ😛ৰাতিয়ে পঢ়িম নেকি, মনত থাকিব ,,,আচ্ছা নহ'লে এটা কাম কৰিম আজি দিনটো শুই লও ,,,উঠি গোটেই ৰাতি পঢ়িম .....ৰাতি ৪ টা Lesson খটম মুঠতে...ফালি দিম এইবাৰ ।
▪️ ৰাতি উঠি...আওও ইমান মজা লাগিল আজি বঢ়িয়া টোপনি গ'ল,,আজি নহ'লে এটা কাম কৰোঁ ইউটিউবত South indian চিনেমা এখনকে চাওঁ...সময়খিনিও পাৰ হ'ব...কালি এটা কাম কৰিম,,কলেজৰ পৰা আহি গোটেইখিনি একেলগে পঢ়িম...আধা আধা পঢ়ি ভাল নালাগে ধেই😀😀 একেবাৰে গোটেইখিনি শেষ কৰি দিব পাৰিলে ভাল লাগে আৰু 😛............
এনেদৰে ভাবি ভাবিয়েই সময় গ'ল,,,পৰীক্ষা ৰুটিন দিলে,,
অহা আমুক তাৰিখৰ পৰা পৰীক্ষা ......
"অ বে মোৰ চোন একোৱেই পঢ়া নহ'ল"....
এহহহ টেনচন নট🤟🤟
মই সাংঘাটিক বস্তু,,এদিনত ৭ টা Lesson finish কৰি যাম পৰীক্ষাৰ আগত শেষ হৈ যাব,,,,,ঐ ধেৎ তেৰি মোৰ চোন একো Notes য়েই নাই ,,,,,একো নাই I HV A SOLUTION 😂😂😂
"হেল্ল দেউতা পান বজাৰৰ পৰা অমুক তমুক কিতাপ কেইখন লৈ আহিবাচোন,,নহয় মানে পৰীক্ষা বাবে অলপ বেছিকৈ পঢ়িব লাগিব"...
কিতাপ আহি পালে,,, পৃষ্ঠা ৫৬০ টা,,,😞😞😞
কলেজৰ ২০০ পৃষ্ঠাৰ কিতাপখনৰ ৫৬০ পৃষ্ঠা সমাধান যে,,ক'ৰ পৰা আৰম্ভ কৰোঁ এতিয়া,,,,ধেই চাল্লা মই আগতেই কৈছিলো পঢ় পঢ় নপহিলি,,,, বাৰু টেনচন নাই মেনেজ কৰি দিম....Total chapter 16 ...Total কেইদিন আছে 4 দিন,,,🕺🕺আবে এতিয়াও বহুত সময় আছে চোন ধেই মিছা মিছি টেনচন ল'লো..এদিনত 4 টাকৈ chapter শেষ কৰি যাম,,,মুঠতে এইবাৰ পৰীক্ষা জুই হ'ব জুই,,,,,, এনেদৰেই দিনবোৰ আজি পৰ্যন্ত...... কিন্তু সেই জুই পৰীক্ষা ভাগ আজিলৈকে নহ'ল গৈ,,, আৰু সেই কিতাপ কিনি পঢ়া দিনটোও আজি লৈ নাহিল,,, কিন্তু Time Management এতিয়াও অব্যাহত,,,চলিয়েই আছে ।
আশাকৰোঁ প্ৰত্যেকগৰাকী এলেহুৱা,নিথল্লা কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে আজিও এই দিনটোৰ অপেক্ষা কৰি আছে,, পৰীক্ষা ফালি দিম দিম কৈ কিন্তু তেনেদৰেই Degree শেষ হ'বই হ'ল....এইবাৰ Last Sem ফালি দিম কিন্তু ন 😂😂😂😂